জীৱন পাশা (২৩) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২৩)

মই যেন স্বামী নামৰ আচ্ছাদন ধাৰী এটা বিষাক্ত বিছা। মোক সাৱটি ধৰাৰ ফলত মনাৰ দেহত এই বিছাৰ শুং বোৰে ডাকি ডফলা ডফলি কৰিব। নাই নাই মনাৰ কোনো দোষ নাই তেন্তে কিয় তাই কষ্ট খাব লাগে ।তাইৰ দুবাহুত সোমাই থকাৰ অধিকাৰ মোৰ হে নাই গতিকে মই তাইৰ দুবাহুত সোমায় আছোঁ কিয়?

মোৰ বুকুৰ ওপৰতে মূৰ পেলাই মোক সাৱটি ধৰি থকা, মনাৰ হাতদুখন মই লাহেকৈ আঁতৰাই আনি তাইক মোৰ বুকুৰ পৰা টানি উঁঠাও মই।

তাইৰ চকু আৰু মুখত অসন্তুষ্টিৰ চাপ সু স্পষ্ট ।শীৰৰ সেন্দুৰৰ ৰেখাটো সামান্য খেলিমেলি হৈ পৰিছিল তাইৰ। মোৰ চকুত চকু ৰাখি তাই মোৰ মনটো পঢ়িবলৈ চেষ্টা কৰিছিল । মই তাইৰ চকুৰ পৰা চকু আঁতৰাই পুনৰ খিৰিকীৰে বাহিৰলৈ চাই পঠিয়ালোঁ।

মোৰ খুব ভাল লাগিছিল মনা মোৰ ওচৰলৈ আহিছে, আমাৰ সম্পৰ্কটো জীয়াই ৰখাৰ কথা কৈছে তাই আমাৰ সন্তানটিৰ কথা ভাবিছে।মই বিচৰা কথাবোৰ আজি তাই বিচাৰে বুলি জানি মোৰ অপাৰ আনন্দ। কিন্তু মই এক মুহুৰ্তৰ বাবেও মই বিচৰা নাছিলো তাই আৰু অকণমান সময় ইয়াত থাকক, মোক সাৱটি লওঁক। মই বিচাৰিছিলোঁ তাই গুচি যাওঁক। আমাৰ মাজত থকা দূৰত্বৰ ৰেখাডাল নোহোৱা নহওঁক।

“কিন্তু কিয় মিঃ প্ৰীতম ?ভাঙোনমুখী সম্পৰ্ক এটা ধৰি ৰাখিবলৈ মান অভিমান খং সকলো একাষৰীয়া কৰি আপোনাৰ ওচৰলৈ আহিছিল আপোনাৰ পত্নী, আপুনি তেওঁৰ উপস্থিতিত কিয় সুখী হব পৰা নাছিল?”

ডাঃ ফুকনে গহীন ভাবে প্ৰশ্নটি কৰে..।।

নাজানো কিয় ,মই কিয় মনাই সহজ সম্পৰ্ক এটা বিচৰাত অপ্ৰস্তুত হৈছিলোঁ নাজানিছিলোঁ। কিন্তু মোৰ মন গৈছিল মনাক মই ক’ম ,প্লিজ যোৱা ইয়াৰ পৰা………

কিন্তু মই তেনেকৈয়ো কোৱা নাছিলোঁ।

ডাঃ ফুকনে পুনৰ সোধে প্ৰীতমক

“তেন্তে কিয় আছিল আপোনাৰ মনত ইমান সংকোচ, নে আপুনি অন্য নাৰীৰ প্ৰতি আকৰ্ষিত হৈছিল গভীৰ ভাৱে?”

“নাই নাই নাই মোৰ মন মগজুত কেৱল মনাৰ প্ৰতিয়েই অফুৰন্ত ভালপোৱা আছিল।বাকী সকলোবোৰ আছিল কেৱল দেহৰ খেল। মনাৰ প্ৰতি থকা ভালপোৱা মোৰ মাজত এতিয়াও সজীৱ আৰু সেই ভালপোৱা কোনো হৰণ ভগন নোহোৱাকৈ মোৰ মৃত্যুলৈকে মোৰ লগত থাকিব।”

খুব ডাঠি কৈছিল প্ৰীতমে কথা কেইটা।

“তেনেহলে আপোনাৰ মাজত পত্নীৰ প্ৰতি থকা হিংসাই সংসাৰখন ঠিক কৰাৰ প্ৰস্তাৱটো অগ্ৰাহ্য কৰিবলৈ আপোনাক প্ৰেৰণা দিছিল?”

“নাই সেইটো কাৰণো নহয়, কিয়নো মনাই মোৰ অনুপস্থিতিত বঁটা গ্ৰহণ কৰিব নোৱাৰিম বুলি যে কৈছিল সেই কথাষাৰে মোৰ ঈৰ্ষাৰ জুইকুৰাত বৰফ ঢালি দিছিল। মই তাইক হিংসা কৰিব নোৱাৰাকৈ সেই বৰফবোৰে মোক অৱশ কৰিছিল।

আচলতে মই লাজ পাইছিলোঁ, মোৰ মনৰ মাজত দুটা কথাই চলি আছিল ।

যদি মই মোৰ পাপ কর্মৰ কথা লুকুৱাই ৰাখি মনাৰ সৈতে সহজ আচৰণ কৰো তেন্তে সকলো ঠিক হৈ যাব, হেৰুৱা সংসাৰখন পুনৰুদ্ধাৰ হ’ব।কিন্তু সেইটো কৰা মুঠেই অনুচিত কাৰণ তেনে কৰিলে মই মোৰ দেৱী যেন মানুহজনীক ঠগা হ’ব আৰু তাইৰ সৈতে দূৰ্ঘোৰ অন্যায় হ’ব সেইয়া।

অন্যহাতে মই যদি সব সঁচা কথা তাইক জনাওঁ, মই নিশ্চিত যে তাই মোক ক্ষমা নকৰে আৰু মই তাইক ঘূৰাই পোৱাৰ এই সুযোগ হেৰুৱাম। ভৱিষ্যতৰ বাবেও মনা আৰু মোৰ মাজৰ সম্পৰ্ক ঠিক হোৱাৰ ৰাস্তা বন্ধ হৈ যাব ।

মই গতিকে কি কৰা উচিত একো ভাবিব নোৱাৰি মুক হৈ পৰিছিলোঁ। ইয়াৰ উপৰিও লজ্জা আৰু পাপবোধত মই মুমূৰ্শ প্ৰায় হৈছিলোঁ।

অলপ দেৰি মই খিৰিকীৰে বাহিৰলৈ চাই খৰিকীৰ মুখতে ৰৈ আছিলোঁ কিমান দেৰি নাজানোঁ।মনলৈ আহিছিল মনা বিমুখ হৈ মোৰ ওপৰত অভিমান কৰি আঁতৰি গ’ল…. তাই গ’ল নে নাই চাবলৈ বুলি চাওঁ নাচাওকৈ পিছফালে ঘূৰি চালোঁ।

মোলৈ ত’ ত’কৈ চাই চকী খনত বহি আছিল।

মই চক খোৱা মানুহৰ দৰে আচৰণ কৰিছিলোঁ চাগে মনাই মোলৈ চাই চাই খিক খিকাই হাঁহি উঠিছিল আৰু মই সেহা বেঙা কৰি ঠাইতে ৰৈ থাকিলোঁ।”

“মই গ’লো নে নাই জানিবলৈ ঘূৰি চাইছিলি হয় নাই ক’…..?”
মনাই হাঁহি হাঁহিয়ে প্ৰশ্ন কৰিছিল মোক।

ইস মই যে ধৰা পৰি গ’লো তাইৰ ওচৰত ,
এনেকৈ যদি বাকী কথাবোৰো তাই ধৰা পেলাই দিয়ে তাই?
ভয় এটাই মোক জোকাৰি দিলেহি আহি।

কিন্তু মই এনে আচৰণ কৰা মুঠেই ভাল হোৱা নাই, গতিকে চুচুক চামাকৈ আহি মনাৰ নিচেই ওচৰত বিচনাখনতে বহি ললোঁহি।
তাই চকীৰ পৰা আহি বিচনাখনত একদম ওচৰতে আহি বহি লৈ মোৰ হাত দুখন নিজৰ হাতৰ মুঠিত লৈ একদম স্পষ্ট আৰু দৃঢ় ভাবে কথা আৰম্ভ কৰিলে। একদম ঠিক মোক বিয়া পতাৰ সিদ্ধান্তত যে তাইৰ সুখ আছে তাই যে যেনেতেনেকৈ হ’লেও চলি যাব পাৰিব সেই কথা বুজোৱাৰ দৰেই।

“মই জানো প্ৰীতম, তোৰ পৰা তেনেকৈ আঁতৰি গৈ তোক ইমানখিনি নগুৰ নাগতি কৰি এনেকৈ হঠাৎ আহি সব ঠিক কৰি লওঁ ব’ল বুলি কলেই যে তৎক্ষণাত মোৰ ওপৰত উঠি থকা খংবোৰ সামৰি তই মোৰ আগৰ প্ৰীতমটো হৈ যাব নোৱাৰ,মই ভালদৰে বুজিছোঁ।”

তাই সামান্য ৰৈ পুনৰ কৈ গৈছিল……

” জাননে প্ৰীতম মানুহক সফল হ’বলৈ হ’লে নিজৰ মাজত নিজকে প্ৰতিষ্ঠা কৰাৰ এটা যি চেলেঞ্জ আহে সি তোক আগুৱাই যোৱাত, যুঁজি যোৱাত বহুত বহুত গুৰুত্বপূৰ্ণ ভূমিকা লয়। কিন্তু তই যেতিয়া সঁচাকৈয়ে কিবা এটা পাবলৈ সক্ষম হৱ, অথবা যেতিয়া সফলতা বুটলিবৰ সময় হয়, তোক তেতিয়া সেই ভাললগাবোৰ, সেই মিঠা মুহূৰ্তবোৰ ভগাই লবলৈ এজন খুব প্রিয় ব্যক্তিৰ প্ৰয়োজন। সেই ব্যক্তিজনৰ চকুত তোৰ সফলতাই গৌৰৱৰ তিৰবিৰনি তোলা তই দেখিবলৈ সক্ষম হওঁ ,তেতিয়াহে প্ৰকৃত অৰ্থত তই সফল হোৱা বুজায়।

মোৰ সফলতাত দাদা, দেউতা, শাহু মা খুব প্ৰসন্ন হৈছে, কিন্তু প্ৰিয়তম পুৰুষজন কোনোবা দূৰ আন্ধাৰৰ নেদেখা বাটত এটাত অকলে বহি আছে আৰু সেই কাৰণেই মই সফল হৈয়ো সফল হোৱা নাই। এজনী পত্নী ৰূপত এজনী মাতৃ ৰূপত মই সফল হব পৰা নাই। সেইবাবে মই এতিয়াও আধা হৈ আছোঁ। “

লেথাৰি নিছিগা কথা খিনিৰ শেষত টেবুলত থকা গিলাচটো তুলি তাই পানী এঢোক পি ললে।

তাই কথাবোৰ কৈ থাঁকোতে, মই একান্তমনে তাইৰ চকুযোৰ পঢ়ি আছিলো।

মোৰ এনে লাগিছিল যেন মোৰ সন্মুখত কোনো প্ৰজ্ঞা নাৰী বহি আছিল।এইগৰাকী মোৰ প্ৰেমিকা মনা হবই নোৱাৰে, মোৰ প্ৰেমিকা জনী বনফৰিং আছিল, পাহাৰীয়া এটি চঞ্চল খৰস্ৰোতা নৈ আছিল, শাওনৰ বৰষুণ জাকৰ দৰেই আছিল খেয়ালি। কিন্তু এই নাৰী প্ৰকৃততেই মনালিছা হৈ উঠিছে, এই নাৰী অভিজ্ঞতাপুষ্ট, সময়ৰ শালত গঢ়া এটা আত্মনির্ভৰশীল সত্তা।
অভিমানী, আঁকৰি, খঙাল অকণমানি মনাজনী এজনী নাৰী হৈ উঠিছল,তাই সুস্থিৰ চিন্তাৰে এখন সংসাৰ ধৰি ৰাখিবৰ জোখাৰে পৰিপক্ক নাৰী হৈ উঠিছিল। মই ভবাৰ দৰে তাই একো অন্যপথত ভৰি থোৱা নাই, অন্য পথ লোৱাৰ প্ৰশ্নই নাহিছিল তাত।”

“আপুনি কেনেকৈ ইমান নিশ্চিত আছিল যে তেওঁ বিপথগামী হোৱা নাছিল বুলি?”

ডাঃ ফুকনে জোৰ দি সুধিছিল কথাষাৰ। হয়তো ফঁহিয়াই চাব খুজিছিল তেওঁ প্ৰীতমক।

“কাৰণ ফুকন তাই যদি অবাটে গৈ সফলতাৰ দুৱাৰ দলি পালে হয়, তেন্তে তাত বিচৰণ কৰি ফুৰিবলৈ মোৰ সংগ বিচাৰি কিয় আহিলে হয়, তাইৰ বাবে সেই মুহূৰ্তত তাইৰ প্ৰেমিক স্বামীৰ প্ৰয়োজন নহ’লে হয় যদি তাই মোৰ দৰে আনৰ সৈতে শৰীৰৰ খেলত মগন থাকিলে হয়, তাই নিষ্কলুষ আছিল।

তাই সঁচাকৈয়ে সংসাৰৰ সজোৱাৰ পৰিকল্পনা কৰি মোক ,আমাৰ সন্তানক আঁকোৱালি লৈ সফল পৃথিৱীত ভৰি থব বিচাৰিছিল। তাই এজনী মাক আৰু এজনী পত্নীৰ ৰূপটো সফল হব খুজিছিল। তাই অহংকাৰ হোৱা হ’লে তাইৰ বাবে নিষ্প্ৰয়োজন সেই ৰূপত সফলতা।”

তাই পানীৰ গিলাচটো ৰাখি মোৰ বাহুটোত দুহাত মেৰিয়াই কান্ধত মূৰ থৈ লেনিয়াই কৈছিল।

“বেয়া পোৱাবোৰ এৰি দে না প্লিজ….”

“তোক মই সঁচাই বহুত ভালপাওঁ, তই কিন্তু বিশ্বাস নকৰিবি মই জানোঁ।”

তাই কৈ গৈ আছিল কথাবোৰ কলকলাই ….. মনাজনী হৈ উঠিছিল তাই, মোক আশ্বস্ত কৰি ঈশ্বৰে যেন কৈ উঠিছিল তোৰ প্ৰেমিকাজনীও একেই ৰূপত আছে তোৰ বনফৰিং জনী হৈ।

“মনা তুমি জানো মোক ক্ষমা কৰিব পাৰিবা?”

ঘপহকৈ মোৰ মুখৰে কথাষাৰ ওলাই আহিছিল…….

“মই আমাৰ কাজিয়াবোৰ ধৰি ৰখা নাই মনত। তোৰ লগত কথা পাতিবলৈ আহিম বুলি মনস্থ কৰিয়েই মই সব পুৰণি বেয়া কথাবোৰ পাহৰি যাম বুলি নিজক নিজে কথা দিছিলো ।গতিকে এতিয়া তয়ো সেইবোৰ কথা উলিয়াই নাথাক।”

তাইৰ আৰু অকণমান জোৰত মেৰিয়াই লৈছিল মোৰ হাতখনআৰু অকণ চাপি আহিছিল মোৰ বুকুৰ মাজলৈ।

“কথাবোৰ পাহৰি গৈছা যদি ভালেই,কিন্তু, মোক ক্ষমা কৰিব পাৰিবা জানো তুমি?”

পেঘেনিয়াই সুধিছিলোঁ কথাষাৰ।

“কিনো এটা কথা চেপেটা কৰি আছ’, মই কৈছোনে নাই কথাবোৰ পাহৰিলোঁ বুলি মই।”

মোৰ হাতখন এৰি তাই উঠি থিয় হৈছিল আৰু ট্রে খনত বাতিটো আৰু গিলাছটো সামৰি থৈছিল।

মই ভিতৰি কঁপি আছিলোঁ, সচাই পাহৰি যাব পাৰি জানো মোৰ অক্ষমনীয় অপৰাধ। সঁচাই তাই কোৱাৰ দৰে? ইমান সহজ জানো, তাইতো বুজাই নাই মই সুধিছো কি, তেনেস্থলত মই কেনেকৈ মানি লওঁ তাই মোক ক্ষমা দিব বুলি…..

টেবুলত পৰি থকা বস্তু অলপ সামৰি থবলৈ তাই আলমাৰীটোৰ দিশে অগ্ৰসৰ হৈছিল, মই একে জাপে বিছনাৰ পৰা উঠি আহি তাইক ৰখাবলৈ নিজৰ দিশে টানি আনিছিলোঁ আৰু কথমপি তাই পৰি নোযোৱাকৈ মোৰ বুকত খুন্দা এটা মাৰি ৰৈ গৈছিল।তাইৰ হাতৰ বস্তুবোৰ উফৰি কোঠাৰ মজিয়াত চেদেলি ভেদেলি হৈ পৰি গৈছিল। মই তাইৰ পাজিসেৰীয়া আঙুলিৰ ফাঁকে ফাঁকে নিজৰ আঙুলিবোৰ পাৰ কৰি তাইৰ কপালত কপালখন লগাই একদম নিম্ন সুৰত সুধিছিলোঁ,

“সঁচাই মোক মাফ কৰিব পাৰিবা নে তুমি মনা?”

তাই কাইদাৰে মোৰ হাতৰ পৰা হাতদুখন মুক্ত কৰি টেবুলত থকা ট্রেখন লৈ দুৱাৰখনৰ দিশত আগবাঢ়িছিল, আৰু এবাৰ ঘূৰি চাই খুব ধুনীয়া হাঁহি এটাৰে কৈ উঠিছিল,

“পৰহিলৈ আমাৰ লগত ওলাবি , নহ’লে মাফি নাপাওঁ আৰু এতিয়া ৰোহ ঘৰৰ পৰা বাজ ওলা মই পুৰী বনাও।লগত বুটৰ দাইল।”

হাঁহি এমোকোৰা মোলৈ এৰি আঁতৰি গৈছিল তাই।মোক এখন অন্য সংকটৰ নৈৰ বুকুত অকলে এৰি।
………..

…..(আগলৈ)…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *