……© ৰুণজুন বৰুৱা……
(৪)
“এইখন ঘৰৰ পৰা তাই যি বাটে ওলাই গ’ল তাৰ বিষয়ে জনাৰ বা শুনাৰ অলপো ইচ্ছা নাই। মোৰ কোনো ছোৱালী নাই। তাই মোৰ বাবে মৃত।”
দেউতাকৰ কথা শুনি অনিমেশে প্ৰতিবাদ কৰি উঠে। সি মানি লব নোৱাৰে তাৰ মৰমৰ ভনীয়েকজনীক সি মৃত ঘোষণা কৰিব। দেউতাকৰ ওচৰলৈ ঢপলিয়াই আহে সি।
“দেউতা আপুনি এনেকৈ কেনেকৈ কব পাৰে, তাইক মই ঘূৰাই আনিম। আমি লগৰ কেইটা গৈ তাইক লৈ আনিম গৈ। ইমান আৰামত থকা ছোৱালীজনী সেইখন ঘৰত কেনেকৈ থাকিব,কি খাব তাই, দেউতা প্লিজ তাইক লৈ আনিবলৈ দিয়ক,এওঁলোকৰ লগতেই যাওঁ আৰু তাইক লৈ আহিম গৈ….!”
পুতেকৰ কথাখিনি যেন তেওঁ শুনাই নাই, তেনে এটা ভাব প্ৰকাশ কৰি পুনৰ মানুহকেইজনক উদ্দেশ্য কৰি কৈ উঠিল,
” আপোনালোক এতিয়া যাব পাৰে, তাই নিজৰ ইচ্ছাৰে এইখন ঘৰৰ পৰা গৈছে, গতিকে মই তাইক ঘূৰাই অনাৰ অথবা বিয়া পাতি দিয়াৰ কথা একো ভবা নাই। তাইৰ যিয়েই নহওঁক মোৰ একোএই জনমত মই তাইৰ মুখ মুখ চোৱাৰ ইচ্ছা নকৰোঁ আৰু। তাইক মাথোঁ এষাৰ কথা কবলৈ নাপাহৰিব এইখন ঘৰৰ দুৱাৰ চিৰদিনলৈ বন্ধ তাইৰ বাবে। “
কথাক শেষ কৰিয়েই মানুহজন এখন্তেকো চোতালত ৰৈ নাথাকি ভিতৰলৈ সোমাই যায়।দেউতাকৰ কথাত অনিমেশৰ মুখৰ মাত নোহোৱা হয়। খবৰীয়া মানুহ কেইজনলৈ উপায়হীন চাৱনিৰে এপলক চাই চকীখনতে বহি পৰে।
অনিমেশৰ মুখৰ বৰণ দেখিয়েই বুজিব পাৰি, সি দেউতাকৰ সিদ্ধান্তত সুখী হোৱা নাই। কিন্তু দেউতাকৰ সিদ্ধান্ত অৱমাননা কৰাৰ ধৃষ্টতা তাৰ নাই। অৱশ শৰীৰটো সি চকীখনত এৰি দিয়ে।খবৰীয়া মানুহ কেইজনৰ মুখত অসন্তুষ্টিৰ ৰেখাবোৰ সুস্পষ্ট হৈ উঠে।তেওঁলোকে কাকো মাত নলগোৱাকৈ উঠি যাবলৈ ওলায়।
চোতালত বহি থকা মানুহখিনিৰ মাজত খবৰীয়া মানুহ কেইজনক উভতি অহা দেখি খদমদম লাগে, কি বা বাৰ্তা আহিছে জানিবলৈ সকলোৰে মুখবোৰ উৎকণ্ঠাত বিয়পি পৰে। মনালিছাক কোনোবাই গৈ জনাই খবৰ দিবলৈ যোৱা মানুহ কেইজন উভতি আহি পাইছে। তাইৰ আতুৰ মনটোক বান্ধি ৰাখিব নোৱাৰি ৰুমৰ পৰা ওলাই আহি পৰ্দাৰ আঁৰ লৈ ৰৈ থাকে,যৰ পৰা চোতালৰ আলোচনাবোৰ স্পষ্টকৈ তাই শুনিব পাৰিব।
মানুহ কেইজনৰ শেঁতা মুখ দেখিয়েই অনুধাৱন কৰিব পাৰে সকলোৱে সকৰাত্মক উত্তৰ নাইপোৱা তেওঁলোকে। তথাপিও তেওঁলোকৰ মুখেৰে শুনিবলৈ মানুহবোৰ কাণ উনাই ৰয়।তেওঁলোকক দেখিয়েই দুই এজনে বহাৰ পৰা উঠি তেওঁলোকক বহিবলৈ চকী কেইখনমান এৰি দিয়ে।
এজনে কৈ যায় ,”দেউতাকে তাইৰ মুখ চাব নোখোজে, মৃত বুলিয়েই ধৰি লৈছে বোলে আৰু কবলৈ দিছে সেইখন ঘৰৰ দুৱাৰ তাইৰ কাৰণে চিৰ কালিলৈ বন্ধ ।”
অন্য এজনে কথাখিনি আগবঢ়াই লৈ যায়। প্ৰীতমৰ মাকক উদ্দেশ্যে কৰি,”নবৌ তেওঁ বিয়াৰ সংক্ৰান্তত একো মন্তব্য কৰা নাই। আমিয়েই মিলি সিদ্ধান্ত এটা লব লাগিব।”
মৌনতাই খন্তেকতে গ্ৰাস কৰি লয় ভৰা চোতালখন। মাকেও প্ৰীতমৰ মুখলৈ চাই ৰয়,কি কব খোজে সি জানিবলৈ। কিন্তু তাৰ মনত চলি থকা কথাবোৰৰ কোনো বহিঃপ্ৰকাশ মুখমণ্ডলত ফুটি নুঠে।
পৰ্দাৰ আঁৰ লৈ ইমান দেৰি কথা শুনি থকা মনালিছা বাৰাণ্ডালৈ ওলাই আহে, তাইক দেখিয়েই চোতালত বহি থকা মাকজনী তাইৰ ওচৰ পায়হি।
বতাহত কঁপি থকা কলপাত খিলাৰ দৰেই দেখা যায় তাইক। মানুহজনীয়ে মমতাময়ী স্পৰ্শৰে তাইৰ হাতদুখন নিজৰ হাতৰ মাজত তুলি লয়।তাই পোনপটীয়াকৈ চকু তুলি মাকজনীলৈ চাই পঠিয়ায়।চকুৰ চাৱনিৰেই মানুহজনীয়ে তাইক আশ্বস্ত কৰে, তুমি যি কব খুজিছা খুলি কোৱা।
তাই গহীন আৰু নিম্ন অথচ দৃঢ় স্বৰত কৈ যায়,” মই ওলাই আহোঁতেই ঘূৰি যাম বুলি ভাবি অহা নাই। প্ৰীতমৰ উচিত সংস্থাপন নাই বুলিয়েই মোৰ ভালপোৱাক অপমান হব মই নিদিওঁ ,তাকেই মনস্থ কৰি মই ইয়ালৈ নিজেই আহিছোঁ। মোৰ দেউতাৰ ব্যৱহাৰৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা খুজিছোঁ। আপোনালোকে সিদ্ধান্ত লৈ মোক সোনকালেই এটা স্বীকৃতি দিয়ক।”
…….(আগলৈ)