জীৱন পাশা (২৪) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৪)

“সময়ে কাকো ক্ষমা নকৰে, আনৰ চকুৰ পৰা নিজৰ ভুলবোৰ বাৰু লুকুৱাব পাৰিব কিন্তু নিজৰ পৰা, ওহোঁ সেইয়া কেতিয়াও সম্ভৱ নহয়।কেঁকোৰাৰ পেটৰ সন্তানেই কেঁকোৰাক খুলি খুলি খায় শেষ কৰাৰ দৰে নিজৰ মাজত লুকুৱাই ৰখা নিজৰ ভুলবোৰে সময়ৰ লগে লগে আপোনাক কুটি কুটি খাই শেষ কৰিবই,সেইয়া চিৰন্তন।”

প্ৰীতমে হুমুনিয়াহ এটা এৰি পুনৰ কৈ গৈছিল……

“মনাই মোৰ সৈতে কৰা সহজ আচৰণে মোক ব্যতিব্যস্ত কৰি তুলিছিল কি কৰা উচিত। মোৰ পাপবোৰ তাইক কওঁ নে মই সকলোঁ পাহৰাৰ অভিনয় কৰি আগুৱাই যাওঁ। দিনটো মনৰ মাজত চাটি ফুটি কঢ়িয়াই মনাৰ ওচৰত সহজ হৈ থকাৰ অভিনয় কৰিলোঁ।
মনাৰ মুখত এটা সৰোগীয় জ্যোতি লাগি থকা দেখি আৰু বেছি দগ্ধ হবলৈ আৰম্ভ কৰিছিলোঁ মই,এনে লাগিছিল যেন সেই মুহূৰ্তত মোৰ মৃত্যুৱে মোক আলিংগন কৰক,মই হাঁহি হাঁহি মৃত্যুক আদৰি লম। মই মুক্ত হৈ পৰিম ।”

“আপুনি বিৰাট কাপুৰুষৰ দৰে চিন্তা কৰিছিল,সেই মুহূৰ্তত আপুনি শুদ্ধ পথত আহি জীৱনটো ন’কৈ সজোৱাৰ পূৰ্ণ সুযোগ আছিল,তথাপিও কিয় আপুনি পলাব খুজিছিল?”

গহীন ভাবে প্ৰশ্নটো কৰি ডাঃ ফুকনে প্ৰীতমৰ মুখলৈ চাই ৰয়।

“কাৰণ মই জানিছিলোঁ মই সঁচা কথা কৈ দিলে মা অথবা মনাই কেতিয়াও মোক ক্ষমা নকৰে, গতিকে ভাল হবলৈ লোৱা সম্পৰ্কটো তেনেই ধ্বংস হৈ যাব আৰু দ্বিতীয়তে মই কথাবোৰ লুকুৱাই ৰাখি মনাৰ সৈতে কেতিয়াও সহজ হব নোৱাৰো।আৰু মই হয়তো এই গোপন অভিসাৰ বন্ধ হওক তাৰ কামনাও কৰা নাছিলো। কোমল নাৰী দেহৰ নিচা বৰ মাৰাত্মক! “

“মই এটা কথাই ভাবি পাইছিলোঁ যে কিবা প্ৰকাৰে মই তাইৰ লগত দিল্লীলৈ যোৱাৰ পৰিকল্পনাৰ পৰা নিজক প্ৰথমে মুকলি কৰিব লাগে ,যাতে মই মোৰ কাৰ্যপন্থাৰ বিষয়ে এটা সিদ্ধান্তত উপনীত হব পাৰো।

মাৰ আনন্দৰ শেষ নাছিল, কি পিন্ধিব তালৈকে মায়ে ভাবি ভাবি বেগত বস্তুবোৰ সামৰাত ব্যস্ত। নিজৰ জীৰ দৰে মৰম কৰা মনাৰ সফলতাত মাক হিচাপে তেওঁ খুব প্ৰফুল্লিত আছিল।মনাই পাৰ্লাৰ পৰা ছোৱালী এজনী ঘৰলৈ মাতি মুখ, চুলি ,হাত,ভৰি বোৰৰ যতন লোৱাত ব্যস্ত হোৱাত মই খুব ভাল পাইছিলোঁ। নিজৰ ৰুমত সোমাই নিজৰ সৈতে কথা পাতিবলৈ মোক একাকীত্বৰ খুব প্ৰয়োজন আছিল,আৰু পুৱাৰ পৰাই মনা কাষে কাষে থকাত সেই সুযোগ পোৱা নাছিলোঁ মই। মা আৰু মনা ব্যস্ত থকাৰ সুবিধা লৈ মই নিজৰ সাম্ৰাজ্যখনত সুমাই লৈ নিজৰ মাজত ডুব গৈছিলোঁ।

এখন পৰিস্কাৰ জাল মনতে গুঁঠি ললোঁ কেনেকৈ মই সিহঁতৰ লগত নোযোৱা কৈ থাকিব পাৰো।

অভিনয় কৰিছিলোঁ, সিহঁতৰ সৈতে যাবৰ বাবে মই বিৰাট আগ্ৰহী হৈ পৰাৰ।কেইদিন হব, কি কি কাপোৰৰ প্ৰয়োজন হব,ক’ত থাকিম ইত্যাদি ইত্যাদি।গোটেই পৰিয়ালটো যিহেতু যোৱা হ’ব গতিকে অলপ ফুৰিচাকি মুঠেই দহ দিনৰ বাবে যোৱাৰ প্ৰস্ততি চলিল।মইয়ো যাম বুলি জানি অনিমেশ আৰু শহুৰ দেউতাও বিৰাট সুখী হৈছিল।মই সুখী হৈছিলোঁ,কাৰণ দহ দিনৰ বাবে মোক অকলশৰীয়াকৈ থাকিবলৈ সুযোগ দিলে মই মোৰ কামবোৰ নিয়াৰিকৈ শেষ কৰিবলৈ সুবিধা পাম।”

“আপুনি কিয় আপোনাৰ পত্নীৰ সৈতে যাব খোজা নাছিল,আপোনাৰ অসুবিধা কি আছিল?”

ডাঃ ফুকন সামান্য ক্ষুণ্ণ হৈছিল হয়তো।

“নাজানো কিয়,মই লাজ পাইছিলো ,খুব নিঃকিন যেন অনুভৱ হৈছিল মোৰ।কিন্তু মই জানিছিলোঁ মনাৰ মনত মোৰ প্ৰতি কোনো বিদ্ৰোপ নাছিল তেতিয়ালৈ।হ’লেও মই মোৰ পত্নীৰ সফলতা উদযাপনত ভাগ লবলৈ একদম ইচ্ছুক নাছিলোঁ।মই মনে প্ৰাণে কামনা কৰিছিলোঁ মই ভাবি থোৱা মতেই সকলো হওঁক।

ৰাতিৰ ভাতসাজ খাই উঠি মই অন্য দিনবোৰৰ দৰেই চিগাৰেট এডাল জ্বলাই গেটৰ ওচৰত ৰৈ আকাশলৈ ধোঁৱাবোৰ এৰি এৰি চিগাৰেটত সুখটান দিয়াত মগ্ন হলোঁ।কিন্তু অন্য দিনবোৰৰ সৈতে সেই নিশাৰ পাৰ্থক্য আছিল। মই সেই দিনা কোন জনীৰ ছোৱালীৰ ক’ত থকা তিলটো বেছি আকৰ্ষণীয় সেইবোৰ মনৰ মাজত পাগুলী থকাৰ পৰিৱৰ্তে মনোজগতত অন্য এটা কথাই কুণ্ডলী পকাই আছিল। নিশাটো মই মনাৰ সৈতে এখন বিচনা ভগাব লগা হব নেকি?”

“চিগাৰেট খোৱা অভ্যাস কিয় গোটাই ললি বাৰু?”

“নাৰীকন্ঠটোৱে মোক ইমানেই সন্মোহিত কৰি দিলে যে মোৰ আঙুলিৰ ফাঁকৰ পৰা চিগাৰেটটো আপোনা আপুনি সৰি পৰিছিল।

উফ মনা কেনেকৈ পাৰা প্ৰীতম নামৰ মানুহটোক ইমান ব্যাকুল কৰিব!

মই যেন কানাইৰ বাঁহীৰ সুৰত উন্মনা হোৱা ৰাধাৰ মনটো উপলব্ধি কৰিবলৈ সক্ষম হওঁ….যমুনাৰ পাৰলৈ ৰাধা এনেই জানো ঢপলিয়াই ……. প্ৰিয়তমৰ ৰাগীয়ে ৰাধাক টানি লৈ যায়,মন প্ৰাণ যে কানাইক কেতিয়াবাই সঁপি থৈছে ৰাধায়।
বুকুৰ বীনখনত তৰংগ তুলিব পৰাকৈ প্ৰিয়নাৰীৰ এষাৰ মাতত যাদু থাকে।সাধুকথাৰ পৰীৰ হাতৰ যাদুকৰী লাঠী ডালৰ দৰে প্ৰতিজনী নাৰীৰ এডাল অদৃশ্য যাদুকৰী লাঠী থাকে, প্ৰয়োজন সাপেক্ষে হাতৰ পৰশত , দুচকুৰ চাৱনিত অথবা মাতষাৰত যাদু সানি প্রিয় পুৰুষক মোহাচ্ছন্ন কৰিব পৰাকৈ ।

মোৰ নিচেই কাষত আহি জীৱনৰ আদি নাৰী থিয় হৈ আছে। পিন্ধনত এটা কোমল ছিফনৰ নাইটি।তাইৰ কুহুমবুলীয়া গাৰ ৰংটো পাতল গুলপীয়া ৰঙৰ নাইটিটোৱে ইমানেই আলসুৱা কৈ মেৰিয়াই ৰাখিছে যেন তাই এপাহ ফুলিবলৈ আৰম্ভ কৰা গোলাপৰ কলিহে।পকাই বান্ধি থোৱা চুলিবোৰৰ পৰা মুক্ত হৈ থকা দুই এডাল চুলিয়ে তাইৰ গাল,ডিঙি স্পৰ্শ কৰি বতাহ জাকৰ সৈতে মিতিৰালি কৰিছে।গেটৰ লাইটৰ অনুজ্জল পোহৰটোৱে তাইক আৰু মায়াবী কৰি তুলিছে, যেন কোনোবা পৰীৰ দেশৰ ৰাজকুমাৰী।”

মোৰ তন্ময়তা ভাঙি তাই মোক জোকাৰি দিয়ে

“বা এনেকৈ মুখ মেলি চাই থাকিলি যে,একো এটা নকলি কিয়?”

মই কি কম ভাবি থাকোতেই মুখেৰে ওলাই পৰে…….

“নিজৰ লগত কথা পাতিবলৈ ভাল সংগ দিয়ে অ’ এই ডালে…….”

“আৰু নাখাবি “

আব্দাৰ কৰে তাই, কিন্তু কথাষাৰত অধিকাৰ লিপিট খাই লাগি থাকে। থাকিবৰে কথা ,দস্তুৰমত তাইৰ গিৰীয়েকক কৈছে কথাষাৰ।

“তোমাৰ পেকিং কৰা হ’ল মনা?”

“নাই অ” দুটামান ব্যস্ত ভৰাবলৈ আছে,বেছি বস্তু লৈ নাযাওঁ মই, দিল্লীত বজাৰ কৰিম যে,তোৰ বেগ ৰেডী হ’ল?”

“অ’লমষ্ট”

“শুনচোন,কথা এটা সুধোঁ”

মনাৰ কথাত এইবাৰ মোৰ বুকুৱে ধান বানিছে। কি জানিব খুজিছে তাই বাৰু? মইতো মোৰ অলমাৰীৰ পৰা আপত্তিজনক বস্তুবোৰ আবেলিতে আঁতৰাই কোনেও নোপোৱা জেগাত লুকুৱাই থৈছিলোঁ। তেন্তে ,কি হ’ব পাৰে????

“কথাটো সুধাই নাই,মুখ ফুলিলেই যে তোৰ?”

এইবাৰ মই সচাই লাজপালোঁ ।দিনটোত বহুত বাৰ মই মনাৰ ওচৰত ধৰাত পৰিছোঁ আনমনা হৈ থাকি।

“কি সুধিব বিচাৰিছা তাকে ভাবিছোঁ অ’ ,কোৱা কি জানিব মন……”

“ইমানবোৰ আধা অঁকা ছবি ষ্টৰ ৰুমত পৰি আছে যে, সম্পূৰ্ণ নকৰ’ কিয়, আধাতে যে এৰি দিয়’….”

কলিজাটোৰ ধপঢপনি বাঢ়ি গৈছিল তৎক্ষণাত ,মই নিজে অনুভৱ কৰিব পৰিছিলোঁ।কিন্তু মই নিজকে লুকুৱাই মিছাৰ আশ্ৰয় লৈছিলোঁ,কাৰণ মইতো তাইক কব নোৱাৰো ছবিখন সম্পূৰ্ণ কৰিবলৈ ছবি অঁকা অৱস্থাত গুৰু শিষ্য কোনোৱেই নাথাকো,শেষ পৰ্যন্ত।

“ষ্টুডেন্ট বোৰে শিকিহে আছে , ভুল কৰি পেলাই মাজতে সেইবোৰ সম্পূৰ্ণ কৰিব পৰা নাযায়।পেলাই দিবলৈকো ইচ্ছা নহয় ,সেই কাৰণেই পৰি আছে তেনেকৈ”

“পেলাই নিদিবি তই নিজৰ মতে পাৰ যদি আঁকিব চাবিচোন,বেলেগ উপায়েৰে, তই যে কেতিয়াবা ব্ৰাছ নোলোৱাকৈ হাতেৰে ৰংবোৰ বুলাই যাওঁ তেনেকৈ”

মনা মোৰ কথাত আশ্বস্ত হৈছিল।হঠাৎ বৰষুণ এজাক আহিবলৈ লোৱাত আমি গেটৰ ওচৰৰ পৰা ঘৰলৈ বেগাই খোজ দিছিলোঁ।বৰষুণৰ চেঁচা টোপাল কিছুমানে তেতিয়ালৈ আমাৰ চকু মুখ স্পৰ্শ কৰিছিলহি।

আমি বাৰাণ্ডাত উঠালে বৰষুণ জাক ডাঠ হৈছিল।

“আহচোন একেলগে আজি বৰষুণ জাক উপভোগ কৰোঁ”

মই ভিতৰলৈ সোমাই যাবলৈ লৈয়ো ৰৈ যাওঁ,

মনাৰ আহ্বান নেওচিবলৈ কোনো শক্তিয়ে মোক ভেটা দিব নোৱাৰিছিল আৰু মই বাধ্য ছাত্ৰৰ দৰে দুজনীয়া বেতৰ চকীখনত তাইৰ কাষৰ খালি ঠাইখিনিত আঁউজি বহি লৈছিলোঁ গৈ।

বতাহত উৰি অহা শুকান পাত এটা মোৰ চাৰ্টৰ কলাৰত লাগি ৰৈছিল। মনাই লাহেকৈ উলিয়াই নিছিল কলাৰৰ পৰা পাতখিলা।

তাইৰ মধ্যমা আঙুলিৰ সোণৰ আঙুঠিটোৰ চেঁচা পৰশ এটাই মোক অন্তৰাত্মালৈকে শিহৰণ ঢালি দিছিল। উফ কি প্ৰশান্তি!

তাই সামান্য মোৰ দিশে হালিলৈ মোৰ কান্ধত মূৰটো থৈ মোৰ বুকুত হাতখন ৰাখি আনখন হাতেৰে মোৰ হাত এখন মুঠি মাৰি লৈছিল।

ভাললগা আবেশ এটাই মোক মেৰিয়াই লৈছিল । মোৰ হাতখন সাৱটি মোৰ গাত লাগি বহি থকা মোৰ প্ৰেমিকা পত্নীলৈ বিৰাট মৰম লাগিছিল মোৰ।

“আমি আৰু কাজিয়া নকৰো দেই,খুব মৰম দিম এটাই আনটোক হা’ “

সৰু ছোৱালী এজনীৰ দৰেই কৈ উঠিছিল তাই।

তাইৰ কথাত মই পুনৰ কঁপি উঠিছিলোঁ, তাইক মৰম দিয়াৰ যোগ্যতা আছে জানো মোৰ এতিয়া?

“তুমি মোক ক্ষমা কৰিব পাৰিলে সকলো ঠিক হ’ব মনা…..কিন্তু মোক পাৰিবা জানো ক্ষমা কৰিব?”

মই খুব কায়দাৰে কথাষাৰ কলোঁ, যাতে তাই পিছলৈ মোৰ কৰ্ম কাণ্ড গম পালেও, মোক ফাঁকি দিয়া বুলি দোষ দিব নোৱাৰে।

“আমাৰ মাজৰ ভুলবোৰ পাহৰিব লাগিব, আমি আগুৱাই যাবলৈ হ’লে,গতিকে সেইবোৰ আলোচনা কৰি একো নাপাওঁ আমি।মই আকৌ কৈছোঁ পাহৰি যা কথাবোৰ..”

মনাই এটা এটাকৈ কিন্তু খুব দৃঢ় ভাবে কথা কেইটা কৈ গৈছিল আৰু মই ভাবি ৰখাৰ দৰেই প্ৰথমটো কৌশল সফল হৈছিল মোৰ। এটা হাঁহি বগৰিছিল মোৰ ওঁঠৰে।খুব কুটিল আছিল সেই হাঁহি ,মই এতিয়া ভাবিলে তেনেকৈয়ে অনুভৱ কৰো।”

“আপুনি সঁচাৰ পথ কিয় বাছি নললে প্ৰীতম?”

ৰুক্ষতা আছিল ডাঃ ফুকনৰ কণ্ঠত।

“ফুকন মই নিজক ধৰাত নেপেলোৱাকৈ, সকলো ঠিক কৰিম বুলি ভাবিছিলোঁ।মোৰ মনটোৱে কৈছিল, নাই নাই মই মনাক নোকোৱা ভাল হব। মই নিজে এইবোৰ কাণ্ড বন্ধ কৰি দিয়াৰ পিছত এনেও কথাবোৰ পাহৰণিৰ গৰ্ভত যাহ যাব। গতিকে এজন ভাল গিৰীয়েক হোৱাৰ চেষ্টা কৰি যোৱাই উচিত হ’ব,কথাবোৰ লুকুৱাই ৰাখিলে মোৰ অহংকাৰ আৰু স্বাভিমানী অক্ষুন্ন থাকিব।গতিকে মই সহজ ৰাস্তাটো বাছি লৈছিলোঁ।

………
……..(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *