……© ৰুণজুন বৰুৱা……
(প্ৰতিজন প্রিয় পাঠক পাঠিকালৈ মোৰ আন্তৰিক কৃতজ্ঞতা জনালোঁ মোৰ লিখাটো আঁকোৱালি লোৱাৰ বাবে।মোক ইমান মৰম আৰু প্ৰেৰণাৰে কাহিনী ভাগ আগুৱাই নিবলৈ সাহস দি অহাৰ বাবে মই সকলোৰে ওচৰত আজীৱন ধন্য আৰু এটা খণ্ডত সামৰণি পৰিব এই কাহিনী ভাগ)
(৩৪)
নিজকে নিজৰ পৰাও মুক্ত কৰি থোৱা দৰকাৰ সময় সাপেক্ষে।নিজৰ বাবে জীয়াই থকাৰ যুজঁ খন জটিল,অথচ হাৰিবটো নোৱাৰি ।গতিকে নিজৰ মাজতো নিজক মুক্ত কৰিব লাগিব।
যদি প্ৰেমৰ সংজ্ঞা, “মৃতপ্ৰায় দেহটোৰ শেষটুপি উমাল তেজ ” বুলি বিশ্বাস কৰা যায়,তেনেহলে মানুহে সিমানখিনি নিজকে উদঙাই থোৱা প্ৰয়োজন ;যাতে নিজৰ ইচ্ছা আৰু সপোনবোৰৰ প্ৰতি থকা চাহিদাই নিজকেই শ্বাসৰুদ্ধ কৰি হত্যা নকৰে।
মনালিছাৰ আত্মহননে যেন তেনে এটা কথাই প্ৰতিফলিত কৰি গ’ল। নিজৰ বাবে যুঁজিও হাৰি যোৱা এগৰাকী নাৰী তাই। সেই যুঁজখনত জিদবোৰে ক্ৰমশঃ শুহি শুহি খাই নোহোৱা কৰিছিল জীয়াই থকাৰ পথ,নিজকে জানো মুক্ত কৰিছিল নিজৰ পৰা, ক্ষোভবোৰৰ পৰা। অন্তিম পথ বুলি ভালপোৱা জনক বাছি লৈ তেওঁৰ অনুপস্থিতিত জীৱনৰ আয়ু বেলি নিজ হাতে মাৰ যোৱাই তাই।
অন্য পথ নাছিল জানো মনালিছাৰ?
আছিল ।
আৰু অলপ সাহ আৰু অলপ মনোবলৰ প্ৰয়োজন সেই পথে বাট বুলিবলৈ ,সমাজৰ সন্মুখীন হবলৈ। সেই পথৰ কষ্টখিনি ভোগ নকৰোঁ বুলিয়েই তাই সহজ পথ বাছি ললে!
মৃত্যুৰ পথ??
কি সুলভ এই মৃত্যু?
স্ব ইচ্ছাই নিজক শেষ কৰি দিয়া কেতিয়াও সহজ নহয়, সুলভ নহয়। তথাপিও যে ক’তজন হেৰাই যায় এই বাটেৰে। মাথোঁ ক্ষণিকৰ দুৰ্বল সিদ্ধান্তৰ বাবেই,মুক্তি প্ৰয়াসী হৈ।
কিন্তু তেনেদৰে মুক্তি আহে জানো?
ই যে এটা যুগযোগান্তৰৰ পৰা সমাজৰ বাবে এটা সঠিক উত্তৰবিহীন প্ৰশ্ন।
নৈৰ পাৰত ওচৰা ওচৰিকৈ দুখন চিতা জ্বলি উঠে।
জুইৰ লেনীহান শিখাই ক্ৰমান্বয়ে আগুৰি লয় দুটি প্ৰাণহীন নশ্বৰ দেহ।
প্ৰবঞ্চক ,বিশ্বাসঘাটক, স্বাৰ্থপৰ, জেদী অথচ মানবদৰদী দুটা মানুহ বিলীন হৈ পৰিল সময়ৰ সোঁতত।
প্ৰেমিক মানুহহাল একে লগে গ’ল গৈ।
মৃত্যুৰ সিপাৰে সুখী হোৱাৰ সপোন এটা গাঁঠি আঁতৰি গ’ল পাৰ্থিৱ শৰীৰ এৰি।
যদিওবা প্ৰীতমৰ মৃত্যু এটা সাধাৰণ প্ৰক্ৰিয়া তথাপিও সেয়াও যেন সহজ মৃত্যু নহয়।
“কৰ্মফল ভুগিলে সি”
বু-বু-বা-বা তেনেকৈয়ে বিয়পিল।
শেষ হৈ যোৱা জীৱন মৃত্যু বাখ্যা কৰা সমাজৰ বাবে এটা গুৰুত্বপূৰ্ণ কাম তেতিয়া, মৃতকৰ আত্মাৰ সদগতি কামনা কৰাতকৈও বেছি গুৰুত্বপূৰ্ণ ।
ইমানবোৰ ঘটনা পৰিঘটনাৰ মাজেৰে শেষ হোৱা মানুহ দুটাৰ জীৱনৰ বিষয়ে আলোচনা নকৰিলে কেনেকৈ হয় মানুহৰ।
বতাহত ভাঁহি ফুৰিছিল ফুচফুচনিবোৰ,
“তেনেকুৱা মানুহৰ এনেকুৱাই হয় শেষ পৰিণতি।”
সন্দিহান আছিল মানুহমখা ,মৃত্যুৰ সিপাৰে মানুহহাল সুখী হ’ব পাৰিব বুলি।
“নোৱাৰে বুজিছ’ ওহোঁ ,এনে অধৰ্মী আত্মাই শান্তি নাপায়, হালেই এটাতকৈ এটা চৰা”
উফৰি পৰা কথাবোৰে সদ্য নিথৰুৱা লৰাটোৰ বুকুখন ফালি নিব বুলি ভ্ৰূক্ষেপ নাছিল, সচেতন মানুহবোৰৰ।
সচেতন মানুহ তেওঁলোক, সেই বাবেই যে মৃত্যুৰ পিছত ভুলবোৰ ফঁহিয়াই ফঁহিয়াই উলিয়াই আনিছে মনা প্ৰীতমৰ।
মুহূৰ্ততে নামবিহীন হৈছিল সমাজৰ বাবে সেই নষ্ট মানুহ দুটাই একান্তই ব্যক্তিগত ৰূপত কৰি যোৱা কামবোৰ।
কৰোৱাৰ মৃত্যুও আজি কালি এটা বিষয় হ’ব পাৰে।
এটা হট টপিক।
জুইয়ে আগুৰি ধৰা চিতা দুখনৰ পৰা আকাশৰ বুকুলৈ গতি কৰা ধোঁৱাৰ কুণ্ডলী দুটা এটা বিন্দুত গৈ এক হৈ লাগি ধৰিছিল।
শৰীৰটোৰ বাসনাৰ বাবেই য’ত সব বেমেজালি, সূত্ৰপাত ধ্বংস যজ্ঞৰ। তিলতিলকৈ নষ্ট হোৱা মানুহহাল শৰীৰ ত্যাগৰ জৰিয়তেহে যেন একাত্ম হৈ পৰিল ।
অন্ত্যেষ্টিক্রিয়াৰ বাবে উপস্থিত মানুহখিনি এটা দুটাকৈ আঁতৰি গৈছিল নৈৰ পাৰৰ পৰা।
নৈৰ বুকুত দৃষ্টি থাপি লৰাটোৱে এটা মৌন প্ৰাৰ্থনা কৰে তেতিয়া। ইহলোকৰ আধৰুৱা সুখবোৰ ভালপোৱাবোৰ সম্পূৰ্ণ হওঁক মাক দেউতাকৰ অন্য এখন পৃথিৱীত।
সুখী হোৱাৰ আশাৰেই, লগ দিয়াৰ কথাৰেই যে আগ পিছকৈ গুচি গৈছে তেওঁলোক।
প্ৰেমৰ দন্যতাত ভোগা উভয়ৰে বুকুত প্ৰেম আছিল পৰস্পৰৰ বাবে,তথাপিও সম্পূৰ্ণ নহ’ল মানুহহাল…..
উফ কি অভিশাপ!
সেই ,অভিশাপ মুক্ত হৈ পূৰ্ণ হওঁক তেওঁলোক।
অনিমেশে আহি অম্লানৰ কান্ধত এখন হাত ৰাখে ।
সেই স্পৰ্শত আশ্বাস থাকে, ভৰসা আৰু সাহস থাকে।
বিধিগত ৰূপেই আগবাঢ়ে সকলো, তিলনিৰ বাবে কেঁচা পিঠাগুৰি, কল ,গাখীৰৰ আয়োজন, দহা দিনালৈকে সন্ধিয়া কীৰ্ত্তন পাঠ, মুণ্ডন, কাজ,মৎস্যস্পৰ্শ, কৰম।
অম্লানৰ গোটেই লগৰবোৰে প্ৰতিটো কামত লাগি ভাগি সহায় কৰি অকলশৰীয়া হবলৈ নিদিয়াকৈ সংগ দি যায় । মাক দেউতাকৰ আত্মাৰ শান্তিৰ কামনাৰে, নিয়ম নীতিবোৰ খুঁটিনাটি মাৰি কৰে অম্লানে।
সুখী হওক তেওঁলোক।
ইমানবোৰৰ মানুহৰ মাজতো মনৰ মানুহজনৰ খবৰ ৰাখে ঋষিকাই। মনত কষ্ট অনুভৱ নকৰক সি, তাৰ বাবে সচেতন তাই,অম্লানৰ সুখবোৰ এতিয়া তাইৰযে দায়িত্ব বুজে তাই। শান্তনুৰ খবৰো তায়েই ৰাখিছে, মোমায়েকৰ ব্যস্ততাৰ বাবে যেন সি একাকীত্ব অনুভৱ নকৰে, সেই কথাত সাৱধান ঋষিকা।
তাইৰ এপলক দৰ্শনত সমস্ত দুখ ভাগৰ যেন অন্ত পৰে অম্লানৰ। তাই আছে বাবেই যেন হালি নপৰাকৈ কৰি যাব পৰিছে সকলো। নিজৰ বাবে এটা মুহূৰ্তও পোৱা নাই সিহঁতে, মৰাঘৰীয়া ব্যস্ততা।
অথচ কোনো অভিমান নাই , সৰল হাঁহিটো আঁৰি সদায় শোৱাৰ আগত এগিলাচ গৰম গাখীৰ অম্লানৰ হাতত তুলি দি প্ৰবোধ দিয়ে সময় ভাল হোৱাৰ।
অম্লানে তাইৰ কথাত সঞ্জীৱনী বিচাৰি পায়।
ভালপোৱাই তাক মজবুত কৰে, প্ৰতিপল গঢ়ি যায় সু-পুৰুষ ৰূপে।
“সময়তকৈ শক্তিশালী কোনো নাই, তেওঁলোক নিশ্চয় শান্তিৰে আছে গৈ তুমি চিন্তা কৰি থাকিলেহে কষ্ট হব চাগৈ তেওঁলোকৰ”
বুজাই তাক ।
“তোমাৰ লগত আছোঁ মই”
“ভালপোৱাবোৰ আমাৰ শক্তি”
“তুমি মোৰ সাহ”
“প্ৰতিনিয়ত মোৰ উশাহত তুমি থকা অম্লান আৰু মই জানো তোমাৰ সিৰে সিৰে মই আছোঁ, তেন্তে আমি দুখী কিয় হ’ম কোৱা?”
“আমি সুখী হম অম্লান, সময়ে আমাক সজাব পৰাব, সময় আমাৰ হ’ব,
আমাৰ সৈতে আৰ্শীবাদ আছে সকলোৰে”
তুমি মাথোঁ সাহসী হোৱা শান্তনুৰ প্ৰতিটো দায়িত্ব আছে আৰু তুমি অকলশৰীয়া নহয় অম্লান, মই আছোঁ স্পন্দনবোৰ তোমাৰ নাম কৰি।
সম্পূৰ্ণ হবলৈ আৰু কি লাগে তাক!
বুকু জুৰি কেৱল সাহস যোগাই তাই।
মৰমৰ বান্ধোনে বান্ধি লয় ঋষিকাই তাক।
দুখৰ ৰাতিবোৰত পোহৰ হৈ তাক বাট দেখুৱাই দিয়া ছোৱালীজনীৰ প্ৰেমত পৰে সি পুনঃ পুনঃ।
……….
(আগলৈ)