জীৱন পাশা (২৬) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৬)

লকআপৰ ভিতৰত পকা মজিয়াত বহি থকা মনাজনীৰ গাত ধুমুহাৰ পিছত শান্ত হৈ পৰা পৰিৱেশ এটাৰ দৰেই নির্জনতা বিৰাজি আছিল। সদৰ থানাখনত উপস্থিত হৈয়েই অ’চি জনৰ পৰা অনুমতি লৈ প্ৰীতম ঢপলিয়াই যায় তাইক এবাৰ চাবলৈ। উফ কি অনুভৱ হৈছে চাগৈ তাইৰ! সমাজত থকা তাইৰ সন্মানীয় আসনখন!মুহূৰ্ততে জ্বলি চাৰখাৰ হৈ গ’ল।

সংবাদ মাধ্যমবোৰত টক’শ্ব পাতি, তাইৰ বিষয়ে সৰৱ আলোচনা চলিছে। নাৰী জাতিৰ কলংক আখ্যা দি চচিয়েল মেডিয়াত তাইৰ ওপৰত ক্ষোভ উজাৰি এচামে দীঘল দীঘল পষ্ট দিছে। মনাৰ ব্যৱসায়িক দক্ষতা দেখি তাইক আইডল বুলি মনা এচামে নিজকে ধিক্কাৰ দিছে। উচিত তদন্তৰ দাবী আৰু কঠোৰ শাস্তি প্ৰদানৰ দাবী তুলি এচামে কাইলৈ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ প্ৰস্তুতি চলাইছে।

মনালিছা বৰুৱাক নাৰীদেহ সৰবৰাহকাৰী হিচাপে প্ৰমাণ সহিত আৰক্ষীয়ে আটক কৰাৰ খবৰটোৱে অসমৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ খলকনি তুলিছে ।ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ শিৰোনামা বোৰটো ডাঙৰ ডাঙৰ হৰফৰে তাইৰ কথা প্ৰচাৰ হৈছে। মুঠতে দিনটোৰ এটা বিগ ব্রেকিং নিউজ সফল মহিলা ব্যৱসায়ী মনালিছা বৰুৱা কলা ব্যৱসায়ৰ সৈতে জড়িত। আন আন বহু কেলেংকাৰী সৈতেও সন্দেহ প্ৰকাশ কৰি বাতৰি প্ৰকাশ হৈ আছে, টি.ৰ.পিৰ দৌৰত সফল হবলৈ মনা জড়িত থকা প্ৰতিটো কথা খুচৰিবলৈ সংবাদকর্মীবোৰৰ মাজত হেতাওপৰা।কোনে কিমান ধুনীয়া পৰিৱেশনেৰে সংবাদ বেচিব পাৰে।

প্ৰীতমে লকআপৰ লোহাৰ দুডালত মুঠি মাৰি ধৰি খুব আবেগৰে মাত লগায়,

“মনা”
কম্পিত মাতষাৰ অদ্ভুত শুনে সি নিজেই। শংখধ্বনি কৰিব নজনা মানুহে শঙ্খত ফু দিলে সৃষ্টি হোৱা শব্দৰ দৰেই ফাটি যোৱা মাতষাৰ তাৰ।

“মনা”

অলপ ডাঙৰকৈ দ্বিতীয় বাৰৰ বাবে মাত লগাই প্ৰীতমে।

ভাবলেশ হীন অথচ খুব গহীন চকুহাল তুলি তাই প্ৰীতমলৈ চাই পঠিয়ায়।

উফ কি আছে চকুযোৰত , অনুসূচনা, বিৰহ ,কাৰুণ্য নে কাতৰতা……..

নাই একো এটা সঠিক ৰূপত স্পষ্ট হৈ থকা নাই । কিন্তু অটল গহ্বৰত পোত যোৱা চকুহালত কোলাহল নাই, খুব শান্ত, খুৱেই স্থিৰ সেই দৃষ্টি।

“মনা তুমি বেছি চিন্তা নকৰিবা, তোমাৰ উকিলে জামিনৰ কাম আৰম্ভ কৰিবই তেওঁ অচি ছাৰৰ সৈতে কথাবোৰ পাতি আছে।তোমাক বেছি দেৰি ইয়াত কোনেও ভৰাই ৰাখিবা নোৱাৰে। সব ব্যৱস্থা কৰিম তুমি নিশ্চিত থকা,তোমাক আমি নিমেই ইয়াৰ পৰা উলিয়ায়।”

প্ৰীতমৰ কণ্ঠত আবেগ থাকে ।কান্দোন এটা চেপি ৰাখি কথাবোৰ কোৱা তাৰ মাতত থকা আতুৰতা সি হেজাৰ চেষ্টা কৰিও ঢাকিবলৈ অপাৰগ হয়।

মনা উঠি আহি চিন্তাত বিহ্বল প্ৰীতমৰ হাতখনত হাত ৰাখে তাই।

সি হাতখন খামুচি ধৰে মনাৰ।তাৰ চকুযোৰ থাপি লয় মনালিছাৰ মুখত। নাই তাইৰ গালত চকু পানীৰ চেঁকুৰা নাই। চুলি কোচাও অসংযত হৈ থকা নাই,পিন্ধি থকা কোর্টাটোও পৰিপাটি, চকু মুখ কটো নাই কোনো উদ্বেগৰ চিন।

আস মনাই কন্দা নাই কিয়,
তাই কান্দিব লাগিছিল নিয়ম মতে,
সাধাৰণ ছোৱালী এজনীক এনেকৈ লকআপাত ভৰাই থলে কান্দোনত গছৰ পাত সৰুৱালে হয়।কিন্তু মনাৰ গালৰ অক্ষত মেকাপৰ পাতলীয়া প্ৰলেপটোৱে তাইৰ চকুৰ শুকান নৈখনৰ সাক্ষ্য বহন কৰিছে।

“তই ভাঙি নপৰিবি দুটাকৈ লৰাৰ দায়িত্ব আছে তোৰ কান্ধত ।লগতে শৰীৰৰ যত্ন লবও আছে নিজৰ।উকিলজনক আজৰি হৈ মোক লগ কৰিবলৈ কবি। বেছি চিন্তা কৰি নাথাকিবি। হ’ব লগীয়াবোৰ হ’বই,কোনেও নোহোৱা কৰিব নোৱাৰে।কর্ম অনুযায়ী ফল সকলোৰে কপালত লিখা থাকে। গীতাত শ্ৰী কৃষ্ণই কোৱা নাছিল জানোঁ…..!”

সুস্থিৰ ৰূপত কৈ যোৱা মনাৰ কথাবোৰে প্ৰীতমৰ মগজুত খুন্দা মাৰিছিল গৈ।
কি কয় তাই!
ইমান সহজে কৈ দিছে।কেনেকৈ??

কোনো প্ৰাচীন মন্দিৰৰ ভগ্নপ্ৰায় দেৱালখনে নীৰৱে মন্দিৰটোৰ অস্তিত্ব কঢ়িয়াই থকাৰ দৰেই মনাৰ কথাবোৰে তাইৰ মাজৰ প্ৰজ্ঞা নাৰীৰ অস্তিত্ব জাহিৰ কৰিছিল।

তাইৰ চকুৰ জ্যোতিত কাৰুণ্য নথকাৰ দৰেই কথা বতৰা আৰু আচৰণবোৰত অনুনয় নাই,মুক্তি কামনা কৰি অস্থিৰ ভাৱে কাতৰতা অথবা অস্থিৰতা এটাও কঢ়িয়াই থকা নাই।

কোনোবা গুহাত বছৰজোৰা সাধনাৰ অন্তত মোক্ষ লাভ কৰি প্ৰশান্তিত ডুবি থকা এজন তপশ্ৰীৰ গহীন ৰূপ এটা তাইৰ মুখত বিৰাজমান।

অকণমান কথাত খঙত জাঙুৰ খাই উঠা মানুহজনী আজি নৈৰ পাৰৰ বৰটোকোলা চৰাইটোৰ দৰেই স্থিৰ। চিকাৰৰ আকাংক্ষাত মাছৰোকা চৰাইৰ দৰে অস্থিৰ হৈ ইটো ফালৰ পৰা সিটো ফাললৈ উৰি ফুৰাৰ কোনো প্ৰৱণতা নাই মনাৰ আচৰণত।

প্ৰীতমৰ বুকুখন ধৰফৰাই উঠে নাই নাই তাৰ প্রিয় নাৰীজনীৰ এই শান্ত সৌম্য ৰূপ সহ্যাতিত তাৰ বাবে। তাই বনফৰিং হৈ থাকক, তেনেকৈয়ে ধুনীয়া তাই। নহলে বা গালিকে পাৰক তাক পাগল বুলি। কিন্তু তাই পাহাৰীয়া জুৰি এটাৰ দৰেই চঞ্চল হৈ থাকক ।

প্ৰীতমৰ মূৰ ঘূৰাই আহে,সি তাৰ কল্পনাৰ নকৰাত্মক সাগৰখনত ডুবিবলৈ ধৰে।

সি দেখা পাই ,তাইৰ চকুৰ সেই গভীৰতাত ঋষিৰ শাপ আছে, সৃষ্টিৰ গতি ৰখি যোৱাৰ ইংগিত আছে, আছে চুনামীৰ পূৰ্বভাষ । মানুহৰ অত্যাচাৰত অসহ্য হৈ বনজুই লগাবলৈ উদগ্ৰীৱ হোৱা বনদেৱতাৰ চকুৰ খঙৰ স্ফুলিংগও সোমাই আছে যেন মনাৰ চকুৰ মণিত।প্ৰলয়ৰ সমস্ত প্ৰস্তুতি লুকাই থকা যেন অনুভৱ হয় মনালিছাৰ চকুযোৰত।

নকৰাত্মক ভাৱবোৰে জুমুৰি ধৰে তাক।নাই নাই সি ৰখি থকা উচিত নহয়। সৃষ্টি কি এনেকৈ চাৰখাৰ হবলৈ এৰি দিব পাৰি ,নোৱাৰি নোৱাৰি।

“মই প্ৰীতম বৰুৱা হয়, মোৰ পত্নীক বন্দী কৰাৰ অধিকাৰ নাই কাৰো। মই কাকো ক্ষমা নকৰো, মোৰ পত্নীৰ চকুত জুই আছে আপোনালোকে দেখা নাই। সকলো জ্বলি ছাই হ’ব বুজি পাইছে নে নাই বাৰু। তেতিয়া মই কাকো সুদাই নেৰিম।মোৰ পত্নীক এৰি দিয়ক। মই প্ৰীতম বৰুৱা হয়। “

গুজৰি গুমৰি কথা কৈ থকা প্ৰীতমৰ ক্ৰমাৎ অস্পষ্ট হৈ আহে আস্ফালনবোৰ। দুজন পুলিচে মূর্ছাপ্ৰায় প্ৰীতমক আঁতৰাই লৈ আনে লকআপ চেলটোৰ সন্মুখৰ পৰা।

প্ৰতিক্ৰিয়া বিহীন এটা নাৰী মূৰ্তি মনা! তাইৰ চকুৰ তলত দুটুপি লুণীয়া কণা ওলমি ৰয়হি। তাই মোহাৰি থয় সেই তৰল।

এম্বুলেঞ্চ এখন মাতি ততাতৈয়াকৈ অম্লানে প্ৰীতমক লৈ যায় কাষৰ হস্পিতেলখনলৈ। অনিমেশৰ পৰা শুনি আৰক্ষী বিষয়াজনে বুজি পায় তেওঁৰ আগৰে পৰা চলি থকা মানসিক ৰোগৰ বিষয়ে।প্ৰীতমৰ আচৰণকলৈ সেয়ে তেওঁ কোনো উষ্মা নেদেখুৱাই ।বৰঞ্চ উকিলজনক যাবতীয় পৰামৰ্শ দি অনিমেশ আৰু উকিলজনক মনাৰ সৈতে সাক্ষাৎৰ অনুমতি দিয়ে।

“দাদা বেইলৰ কাৰণে তহঁতে লাগিব নালাগে। মই শাস্তি পোৱা উচিত,দাগী অপৰাধীবোৰ বেইলত ওলাই যায় বাবেই অপৰাধীৰ অন্ত নপৰে। সমাজত অপৰাধ কম নহব কেতিয়াও তেনেকৈ গতিকে মই মোৰ শাস্তি হোৱাটো বিচাৰো। কাৰণ অপৰাধীৰ ক্ষমা নাই। পাপৰ পায়শ্চিত হোৱা উচিত। পায়শ্চিত হব লাগে। “

মনালিছা বৰুৱাৰ কথাত ৰসহ্য বিচাৰি চাই উকীলজনে ।
নাই সঁচাই এই মানুহগৰাকী শাস্তিৰ বাবে সাজু। অৰ্থাৎ তেওঁ জানিশুনি এটা হাৰিব লগীয়া কেচ খেলিব লাগিব ।তেওঁ সিদ্ধান্ত লয় হয় তেওঁ লব এই কেচ, পাপমুক্ত হব খোজা এজন ব্যক্তিৰ বাবে গঙ্গা স্নানৰ আয়োজন কৰিব তেওঁ, পূণ্য আহিবনে তেওঁলৈ? তেওঁ নাজানে ,কিন্তু তেওঁ প্ৰমাণ কৰিব, উকিলে কেৱল সঁচাক মিছা কৰি নিজৰ মুনাফা লাভতে মগন নাথাকে, শুদ্ধ পথত আহিব বিচৰা সকলৰ বাবেও পথ দেখুৱায়।

এডভোকেট সমীৰ শইকীয়াৰ মনটো এটা যোগাত্মক ভাবে ক্ৰিয়া কৰি উঠে।

………
………..(আগলৈ)……….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *