……© ৰুণজুন বৰুৱা……
(১০)
ৰক্তাভ অৰুণে পূব আকাশত সলাজ হাঁহিটো পিন্ধি ভূমুকি মাৰিবলৈ লওঁতেই সিহঁতৰ যাত্ৰা আৰম্ভ হ’ল। ঋষিকাই দেউতাকৰ লগত কথা পাতি সকলো ঠিক কৰি থৈছে বুলি ৰাতিপুৱাই মেছেজ কৰি জনাইছে অম্লানক। সিহঁতে দহ মান বজাত গৈ পাবগৈ লাগে বুলি কৈছিল সি। হ’লেও ঘৰৰ পৰা ওলালে এবাৰ জনাব দিছিল তাই। এটা মেছেজ কৰাৰ বাবে ফোনটো উলিয়াই লয় অম্লানে।
“ওলাইছা নে তোমালোক?গাড়ীৰ এচিটো বেছিকৈ চলাই নথবা , দেউতাৰ ঠাণ্ডা লাগিব পাৰে।”
হাঁহি এটাই তাৰ চিকুণকৈ ৰখা দাঁড়িখিনিৰ মাজত লুকা ভাকু খেলি যায়। প্ৰতিটো কথাৰ খবৰ ৰাখিব পৰাকৈ পৰিপক্ক তাই । হোৱাটছেপৰ তাইৰ ডিপিখন চাই এবাৰ সি। মাকৰ ডিঙিত সৰু ছোৱালী এজনীৰ দৰে মেৰিয়াই ধৰি হাঁহি আছে তাই। ভাললগা এটাই চুই যায় তাক।
মনত পৰে তাৰ, তেজপুৰ বিশ্ববিদ্যালয়ৰ ইঞ্জিনীয়াৰিংৰ ক্লাছ আৰম্ভ হোৱাই নাই তেতিয়া সিহঁতৰ, induction program বোৰ চলি আছিল। নতুনকৈ লগ পোৱা ল’ৰা ছোৱালী বোৰৰ মাজত চিনাকি পৰ্ব তুংগত তেতিয়া। সৰুৰে পৰা এসোপা বন্ধু বনাবলৈ নজনা অম্লানৰ তেতিয়ালৈ তেনেই তাকৰ বন্ধু গোট খায় ।নিজৰ ক্লাছৰুমৰ পৰা ওলাই আহি ডিপাৰ্টমেণ্টৰ আগৰ খালি ঠাইখিনিতে ৰুমমেট অৰ্ণৱলৈ ৰৈ আছিল সি,অৰ্ণৱ চিভিল ইঞ্জিনীয়াৰিঙৰ। দুপৰীয়াও একো নোখোৱা পেটত আবেলি চাৰি বজাত নিগনিয়ে দৌৰ প্ৰতিযোগিতা পাতে। হ’লেও উপায়হীন হৈ সি ৰৈ থাকে ৰূমমেটলৈ।
চিভিল ডিপাৰ্টমেণ্টৰ পৰা অৰ্ণৱ ওলাই আহে চাৰি পাঁচজন মান লৰা ছোৱালীৰ সৈতে। কথাত মচগুল সেই লৰা ছোৱালীৰ জাকটোৰ মাজত থকা অকণমানি যেন লগা ছোৱালীজনীলৈ চাই এখন্তেক ৰৈ যায় সি। ধুনীয়া হাঁহি এটা ওঁঠত আঁকিলৈ খিল-খিলাই হাঁহি থকা ছোৱালীজনীয়ে মাজে মাজে মুখলৈ অহা চুলি কেইডাল টানি নি কাণৰ কাষত গুজি থয়,চুলি কোচাও বিৰাট ধুনীয়া তাইৰ,ইমান দীঘল।আকৌ কিবা কথাত হাঁহি হাঁহি লগৰজনীৰ গাত বাগৰি পৰে তাই। লিপষ্টিক নথকা ওঁঠযোৰ বিৰাট মায়াসনা যেন লাগে তাৰ। ইমান ধুনীয়াকৈ হাঁহিব পাৰিছে তাই, হাঁহিবলৈ জনাও এটা বৰ ধুনীয়া কলা প্ৰথমবাৰলৈ অনুভৱ কৰে সি ।
কথাৰ মাজতে অৰ্ণৱৰ চকু পৰে তাৰ ওপৰত ।বাই’ কাইলৈ লগ পাম বুলি তাৰ দিশে আঁতৰি আহে সি জাকটোৰ পৰা।
“চৰি ভাই বহুত টাইম ৰখালোঁ তোক ,বেয়া নাপাবি। কথা পাতি পাতি দেৰীয়ে হৈ গ’ল.!”
অৰ্ণৱে দুখ কৰে।
” নাই নাই একো নাই, হব দে ব’ল কিবা খাই লওঁ”
কেণ্টিনখনলৈ সোমাই যায় দুয়োটা।
সেইদিনাৰে পৰা কিয় জানো অম্লানৰ ভাল লগা হৈ আহে ৰূমমেটলৈ ৰৈ থকা অপেক্ষাৰ ক্ষণটো।ভোকটোৱেও আমনি নকৰাকৈ শান্তহৈ ধৈৰ্য্য ধৰি তাক সহযোগিতা কৰে। অম্লানে কামনা কৰে,অৰ্ণৱে সেই জাকটোৰ লগত আৰু দীঘলীয়াকৈ কথা পাতক। হাঁহি হাঁহি সেই ছোৱালীজনী বাগৰি পৰক লগৰজনীৰ বাহুত। অবাধ্য হৈ ওলাই অহা চুলি কেইডাল তাই টানি নি গুজি থওক কাণৰ কাষত। সময়বোৰ গৈ থাকে অপেক্ষাক ধুনীয়া কৰি তেনেকৈয়ে।
তাৰ পিছৰ সপ্তাহত এদিন ডিপাৰ্টমেণ্টৰ পৰা ওলাই আহি সি দেখে অৰ্ণৱহতঁৰ গ্রুপটো ৰৈ আছে। সি সিহঁতৰ কথা শেষ হ’বলৈ ৰৈ থকা ঠাইখিনিত, তাক দেখি অৰ্ণৱে ৰিঙিয়াই ।
“ঐ আহ আহ খাব যাওঁ , লেতেৰা ভোক লাগিছে ৰে”
সি আগুৱাই যাব খোজে কিন্তু ভৰি দুখন আগ বাঢ়িব নোখোজে তাৰ।কিয় বাৰু? সেই ওঁঠত লিপষ্টিক নোলোৱা ছোৱালীজনী ,তাইয়ো যে আছে লগত সেই কাৰণে নেকি?
তথাপি সি আগবাঢ়ি গৈ সিহঁতজাকৰ ওচৰ পায়। অৰ্ণৱে চিনাকি কৰি দিয়ে তাক গোটেই কেইটাৰ সৈতে। দীঘল চুলিৰগৰাকী জনীৰ নাম ঋষিকা বৰ্মন । আটাইৰে লগত চিনাকি হয় সি। গোটেই কেইটাই কেফেটেৰীয়াত খাবলৈ যাবলৈ প্লেন কৰিয়েই থয় ইতিমধ্যে, সি আহি পোৱাৰ পিছতে গোটেই কেইটা তালৈকে ৰাওনা হয়।
খোৱা বস্তুৰ অৰ্ডাৰ দি বহি লৈ আড্ডাত মচগুল হৈ পৰে সিহঁতবোৰ ,ঋষিকা তাৰ সন্মুখতে বহে। আজি তাইলৈ চাব নোৱাৰা হয় সি। মুখৰ আগত বহি লৈ ছোৱালী এজনীক ত’ ত’কৈ চাবলৈ তাৰ বিবেকে নকয়। হলেও তাৰ চকুযোৰ তাইলৈ যায়। হাঁহিটো পিন্ধিব জনা ছোৱালীজনী সদায়ৰ দৰে তেতিয়াও হাঁহি হাঁহি কিবা ঘটনা এটা বৰ্ণনা কৰি থাকে।
খোৱা বস্তুবোৰ দেখিও পেটৰ ভোকটো কলমলাই নুঠে অম্লানৰ। খোৱা বস্তুবোৰ লিৰিকী বিদাৰি উঠি আহে সি। অৰ্ণৱে ধৰিব পাৰে অম্লানৰ অস্থিৰতা।
ওভটনিৰ পথত ক’ৰবাৰ পৰা আহি সৰু মকৰা পোৱালী এটা ঋষিকাৰ গাত পৰে। ভয়ত চিঞৰি জঁপিয়াই উঠে তাই। ডিঙিৰ কাষেৰে বগাই গৈ থকা মকৰাটো তৎক্ষণাত থাপ মাৰি ধৰি আচাৰ মাৰি পেলাই দিয়ে অম্লানে। ভয়ত পেপুঁৱা লগা ঋষিকাৰ মুখখন ৰঙা পৰি যায়। ধুনীয়া চকুহালত মুকুতা কণা হৈ দুটোপাল চকুলো ওলমি ৰয়। সি তন্ময় হৈ চাই থাকে তাইৰ ক্ৰমশঃ গুলপীয়া হোৱা গালখনৰে চকুপানী কেইটোপাল মান বাগৰি যোৱা।
গোটেই জাকটোৱে বাটটো তাইক বুজাই ভয়ৰ কাৰণ নাই। মকৰাটো অম্লানে গুচাই দিলে। হ’লেও তাইৰ মুখৰ প্ৰাণোচ্ছল হাঁহিটো ঘূৰি নাহে। বেয়া লাগে তাৰ। কিন্তু সি একো নকয়। হোষ্টেল আহি পাই গোটেইবোৰ বিদায় সম্ভাষণ জনাই নিজৰ নিজৰ হোষ্টেলৰ দিশত গুচি যায়।
ৰুমত সোমায়েই অৰ্ণৱে সোধে তাক,
“কিয় ইমান অস্থিৰ হৈ আছিলি?ভালকৈ নাখালিও একো”
“নাই এনেই”
“ঋষিকা ধুনীয়া ন’ ?”
“উম “
“তোৰ ভাল লাগে ন’…”
“ধেই,কি যে কৈ থাক’ মানে”
উচাৎ মাৰি উঠে অম্লান
অৰ্ণৱে আকৌ কয়
“তই যে মোলৈ ৰৈ থাকোতে তাইকেই চাই থাক, মই দেখিছোঁ নহয়”
” কি ফালটু বে,কিয় কামুৰি আছ?”
বিৰক্তি দেখুৱাই অম্লানে
“হব দে’ ভাই তই ক’ব নালাগে, জানো মই, সেই কাৰণেটো আজি মই একেলগে খাব লৈ প্লেন কৰিলোঁ “
“কি?”
আচৰিত হয় অম্লান।
“আৰু নহলে কি, এণ্ড মোৰ প্লেন চাকচ্যছফুল হৈ গ’ল,ৱেল দান ভাই,ৱেল দান”
“কি কব বিচাৰি আছ বে, ভালকৈ ক’ না?”
“ঋষিকাৰ গাত মকৰাটো ময়েই দি দিছিলোঁ”
হাঁহি হাঁহি বিছনাত বাগৰ দিয়ে অৰ্ণৱে
আচৰিত হৈ তালৈ চাই থাকে সি………..
পিছদিনাহে দেখা হয় ঋষিকাৰ সৈতে তাৰ। তাক দেখিয়েই আগুৱাই আহে তাই তাৰ দিশে। কিবা এটা অনুভৱ হয় তাৰ,কাণ দুখন গৰম হৈ যায় তাৰ।
“ঠেংক য়ু চ’ মাৎচ অম্লান”
“নাই ঠেংকছ দিবলৈ একো নাই। তুমি ঠিকেই আছা নহয়।”
“উম একদম ঠিকেই আছোঁ, কালি তোমাক ঠেংকছ দিবলৈ পাহৰিয়েই থাকিলোঁ জানানে”
সঁচাই কিবা ডাঙৰ ভুল কৰাৰ দৰে দুখবোধ এটা ফুটি উঠে তাইৰ মুখত।
বেয়া লাগে তাৰ, কিনো কব সি ভাবি থাঁকোতেই প্ৰাচুৰ্যই তাইৰ বেণীডালত টানি দি তাইক জোকোৱা আৰম্ভ কৰে,
” পেন্দুৰী, হ’ব দে সি বেয়া নাপায়, তোৰ কালি কান্দি কান্দি ক’তনো সময় আছিলে ঠেংকছ দিবলৈ”
গোটেইজাকে খিল খিলাই হাঁহি উঠে। হাতত থকা ছাতিটো লৈ তাই প্ৰাচুৰ্যক খেদি যায়। হাঁহিবোৰে বাৰিষাৰ ভৰুণ নৈখন হৈ বৈ যায় ইটোৰ পৰা সিটোলৈ………..
……(আগলৈ)……