জীৱন পাশা (৩৩) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(৩৩)

ভবা মতে নহয় কিয় কথাবোৰ?
সুখবোৰ সামৰি লবলৈ অৱকাশ বিহীন কৰি মনালিছাৰ জীৱনত কিয় সময়েই সদায় বিজয়ৰ হাঁহি মাৰে?
এনে বিচ্ছেদ কাম্য নহয় মনালিছাৰ।

শুধৰণিৰ পথত জীৱনৰ হেৰুৱা ৰং বুটলিবলৈ বুলি ভৰি ৰখাৰ মনালিছাৰ লক্ষ্য আছিল প্ৰীতমৰ সংগ।

কিন্তু প্ৰীতম যদি নাথাকেই কাৰ বাবে কৰিব এই আয়োজন?

অম্লান আৰু শান্তনুৰ বাবে।

প্ৰীতমে অৰ্পণ কৰা দায়িত্ব ,এই লৰা দুটা।

বুকুত বাজি থকা প্ৰাৰ্থনাটো …… নাই প্ৰীতমে কোৱা কথাবোৰহে বাজি আছে এতিয়া,’ মৃত্যুৰ সিপাৰে সি ঘৰ সাজিব ,তেতিয়ালৈ ইয়াৰ দায়িত্ববোৰ তাইৰ’

খুব দৰকাৰী ইঞ্জেকচন এটা আনিবলৈ নাৰ্চিংখনৰ মেডিকেল ষ্টৰখনলৈ ঢপলিয়াই যায় অম্লান,সি এটা পৰিপক্ক লৰা। তাক আবেগিক ৰূপত সামৰি লবলৈ অনিমেশৰ উপৰিও এই যে নাতিদূৰৈত ৰৈ আছে পৰিয়ালটো তেওঁলোক আছে। তেওঁলোকক দায়িত্ব দিব পৰা যায়।

এই মাখন ৰঙী মৰম লগা ছোৱালীজনী। তায়েই অম্লানৰ ভালপোৱা, প্ৰেৰণা,সাহ। তাইৰ চকুৰ গভীৰতাত পুতেকৰ বাবে নিস্বাৰ্থ প্ৰেম দেখে মনালিছাই।

হয় এই নাৰীয়ে মৰম আৰু নিৰাপত্তাৰে অম্লানক ওৰে জীৱন আৱৰি ৰাখিব। তাইৰ দৰে চঞ্চল আৰু আবেগপ্ৰৱণ নহয় ছোৱালীজনী,বুজন তাই। এই বিপদৰ সময়ত ছাঁটো হৈ তাক লগ দিছেহি তাই।
কি নাম আছিল……
হয় হয় ঋষিকা।
অম্লান-ঋষিকা ,
অম্লান ঋষিকা
ৱাহ! কি সুন্দৰ যুটী।
পোহৰ হৈ পৰে মনালিছাৰ মুখ।

জীৱন সংগীৰ ওপৰত বহু পৰিমানে নিৰ্ভৰ কৰে জীৱনটোৰ সুখ আৰু শান্তি।
সেয়ে সন্তানৰ জীৱন সংগী নিৰ্বাচনৰ মুহূৰ্তত খুব সচেতন হয় অভিভাৱক।

সংসাৰ খনৰ চালিকা শক্তি বিশ্বাস,সততা,সন্মান, বুজাপৰা। স্বামী-স্ত্ৰী দুজনৰ মাজত তাৰে কোনোবা এটাৰ পৰিমাণ কমি গলেই অফুৰন্ত ভালপোৱা জ্বলি ছাৰ খাৰ হবলৈ বেছি সময় নালাগে। তাৰ পিছত সুখ শান্তি অলীক সপোন হৈ পৰে।

সেইবাবেই সংগী নিৰ্বাচনত খুব সাৱধান হোৱা উচিত অভিভাৱকৰ লগতে নিজেও।

অম্লানৰ বাবে নিশ্চিত ৰূপত ভাল ছোৱালী ঋষিকা। অনিমেশে তাইক কৈছিল, অম্লানৰ ভালপোৱা ছোৱালীজনী বিৰাট মৰম লগা। ঠিকেই কৈছিল সি। আইতাকৰ পিছতে অম্লানক তুলি ধৰা মোমায়েকৰ চকুত তাৰ বাবে উপযুক্ত বুলি বিবেচিত ছোৱালীজনী সঁচাই ভাল।তাইৰ বেদনাত সিক্ত চকুযোৰত অম্লানৰ বুকুৰ কষ্টবোৰৰ বহি প্ৰকাশ সুস্পষ্ট। এই ছোৱালীজনীয়ে তাক সুখী ৰাখিবই,মনালিছা নিশ্চিত হয়।

তাইৰ লগত আৰু মাক দেউতাকৰ লগত কথা পতা দৰকাৰী বুলি অনুভৱ কৰে মনালিছাই, অনিমেশ কলৈ গ’ল…..সি থকা হ’লে মাতষাৰ লগাবলৈ সুবিধা হ’লে হয়। ইফালে সিফালে চাই মনালিছাই।

নাই অনিমেশ নাই।

“আণ্টি ,পানী ….”

কোমল মাতষাৰত তাই মূৰ তুলি চাই।
“মই ঋষিকা, অম্লানৰ….”
নিজৰ পৰিচয় দিবলৈ গৈ ৰৈ যায় ছোৱালীজনী।
মৰম এটা জাগি উঠে তাইলৈ।

“মই তোমাক জানো মাজনী, যদিও লগ পোৱা নাই”
খুব মৰমত কয় মনালিছাই।

নিশব্দে জাননেজান হাঁহি এটা এৰি তাইৰ ওচৰৰ খালি চকীখনত বহে ঋষিকা।

“মই দাদাক বিচাৰি আছিলোঁ অ’…”

“মামা শান্তনুক আনিবলৈ গ’ল আণ্টি…..”

অ….”

সাধাৰণ ভাবে কথা পাতে দুইজনীয়ে।

অম্লানে ইঞ্জেকচনটো নাৰ্ছ গৰাকীৰ হাতত দি সিহঁতৰ ওচৰলৈ আগুৱাই আহে।ঋষিকাৰ মাক-দেউতাকো চাপি আহে।

তাৰ বিবৰ্ণ মুখখনত বহুতো অস্পষ্ট কথা প্ৰকাশ পায়।

“তুমি পানী অকণ খোৱাচোন প্লিজ”

মনালিছা,আৰু মাক দেউতাকৰ উপস্থিতিটো ঋষিকা অম্লানৰ বাবে ব্যস্ত হৈ পৰে।

ভাল লাগে মনালিছাৰ।
এইয়াই ভালপোৱা সঁচা অনুৰাগ।

“আপোনালোকৰ যদি আপত্তি নাথাকে, আমাৰ লৰাটোৰ যত্ন লবলৈ, তাৰ আজীৱন লগ দিবলৈ আপোনালোকৰ ছোৱালীজনীক অনুমতি দিবনে?”

হাতযোৰ কৰি, অনুৰোধ কৰাৰ দৰে কথাষাৰ সোধে তাই ঋষিকাৰ মাক-দেউতাকক!

“বাইদেউ এই বিষয়ে আমাৰ আপত্তি নাই কিন্তু পিছত ভালদৰে আমি আলোচনাত বহিম দিয়ক “
মনালিছাৰ হাতত ধৰি ঋষিকাৰ মাকে কৈ উঠে।

“তেনে এটা আলোচনাৰ বাবে প্ৰীতমৰ হয়তো সময় নহব, মোক দায়িত্ব লবলৈ কৈছে সি আৰু মোৰো হয়তো বহুত বেছি সময় নাই, গতিকে কলোঁ কথাষাৰ ।মোমায়েকৰ পিছতে আপোনালোক ভৰসা,অম্লানৰ সুখৰ দুখৰ হিচাপ ৰাখিবলৈ।”

শান্ত সুৰত কোৱা মনালিছাৰ কথাবোৰ সাঁথৰ যেন লাগে আটাইৰে। ইমান সহজ ভাবে কেনেকৈ মানি লৈছে, প্ৰীতমৰ সময় নহ’ব বুলি ?আৰু মনালিছা, তাইৰ কিয় সময় কম?

“আপুনি নিশ্চিত থাকক মিছেছ বৰুৱা, অম্লানৰ খবৰ আমি ৰাখিম আৰু আমি মিঃ প্ৰীতমৰ সুস্থতাৰ লগতে আপোনাৰ আইনী প্ৰক্ৰিয়া শেষ হোৱালৈ অপেক্ষা কৰিম ।আপুনি ইমান চিন্তা নকৰিব। সকলো ঠিক হ’ব।”

অম্লানক লৈ আশ্বস্ত হয় মনালিছা।

নিজৰ মনতে কয় তাই,চোৱা প্ৰীতম মই তোমাৰ ইচ্ছা মতেই আগবাঢ়িছোঁ চোৱা।

ঋষিকাৰ হাতখন নিজৰ হাতত লৈ মনালিছাই ফুচফুচাই কোৱাৰ দৰে কয়

“দুয়ো খুব ভালকৈ থাকিবা দেই”

শাহুয়েকে দিয়া মিহিকৈ সোণৰ আঙুঠিটো নিজৰ আঙুলিৰ পৰা খুলি তাইৰ হাতত গুজি দিয়ে মনালিছাই।

“তোমালৈ মোৰ উপহাৰ,মোক তাৰ আইতাকে দিয়া আছিল। ইয়াতকৈ মূল্যবান মোৰ ওচৰত অন্য একো নাই তোমাক দিবলৈ উপহাৰ স্বৰূপে।”

মনালিছাৰ আচৰণত আচৰিত হয় মানুহ কেইজন। ইতিমধ্যে আহি পাইছিল অনিমেশ,সি মাত দিয়ে,
“ভন্টি সেইবোৰ কথা আমি পাতিম দেচোন, সময়বোৰ ঠিক হৈ লওঁক”

“সময়ে যে নাই আকৌ”

হাঁহি এটা মাৰি কৈ উঠে মনালিছাই।

পুনৰ আচৰিত হয় সকলো,

ঠিকেই আছেনে এই মানুহজনী।

অম্লানৰ হাতত ধৰি ৰৈ থকা শান্তনুক ওচৰ চপাই টানি আনে মনালিছাই।

তাক এই স্কুলখনলৈ পঠিয়াই দিয়াৰ আগদিনা এই মানুহজনীয়ে দেউতাকৰ সৈতে চিঞৰি কাজিয়া কৰা কিছুমান টুকুৰা টুকুৰ দৃশ্য মনলৈ আহে শান্তনুৰ।

সাংঘাতিক ভয় লাগে তাৰ,
ফেঁকুৰি উঠিব খোজে সি।
কাতৰ চকুহালৰে ককায়েকলৈ চাই ৰয় সি।
তাৰ নিৰাপত্তাৰ আশ্ৰয় ককায়েক।
নিৰাপদ অনুভৱ কৰে সি ককায়েকৰ সৈতে মোমায়েকৰ পিছতেই।

তাক কোচত তুলি অম্লান আঁতৰি যায়।

মনালিছা উঠি আহে।

তাইৰ লগে লগে আহে অনিমেশ।

মনালিছাৰ ইমান শান্ত ৰূপ। আজিও কিবা বিপদৰ আগজাননী যেনেই লাগে ককায়েকৰ।
“দাদা”
ক’…..
“মোৰ আৰু প্ৰীতমৰ অনুপস্থিতিত অম্লানক মানুহ কৰাৰ দৰেই শান্তনুকো গঢ় দিবি দেই”

“কি কথা কৈ থাক ভন্টি তই, সব ঠিক হ’ব চাবিচোন”

“ঠিক কৰিবলৈ চেষ্টা কৰিছোঁ বাবেই তোক কৈছোঁ কথাবিলাক”

“ভন্টি”

” দাদা,জান’ সি মোক কৈছে সি সিখন পৃথিৱীত গৈ আমাৰ বাবে এটা ধুনীয়া ঘৰ কৰিব। তেতিয়ালৈ মোক এইখন সংসাৰৰ দায়িত্ব পালন কৰিব দিছে। সেই বাবেই মই মোৰ কাম আগুৱাইছোঁ।”

তাইৰ কথাবোৰ বেবেৰিবাং যেন লাগে অনিমেশৰ।
কথাপাতিব তাইৰ সৈতে। কিন্তু এতিয়া নহয়।

“দাদা একো নকলি যে”

“তই চিন্তা নকৰিবিচোন,বেয়া সময়বোৰ শেষ হওঁক, তাৰ কাৰণে প্ৰাৰ্থনা ক’ৰ”

মনালিছা আশ্বস্ত হয় ।

অনিমেশ আৰু অম্লানে শান্তনুৰ ভৱিষ্যত সুনিশ্চিত কৰিব,বিশ্বাস আছিল তাইৰ হলেও এবাৰ নিশ্চিত কৰি ললে তাই।

মনালিছাই অম্লান আৰু শান্তনুলৈ চাই পঠিয়ায়।

সেইয়া শান্তনু, ঋষিকা আৰু অম্লানৰ সৈতে সহজ হৈ কথা পাতি আছে, এবাৰত হাতৰ চকলেটটো নিজে খাইছে আৰু আনবাৰত ঋষিকা আৰু অম্লানলৈ আগুৱাই দিছে।

বুকুখন ভৰি আহে তাইৰ।

মনালিছালৈ ভয় কৰি শান্তনুৱে ককায়েকৰ ওচৰত নিৰাপত্তা বিচাৰি গৈছিল আৰু তাক খুব মৰমত কোলাত লৈ আঁতৰি যোৱা অম্লানৰ পিছে পিছে ঋষিকাজনীও গৈছিল , সেইয়া ঋষিকা শান্তনুৰ সৈতে ব্যস্ত হৈ আছে।

আছে আছে মৰম আছে শান্তনু আৰু অম্লানৰ মাজত।
সেই সম্বন্ধটোৰ আদৰ বুজাকৈ ঋষিকাজনীও পৰিপক্ক। তাই নিজৰ বাবে অম্লানৰ ওচৰত গুৰুত্ব বিচাৰি জিদ কৰা নাই। বৰঞ্চ শান্তনুক চম্ভালিবলৈ তাক সহযোগিতা কৰিছে।

ডাঃ জন ওলাই আহি ঋষিকাৰ মাক দেউতাকক কিবা এটা কৈছে।তেওঁৰ মুখখনত কিবা এটা বিষাদ বিষাদ ভাব, অনিমেশ আৰু মনালিছা আগুৱাই গৈছে তেওঁলোকৰ ওচৰলৈ আনফালৰ পৰা অম্লানহঁত আহে ।

কৰযোৰে ক্ষমা বিচাৰিছে তেওঁ।

“আমি সফল হ’ব নোৱাৰিলোঁ”

“মিঃ প্ৰীতম আৰু নাই”

অঃ সি মানে সঁচাই গুচি গ’ল…..

কাষৰ চকীখনত ধপহকৈ বহি পৰে মনালিছা।

অনিমেশে জোৰত সাৱটি ধৰিছে শান্তনুক।একো বুজি নোপোৱা শান্তনু কুচি মুচি সোমাই ৰৈছে মোমায়েকৰ বুকুত…..

ঋষিকা আৰু মাকে আগুৰি ধৰি মনালিছাৰ পিঠিখন মোহাৰি দিছে। শান্তনা দিয়াৰ চেষ্টা সেইয়া।

কিন্তু অশান্ত হৈছে জানো মনালিছা।নাই তাই কন্দা কটা কৰি হুলস্থুল কৰা নাই। স্বাভাৱিক হৈ আছে।

অম্লান ক’ত……
মনালিছাৰ চকুত পৰে,
অম্লানৰ কান্ধত হাতখন ৰাখি ঋষিকাৰ দেউতাকে তাক সাহ দিছে।সি খামুচি ধৰিছে মানুহজনৰ হাতত।

আঃ লৰা দুটা অকলশৰীয়া হোৱা নাই।
সিহঁতক সাহ দিবলৈ বিশ্বস্ত আশ্ৰয় আছে।
খুবেই নিৰাপদ আশ্ৰয়।

কিন্তু তাইৰ যে আশ্ৰয় নাই?
পাপবোৰ খণ্ডন কৰি উভতি আহি কলৈ যাব তাই?
তাই ভালেই বা হ’ব কাৰ বাবে?

আৰু ই প্ৰীতম সিটো অকলেই কটাই দিলে জীৱন। এতিয়াও সি অকলেই গ’ল গৈ!

পত্নী ধৰ্ম পালন কৰিলে জানো তাই
নাই নাই বিৰাট এগৰাকী অসফল তিৰোতা তাই।
পত্নী ৰূপত ,মা ৰূপত ।

“তেন্তে কি কৰিবি এতিয়া মনালিছা?”

নিজকে সোধে তাই।

প্ৰীতমক অকলশৰীয়া হবলৈ দিয়া অনুচিত।
সি অপেক্ষা কৰিব সিখন পৃথিৱীত তাইলৈ, সি কৈছিল তাইক।
তাৰ অপেক্ষাবোৰ দীঘলীয়া কৰা অনুচিত।
তাই যাব লাগে তাৰ ওচৰলৈ। সোনকালে।

কিন্তু নিজকে শেষ কৰি দিয়াটো যে শুদ্ধ কথা নহয়।
মনটোক কয় তাই।

অথচ তাইৰ উপস্থিতিত অম্লান আৰু শান্তনুৰ জীৱনত এটা বিৰূপ প্ৰভাৱ পৰিব। সেইটোৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।

আৰু প্ৰীতম নোহোৱাকৈ কাৰ বাবে থাকিব তাই ইয়াত।

স্মৃতিবোৰ সামৰি জীয়াই থাকিবলৈকো একো তেনেকুৱা স্মৃতিও নায়েই দেখোন।

সিদ্ধান্ত লয় মনালিছাই।

পাপ কৰিয়েই আহিছে যেতিয়া অন্য এটা পাপ কৰি প্ৰিয়জনৰ কাষলৈ যোৱাটোৱেই এই মুহূৰ্তত উচিত। প্ৰীতমৰ সৈতেই নোহোৱা হওঁক মনালিছা।
হয় হয় প্ৰীতমৰ লগতেই গুচি যাওঁক মনালিছা,নিজকে প্ৰবোধ দিয়ে তাই।
আগুৱাই যায় মনালিছা নাৰ্চিং খনৰ খোলা অংশটোলৈ,
ৰেলিং এডাল আছে বৰ কষ্ট নহব, তাই মনতে সাজি লোৱা প্লেনিংটোৰ ৰূপ দিবলৈ।
চতুৰ্থ মহলা এইটো, তাইক প্ৰীতমৰ কাষলৈ নিবৰ বাবে এই উচ্চতা যথেষ্ট।
খোজ কেইটা সাৱধানে আগুৱাই দিয়ে তাই ।

নাই নাই কোনেও তাইক সন্দেহ কৰা নাই।

প্ৰীতমৰ সেই চকুহাল ক্লাবঘৰত যে তাইলৈ চাই চাই ভেবা লাগে প্ৰীতম ,হয় সেই চকুহাল মানসপটত ভাঁহি উঠে মনালিছাৰ।

ৰেলিং ডালত উঠি সামান্য হালি দিয়ে তাই।
শূন্যত ওপঙি যায় মনালিছা।
আস তাই এইয়া মাটি স্পৰ্শ কৰিছে

নাই আৰু একো অনুভৱ কৰিবলৈ মনালিছা বাকী ৰোৱা নাই।
………..

……..(আগলৈ)……..

(বি.দ্ৰ- আত্মহত্যা কেতিয়াও এটা শুদ্ধ পথ হ’ব নোৱাৰে, নায়িকাৰ স্থিতি কোনো কাৰণত লেখিকাৰ বাবে গ্ৰহণযোগ্য নহয়।কাহিনীৰ নাটকীয় উপস্থাপন হেতু এইয়া লেখাটোৰ অংশ হৈছে।লেখিকাৰ জৰিয়তে আত্মহত্যাৰ বাবে কোনো ধৰণৰ পৰোচনা যুগুৱা হোৱা নাই।)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *