……© ৰুণজুন বৰুৱা……
(১)
“মোৰ চাকৰিটো যদি নোহোৱা হয় ঘৰখন কি হব আমাৰ ?”
মানুহজনীয়ে কোনো প্ৰতিক্ৰিয়া নেদেখুৱাই। একান্ত মনে চিৰিয়েল খনত মনোনিবেশ কৰি ছোফাখনত ভৰি তুলি বহি লয়,উম এতিয়াহে যেন সুখদায়ক হৈছে বহিবলৈ, তেনে এটা ভাবত কাষতে থকা কোচনটো কোলাত তুলি লয় তাই।
মানুহজনীৰ পৰা কোনো উত্তৰ নাপায় প্ৰীতমে আকৌ ঘৈণীয়েকক মাতে, “ঐ মনা তুমি শুনিছানে বাৰু ,লৰা দুটাক অকলে মানুহ হিচাপে গঢ়ি তুলিবলৈ পাৰিবা নে,নিজৰ যত্নও লবা কিন্তু,মোৰ চাগৈ আৰু বেছি দিন নাই….. বুজিছা ঘৰটো সাজি শেষ হলেই দুটা ৰুম ভাড়াত দিম। পইচা দুটামান আহিব।নে কি কোৱা?”
“কোন মৰিব ওলাইছে অ’?”
কথাষাৰৰ কৈয়ে এইবাৰ মানুহজনী কোব খোৱা ফেঁটী সাপটো হৈ একে চোঁচাই প্ৰীতমৰ ওচৰ পালেহি । ঘৈণীয়েকৰ চকুৰ জুইকুৰালৈ চাই থাকিব নোৱাৰি সি তলমূৰ কৰিলে আৰু সেইয়া যেন এক প্ৰচণ্ড অপমান হে হ’ল তাইৰ তেনে এটা ভাবত তাই বকনি আৰম্ভ কৰি গ’ল ,
“তই যে এই আবুল তাবোল বকি থাকি নিজকে পুতৌৰ পাত্ৰ সজাব খুজ, মই কি বুজি নাপাওঁ তোৰ ভেকচন? তিনি বছৰৰ আগতেই কিনি থোৱা মাটিখিনিত যে ঘৰৰ নামত খুঁটা এটাও পোতা নাই ,তোৰ কি মনত নাই হা? আৰু যে তোৰ চাকৰিটো যাব বুলি কৈ থাক ক’ত কি কৰি থৈ আহিছ তই? মই কিন্তু এইবোৰ নাজানো, চাকৰি থাকেনে যায়,মোক মাত্ৰ শান্তিৰে থাকিব দে’।তোলৈ পলাই অহা দিন ধৰি এদিন আদৰ পাই নাপালোঁ, তোৰ সমাজ সেৱা কৰাৰ উৎপাতত, এতিয়া পাগল হোৱাৰ নাটক কৰি মোৰ পৰা আদৰ আশা কৰিবলৈ নাহিবি,এনেও নমৰ ,এইবোৰ কৈ মোক যদি গলাব পাৰিম ভাবিছ ,একদম ভুল ভাবি আছ।”
কথাৰ নামত বিষ এগাল ঢালি থৈ মনালিছা উচাৎ মাৰি আঁতৰি যায়, ঠাইতে জোপোকা মাৰি বহি ৰয় প্ৰীতম। সি চিন্তা কৰি উলিয়াব খোজে তাৰ ভুল কি? অথচ মনত পেলাবলৈ সক্ষম নহয় সি ।তাৰ পৰিৱৰ্তে কিছুমান খণ্ড চিত্ৰ হে চকুৰ আগত ভাঁহি উঠে তাৰ ভাবিবলৈ চেষ্টা কৰিলেই। এইয়া তাক তাৰ স্কুললৈ যোৱা বাটটোতে এজাক মানুহে আগুৰি ধৰি মাৰ পিত কৰিছে তাৰ মূৰ ফালি তেজৰ ধাৰ এটা বৈ গৈছে, কাৰোবাৰ প্ৰহাৰত সেইয়া তাৰ ভৰি এখন দুটুকুৰা হ’ল, অন্য এজন মানুহে ৰড এডালেৰে তাক টঙনীয়াই দিব লৈছে……
“ঐ মই মৰিলো ঐ মোক নামাৰিবি ঐ,মই একো ভুল কৰা নাই, মোক যাবলৈ দে………”
তাৰ গগণ ফলা চিঞৰত ডাঙৰটো পুতেক দৌৰি আহি দেখে বাপেকে বিচনাখনতে বাগৰি বাগৰি চিঞৰি আছে, আৰু হাতযোৰ কৰি কাৰোবাৰ ওচৰত প্ৰাণ ভিক্ষা কৰিছে। সি তৎকালীন ভাবে দেউতাকক জোৰেৰে সাৱটি লৈ মূৰত হাতটো ফুৰাই শান্ত কৰিবলৈ চেষ্টা কৰিছে। এটা কেঁচুৱা লৰাৰ দৰে প্ৰীতম কুৰুকি কুৰুকি পুতেকৰ বুকুত সুমাই গৈছে, নিৰাপত্তাৰ আশাৰে। সি টেবুলত থৈ দিয়া টেবলেট এটা পানী অকনমানৰ সৈতে দেউতাকক খুব সাৱধানেৰে খুৱাই দিয়ে। টোপনিত পতা গধুৰ হৈ পৰা দেউতাকক সি গাৰুটোত শুৱাই দি পাতল কাপোৰ এখনেৰে বুকুলৈকে ঢাকি দি ফেনখনৰ স্পীদটো কমাই সন্তপৰ্ণে উঠি আহে।
চঞ্চলা হৰিণী জনীক দেখিয়েই সি বুকুত এটা শিহৰণ অনুভৱ কৰিছিল। সেইয়া পঁচিশ বছৰৰ আগৰ কথা। ক্লাৱৰ কামত তেতিয়া প্ৰীতমহঁত অহনিশে ব্যস্ত। গাঁওখনৰ উন্নয়নৰ নানানটা পৰিকল্পনা কৰা,তাৰ বাবে কাৰ্যপন্থা হাতত লোৱা, তেজ পানী কৰি কাম কৰা সময়বোৰত তাৰ দৃষ্টি আকৰ্ষণ কৰিছিল প্রিয় বন্ধু অনিমেশৰ ভনীয়েক মনালিছাই। মাক নোহোৱা ঘৰৰ খনৰ সকলো কাম কৰি অতাই,নাটকৰ আখৰাত সদায় সময়মতে উপস্থিত হোৱা ছোৱালীজনীৰ প্ৰাণোচ্ছল হাঁহিটোত ক্লাৱ ঘৰটো ৰজনজনাই গৈছিল। সহ শিল্পীৰ সৈতে আখৰা কৰি থকাৰ মাজতো প্ৰীতমৰ চকুত চকু থৈ তাই প্ৰেমৰ সংলাপবোৰ কৈছিল। সেই চাওনী শক্তিশেল হৈ বিন্ধিছিলহি তাৰ কেঁচা কলিজাত ,প্ৰীতমৰ উশাহবোৰ তাইৰ নামৰ হৈছিল তেনেকৈয়ে। ক্লাৱৰ কাম সামৰি ৰাতি দুপৰত ঘৰলৈ উভতি যাবলৈ নিদি প্ৰীতমক প্ৰায়ে নিজৰ ঘৰতে থাকিবলৈ লৈ আনিছিল অনিমেশে। তাই যতনাই দিয়া ভাতসাঁজ পৰম তৃপ্তিৰে খাইছিল সি। মনালিছাৰ হাতৰ মাছৰ টেঙা আঞ্জাখন তাৰ বৰ প্ৰিয়, সেই দিনৰে পৰা। ক্লাৱৰ কামতেই হওক বা অন্য প্ৰয়োজনত প্ৰিয়বন্ধুৰ ঘৰলৈ ঘনাই অহা যোৱা প্ৰীতমৰ ,তাত বেয়া একো নাছিল, মাথোঁ চাৰি চকুৰ মিলন আৰু চাহকাপৰ দিয়া লোৱাই দুয়োৰে বুকুৰ প্ৰেমৰ জুইকুৰাত ইন্ধন যোগাইছিল। অত্যন্ত জেদি ছোৱালীজনীৰ অভিমানবোৰ, খংবোৰ উপভোগ কৰিছিল সি। সমাজৰ কামত ব্যস্ত তাৰ প্ৰতি গালিবৰ্ষণ কৰি থকা তাইজনীলৈ চাই চাই হাঁহিত বাগৰি পৰে, তাৰ হাঁহি দেখি তাইৰ খং চৰি উঠে। এটা সময়ত সি মৰমৰে তাইৰ মুখখন তুলি ধৰে আৰু বুজাই তাইক” মনা সময়বোৰ আমাৰ হব, ধৈৰ্য ৰখা, স্কুলখনৰ চৰকাৰীকৰণ চাগৈ অহা বছৰলৈ হবগৈ,তাৰ পিছতে মই ককায়েৰাক আমাৰ কথা কম।” তাইৰ অভিমানত ৰঙা পৰা নাকটো টানি দিয়ে সি,গাল দুখন আৰু বেছি গুলপীয়া হৈ যায় তাইৰ। প্ৰীতমৰ পিঠিত এটা ভুকু দি উঠি গুচি যায় তাই লগতে চিঞৰি কৈ যায়,
“তই নিবলৈ নাহিলেও নিজে গৈ তোৰ ঘৰ সোমাম চিন্তা নকৰিবি “
….সি তাইলৈ হাঁহি হাঁহি চাই ৰয়!
………(আগলৈ)………