জীৱন পাশা (৭) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(৭)

“দেউতা যদি ডাক্তৰৰ ওচৰলৈ যাবলৈ সন্মত নহয়, কি কৰা যাব?”

নিজৰ মাজতেই উপযুক্ত সমিধান এটা বিচাৰি থকা অম্লানক দেখিলেই ধৰিব পাৰি সি কোঠাটোত অন্য দুজন মানুহৰ উপস্থিতিৰ কথা পাহৰি গৈছে।

চিলিং ফেনখনৰ শব্দৰ বাহিৰে এটা শব্দও নাই চ’ৰাঘৰৰ ভিতৰত ।একেখন মৌনতাৰ চাদৰে মেৰিয়াই থকা তিনিওজন মানুহৰ এজনে আনজনৰ মনত সেই সময়ত কি চলি আছিল অনুমান কৰিবলৈ চেষ্টা নকৰাকৈ নিজৰ ভাৱনাৰ সাগৰত ডুবি ৰয়।

হাই হিলে পকাত কৰা টক্ টক্ শব্দটোৱে চ’ৰাঘৰত প্ৰস্তৰ মূৰ্তি হৈ বহি থকা মানুহ কেইজনক টোপনিৰ পৰাহে যেন তুলি দিয়ে।

মনালিছাই পিয়াঁজ ৰঙী শাৰী এখন খুব পৰিপাটিকৈ পিন্ধি ওলাই আহিছে। মুখত কাপোৰৰ সৈতে মিলাই মেক আপ এটা কৰিছে, চুকত ডাঠকৈ আঁকি লোৱা কাজলৰ ৰেখাডালেৰে সৈতে তাইক সঁচাকৈ ধুনীয়া লাগে।নিজকে ধুনীয়াজনী কৰি ৰাখিবলৈ কৰা প্ৰচেষ্টাত এশ শতাংশই সফল তাই। তাইক দেখিলে কোনেও কব নোৱাৰে চল্লিছৰ দেউনা দুবছৰৰ আগতে পাৰ কৰিলে মনালিছায়।

“তোমাক বৰ মৰম লাগিছে মনা, কেনিবা যোৱা নেকি?”

অভ্যাস বশতঃ প্ৰীতমৰ মুখেৰে কথাষাৰ ওলাই আহিল।তাৰ কথাত কোনো গুৰুত্ব নিদি তাই চ’ৰাঘৰটোৰ মাজেৰে প্ৰীতমৰ কাষেদিয়েই পাৰ হৈ যায়।সি পুনৰ মাত দিয়ে,

“বাহিৰত বৰ গৰম অ’ ,ইমান ৰ’দ দিছে,স্কুটী লৈ গলে কষ্ট হ’ব দেখোন মনা তোমাৰ!”

“পগলা হোৱাৰ নাটক কিমান কৰিবি আৰু তই কচোন? তই তাহানিতে কিনি দিয়া পুৰণি স্কুটীখন যে বেছি দিলোঁ তই সচাই পাহৰিলি নে?”

“অ’ হয় নেকি?”
………

আচৰিত হয় সি! তাৰ মনত নাইচোন কথাটো।প্ৰীতমে মনত পেলাব খোজে কেতিয়া বেচা হৈছিল স্কুটীখন।কিন্তু সচাই মনলৈ নাহে তাৰ, স্কুটীখন কেতিয়া বেচা গ’ল……..

” পিছে মনা অকণমান ৰোৱা তুমি,মই সাউতকৈ গৈ ৰিক্সাএখন মাতি আনো, এহ ৰ’বা নহ’লে, ফটিককে ফোন কৰি মাতি দিওঁ অটোখনলৈ ,ৰ’বা মোৰ ফোনটো আনো……”

ব্যস্ততাৰে প্ৰীতম ভিতৰলৈ যায় ,ফোনটো কৰিব লাগে অটো ড্ৰাইভাৰজনলৈ……..

অম্লানে মনতে ভাবে,আজিটো মায়ে গাড়ীৰ ড্ৰাইভাৰজনক ফোন কৰি আহিবলৈ কোৱা শুনা নাই। নিশ্চয় কোনোবা বন্ধুৰ সৈতে যাব।

তাৰ ধাৰণাক সঁচা প্ৰমাণ কৰি সেই সময়তে পদূলিমূৰত এখন বিলাসীগাড়ী আহি ৰয়হি। মনালিছাই খৰ খোজেৰে বাৰাণ্ডাৰ পৰা নামি গাড়ীখনৰ অভিমুখে আগুৱাই যায়। অম্লানে কাষতে থকা মোমায়েকৰ মুখলৈ চাই পঠিয়াই, অন্যায় যুজঁ এখনত পৰাস্ত হোৱা সৈনিক এজনৰ দৰে খঙত মুখখন ৰঙা হৈ উঠে তেওঁৰ।

পৰিস্থিতি চম্ভালিবৰ বাবেই সি মোমায়েকক মাত লগায়।

“মামা,দেউতাৰ আগত কথাটো উলিয়াবা লাগিছিল নহয়, প্ৰথমে ময়েই আৰম্ভ কৰিম তুমি চম্ভালি লব লাগিব কিন্তু!”

তাৰ কথাষাৰত খঙত কেঁঁহৰাজ বৰণীয়া হোৱা মোমায়েকৰ মুখৰ পৰা খঙৰ চাপ আংশিক কমি যায়। হয়তো, প্ৰীতমক ডাক্তৰৰ ওচৰলৈ কি উপায়েৰে নিবলৈ সৈমান কৰিব পাৰি তাৰেই পৰিকল্পনা কৰিবলৈহে সি আহিছিল।

“বুজিছ অম্লান পৰিকল্পনাটো এনেকুৱা হব লাগিব যাতে আমি যে তাক ডাক্তৰৰ ওচৰলৈ নিবলৈ খুজিছোঁ সি উমানেই নাপায়। নহলে সি আগৰ বাৰৰ দৰেই ঘূৰি আহিবলৈ জিদ ধৰিব “

“মামা মই এটা কথা ভাবিছোঁ…..

“ফটিকক আহি পাবলৈ পোন্ধৰ মিনিটমান লাগিব হেনো। তুমি খং নকৰিবা দেই মনা। অকণমান বহা তুমি,বোলো শুনিছানে তুমি?

মনালিছাক উদ্দেশ্য কৰি ডাঙৰকৈ চিঞৰি কথাকেইটা কৈ কৈ নিজৰ ৰুমৰ পৰা ওলাই আহে প্ৰীতম।

তাৰ চিঞৰত সিহঁতৰ কথাত বাধা পৰে ।

দেউতাকক কি কব এতিয়া, অম্লানে তাকে ভাবি থাকোতেই অনিমেশে কৈ উঠিল,

“প্ৰীতম তই বহচোন ইয়াতে,তোৰ লগত আলোচনা এটা আছিল, ভন্টিয়ে ৰিক্সা এখন এইখিনিতে পালে, তাই তাতে গ’ল দে’। কিবা মিটিং আছে হেনো দেৰি হৈছিল, গতিকে তোক চিঞৰি যাওঁ বুলি কৈয়ে লৰা লৰিকৈ গুচি গ’ল,তই ভিতৰত আছিলি কাৰণে শুনা নাপালি চাগে’।”

অনিমেশে তৎক্ষণাত মিছা কথা এষাৰ সাজি কৈ দিয়ে। কিন্তু সি আৰু অম্লান দুয়োটাই জানে, মনালিছা দুই-তিনিদিনীয়া ভ্ৰমণত গৈছে।

“অঃ হয় নেকি, তেন্তে মিছাতে ফটিকটোক মাতিলোঁ মই। জান’ অনিমেশে তই আৰু দেউতাই তেতিয়াই ঠিকেই ধাৰণা কৰিব পাৰিছিলি, মই মনাৰ প্ৰয়োজনবোৰ কেতিয়াও সময় মতে পূৰণ কৰিব নোৱাৰিম বুলি। দেখিছনে তই, আজিলৈকে মই নোৱাৰিলোয়েই!”

হুমুনিয়াহ এটা সৰি পৰে প্ৰীতমৰ মুখেৰে। চকু দুটাও সেমেকি আহিছে হয়তো, বাওঁহাতৰ তলুৱাৰে এবাৰ মুখখন মোহাৰি লয় সি।

দেউতাকে বাৰু মাকক বিলাসী গাড়ীখনত বহি ওলাই যোৱা দেখা পালে নেকি? মনৰ সন্দেহ লুকুৱাই ৰাখি মাকৰ প্ৰসংগ সলনি কৰিবলৈ অম্লানে লৰা লৰিকৈ মাত দিলে,

“ফটিক দাইটি আহিব যদি ভালেই হ’ব, তুমি আৰু মই আজি নৈ পাৰত ফুৰিবলৈ যাব পাৰিম, আহোঁতে খোজ কাঢ়ি আহিম বুজিছা, ইভিনিং ওৱাক কৰাও হব।”

“ঠিকেই ভাবিছ তই ,মইয়ো যাম তহঁতৰ লগত বহুত দিন হ’ল,নৈ পাৰলৈ ফুৰিবলৈ যোৱাই হোৱা নাই।”

অনিমেশেও যোগ দিয়ে অম্লানক। প্ৰীতমৰ জই পৰা মুখখনত অকণমান শান্তি আনিবলৈকে, যত সম্ভৱ সকলো কৰিবলৈ সাজু সি। প্রিয় বন্ধুক জীৱনৰ জুৱাত বাজী হাৰিবলৈ সি অকলে এৰি নিদিয়ে, দিব নোৱাৰে।

“দেউতা , মামাই যে কৈছিল আলোচনা এটা কৰিবলৈ আছে,সেইটো কথা শুনা আকৌ”

অম্লানে নতুন এটা কথাৰে দেউতাকক বন্দী কৰিবলৈ কথাৰ পাতনি মেলে।
বন্দী …
উম বন্দী ,
কেতিয়াবা আপোনজনৰ ভালৰ বাবে সমস্ত দুৱাৰ বন্ধ কৰি তেওঁক আছুতীয়াকৈ বন্দী কৰি থোৱা প্ৰয়োজনীয় হৈ উঠে।

হেঁপা, নেউলৰ পৰা সুৰক্ষা দিবৰ বাবে গৃহস্থই হাঁহ-কুকুৰাক গড়ালত বন্ধাৰ দৰেই।

“উম ক’ কি কথা আছিল তহঁতৰ?”

প্ৰীতমৰ মাতত এইবাৰ মোমায়েক ভাগিনীয়েক দুয়ো সচেতন হৈ কথা আগুৱায়।

“আমি মানে অহা সপ্তাহত গুৱাহাটীলৈ যাব লাগিব,খুব দৰকাৰী কথা, তই নাযাওঁ বুলি কব নোৱাৰ কিন্তু?”

“কি কামত গুৱাহাটীলৈ যাব লাগে মই সেইটো ক’ আগতে?”

দেউতাকক আশ্বস্ত কৰিবলৈ এইবাৰ অম্লানে যোগ দিয়ে,

“মোৰ এখন ডাঙৰ ছেমিনাৰ আছে, তাত সকলোৰে অভিভাৱক আহিব,আহিব মানে অভিভাৱক যাবই লাগিব, সেইটো ধৰাবন্ধা! মোৰ কোন দিনা প্ৰেছেন্টেচন আছে এতিয়ালৈ গম পোৱা নাই,জনাব মোক দুই এদিনতে।আমি আগ দিনাই যাব লাগিব “

ডাঃ এপইন্টমেন্টৰ তাৰিখ ঠিক হোৱা নাই বাবেই আৰু এটা মিছা কথা সংযোগ কৰি দিলে সি।

“সচাই কৈছ নে? নে এইবাৰো মিছা কথা কৈ পাগল মানুহ চোৱা ডাক্তৰৰ ওচৰলৈ নিব বিচাৰিছ?”

প্ৰীতমে সজাগ দৃষ্টিৰে অনিমেশে আৰু পুতেকৰ মুখমণ্ডল পৰ্যবেক্ষণ কৰে, কিবা গোপন মন্তনা আছে নেকি সিহঁতৰ মনত।

“তই আমাক কেলেই সন্দেহ কৰিছ, তই নগ’লে নহব কাৰণেহে তোক লগ ধৰিছে সি, মাককো সুধিলে, মাকৰ কিবা কাম আছে হেনো যাব নোৱাৰিব,সেই কাৰণে তই নগলেই নহব।”

মাকক কেতিয়া সোধা হৈছিল, আচৰিত হৈ অম্লানে মোমায়েকৰ চকুলৈ চাই পঠিয়ালে,অনিমেশৰ চকুৰ ইংগিতত সি বুজি পায়, দেউতাকক পতিয়ন নিয়াবলৈ মোমায়েকেও কথা যোৰা দিছে।

“মনাজনী যাব পৰা হলে ভাল আছিল নহয় নে, ভাল লাগিল হয়!মেট্ৰিকত আৰু হায়াৰ চেকেণ্ডাৰীত ই ষ্টেণ্ড কৰোঁতে যে তাই তাক নিজেই লগত লৈ সম্বৰ্ধনা সভাবোৰলৈ গৈছিল তেনেকৈ।”

দেউতাকৰ কথাষাৰে অম্লানৰ মনৰ শান্ত নৈ খনত তৰংগৰ সৃষ্টি কৰে।

তাৰ হায়াৰ চেকেণ্ডাৰীৰ ফলাফলৰ সময়ত মাকজনী ৰবলৈ সময় নোহোৱাকৈ ব্যস্ত আছিল। সি ষ্টেণ্ড কৰাক লৈ নহয়, মাকৰ তেতিয়া ভিজা উলিওৱাৰ ব্যস্ততা তুংগত ,মাকৰ ভিজাৰ কাম হৈ নুঠাৰ বাবেই স্থানীয় বিধায়কজনৰ ফৰেইন ট্ৰিপটো পিছুৱাই গৈ আছিল ।

তাৰ ভালদৰে মনত আছে মেট্ৰিকৰ ৰিজাল্টৰ সম্বৰ্ধনা সভা দুখনলৈ মাক তাৰ লগত যোৱাৰ কথা। তাৰে এখন সভাৰ মাক নিজে সভাপতি আছিল আৰু আনখন সভালৈ যোৱাটো মাকৰ বাবে আছিল অত্যন্ত দৰকাৰী ,সভাৰ মুখ্য অতিথি তেতিয়াৰ স্থানীয় বিধায়কজনক লগত চিনাকি হব লগা আছিল মাকৰ ।তাক সভাঘৰতে এৰি বিশেষ এটা কামৰ সংক্ৰান্তত মাক বিধায়কজনৰ সৈতে গাড়ীত বহি গুচি গৈছিল। তাৰ ঠিক এসপ্তাহ মানৰ পিছতে নতুন মডেলৰ ৰিটছ কাৰ এখন তেওঁৰ পৰা উপহাৰ হিচাপে লাভ কৰিছিল মাকে।

সি কথাবোৰ পাহৰি নাযায় কিন্তু পুতি থয়। পুতি থোৱাই শ্ৰেষ্ঠ অদৰকাৰী কথাবোৰ।মনৰ বোজা কমে।অতিকৈ আপোনজনকো মৃত্যুৰ পিছত মাটিৰে বিলীন হবলৈ এৰি দিয়া হয়, অপাৰ্থিৱ দেহটোকলৈ সমস্যা নহওঁক বুলিয়েই। ঠিক সেইদৰেই যিবোৰ কথাই প্ৰেৰণা হৈ সাহ যোগাব নোৱাৰে, বৰঞ্চ মনৰ সাগৰত ধুমুহাৰ হে সৃষ্টি কৰে, সেইবোৰ পুতি থোৱা নিচেই আৱশ্যকীয়। জীৱনটোৰ পৰা অহেতুক সমস্যা কমাবৰ কাৰণে।
……

…….(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *