……© ৰুণজুন বৰুৱা……
(৯)
প্ৰয়োজনীয় দুই এপদ বস্তু বেগটোত সামৰি ভৰাই লৈছে প্ৰীতমে। কাপোৰ দুযোৰো লৈছে লগত। পুতেকৰ ছেমিনাৰখনলৈ সি ভালদৰে যাব লাগিব। দেউতাকৰ উছাহ দেখি অম্লানৰ মনত দুখবোধে ক্ৰিয়া কৰে। তেওঁক মিছা কোৱা বাবে তেওঁ মনত আঘাট নাপালেই হ’ল………
“দেউতা আমি অলপ ফুৰিও আহিম হা “
দেউতাকৰ মনটো ভাল লাগক বুলিয়েই কয় সি।
“উম হব দে’ ,
ভায়েৰকো এবাৰ লগ কৰি আহিম বুজিছ,হোষ্টেলত থকা লৰাটোৰ হাতত পইচা পাই থাকেনে নাথাকে গমেই নাপাওঁ নহয়। ফোনটো কৰিলেও নধৰে সি”
“উম “
দেউতাকৰ কথাৰ উত্তৰত কি কব বিচাৰি নাপায় সি।
উম বুলিয়েই শলাগি থয়…..
ভায়েক বুলি কওঁতে তাৰ মনলৈ আহে তেনেই অকণমানি কেঁচুৱা এটা গুলপীয়া টাৱেল এখনত মেৰিয়াই পিংকি খুড়ীয়ে বটলৰ গাখীৰ খুৱাই থকাৰ ছবি এখন। হায়াৰ চেকেণ্ডাৰী পাছ কৰাৰ পিছত ইঞ্জিনীয়াৰিংৰ এণ্ট্ৰেন্সৰ ৰিজাল্টলৈ আশা কৰি ঘৰতে আছিল সি তেতিয়া। অকণমানি কেঁচুৱাটো পিংকি খুড়ীৰ হাতত গতাই মনালিছা নামৰ মাকজনী ফৰেইন ট্ৰিপত গৈছিল। অম্লানৰ খুব চিন্তা হৈছিল অকণমানি কেঁচুৱাটো মাকৰ অনুপস্থিতিত কেনেকৈ থাকিব। কিন্তু সি কোনো আমনি নকৰাকৈ থাকিছিল পিংকি খুড়ীৰ বুকুৰ উমত ।
আইতাকৰ কথা মনলৈ আহে তাৰ, আইতাকৰ লগত ডাঙৰ হোৱা তাকলৈ আইতাকৰ অলপো দিগদাৰ হোৱা নাছিল হেনো, আইতাকে তাক প্রায়ে কৈছিল ,
” তই সৰুৰে পৰা কেতিয়াও আমনি কৰাৰ কথা মনলৈকে নাহে সোণ”।
পিংকি খুড়ীকো ভাইটিয়ে আমনি নকৰিছিল, সেই বাবেই মানুহজনীৰ বাবে তাক চোৱা চিতা কৰাত বহুত বেছি অসুবিধা নহৈছিল হয়তো।
মাকৰ একেই অনাদৰ ,একেই উপেক্ষাৰে সিও ডাঙৰ হৈছে।সি আইতাকৰ উমাল বুকুৰ ভাঁজত আৰু ভায়েক পিংকি খুড়ীৰ। ভায়েকটোক চাবলৈ তাৰো মনত প্ৰবল ইচ্ছা এটা হয়।
আইতাকে এৰি যোৱাৰ পিছত অম্লানৰ মূৰত দেউতাকৰ উপৰিও মোমায়েক আৰু ককাকৰ মৰমৰ হাতখন আছিল ।কিন্তু তাৰ সমান সৌভাগ্য ভায়েকটোৰ নহ’ল। দেউতাকে ভায়েকৰ নামাকৰণ পৰা আৰম্ভ কৰি সকলো অকলে অকলেই কৰিছিল তাৰ বাবে, শান্তনু ৰাখিছিল তাৰ নাম।পিংকি খুড়ীক মা বুলি মাতিবলৈ শিকিছিল সি।
ইঞ্জিনীয়াৰিং স্কুলৰ পৰা কিবা এটা বন্ধত দেউতাকৰ সৈতে থাকিবলৈ আহোঁতে দেখা মনত পৰে পিংকি খুৰীয়েকৰ পিছে পিছে থুপুক থাপাক খোজেৰে ঘূৰি ফুৰা অকণমানি এটা।
শান্তনুৰ দুবছৰীয়া জন্ম দিনৰ পিছৰে পৰা লাহে লাহে ধৰা দিছিল দেউতাকৰ অসুখ।প্ৰথম অৱস্থাত নিজেই ডাক্তৰৰ ওচৰলৈ গৈছিল ,দৰব সময়ত লৈছিল, কোনেও গম নোপোৱাকৈ। সি পঢ়া স্কুলখনতে নাম লগাই দিছিল শান্তনুকো ।ৰাতিপুৱা দেউতাকে তাক স্কুলত থৈ নিজৰ স্কুল যায়। 12 বজাত স্কুল চুটি হয় শান্তনুৰ ; চাইল্ড কেয়াৰ হোমৰ পৰিচাৰিকা জনীয়ে লৈ যায় তাক চাইল্ড কেয়াৰ হোমলৈ। তিনিটা বজাত শান্তনুক নিব লগীয়া থাকে যদিও প্ৰায়েই ৰাইজৰ কামত দৌৰি ফুৰা প্ৰীতমে সন্ধিয়া ছয় বা সাত বজাতহে তাক চাইল্ড কেয়াৰ হোমৰ পৰা লৈ ঘৰলৈ উভতে। সময়বোৰ তেনেকৈযে গৈ থাকে,এই দুটা প্ৰাণীৰ মনালিছাৰ ব্যস্ত পৃথিৱীখনত কোনো অস্তিত্ব বিহীন ভাবে।
তথাপি প্ৰীতমে লুকাই হলেও চাই তাইৰ প্ৰেমিকা পত্নীৰ মুখখন । প্ৰতিটো দিনেই সেওঁঁতা উজ্জ্বল কৰি সেন্দুৰৰ ৰঙা আলিটো দগমগীয়াকৈ লৈহে ঘৰৰ বাজ হোৱা মনালিছাক সঁচাই অপৰূপা লাগে দেখিবলৈ। শিৰৰ ৰঙা আলিটো দেখিয়েই সি নিজক প্ৰবোধ দিছিল, আছে আছে মনাৰ মাজত এতিয়াও প্ৰীতম নামৰ মানুহজনৰ প্ৰতি মৰম আছে। বুকুখন শাঁঁত পৰি গৈছিল তাৰ ভালপোৱাৰ নৈখন শুকান নোহোৱাৰ চিন এটা দেখি।
প্ৰীতমৰ দিবাস্বপ্ন ভাঙি দিছিল ভৰ দুপৰীয়া এটাত কাৰোবাৰ সৈতে চ’ৰাঘৰত বহি কথাত মচগুল মনালিছাৰ মুখেৰে সৰি পৰা কথাৰ টুকুৰা কিছুমানে,
” মই যে সেন্দুৰটো নলগোৱাকৈ কতো যাবলৈ ভাল নাপাওঁ জানেনে। অন্য মেকআপ নকৰিলেও কিন্তু যিমান লৰালৰি হলেও মই লিপষ্টিক, কাজল আৰু এই সেন্দুৰটো নলগোৱাকৈ কতো নাযাওঁ। সেন্দুৰটো নলগালে মুখখন উজ্জ্বল নেদেখি যে সেই কাৰণে একদম এভয়ড কৰিব নোৱাৰো সেন্দুৰ ,মই মানে একদম কৃপনালী নকৰাকৈ লগাই লওঁ, মানুহে ভাল দেখে যে “
কথা কেইটা কৈ তাই হাঁহিছিল। প্ৰীতমৰ কলিজাটো মুচৰ খাই গৈছিল। আশাৰ শেষ বন্তি হিচাপে ভাবি থকা কথাষাৰো নিৰ্ঘাত মিছা প্ৰমাণিত হৈছিল সেইদিনা।
তাৰ পিছৰ পৰাই বাঢ়ি আহিছিল প্ৰীতমৰ চাল চলনত অস্থিৰতা। স্কুলখনলৈ যাবলৈ ভয় বাঢ়ি আহিছিল তাৰ , নিজৰ শোৱা কোঠাৰ পৰা ওলাই আহিবলৈ ভয় কৰিছিল সি। কেতিয়াবা হে ঘৰত থকা মনালিছাৰ টোপনি ভাঙি দি শুই থকা মনালিছাক সাৱটি লৈছিল গৈ সি। টোপনিৰ পৰা তুলি মানুহজনীক সি প্ৰশ্ন কৰিছিল,” মই নহলে দুয়োটা লৰাক তুমি অকলে ডাঙৰ কৰিব পাৰিবা নে?’
টোপনিৰ পৰা তুলি এনে এটা প্ৰশ্ন কৰাৰ বাবে খংত একো নাই হৈ গতিয়াই বাহিৰ কৰি দিছিল তাই প্ৰীতমক নিজৰ শোৱাকোঠাৰ পৰা। পিছদিনাই অনিমেশেক মাতি আনিছিল তাই,
“প্ৰীতম পগলা হৈছে ,তাক পগলা ফাটেকত থৈ আহ, ইয়াৰ লগত মানুহ থাকিব নোৱাৰে।”
টাউনৰ ডাক্তৰৰ ওচৰলৈ লৈ গৈছিল অনিমেশে তাক। এজন ভাল মনোৰোগ বিশেষজ্ঞৰ সৈতে অচিৰেই দেখা কৰিবলৈ পৰামৰ্শ দি যাৱতীয় দৰব দি বিদায় দিছিল ডাক্তৰজনে। টোপনিৰ দৰৱবোৰ একান্তই বিশ্বাসী সংগী হৈ পৰিছিল প্ৰীতমৰ।
ষাণ্মাসিকৰ পৰীক্ষা চলি থকা অম্লানক একো জনোৱা নাছিল মোমায়েকে। শিক্ষকতাৰ চাকৰিটোৰ পৰা স্ব ইচ্ছাই অৱসৰ লৈছিল প্ৰীতমে। চাৰিবছৰ পাৰ হোৱা শান্তনুক টাউনৰ মিছনেৰী স্কুলখনত থৈ আহিছিল অনিমেশেই।
পৰীক্ষা শেষ হোৱাৰ দিনাই অম্লানক কথাবোৰ জনাইছিল মোমায়েকে। ৰাতিৰ বাছতে ঘৰলৈ উভতি আহিছিল সি দেউতাকৰ অসুখৰ খবৰ শুনিয়েই। ঘৰলৈ আহিয়েই দেউতাকৰ পৰিচৰ্যাত ব্যস্ত হৈ পৰিছিল লৰাটো।শান্তনুৰ খবৰ লৈছিল নে সি? এবাৰলৈ তাক দেখা কৰিবলৈ গৈছিল নে ? নাই ,নাই ,কেতিয়াও তাৰ খবৰ বিচাৰি যোৱা নাই সি।
তাৰ দায়ত্ববোধ নাই জানো মাকৰ সেই পুতেকটোৰ প্ৰতি, তাৰ দেউতাকে শান্তনুকো তাক দিয়াৰ দৰেই নামৰ পিছত উপাধিটো লিখাৰ অধিকাৰ দি থৈছে। দেউতাকে বিচৰা মতেই দহে তাক প্ৰীতমৰ দ্বিতীয় পুত্ৰ বুলি জানে। শান্তনুৱেওটো নিজৰ পৰিচয় তেনেকৈযে জানে, তেন্তে তেন্তে সি কম কষ্টত আছে নে ইমান দিনে আপোনজনৰ স্নেহ নোপোৱাকৈ?
ভাইটি বুলি এদিনলৈ হলেও একোলা লৈছিলোঁ জানো তাক অম্লানে? মৰমত এখন্তেক খেলিছিলোঁ জানো তাৰ লগত ?সি নিজকে প্ৰশ্ন কৰে, নাই তেনেকুৱাও একো স্মৃতি মনলৈ নাহে তাৰ। সি নিজকে সোঁৱৰাই দিয়ে দেউতাকৰ বাবে নিজেই নিজক দিয়া প্ৰতিশ্ৰুতি ‘দেউতাকৰ জীৱনটোৰ অন্ধকাৰবোৰ নাশিবলৈ সি প্ৰভাতি পুৱাৰ অৰুণ হ’ব।’
গতিকে এইবাৰ তাক লগ কৰিবলৈ যাবই লাগিব সি।প্লেচমেণ্ট হৈছেই ইতিমধ্যে তাৰ, চাকৰিটো জইন কৰিয়েই শান্তনুৰ সমস্ত দায়িত্ব লব লাগিব সি।দেউতাকৰ আশা সঁচা হব লাগিব, দুয়োতা লৰা উচিত মানৱ সম্পদ ৰূপে গঢ় লব লাগিব।
নিজৰ মাজতেই কথাখিনি জুকীয়াই লয় অম্লানে।
” নৈ এখনৰ দৰে সহনশীল হোৱা, বহন কৰা জীৱনৰ ভাৰ, অলাগতিয়ালবোৰ উপযুক্ত সময়ত নৈৰ জাঁজীত নিজেই ৰৈ যাব । তুমি মাথোঁ গতি কৰা নিজৰ লক্ষ্যৰ দিশে,নৈৰ দৰেই সাগৰমুখী হৈ।”
দেউতাকক এই কথাষাৰ ককাকে শিকাইছিল হেনো, দেউতাকে অম্লানক কৈছিল এদিন। সি কথাষাৰৰ গূঢ়াৰ্থ বুজি উঠে সেই সময়ত।
………
……….(আগলৈ)……..
Hundor ??