……© ৰুণজুন বৰুৱা……
(৬)
দৰবটোৰ পাৰ্শ্বক্ৰিয়া শেষ হৈছিল হয়তো, টোপনি ভাঙি যায় প্ৰীতমৰ।চ’ৰাঘৰত কোনোবা এজনৰ সৈতে ডাঙৰ পুতেক অম্লান কথা পতাত ব্যস্ত হৈ থকাৰ উমান পাই চ’ৰাঘৰলৈকে ওলাই আহে সি।
অনিমেশ আহিছে। কিবা দৰকাৰী কথাত মোমায়েক ভাগিনীয়েক দুয়ো ব্যস্ত।তেইশ বছৰীয়া লৰাটোৰ দায়িত্ববোধ আৰু বুজন ক্ষমতা দেখি সি বাপেক হিচাপে খুব গৰ্ব অনুভৱ কৰে। প্ৰতিটো মুহূৰ্ততে যিকোনো অশান্তিৰ গুৰিত তাৰ জন্মক জগৰীয়া কৰা মনালিছাইয়ো তাৰ পৰিপক্ক ব্যৱহাৰৰ প্ৰশংসা কৰি মাজে মাজে কয়,
“পুতেকৰ সমান জ্ঞান থকা হলেও এই মানুহটোৰ!”
কথাষাৰ তাৰ বাবে বিদ্ৰুপ ভৰা হলেও প্ৰীতমে তাৰ মাজত অকণমান সুখ বিচাৰি উলিয়াই। হওক তেওঁ, অনাকাংক্ষিত সন্তানটোৰ কিবা এটা ভাল গুণ তাইৰ চকুত পৰিছে। ভাবিলে সি এতিয়াও এটা সঠিক মূল্যায়ন কৰিব নোৱাৰে; ছাগলী , মেকুৰী ,কুকুৰৰ পোৱালীবোৰৰ সৈতে গাভৰুতে উমলি ভালপোৱা ছোৱালী জনীয়ে,নিজৰ সন্তানটোক কেনেকৈ ইমান অৱহেলা কৰিব পাৰে?জন্মৰে পৰা মাকৰ এষাৰ মৰমৰ মাত নোপোৱা লৰাটোৱে কিন্তু আচৰিত ধৰণে সেই বিষয়ে এৰাই চলিব জানে। দুধদানীৰ বটলৰ গাখীৰক ভৰসা কৰিয়েই কেঁচুৱাকাল পাৰ হোৱা লৰাটো আইতাকৰ বুকুৰ উমতেই ডাঙৰ হ’ল। সৰুৰে পৰাই গহীন লৰাটোৰ ৰং তুলিকাৰ প্ৰতি থকা আকৰ্ষণ সহ্য নকৰিছিল মনালিছাই। মাকক কিমান দিন যে টানকৈ কৈছিল,
“নিজৰ পুতেকডালকটো ছবি আঁকিবলৈ শিকাই,পৃথিৱী লুটিয়াই দিলে,এতিয়া এইটোকো সেইবোৰেই শিকাই থাকক।”
নিৰোত্তৰ মাকজনী অথবা ভেবা লাগি আইতাকলৈ চাই থকা ল’ৰাটোৰ মুখখন দেখিও সি একো এটা নোকোৱাকৈ আঁতৰি আহে।কি কব সি মনালিছাক!এষাৰ মৰমৰ মাত দি নোপোৱা তাইজনীয়েই পুতেকলৈ কিন্তু দামী দামী কাপোৰ, পুতলা, চেণ্ডেল, জোতা কিনি ঘৰখনত বস্তু থবলৈ ঠাই নোহোৱা কৰি থৈছে।নিজৰ লগত এবাৰলৈ বাহিৰলৈ লৈ নোযোৱা ল’ৰাটোক কিন্তু কৃপনালী নকৰাকৈ তাই সকলোবোৰ আনি দিয়ে। তাইৰ চিনাকী মানুহবোৰ অহাৰ আগদিনাই তাক ধুনীয়াকৈ পিন্ধাই থবলৈ মাকক কৈ থয় তাই।সেই আলহীৰ বাবে কি ৰান্ধিব লাগিব তাৰ লিষ্টখন মাকক আৰু তাৰ বাবে বজাৰৰ পৰা আনিবলগীয়া বস্তুবোৰৰ লিষ্টখন প্ৰীতমৰ হাতত দি দিয়ে তাই। মাক পুতেক এটাইয়ো আলহী কোন অথবা কৰ পৰা আহিব একো প্ৰশ্ন নকৰে। প্ৰকৃততে জানিবলৈ ইচ্ছা থাকিলেও মুখ খুলি সোধাৰ সাহস নকৰে মাকজনীয়ে,আৰু প্ৰীতম ?সি কেতিয়াৰ পৰা মৌনব্ৰত ধাৰণ কৰিবলৈ শিকিলে সেইয়া হয়তো সি নিজেই নাজানে।
“দেউতা সাৰ পালা, মামা কেতিয়াবাই আহিল।তুমি টোপনি গৈ আছিলা কাৰণে মাতি দিয়া নাই। আহা বহাহি।”
পুতেকৰ মাতত সি অতীতৰ পৃষ্ঠাটোৰ পৰা ওলাই আহে। অনিমেশে তালৈ চাই পঠিয়াই, কাণৰ কাষৰ চুলি আৰু মুখৰ দাড়িবোৰে শুকুলা বৰণ লোৱাৰ বাবেই অকালতে বুঢ়া হোৱা যেন লাগে একালৰ প্রিয়বন্ধুক। বুকুখন বিষাই উঠে তাৰ।
“প্ৰেম মানেই সৃষ্টিৰ সঁফুৰা, অনাবিল প্ৰশান্তি! জান’ বন্ধু ,পানীপিয়া চৰাইটোৰ বাবে বৰষুণৰ যি মহত্ব, প্ৰতিজন মানুহৰ জীৱনত প্ৰেমে ঠিক সেই তেনে এটা ভূমিকাই পালন কৰে।”
ক্লাৱত নাটকৰ প্ৰশিক্ষণ চলি থকা দিন এটাত কিবা কথাৰ প্ৰসংগত প্ৰীতমে কোৱা কথাষাৰ ঘপহকৈ মনলৈ আহে অনিমেশেৰ।
ভালপোৱাক জীৱনৰ সঞ্জীৱনী সুধা বুলি বিশ্বাস কৰা প্ৰীতমৰ অৱস্থাটো দেখি ভনীয়েক মনালিছাৰ গালত পূৰ্ণহতীয়া চৰ এটা বহুৱাই দিবলৈ খুব মন যায় তাৰ কিন্তু অনাহকত এখন হুলস্থুল সৃষ্টিৰ অৱতাৰণা কৰিবলৈ ইচ্ছা নাই।আচলতে কথা সেইটো জানো; ……
আইতাকৰ শ্ৰাদ্ধৰ কিছুদিন পিছতেই এদিন বন্ধু প্ৰৱালে অম্লানক স্কুলৰ উনিফৰ্মতে আনি অনিমেশৰ ঘৰত দি থৈ গৈছিলহি। আবেলি তেতিয়া চাৰিবাজি পাৰ হৈছিল। নৱেম্বৰ মাহৰ বৰষুণ জাকত তিতিবুৰি জুৰুলা ভাগিনীয়েকক দেখি হতবাক হৈছিল সি। তাক প্ৰৱালে কৈছিল, ‘ সি স্কুলৰ গেটৰ বাহিৰতে ৰৈ আছিল, মই পাই লৈ আনিছোঁ,তোৰ ওচৰতে থৈ যাওঁ বুলি ইয়ালৈ আহিলোঁ,মনালিছাৰ ঘৰলৈ যাব মন নগ’ল,ৰ’ দে’ পিছত লগ পাম।’সেই বুলি কৈয়েই প্ৰৱাল গুচি গৈছিল।
ততাতৈয়াকৈ অম্লানক ভিতৰলৈ নি গা-পা ধুৱাই কণী এটা আমলেট কৰি সি ভাত দুটামান খুৱাবলৈ লৈ সুধিছিল ভাগিনীয়েকক কিয় স্কুলৰ গেটত ৰৈ আছিল সি। তাৰ উত্তৰত অনিমেশে গম পাইছিল, দেউতাক কিবা কামত গুৱাহাটীলৈ গ’ল আগদিনাই, ৰাতিপুৱা সি ওচৰৰ খুড়াক এজনৰ লগত স্কুল আহিছিল, কিন্তু নিবলৈ মাক অহা নাই আৰু কাকো বিচাৰিও পোৱা নাছিল বাবেই তাতেই ৰৈ আছিল।
তাক ভাত কেইটা খুৱাই উঠি সি ভাগিনীয়েকক থবলৈ গৈছিল।বাইকৰ হৰ্ণত অলস ভাবে ওলাই অহা মনালিছাক সি কিবা এটা কোৱাৰ আগতেই তাই কৈ উঠিছিল,
“ভালেই কৰিলি তই লৈ আনিলি তাক, মই ভাবিছিলোয়েই কাৰোবাৰ লগত আহিব আৰু সি……”
ভনীয়েকৰ বেপেৰুৱা ভংগীত কোৱা কথাষাৰ শুনি অনিমেশৰ খঙটো মূৰৰ চুলিৰ আগ পাইছিল তেতিয়া।
“ভন্টি তই কি পাগলৰ দৰে কথা কৈছ, ছবছৰীয়া লৰাটো কেনেকৈ অকলে স্কুলৰ পৰা আহিব তই এবাৰো ভাবি নাচালি যে……?”
“চা দাদা , তোৰ ভালকৈ মনত আছে চাগৈ তাক মই মোৰ ইচ্ছাত তোলা নাই, তহঁতবোৰৰ হেঁচাত উপায় নাপাইহে…..”
তাইক কথাষাৰ শেষ কৰিবলৈ নিদি মাজতে মাত দিছিল সি
“সেই বুলি তই মাকজনী হৈ কেনেকৈ ইমান অসৱধান হ’ব পাৰিছ, নিজৰ দায়িত্বখিনি কৰিব লাগিব তই,পলাব নোৱাৰ তই তাৰ পৰা!”
ভেকাহি মাৰি উঠিছিল তাই,” তোৰ জ্ঞান শুনি থাকিবলৈ মোৰ সময় নাই, আৰু তোৰ ইমান জ্ঞান দিয়াৰ কোনো অধিকাৰো নাই, মই মৰিলোঁ বুলি তহঁতে কেতিয়াবাই ধৰি লৈছিলি ,পাহৰি গলি নেকি?”
“ভন্টি”
উষ্মাৰে তাৰ হাতখন চৰ এটা দিয়াৰ ভঙ্গীমাত ডাঙ খাই আহে। মনালিছাই ককায়েকৰ হাতখনত থাপ মাৰি ধৰি লয় আৰু নাটকীয় ভাবেই কৈ যায়,
“তোৰ কথাত কেৰেপ কৰা মানুহ মই নহয়,আৰু এতিয়া তই যাব পাৰ’ ।মোৰ এতিয়া তোক চাহ একাপ যতনাই দিয়াৰ ইচ্ছা নাই।”
“আৰু পাৰ’ যদি এই আপদটোকো লগত লৈ যা। মোৰ সময় নাই আপডাল কৰি থাকিবলৈ।”
এটা শব্দও নোকোৱাকৈ অম্লানক বাইকত বহাই সি উভতি আহিছিল…….নিজেই নিজকে প্ৰতিজ্ঞা কৰে সি কেতিয়াও কোনো কথাই তাইক আৰু নকয় সি।
জীৱনৰ চকৰিটো সময়ৰ হাতৰ এটা চাবি দিয়া পুতলা, মানুহৰ অলক্ষিতে অৱধাৰিত ভাবেই নিজৰ হিচাপে চাবিটো ঘূৰাই সময়ে আৰু সেই মতেই নাচি যাবলৈ প্ৰতিজন মানুহ বাধ্য।
………..
……(আগলৈ)……
Bahut bhal lagil pohi agoloiu pohiboloi Pam buli axa rakhilu