……© ৰুণজুন বৰুৱা……
(৩)
প্ৰীতমৰ মাকে ওচৰৰ মানুহ কেইঘৰত কথাটো জনায়।সকলোৱে মিলি খবৰটো সোনকালেই মনালিছাহঁতৰ ঘৰত দিয়াৰ সিদ্ধান্ত লয়। গাঁৱৰ পাঁচজন মানুহক দায়িত্ব অৰ্পণ কৰা হয়, তাইৰ ঘৰত খবৰ দিবলৈ যাব তেওঁলোক আৰু কি প্ৰকাৰে সিহঁতৰ ঘৰখন আগবাঢ়িব খোজে তাৰ সবিশেষ আলোচনা কৰি আহিব।মুখত এসোপা চিন্তাৰ ৰেখা সুস্পষ্ট হৈ উঠে অনিমেশ আৰু দেউতাকৰ প্ৰতিক্ৰিয়া কি হব পাৰে, তাকে ভাবি। চোতাল ভৰি থকা চুবুৰীয়া সকলে পৰিস্থিতি চম্ভালি বিয়াখন অনুষ্টুপীয়া কৈ কেনেকৈ পাতিব পৰা যায় তাৰে আলোচনাত ব্যস্ত। ওচৰৰ দুজনীমান মহিলাই মিলি চাহ কৰি আনি গোটেই মানুহখিনিৰ মাজত বিলাই যায়।
মনালিছাই গাটো ধুই আহি প্ৰীতমৰ মাকে উলিয়াই দিয়া এজাৰ ৰঙী কেঁচবছা চাদৰ মেখেলাজোৰ পিন্ধি লয়। এতিয়াহে তাইক ভয় এটাই আগুৰি ধৰে। লাজ নে ভয় বাৰু?তাই ভাবি উলিয়াব নোৱাৰে। বাপেকৰ গোমোঠা মুখখন আৰু ককায়েকৰ খঙত ৰঙা পৰা ৰূপটোৰ কল্পনা কৰি তাইৰ মনটো কিবা এটা লাগি যায়।
ছয় বাজি গৈছে তেতিয়া, হয়টো ককায়েকে হোষ্টেললৈ যাবৰ কাৰণে তাইৰ ৰুমৰ দুৱাৰ ধকিয়াই তাইক উঠাবলৈ চেষ্টা কৰিছে। তাইৰ পৰা কোনো সঁহাৰি নাপাই ককায়েকে চাগৈ চিঞৰ বাখৰ কৰিছে, দেউতাকো আহি তাইৰ ৰুমৰ আগত উপস্থিত হৈছে , এইবাৰ চাগৈ দুয়োজনেই ধুমুহা গতিত তাইৰ ৰুমলৈ সোমাই গৈছে, খালি ৰুমটোত তাইক নেদেখি খঙত দুয়োৰে চকু ৰঙা পৰিছে,বাপেকটোৱে চাগৈ ককায়েকক কৈছে তাইক বিচাৰি আন য’তে নাথাকক কিয়, তাইক কাটি পিছ পিছ কৰি কলঙত উটুৱাই দিম। চিঞৰ বাখৰ শুনি চাগৈ ওচৰৰ মানুহবোৰ জুম বান্ধিছেহি সিহঁতৰ চোতালত।এইখন ঘৰৰ চোতালত চলাৰ দৰে সিহঁতৰ ঘৰৰ চোতালটো মানুহবোৰৰ মাজত গুণাগঁথা চলি আছে। পাৰ্থক্য মাথোঁ এটাই, প্ৰীতমৰ ঘৰৰ চোতালত থকা মানুহবোৰৰ মাজত বিয়াৰ পৰিকল্পনা, মনালিছাৰ সাহসক লৈ চৰ্চা, সিহঁতৰ প্ৰেমক লৈ গুণগুননি চলিছে আৰু হাঁহিৰ ৰোল উঠিছে মাজে মাজে আনফালে মনালিছাৰ ঘৰৰ চোতালত খঙত উতলি থকা তাইৰ ককায়েক আৰু দেউতাকক মানুহবোৰে সান্তনা দি আছে, কি কৰা উচিত হব তাকে লৈ আলোচনা চলিছে,মানুহবোৰৰ মুখবোৰত চিন্তাৰ ৰেখা ।
প্ৰীতমৰ ৰুমৰ দুৱাৰখন খুলি খুৰীয়েকে এগৰাকী সোমাই আহে। দুৱাৰ খোলাৰ শব্দত তাই ভাৱনাৰ দুনীয়াখনৰ পৰা ওলাই আহি খুৰীয়েকলৈ চাই এটা সেমেকা হাঁহি এৰে।
‘লোৱা মাজনী চাহকাপ খাই লোৱা,সতেজ লাগিব তোমাৰ।’
মানুহগৰাকীয়ে আগ বহাই দিয়া চাহকাপ হাতপাতি লয় তাই। সুধিবলৈ মন যায় প্ৰীতম ক’ত… কিন্তু তাইৰ জিভাৰ আগত কোনো কথাই ফুটি নুঠে। তেওঁ হয়তো বুজি পায়, তাইৰ মনৰ অৱস্থা, লাহেকৈ তাইৰ মূৰত হাত বুলাই কৈ উঠে
“সি বাহিৰত মানুহবোৰৰ লগত বহি আলোচনা কৰি আছে, তুমি চিন্তা কৰি নাথাকিবা, গাঁৱৰ মানুহ গৈছে তোমালোকৰ ঘৰলৈ, দেউতাৰাই কি উত্তৰ দিয়ে সেইয়া চাইহে আমি ইয়াত সিদ্ধান্ত লব পাৰিম, তেওঁলোকে কি বা কয়, তেওঁলোকৰ উত্তৰলৈ আমি অপেক্ষা কৰিব লাগিব এতিয়া। বেছি ভাবি নাথাকিবা কথাবোৰ, তোমালোকৰ দেউতাৰাই সুবিধাজনক উত্তৰ নিদিলে আমি ইয়াতে নিয়মখিনি কৰি সৰুকৈ বিয়াখন পাতি দিম। তুমি চাহ কাপ খাই লোৱাচোন, মই আহিছোঁ….’
খুড়ীয়েকৰ কথা কেইষাৰ শুনি তাইৰ অলক্ষিতে চকুলো ভৰি আহিল মনালিছাৰ, দেউতাকৰ মুখখন চকুত ভাঁহি উঠিছে তাইৰ, অজান শিহৰণ এটাত তাই থকথককৈ কঁপিছে, এই মুহূৰ্তত প্ৰীতমৰ বুকুত মুখ লুকুৱাই ৰাউচি জুৰি কান্দিব মন গৈছে। তাই কান্ধত মৃদু পৰশ এটা অনুভৱ কৰে, প্ৰীতম তাইৰ কাষত ৰৈ থকাৰ খবৰ স্পষ্টকৈ দি যায় সেই পৰশে। একে পাকেই ঘূৰি তাৰ বুকুত সোমাই যায় তাই। উচুপনিৰ লগে লগে হেন্দোলি উঠা তাইৰ শৰীৰটো আলফুলে সাৱটি লয় সি। খং, অভিমান কৰি গালি পৰা ছোৱালীজনীৰ এই ৰূপটো দেখি সি সহ্য কৰিব নোৱাৰে। অহেতুক ভয় এটাই বুকুত চিকুটি ধৰে তাৰ। তাই মোৰ লগত ওৰেটো জীৱন কান্দিব লগাই হব নেকি? নাই এতিয়া বেছি ভবাৰ সময় নহয়।এই সময়ত সি তাইক আশ্বস্ত কৰিব লাগে সি তাইৰ লগত আছে,তাইক মৰম আৰু নিৰাপত্তা দিয়া তাৰ প্ৰথম দায়িত্ব। নিজকে বুজাই সি। বুকুৰ মাজত সোমাই থকা তাইজনীক আৰু জোৰে সাৱটি লয় সি।
“ইমান চিন্তা নকৰিবা সোণজনী, মই আছোঁ তোমাৰ লগত”তাইৰ মূৰত চুমা এটা আঁকি দি কৈ উঠে সি।
মনালিছাহতঁৰ ঘৰৰ পদূলিত উপস্থিত হৈয়ে খবৰ দিবলৈ যোৱা মানুহ কেইজন সংকুচিত হয় পৰে। চাইকেল ঠেলি মানুহকেইজন নঙলা পাৰ হৈ চোতালত উপস্থিত হয়। মানুহকেইজনক দেখিয়েই চোঁ মাৰি খেদি যায় অনিমেশে।
“সি কুকুৰে তাইক পলুৱাই নি কি কৰিবলৈ মানুহ পঠিয়াই এতিয়াই?”
চুবুৰীয়া দুজনে তাক গৱা মাৰি ধৰি ৰখায়। ‘ঘৰলৈ অহা অতিথিক এনে ব্যৱহাৰ নকৰে নহয় ।’দুজনমানে চকী পাৰি বহিবলৈ দিয়ে অভ্যাগত কেইজনক।
মানুহকেইজনৰ মাজৰে এজনে মনালিছাৰ দেউতাকক উদ্দেশ্য কৰি আৰম্ভ কৰে,
“ছোৱালীজনী ফেঁহুজালি দিওঁ নিদিওঁতেই তাৰ ঘৰত সোমাই গৈ।আমাক নবৌয়ে মাতি আনে, আমি তাত আলোচনা কৰি এতিয়া আপোনাৰ সৈতে কথা হবলৈ আহিলোঁ, কি কৰা যায় সেই সংক্ৰান্তত আলোচনা কৰিবলৈ। যদি আপোনালোকে উচিত ভাবে তেন্তে………..
মনালিছাৰ দেউতাক হাতযোৰ কৰি বহাৰ পৰা থিয় হয়। কথা কৈ থকা মানুহজন আধাতে ৰৈ যায়।
………
……(আগলৈ)…..