……© ৰুণজুন বৰুৱা……
(২৭)
প্ৰভাতি পুৱাৰ কোমল ৰ’দজাক অকণমানি ভেন্টিলেটৰখনৰ জলঙাৰে সৰকি আহি মনালিছাৰ মুখত পৰিছে।অস্বস্তি পাই তাই শুই থকা ঠাইখনৰ পৰা উঠি চেলটোৰ লোহাৰ দুৱাৰখনৰ ওচৰলৈ আহে। উদ্দেশ্য, কাৰোবাক কৈ অকণমান পানী আৰু একাপ ৰঙা চাহৰ আয়োজন কৰিব পাৰি নেকি।
নাই কোনেও মনালিছাৰ কিবা প্ৰয়োজন হ’ব পাৰে বুলি ভ্ৰূক্ষেপ কৰা নাই……ৰাতিৰে পৰা আৰম্ভ হোৱা প্ৰচণ্ড মূৰৰ বিষটো,অলপো কমা নাই তাতে আগষ্ট মাহৰ গৰমজাক।
ৰাতিপুৱা বুলিও গৰমটো যে কম হ’ব তেনে নহয়। উপায় নাই অনিমেশ আৰু উকিলজন অহালৈ অপেক্ষা কৰাৰ বাহিৰে……
হেৰুৱাৰ ভয় অথবা পাপবোধত বিধ্বস্ত হৈ পৰা মানুহ নহয় মনালিছা বৰুৱা।কিন্তু এনেকুৱা নহয় যে নিজৰ ভুলৰ তাই উপলব্ধি নাই। জীৱনৰ বিৰাল্লিছটা বসন্ত গৰকি অহা এজনী নাৰী হিচাপে জীৱনবোধ আছে তাইৰ। সময়ৰ সৈতে অভিজ্ঞতাই তাইক কমাৰ শালত পিটি পিটি গঢ় দিয়া লোৰ সামগ্ৰী কৰি থৈছে তাইক বলাব নোৱাৰে জীৱনৰ কোনো ধুমুহাই। অদ্ভুত ধাতুৰে গঢ়া নাৰী তাই!!
অলপ কথাত মই ভাঙিলে নহ’ব বুলিয়েই ডাঙৰ ডাঙৰ সমস্যাৰ দিনবোৰো পাৰ কৰা মনালিছাৰ চকুৰ নৈখন তাইৰ অলক্ষিতে শুকান হৈছিল।সেই লৈয়ো তাইৰ আক্ষেপ নাছিল। দুৰ্বল হ’ব নোখোজা মনালিছাৰ বাবে নিষ্প্ৰয়োজন চকুপানীৰ নৈ!!
কান্দিব নজনা মানুহ দানৱ হেনো?
কিন্তু তাই দানৱ হৈছিল জানো ?
নিজৰ মনটোৰ মাজতেই ঠেকা খাই খাই ঘূৰি ফুৰে কথাষাৰ।
ক’লা ব্যৱসায়ৰ আর্জনবোৰ বিলায়েই দিছিল দেখোন তাই। ৰাস্তাৰ পগলাবোৰৰ কাৰণে এনজিঅ’ টোৰ অধীন কৰিয়ে চেলটাৰ হোম খুলি নিজৰ টকাৰেই পৰিচালনা কৰি আহিছে।বিধৱা আশ্ৰম আৰু বৃদ্ধাশ্ৰম দুখনো চলি আছে সম্পূৰ্ণ ৰূপে তাইৰ ভৰসাত। বাকী দান বৰঙণি হিচাপ তাইৰ পি.এ গৰাকীয়ে ৰাখে।তাইৰ ইমান হিচাপ কৰিবলৈ সময় নাই।
তথাপিও লোকচক্ষুৰ আঁৰত চলি থকা ব্যৱসায়টো, যাৰ কৰাল গ্ৰাসত পৰি স্খলন হৈছিল তাইৰ নৈতিক চাৰিত্ৰিক আৰু আৰ্থিক স্থিতি।
প্ৰথমে তাইৰ ভাঙোন কোনটো দিশত আৰম্ভ হৈছিল নৈতিক নে চাৰিত্ৰিক??
উত্তৰ দে’ মনালিছা উত্তৰ দে’।
নিজৰ অন্তৰাত্মক ডাঠি ধৰিছে তাই আজি।
নিজৰ সৈতে কথাবোৰ পাতি কথাবোৰ পৰিস্কাৰ কৰি থ’ব খোজে তাই। কাৰণ তাই নিজৰ জীৱনৰ গোপন অধ্যায়টো, কোনেও নজনা কথাবোৰ এডভোকেট সমীৰ শইকীয়াক অলপো খোকোজা নলগাকৈ কব লাগিব’কোৱাৰ প্ৰয়োজন হ’ব যাতে তাইৰ স্বীকাৰোক্তি(confession) ৰ বাবে চালি জাৰি কথাবোৰ জুকীয়াই দিব পাৰে তেওঁ।
ভুলবোৰ ভুলেই,সৰু হওঁক ডাঙৰ হওক।
কিন্তু নিজকে শুদ্ধ কৰাৰ অথবা শুদ্ধ হোৱাৰ পথ প্ৰশমিত হোৱাৰ পিছতো যদি কোনোবা শুদ্ধ হবলৈ ইচ্ছুক নহয়…..
তেওঁক কি বুলি কোৱা যায়?
নাজানে, মনালিছাই নাজানে, ইচ্ছাকৃতভাৱে কোনোবাই শুদ্ধ পথৰ পৰা আঁতৰি থাকিবলৈ খুজিলে তাক কি বুলি অভিহিত কৰিব।
কিন্তু তাই বুজে,বহুত ভালদৰে অনুধাৱন কৰিব পাৰে প্ৰতিশোধৰ দাৱনলত দুয়ো পক্ষৰ সমানেই ক্ষতিসাধন হয়।
প্ৰতিশোধ উফ !
ধ্বংসৰ মূল দুৱাৰখন এই প্ৰতিশোধৰ লিপ্সাই মোকোলাই দিয়া নাছিল নে মনালিছাৰ বাবে? আৰু সেই দুৱাৰে প্ৰৱেশ কৰাৰ পিছত, এটাৰ পৰা এটা ভুল কৰি গৈছিল তাই। জানি শুনি বা অজানিতে সেইয়া অৰ্থহীন ।কিন্তু সেই ভুলবোৰৰ পুতনিত তাই ডিঙি লৈকে বুৰ যোৱাৰ পিছত হে যেন তাইৰ ক্ৰোধ আৰু প্ৰতিশোধৰ জুইকুৰা প্ৰশমিত হৈছিল। কিন্তু তেতিয়ালৈ তাই বহুদূৰ আগুৱাই গৈছিল ভুলৰ ৰাস্তাত। তাই যত্ন কৰিছিল নে বিচাৰিবলৈ সেই নৰকৰ পৃথিৱীৰ পৰা উভতনিৰ বাট?
বিচাৰিছিল।।।।।
কিন্তু বহু দেৰি হৈছিল সেই পৰ্য্যন্ত। ওলাই অহাৰ সকলো দুৱাৰ নিকপকপিয়াকৈ বন্ধ হৈ গৈছিল তেতিয়ালৈ।
অবৈধ বীজ এটা তেতিয়া তাইৰ দেহত থিতাপি লৈছিল আৰু তাইক মাতৃত্বৰ দ্বিতীয়টো সোৱাদ লবলৈ জোৰ কৰি পুনৰ বাধ্য কৰিছিল তাইৰ গিৰিয়েকেই। নিজৰ নাম দি হলেও সেই সন্তানক আদৰণি জনাইছিল প্ৰীতমে , সমাজৰ চকুত ভাল মানুহ হিচাপে থকা তাইৰ আৰু তাৰ মুখাখনক সুৰক্ষিত কৰাৰ স্বাৰ্থত।
প্ৰীতম মহান হৈছিল(?)
অবৈধ মাতৃত্বৰ বোজাৰ পৰা তাইক মুক্ত কৰি। কিন্তু তথাপিও তাই ক্ষমা নিদিছিল তাক।সি তেতিয়ালৈ কিন্তু সঁচাই শুদ্ধ হৈছিল,মানুহ হৈছিল সি। ৰত্নাকৰ দস্যু বাল্মিকী মুণি হ’ব পাৰিছিল প্ৰীতম কিয় মানুহ হ’ব নোৱাৰিব?
পাৰিছিল।।।।
মাথোঁ মনালিছাই পৰা নাছিল।প্ৰীতমক ক্ষমা কৰিব ।
বিশ্বাসঘাটকতা অক্ষমনীয় অপৰাধ।তাই নোৱাৰে ,কেতিয়াও নোৱাৰে! তাইৰ স্বামীয়ে তাইৰ বাহিৰে আন কাৰোবাৰ লগত অনৈতিক ভাৱে দৈহিক সম্পৰ্ক কৰক, তাইৰ বাহিৰে অন্য নাৰীয়ে তাইৰ স্বামীৰ লগত একাত্ম হওক।তাইৰ চূড়ান্ত ব্যক্তিগত অধিকাৰক তেনেকৈ সি কি হিচাপে ৰাজহুৱা কৰি দিছিল ?
এবাৰলৈ ভাবিছিল নে মনালিছাৰ সংবেদনশীল মনটোৰ কথা?
গোপনীয়তা বুলি এটা কথা আছে, পতি পত্নীৰ তেনেই ব্যক্তিগত সেই অধ্যায়। মনালিছাই কোনো যুক্তি নেদেখে, পত্নীৰ ওচৰত পুৰুষ হোৱাৰ স্বাভিমান আৰু সক্ষম পুৰুষত্ব প্ৰতিপন্ন কৰিবলৈ অন্য নাৰীৰ সৈতে যৌনতাৰ বেহা কৰাত।
মতানৈক্য ,অভিমান আৰু অভিযোগবোৰ নোহোৱা কৰি সংসাৰখন পুনৰোজ্জীৱিত কৰাৰ তাইৰ প্ৰয়াসক ভৰিৰে মোহাৰি দিয়াটো তাইৰ বাবে কেতিয়াও পাহৰিব পৰা কথাই নাছিল ।
আৰু ………
কি নোৱাৰিছিল মনালিছাই……???
তাই পৰা নাছিল অপৰাধ বুলি জানিও এৰি দিবলৈ এই ব্যৱসায়। কাৰণ কিবা এটা অনামী নিচা লাগিছিল তাইৰ।
কোনোবা এজনে একাপ ৰঙা চাহ তাইলৈ বুলি লোহাৰ বেৰৰ ফুটাৰে সৰকাই দিছিল। সেই শব্দই তাইক বৰ্তমানৰ আভাস দিছিল।
হাত ঘড়ীটোৱে আঠ বাজি যোৱাৰ সংকেত দিছে তেতিয়া। মনাৰ অপেক্ষাবোৰক ভেঙুচালি কৰি তেতিয়াও অনিমেশহঁতৰ আহি পাবলৈ পঞ্চলিছ মিনিট বাকী থকাৰ কথা সোঁৱৰাই ঘড়ীটোয়ে তাইক ঠাট্টা হে কৰিলে, তেনে এটা অনুভৱ কৰে তাই….
মনটো প্ৰীতমৰ খবৰ পাবলৈ ধৰফৰাই উঠে তাইৰ……..কালি ৰাতিয়েই গুৱাহাটীৰ ব্যক্তিগত নাৰ্চিংহোম এখনত ভৰ্তি কৰাবলৈ বুলি অম্লানে প্ৰীতমক লৈ যোৱাৰ পিছত কি হ’ল আৰু একো খবৰ নাই পোৱা তাই। তিনিচুকীয়াৰ পৰা ৰেফাৰ কৰিদিছিল প্ৰীতমক; কি অৱস্থাত বাবে আছে সি???
……….
………(আগলৈ)……..