জীৱন পাশা (২৫) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৫)

” নিৰ্দিষ্ট দিনা মনা ,অনিমেশ আৰু মাহঁত দিল্লী অভিমুখে ৰাওনা হয় আৰু মই মোৰ প্লেনিং মতেই আগদিনাৰ পৰা হঠাৎ আৰম্ভ হোৱা মাইগ্ৰেনৰ পৰা মুক্তি নোপোৱাৰ অজুহাত উলিয়াই সিহঁতৰ সৈতে নোযোৱাকৈ ঘৰত অকলে থাকিবলৈ সক্ষম হওঁ।মোৰ যোৱা নহব বুলি জানি, মনাৰ মুখত বিষাদৰ মেঘ এটুকুৰা ওলমি উঠিছিল ,কিন্তু মই আপোনাক কৈছিলোঁ নে মনা প্ৰজ্ঞা নাৰীৰ পৰ্যায় পাইছিল গতিকে তাই মোৰ শৰীৰৰ প্ৰতি যত্নপৰ হৈ কোনো জিদ নকৰৰিছিল,বৰঞ্চ মোৰ খোৱা লোৱা আৰু বেছি অসুস্থ হৈ পৰিলে শৰীৰৰ যত্ন লবলৈ পিংকি আৰু ৰমেনক দহাই দহাই বুজাই থৈ গৈছিল।বাৰে বাৰে কৈছিল আমি সোনকালে উভতিম।

মোৰ অলপ দুখো লাগিছিল।কিন্তু কু অভিসন্ধি পূৰণ হোৱাৰ বাবে কেনে ধৰণৰ এটা সুখ পাইছিলোঁ আপোনাক এতিয়া মই বুজাব নোৱাৰো। কি দৰকাৰত মই ইমান এটা জীয়া ফাঁকি মাৰি পৰিয়ালৰ সৈতে যাবলৈ বিচৰা নাছিলোঁ সেইটো আজিও মোৰ বাবে সাঁথৰ।

হয়তো মোৰ কালে মোক দুষ্ট বুদ্ধিৰে বান্ধি থৈছিল ,যিহেতু মই মোৰ পাপকৰ্ম লুকুৱাই থব খুজিছিলোঁ আৰু মই মোৰ মা তথা পত্নীৰ ওচৰত ধৰা পৰাটো নিয়তিৰ আহ্বান আছিল।”

“মানে?”
একো বুজি পোৱা নাছিল ফুকনে আচলতে কৈছে কি প্ৰীতমে।

“উম,কালে টানি ৰখাইছিল মোক ।এটা অদ্ভুত আৰু পাশবিক বুদ্ধি মোৰ মগজুত উদ্ভৱ হৈছিল সেইদিনা। যিহেতু মই মোৰ গোপন অভিসাৰ বন্ধ কৰিম বুলি মনস্থ কৰিছোৱেই, গতিকে এই কেইদিনৰ আমেজলৈ ছোৱালীবোৰৰ পৰা লাভ এটা উলিওৱাত কিহৰ ক্ষতি,কাৰণ এনেও মোৰ ছাত্ৰী সকল ঘৰলৈ অহাতো বন্ধ কৰিব লাগিব,মনাহঁত ঘূৰি অহাৰ পিছত। আপুনি ঠিক বুজিব পাৰিছে নে এজন পুৰুষৰ মনৰ অসৎ যৌন লিপ্সা। কি ভয়ানক যৌন নিচা হৈছিল মোৰ ভাবি চাওক আপুনি!

সংসাৰ পুনৰুদ্ধাৰ কৰিবলৈ গৈয়ো মই পত্নীৰ পৰা মোৰ অপকৰ্মৰ কথা গোপনে ৰাখিম বুলি সিদ্ধান্ত লৈছিলোঁ,যিটো এটা অক্ষমনীয় অপৰাধ। তাৰোপৰি মই নাৰী দেহৰ লোভ সামৰিব পৰা নাছিলোঁ আৰু সিহঁত উভতি নহালৈকে উপভোগ কৰিব খুজিছিলোঁ উন্মাদ যৌনতা।

আৰু ভবা মতেই কাম ।বিশ্বাস কৰক সেই দিন কেইটাৰ কথা মনলৈ আহিলে মোৰ নিজৰ ওপৰতে ঘৃণা ওপজে আজিও।

জানে ফুকন ,মই ভাবোঁ ভুলবোৰ শুধৰাবলৈ অথবা আত্মশুদ্ধিৰ বাট বুলিবলৈ ঈশ্বৰে এটা সুযোগ দিয়ে সকলোকে। কিন্তু মই ঘৰত বাকী সদস্যৰ অনুপস্থিতৰ সুবিধা আদায় কৰিবলৈ গৈ ভগৱানে দিয়া সেই সুযোগ পদপিষ্ট কৰি দিছিলোঁ তাৰেই পৰিণতিত মই আমৃত্যু আত্মগ্লানিত দগ্ধ হ’ম উপায়বিহীন ৰূপত।মোৰ বৰ্তমান ,মাৰ মৃত্যু,অম্লান মনাৰ মাতৃস্নেহৰ পৰা বঞ্চিত হোৱা আৰু মনাৰ অবৈধ সম্পৰ্কৰ ফলশ্ৰুতিত শান্তনুৰ আগমন এই সকলো ভুলৰ কাৰণ মই।মোৰ কৰ্মফলৰ বাবেই মই আজি এনে অৱস্থাত উপনীত হৈছো আৰু মোৰ পাপৰ পায়চিত্ব কৰিব লগা হৈছে মনা,অম্লান আৰু শান্তনুৱে।”

“কি?শান্তনু আপোনাৰ নিজৰ সন্তান নহয়? কি কথা কয় আপুনি প্ৰীতম?”

আচৰিত হোৱা ফুকনৰ মুখেৰে শব্দবোৰ এটা অস্ফুট গেঙনি যেন শুনা যায়।

“উম ফুকন, শান্তনু মোৰ নিজ ঔৰষ‌জাত সন্তান নহয়। কোনোবা মোৰ দৰেই অমানুহৰ অংশ ;মনাৰ ভুলৰ আৰু মোৰ অপকৰ্মৰ উপহাস হৈ মোৰ পত্নীৰ গৰ্ভত থিতাপি লোৱা এটা নিষ্পাপ কলি সি ।”

ইমান জটিল কেনেকৈ হ’ব পাৰে মানুহৰ জীৱন। তাকেই চিন্তা কৰি এপলক স্থানু হৈ ৰৈ যায় ডাঃ ফুকন।এগাল সংযোগ বিহীন প্ৰশ্নই ডাঃ ফুকনক জুমুৰি ধৰে। কেনেকৈ ইমান স্বাৰ্থপৰ হৈ পৰে মানুহ?কিন্তু কোন বেছি স্বাৰ্থপৰ……..

ডাঃ ফুকনে কিবা এটা কম বুলি ভাবি থকাৰ মাজতেই অচিনাকি নম্বৰ এটাৰ পৰা ফোন আহে প্ৰীতমলৈ।

সি ডাঃ ফুকনলৈ চাই,

তেওঁ সন্মতিসূচক ভাবে মূৰ দুপিয়াই আৰু তাক আজৰি হৈ কেবিনলৈ আহিবলৈ ইংগিতৰে কৈ তেওঁ আঁতৰি যায়।

অচিনাকি ফোন ক’লটো ৰিচিভ কৰাৰ লগতে ইথাৰৰ সিমূৰৰ পৰা এটা গহীন কণ্ঠ স্পষ্ট ৰূপত ভাঁহি উঠে,

“আপুনি মিছেছ মনালিছা বৰুৱাৰ স্বামী মিঃ প্ৰীতম বৰুৱা হয় নে?”

মনালিছাৰ স্বামী বুলি এজন অচিনাকিয়ে প্ৰীতমলৈ ফোন কৰাৰ বাবে এসোপা উৎকণ্ঠাই বুকুৰ মাজত ঘোঁৰা চেঁকুৰ দি উঠে তাৰ।সন্তোলন ৰখা কৰি সি উত্তৰ দিয়ে,

“হয় মই প্ৰীতমেই কৈছো।আপুনি কোন আৰু কিহৰ বাবে ফোন কৰিলে জনাবচোন ?’

” মই তিনিচুকীয়া সদৰ থানাৰ পৰা কৈছোঁ ।আপোনাৰ পত্নীক অসম অৰুণাচল সীমান্তত অসম আৰক্ষীৰ এটা সঁজাতিৰ দলে আটক কৰিছে।”

” কি………?”

এটা চিৎকাৰ উফৰি আহে প্ৰীতমৰ মুখেৰে। বহি থকা বেঞ্চখনৰ পৰা এই যেন সৰি পৰিব সি।তাৰ ভৰিৰ তলৰ মাটিবোৰ যেন হঠাৎ নোহোৱা হৈ পৰিল, শূন্যত ওপঙি আছে যেন ভাৱ হয় তাৰ।

“হয় আপুনি ঠিকেই শুনিছে, আপোনাৰ পত্নীৰ ওপৰত বহুত দিনৰ পৰাই সন্দেহ আছিল আমাৰ। তেওঁ এটা ৰাষ্ট্ৰীয় ইমমৰেল ট্রেফিকিং গ্রুপৰ এগৰাকী সক্ৰিয় গুৰি ধৰোতা।আমি বহুত দিনৰ পৰাই অনুসন্ধান চলাই আছিলোঁ আৰু আজি আমাৰ গোপন সূত্ৰৰ পম খেদি তেওঁক তেওঁৰ লগৰ দুজন সতীৰ্থৰ সৈতে আটক কৰিবলৈ আমি সফল হৈছো।”

নাই এনে হব নোৱাৰে,মনা ইমান তললৈ নামিবনে? নিজৰ মাজত এটা অস্থিৰ কোলাহল অনুভৱ কৰিব পাৰে সি।তাইৰ বনফুল যেন চকুহাল তাৰ মনত দোলা দি উঠে…….

“মিঃ প্ৰীতম আপুনি শুনি আছে নে?আমি আমাৰ আইনী প্ৰক্ৰিয়া অনুসৰি তেওঁক এতিয়া মেজিষ্ট্ৰেৰ্টৰ ওচৰলৈ নিম।আপোনালোকে আপোনালোকৰ উকিলৰ সৈতে অনতিপলমে আহক আৰু আপোনালোকে আমাক প্ৰক্ৰিয়াটোত সহযোগ কৰক।”

“বাৰু”

কোনোমতে কথাষাৰ কৈ সি অনিমেশলৈ ফোন লগায়।

ভয় আৰু চিন্তাত কঁপি থাকে সমস্ত শৰীৰ।কি কৰিব লাগিব সি একো ভাবি নাপায় ,বকুৰ চুকত এটা বিষে চিকুটি ধৰে তাক,তাৰ মনা জনীক সি এনেকৈ মানুহৰ আগত ধৰাত পৰিবলৈ কিদৰে এৰি দিয়ে। সি তাৰ সামৰ্থ অনুসৰি লোকচক্ষুৰ আঁৰত ৰাখি আহিছে তাইৰ ভুলবোৰ, অবৈধ মাতৃত্ব তাই বহন কৰাৰ পিছতো সি তাইক মানুহৰ চকুত হেয় হবলৈ দিয়া নাছিল, অথচ আজি যে তাই পুলিচৰ জিম্মাত।বাতৰি বোৰত তাইৰ ফটো দি বাতৰি প্ৰকাশ হব এতিয়া, তাইৰ সন্মান মাটি হৈ যাব।।।নাই মনা এনে হ’বই নোৱাৰে। তাই ইমান বেছি নষ্ট হৈ যাব নোৱাৰে। তাই বুজন নাৰী ,তাই নিজেই নাৰী।।উফ কিমানটা টুকুৰা টুকুৰ কথাই পাক ঘুৰণী খাই তাৰ মগজুত তাৰ হিচাপ নাথাকে। মনাক মুকলি কৰাৰ বাদে অন্য কথা সি সেই মুহূৰ্তত ভাবিব নোৱাৰে।

“হেল্ল!”
অনিমেশৰ মাতষাৰ শুনিয়েই কোনো পাতনি নেমেলাকৈ প্ৰীতমে কৈ যায়,

“আমি সোনকালে তিনিচুকীয়ালৈ যাব লাগিব। অসম অৰুণাচল সীমান্তত মনাক পুলিচে ধৰিলে। মাত্ৰ মোলৈ ফোন আহিছিল,তাই কিবা ট্রেফিকিং কৰিছিল হেনো।”

অনাকাংক্ষিত খবৰটোৱে অনিমেশকো জোকাৰি পেলায়। কি কৰা যায়, একমাত্ৰ ভনীয়েক জনী সঁচাকৈয়ে এনে এটা সাংঘাতিক কাণ্ডত জড়িত নে’? হাজাৰ প্ৰশ্ন চক্ৰাকাৰে ঘূৰে অনিমেশৰ মগজুত……..

………..(আগলৈ)……….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *