জীৱন পাশা (২২) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২২)

ঈৰ্ষা,ইয়াৰ সমান ক্ষতিকাৰক একো নাই । কৰ্কট ৰোগ ই একপ্ৰকাৰৰ, মনৰ কৰ্কট ৰোগ।ব্যক্তিৰ জ্ঞাতে অথবা অজ্ঞাতেই, ই মনটোক এনে ভাবে গেলাই গৈ থাকে যে মানুহৰ বিবেচনাৰ শক্তিটোক ই অসাৰ কৰি তোলে, আৰু তাৰ পিছত, প্ৰতিশোধৰ জুইকুৰাই নিজকেই কিমান দহি থাকে তালৈ খবৰ ৰাখিবলৈ সময় নোহোৱাকৈ বুকুত একুৰা দপদপীয়া আক্ৰোশ অহৰহ কঢ়িয়াই ফুৰা হয়।

মাৰ মুখেৰে জানিবলৈ পাইছিলোঁ, দেউতাকৰ পৰা পোৱা সম্পত্তি আৰু পইচাবোৰৰে তাই ব্যৱসায় আৰম্ভ কৰিছে আৰু একদম কম পুঁজিৰে আৰম্ভ কৰা অসমীয়া পৰম্পৰাগত সাজ আৰু গহনাৰ ব্যৱসায়ত দেশী বিদেশী পৰ্যায়ত সফল হৈছিল মনা, খুব কম দিনৰ ভিতৰত। ব্যস্ততা বাঢ়িছিল তাইৰ, ঘৰতকৈ বেছি বাহিৰত সময় কটোৱা হৈছিল। মোৰ ঈৰ্ষাৰ লগত আনুষংগিক ভাবে নতুন বিষয় এটা যোগ হৈছিল, তাই যিহেতু মোৰ সৈতে দৈহিক ভাৱে সুখী হোৱা নাছিল, গতিকে তাই অন্য উপায় অৱলম্বন কৰা নাইতো। আপুনি বুজিছে নে ফুকন সন্দেহে বাহ লৈছিল মনত। তাইৰ চৰিত্ৰক
লৈ, আৰু সেইটো আছিল মোৰ জীৱনৰ অন্যতম এটা মাৰাত্মক ভুল।

মই ৰাজহুৱা কামবোৰৰ পৰা নিজক আঁতৰাই ৰখা হলোঁ, লাহে লাহে, ছবি অঁকাৰ প্ৰশিক্ষণ দিবলৈ আৰম্ভ কৰিলোঁ, ক্লাৱত ক্লাছ আৰম্ভ কৰিলোঁ।মোৰ শিষ্যৰ মাজত ছাত্ৰৰ সংখ্যা তেনেই তাকৰ আছিল ছাত্ৰীৰ তুলনাত। আৰু ছাত্ৰীবোৰক মই ঘৰলৈ নিমন্ত্ৰণ দিয়া আৰম্ভ কৰিছিলোঁ। প্ৰথমে ঘৰৰ বাৰাণ্ডাত আৰু তাৰ পৰা লাহেকৈ মোৰ বন্ধ কোঠাত ছবি অঁকাৰ প্ৰশিক্ষণ দিছিলোঁ মই মোৰ ছাত্ৰী সকলক। ছাত্ৰ বোৰক কিন্তু ক্লাৱৰ ছবিৰ ক্লাছটোতে সীমাবদ্ধ ৰাখিছিলোঁ মই খুব কৌশলেৰে ।আগবাঢ়ি গৈ আছিল মোৰ পৰিকল্পনা, মোক সন্দেহ কৰিবলৈকো কাৰো ওচৰত কোনো থল নাছিল, সমাজৰ আগত মোৰ সংসাৰখন আদর্শ সংসাৰ আছিল,লগতে মোৰ দাগবিহীন চৰিত্ৰৰ চাৰ্টিফিকেটখন আছিল মোৰ আমোঘ অস্ত্ৰ। “

ডাঃ ফুকনৰ মুখত আচৰিত হোৱাৰ লক্ষণ সুস্পষ্ট আছিল তেতিয়া, আৰু প্ৰীতমে কৈ গৈ আছিল,

“বহু ছোৱালীৰ কুমাৰীত্ব মই উপভোগ কৰিছিলোঁ, ঈৰ্ষা আৰু সন্দেহ আছিল মোৰ মনাৰ ওপৰত কিন্তু মই নিজেই এজন পৰিপক্ক অমানুহ হৈ উঠিছিলোঁ। মোৰ স্বাভিমান ভৰিৰে মোহাৰি মনাই ঘোষণা কৰিছিল মই তাইক যৌন সন্তুষ্টি দিবলৈ অপাৰগ আছিলোঁ ,তাইক ভুল বুলি প্ৰতিপন্ন কৰিবলৈ সদ্য যৌৱনা ছোৱালীবোৰৰ নাভি দেশত বীৰ্য্য এৰি দি বাৰে বাৰে সুধিছিলোঁ সিহঁতক ,আমেজ পাইছিল নে সিহঁতে, আৰু মোক আচৰিত কৰি, সিহঁতে মোক জনাইছিল মোৰ কাষলৈ আহিবলৈ অধীৰ ভাবে ব্যাকুলতাৰে বন্ধ বাৰটোলৈ সিহঁতে অপেক্ষা কৰাৰ কথা। উন্মাদ হৈ পৰিছিল মোৰ সৈতে শৰীৰৰ খেলা কৰি ছোৱালীবোৰ। ইমান কুমলীয়া ছোৱালীবোৰে নিজৰ বক্ষত মোৰ ওঁঠ গুজি দিবলৈ কৰা কাতৰ অনুৰোধ অথবা যৌন সুখত এৰি দিয়া চিৎকাৰ বোৰ মোৰ বাবে চৰম আনন্দদায়ক আছিল। উঠন যৌৱন সামৰা পদুমৰ পাহি যেন ওঁঠ, বুকু , নিতম্ব অথবা অসূৰ্যস্পৰ্শা অংগবোৰ দাঁতেৰে বিদাৰি গৈছিলোঁ মই আৰু ধৰফৰাই উঠা সিহঁতবোৰক দেখি তৃপ্তিত বিকট এটা হাঁহি বিৰিঙি উঠিছিল মোৰ মুখত।

মোৰ পুৰুষত্ব নতুন ৰূপত তগবগাই উঠিছিল, প্ৰাপ্তিৰ চৰম সীমাত উপনীত হৈছিলোঁ মই, সিহঁতৰ মতামতত মোৰ স্বাভিমান আৰু অহংকাৰ বাঢ়িছিল। মই বিৰাট এজন সুখী মানুহ হৈ পৰিছিলোঁ,মোৰ কোঠাৰ আলমাৰীটোত যৌন শক্তিবৰ্ধক আৰু গৰ্ভ নিৰোধকৰ ভিৰ বাঢ়িছিল।
মনাক হৰুৱাব পাৰি নিজকে পৰাক্ৰমী যেন অনুভৱ হোৱা হৈছিল মোৰ, তাই দৰ্শোৱা অজুহাতবোৰ মিছা প্ৰমাণ কৰাৰ আনন্দত মই এক প্ৰকাৰ মাতালেই হৈ আছিলোঁ তেতিয়া।

তেনে দিন এটাতেই মোৰ বুকুৰ ঈৰ্ষাৰ জুইত ঘিঁউ ঢালি তাই বছৰটোৰ সৰ্ব শ্ৰেষ্ঠ যুৱ ব্যৱসায়ী হোৱাৰ খিতাপ দখল কৰিছিল।সেই বাতৰিৰ শিৰোনামটোৱে মোক যেন ভৎসনাৰে পুতি পেলাইছিল। স্থানীয় সংবাদদাতা বোৰৰ বাহিৰেও বহু আলোচনী ,বাহিৰৰ সংবাদকৰ্মীৰ লগতে শুভেচ্ছা দিবলৈ অহা ব্যক্তিৰ ঘৰলৈ আহ যাহ বাঢ়ি গৈছিল। মই ঘৰটোত সোমাই থাকিবলৈ অশান্তি পোৱা হৈছিলোঁ, সচৰাচৰ জীৱনত সংগীৰ সফলতাত সুখী হয় সংগী , কিন্তু মই সেই বাতৰিটো শুনাৰ পৰা উশাহ লবলৈ কষ্ট পোৱা হৈছিলোঁ।উফ কি অসহ্যকৰ আছিল সেই দিনবোৰ মোৰ ।। ঘৰত থকা সময়খিনিত বন্ধ দুৱাৰৰ সিপাৰে কি হৈছে জানিবলৈ অলপো চেষ্টা নকৰাকৈ থাকিবৰ বাবেই খোৱা লোৱা সকলো মোক মোৰ ৰুমত দি যাবলৈ মাক জনাই দিছিলোঁ ।

তাৰেই কেইদিনমান পিছত বন্ধ দিন এটাৰ ৰাতিপুৱা পিংকিয়ে মোক মোৰ কোঠাত চাহ দি যোৱাৰ পিছত মোৰ বন্ধ দুৱাৰত মৃদু টোকৰ শুনা যেন পায় আচৰিত হৈছিলোঁ। কাৰণ মা মোক মাতিবলৈ নাহে, পিংকিয়েও চাহ দি গৈছিল তেন্তে কোন আহিব পাৰে ?মায়েই হ’ব কিজানি বুলি ভাবিলোঁ যদিও মা নহয় বুলি মই নিশ্চিত আছিলোঁ। কাৰণ তেতিয়ালৈ মাৰ সৈতেও মোৰ কথা বতৰা কমি গৈছিল, আচলতে মই নিজেই মাৰ পৰা পলাই ফুৰা হৈছিলোঁ । মোক পত্নীৰ দেহ মনৰ খবৰ ৰাখিবলৈ চেষ্টা নকৰা এজন অযোগ্য স্বামী হোৱাৰ ধিক্কাৰ দি মায়ে মনাৰ ওচৰত ক্ষমা খুজি মনা আৰু মোৰ সম্পৰ্ক ঠিক কৰিবলৈ বুজনি দিছিল এদিন আৰু মই মাৰ লগত মোৰ ভুল নাই বুলি তৰ্ক কৰাত মোক এটা পূৰ্ণহতীয়া শোধাই মা আঁতৰি গৈছিল,মোক কুলাঙ্গাৰ অভিধা দি । তাৰ পিছৰ পৰাই একেবাৰে নাপাতিলে নোহোৱা কথা কেইটাহে পতা হয় মাৰ সৈতে।

তেনেস্থলত কোন আহিব পাৰে বুলি,মনত বিৰাট এটা কৌতুহল লৈ দুৱাৰখন খুলিদিছিলোঁ মই । আৰু মোৰ কল্পনাতীত ঘটনা এটা দেখি দুখোজ পিছুৱাই আহিছিলোঁ মই। মোক হতভম্ব কৰি মোৰ কোঠাৰ দুৱাৰমুখত মনা ৰৈ আছিল।

বিশ্বাস কৰক ফুকন,সদ্যস্নাতা মনালিছাক ইমানেই ধুনীয়া লাগিছিল সেইদিনা যে মই অপ্সৰাৰ সংজ্ঞা বুজি উঠিছিলোঁ। চুলিবোৰ চেম্পু কৰি আহিছিল মনাই, ভিজা চুলিবোৰ গামোচাৰে পকাই খোপা এটা কৰি ৰাখিছিল ,খোপালৈ নগৈ দুডাল মান চুলি তাইৰ ডিঙিৰ ওপৰতে পৰি আছিল, সেই চুলি কেইডালৰ আগৰে বৈ অহা পানীৰ কণাবোৰে তাইৰ বুকুত জাপি থোৱা কেঁচবছা কপাহী চাদৰ খন আৰু ব্লাউজটো সামান্য তিয়াই তুলিছিল, ওঁঠ যোৰ গুলপীয়া হৈ আছিল তাইৰ,আগৰ দৰেই।শিৰত সেন্দুৰৰ আলিটো আকোঁতে নাকত মিহিকৈ পৰি ৰোৱা সেন্দুৰকণ আৰু চকুত আগদিনাই আঁকি লোৱা কাজলৰ জান নেজান আভাই তাইক দেৱী যেন দেখাইছিল জানে।”

মই তধা লাগি তাইৰ মুখলৈ চাই আছিলোঁ, তাইৰ বনৰীয়া চকুযোৰত চকু থাপিব পৰাৰ জোখাৰে মই কিয় জানো সাহস কৰিব পৰা নাছিলোঁ,মই চকুযোৰ নমাই আনিছিলোঁ। তাই মোৰ কাষৰে পাৰহৈ ৰুমৰ ভিতৰলৈ সোমাই আহি, হাতত লৈ অহা ট্রেখন মোৰ পঢ়া টেবুলৰ ওপৰত থৈ বিচনাখনত বহি লৈছিল।

“আহ কথা পাতো”

মনাৰ মাতষাৰ কোনোবা এটা প্ৰাৰ্থনাৰ সুৰহৈ মোৰ কৰ্ণ কোঁহৰত প্ৰৱেশ কৰিছিল।

মই মানুহটো ওজাৰ বীণৰ ৰাগীত আতুৰ হোৱা সাপ এটাৰ দৰেই মন্ত্ৰমুগ্ধ হৈ মনাৰ মুখামুখিকৈ চকীখনত বহি লওহি। চকীখনত বহাৰ পৰত মোৰ চকুত পৰে তাই ট্রেখনত এবাটি পায়স আৰু পানী এগিলাচ আনিছে পানী গিলাছটোৰ কাষত এপাহ ৰঙা গোলাপ আলফুলে শুই আছিল ট্রেখনৰ ওপৰত।

মই একো ভাবিব পৰা নাছিলোঁ, পাপবোধত মই ভিতৰি বিধস্ত হৈ পৰিছিলোঁ, মনা বহি ৰোৱা এই বিচনাখনতে ক’তজনী গাভৰুৰ সৈতে মই সম্ভোগত মিলিত হৈছোঁ, আৰু এই বিচনাখনতে মোৰ অৰ্ধাংগিনী ক’ত দিনৰ মূৰত আহি বহিছেহি, মই তেওঁৰ বাবে বিচনাখন পবিত্ৰ কৰি নাৰাখিলোঁ,হয় এইখনেই বিচনা, য’ত প্ৰেমৰ বহেমীয়ান নৈ খনত প্ৰীতম আৰু মনালিছা নামৰ এহাল নাৰী পুৰুষে একালত জলকেলি কৰিছিল।

” হো ল’ পায়স খা’ ,মই আজি নিজ হাতেৰে বনাইছোঁ এই পায়স । “

চামোছখনত এচামোছ পায়স লৈ মোৰ মুখৰ আগত হাতখন দাঙি ধৰি তাই মোলৈ চাই খুব কোমলকৈ কৈছিল তাই।

আস, কি অমিয়া আছে এই মাতষাৰত।

তাইৰ ফালে সামান্য হালি মই পায়স অকণ মুখত লৈছিলোঁ ।

এটা নাম নজনা সুগন্ধি মনালিছাৰ গাৰ পৰা বৈ আছিল, তাই ব্যৱহাৰ কৰা চাবোন, ক্ৰীম আৰু মনালিছাৰ গাৰ চিনাকি সুবাস বিজড়িত সেই সু ঘ্রাণ, মোৰ হৃদয়লৈ শিপাই গৈছিল তৎক্ষণাত।

জেঠ মাহৰ খৰত শুকাই যোৱা গছবোৰত আবেলিৰ বৰষুণ যাকে সঞ্জীৱনী কঢ়িয়াই অনাৰ দৰেই মনাৰ উপস্থিতি মোৰ অলক্ষিতেই মোৰ বাবে সঞ্জীৱনী হৈছিল।

চাঁদৰৰ আগটোৰে মোৰ ওঁঠৰ কোণত ৰৈ যোৱা পায়সৰ অৱশিষ্ট মোহাৰি দি পানীৰ গিলাছটো মোলৈ আগুৱাই দিছিল মনাই।

খুব ইচ্ছা হৈছিল, চামুছৰে অকণ পায়স তাইকো খুৱাই দিবলৈ। কিন্তু মই মোৰ পাপী হাতেৰে তাইক স্পৰ্শ কৰিবলৈ সংকুচিত হৈছিলোঁ,

এই হাতেৰে এই দেৱীজনীক কেনেকৈ চোৱা যায় যি হাতেৰে অন্য নাৰীৰ নিষিদ্ধ এলেকাত মুক্ত বিচৰণ কৰি উঠে অনায়াসে।

নাই নাই দেৱীক চোৱা নাযায়, পূজা দিয়া যায়।

(তই মনালিছাক স্পৰ্শ কৰাৰ অধিকাৰ সেই দিনাই হেৰুৱাইছ, যি দিনা তই প্ৰথম বাৰৰ বাবে সেই গাভৰুজনীৰ নিম্নাংগত ওঁঠ থাপিছিলি)

মোৰ অন্তৰাত্মাই ,মোৰ মাজৰ প্ৰকৃত প্ৰীতম যি মৃত্যুৰ ক্ষণ গণি আছে, একেলগে মোক প্ৰতিবাদ কৰি কৈছিল।

মই ৰৈ গৈছিলোঁ।

“প্ৰীতম কিবা ক’…মই অহাৰ বাবে তই সুখী হোৱা নাই হ’বলা…..’

মনালিছাৰ মাতত মই বাস্তৱলৈ ঘূৰি আহিছিলোঁ।

ঠিকেইটো তাই নিজেই মোৰ ৰুমলৈ আহিছে,সহজ আচৰণ কৰিছে মই এনেকৈ মৰা কাঠ এচতা হৈ বহি আছোঁ। ভাল কাম কৰা নাই মই।

“অভিনন্দন মনা, তুমি আৰু আগুৱাই যোৱা”

কথাষাৰ মই সৌজন্যতাৰ খাতিৰত কলোঁ নে সঁচা অন্তৰৰ পৰা নিজেই নুবুজিলোঁ কিন্তু মাতটো যে অদ্ভুত ধৰণে কৰ্কষ আছিল, মোৰ নিজৰেই শুনি আচহুৱা লাগিছিল।

“তই লগত নাথাকিলে সব আধাই হৈ থাকিব ,তই লগত থাকিব লাগিব।সঁচাই মোক অভিনন্দন দিব বিচাৰিছ যদি পৰহিলৈ দিল্লীলৈ আমাৰ লগত ওলাবি।তই নথকাকৈ মই শ্ৰেষ্ঠ নাচনীৰ পুৰস্কাৰটো লবলৈ মঞ্চত উঠিব পৰা নাছিলো,ইমান ডাঙৰ সন্মান এটা কেনেকৈ লম ক’?”

(মোৰ সন্দেহৰ কীটটোৱে মূৰত কামুৰি দিছিল চা চা তোক তাচ্ছিল্য কৰিবলৈ তাই তোক লগ ধৰিবলৈ আহিছে)

মই বিস্ফোৰিত চকুহাল তুলি তাইৰ চকুলৈ পোনপটীয়াকৈ চাই পঠিয়ালোঁ,

নাই নাই সেই চকুহালত কোনো জটিলতা নাছিল, নাটকৰ প্ৰতিযোগিতা বা নাচৰ প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ সক্ষম হ’লে
আৱৰি ধৰা সুখ আৰু লাজ লাজ ভাৱটোত বনৰীয়া চকুযোৰ জিলমিলাই আছিল তেতিয়া। সেই চকু যোৰত ৰেশমাত্ৰও, অহংকাৰ নাছিল, নাছিল মোৰ বাবে উপহাস।

মই চকুযোৰ তাইৰ চকুৰ পৰা নমাই আনি চকীৰ পৰা উঠি খিৰিকী মুখত ৰৈছিলোহি ।মোৰ তাইৰ আগত বহি থাকিবলৈ কুণ্ঠাবোধ হৈছিল আচলতে ।

“আজিৰ পৰা খং ,অভিমান, সব এৰি ভালকৈ সংসাৰখন আৰম্ভ কৰোঁ ব’ল,অম্লানো তেনেই দুবছৰীয়াটো হ’ল……”

উফ কি কয় কি কয় এই পাগলী জনীয়ে, য’ত মই তাইক স্পৰ্শ কৰাৰ যোগ্যতাই হেৰুৱাই পেলাইছোঁ, আৰু তাই এতিয়া সকলো ঠিক কৰাৰ কথা কয়??

কলিজাটোত হাতুৰীৰ কোব পৰিছিল নিৰবিছিন্ন ভাবে, মই ঘূৰি তাইলৈ চাবলৈ অপাৰগ আছিলোঁ, মূৰটো আচণ্ডাই উঠিছিল, এই যেন পৰি যাম মই। খিৰিকিৰ ৰ’ডত খাঁমোচ মাৰি ধৰিছিলোঁ মই।

“মোক বেয়া পাই নাথাকচোন , আজি আমাৰ বিবাহ বাৰ্ষিকী বুলিয়েই মোক ক্ষমা কৰি দে’…….”

মই তৎ ধৰিব নোৱাৰিলো, তাই মোক পিছ ফালৰ পৰা সাৱটি ধৰি কথাষাৰ কৈ আছিল তেতিয়া।

আজি মোৰ বিবাহ বাৰ্ষিকী এই ছোৱালীজনী মোৰ অৰ্ধাংগিনী হোৱা বছৰ বাগৰিল, কেই বছৰ ?

মোক তাই নিজৰ দিশে ঘূৰাই লৈ ট্ৰেখনৰ পৰা গোলাপপাহ হাতত তুলি ধৰি মোলৈ আগুৱাই দিছিল,
“হেপ্পী থাৰ্ড মেৰিজ এনিভাৰ্চেৰী প্ৰীতম”

মই সংকুচিত হৈ ৰৈ থকাত ফুলপাহ মোৰ হাতত গুজি দিয়ে তাই আৰু মোৰ বুকুত মূৰটো থৈ জোৰেৰে সাৱটি লয় মোক, ঠিক তিনিটা বছৰৰ আগৰ পুৱা এটাত চাইকেল মাৰি মোৰ ঘৰত উপস্থিত হৈ মোক সাৱটি লোৱাৰ দৰেই। একেই আছে তাই, একেই আছে তাইৰ মাজত মোলৈ বুলি থকা আবেগ, আকুলতা ,অনুৰাগ, আকৰ্ষণ…………আৰু মই…….

………
(আগলৈ)

(বি.দ্ৰ-  অনুগ্ৰহ কৰি লিখাটোৰ সৈতে মোৰ ব্যক্তিগত জীৱনক সাঙুৰি নলব,মোৰ চিন্তা অথবা জীৱনৰ সৈতে ইয়াৰ সংগতি নাই লেখাটোত থকা কথাবোৰ কাহিনীৰ দাবী কেৱল। ধন্যবাদ)

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *