……© ৰুণজুন বৰুৱা……
(২১)
দুপৰীয়াৰ নির্জনতাক ভেঙুচালি কৰি, ফুকনৰ কেবিনৰ কাষতে থকা কৰ্দৈ জোপাত পৰি জিলি এটাই অবিৰাম ভাবে চিঞৰি উঠিছে ,পৰিৱেশটো সেই জিলিটোৰ ককৰ্ষ মাতত অশান্তিকৰ হয় পৰাত ডাঃ ফুকনে প্ৰীতমক বাহিৰৰ লন খনলৈ ওলাই যোৱাৰ প্ৰস্তাৱ দিয়ে।
আচলতে প্ৰীতমক তাৰপিছৰ ঘটনাবোৰ কবলৈ নিজৰ ভিতৰতে পূৰ্ব প্ৰস্তুতিৰ আৱশ্যক হোৱা কথাটো অনুভৱ কৰিব পাৰিয়ে লন খনলৈ যাবলৈ লগ ধৰে ফুকনে।
পকী বেঞ্চ এখনত দুয়ো একেলগে বহি লয়।ঠাই টুকুৰাৰ নৈসংগিক পৰিৱেশটো কথা পাতিবলৈ একদম সুচল,সিহঁত বহা ঠাইৰ পৰা ব্ৰহ্মপুত্ৰৰ শুভা ধুনীয়াকৈ চকুত পৰা।
“উম ,মিঃ প্ৰীতম এতিয়া আপুনি কওঁক আপোনাৰ পত্নীৰ বিষাদগাৰ নোহোৱা কৰিবলৈ আপুনি কি পদক্ষেপ ললে…..”
ডাঃ ফুকনৰ প্ৰশ্নত বিস্ফোড়িত চকুযোৰ তুলি প্ৰীতমে তেওঁলৈ চাই পঠিয়ালে, শ্যামন্ত মণিটো ভালুকৰ হাতত দেখি শ্ৰীকৃষ্ণ যেনেকৈ আচৰিত হৈছিল, ঠিক তেনেধৰণৰ আশ্বৰ্য আছিল তাৰ চকুত।
“মই এই কথাটো অনুধাৱন কৰিবলৈ বহুত দেৰি কৰি দিছিলোঁ ,যে মোৰ কৰণীয় আছিল, আৰু আপুনি কথাবোৰ শুনিয়েই অনুমান লগাইছে যে মোৰ কৰণীয় কি আছিল!”
প্ৰীতমৰ চাওনীত সেই কথাষাৰেই সুস্পষ্ট।
সি কবলৈ আৰম্ভ কৰিছিল,
” মই সংসাৰখন ধ্বংসৰ গৰাহত আছে বুলি জানিও আত্মসন্মানৰ লগত আপোচ কৰিবলৈ মান্তি নাছিলোঁ। এই ধৰক গৰাখহনীয়াত ঘৰ এখনৰ আধা নষ্ট হ’ল,অৱশিষ্ট ৰূপত যি আছিল সেইখিনি মই নিজেই যেন উটুৱাই দিছিলোঁ। মই অপমানত ইমান জৰ্জৰিত হৈ আছিলো যে মোক বাক্যবাণৰে থকা সৰকা কৰিবলৈ হ’লে মনাৰ মাজত কিমানখিনি কষ্ট,অভিযোগ অথবা বিষাদ আছে মই উমান লগাব পৰা নাছিলোঁ, আচলতে মই আপোনাক মিছা নকওঁ, মই নূন্যতম চেষ্টাও কৰা নাছিলোঁ তাইৰ মনটোক বুজিবলৈ,বা মৰমৰ প্ৰলেপ লগায় তাইৰ ভঙা কলিজাটো জোৰা দিবলৈ।”
“কিন্তু কিয়? আপুনিটো গম পাইছিলে আপোনাৰ স্বামী ধৰ্ম পালনত ক্ৰুটি ৰৈ গৈছিল ,গতিকে আপুনি আগবাঢ়ি গৈ অভিমান বা কাজিয়া যিয়েই নহওঁক কিয় সেইটো ঠিক কৰাৰ দায়িত্ব লব লাগিছিল?”
পুনৰ প্ৰশ্ন কৰিছিল ডাঃ ফুকনে।
“মনাই মোক এনেই জানো পাগল বুলি কয়,
মই তেতিয়া এটা অদ্ভুত যুক্তিত আকুৰগোঁজ আছিলোঁ ,মনাই কথাবোৰ কিয় বুকুতলৈ ৰৈ থাকিল, তাই মোক কব পাৰিলে হয়, তাইৰ কবলৈ অধিকাৰ আছিল, কিয় নকলে তাই……”
“মই জানো মোৰ ভুল আছিল, কিন্তু মই আশা কৰিছিলো মোৰ ভুলবোৰ সময়ত দেখুৱাই দিয়াটো মনাৰ কৰ্তব্য আছিল।মানে আপুনি ঠিক বুজিছে নে , মোৰ মনোভাৱ এনেকুৱা আছিল, মই ভুল কৰিলোঁ ঠিক আছে বাৰু কিন্তু সেই ভুলটো ভুল বুলি দেখুৱাই নিদিয়াটো মনাৰ মাৰাত্মক ভুল হ’ল……..
মানে ধৰক কথাটো মই এনেকুৱাকৈ ধৰি ললোঁ যে মই ঘৰ এখনত দুৱাৰ খোলা থকা দেখি চুৰ কৰিবলৈ সোমাই গ’লো ,ধৰা পৰিলোঁ আৰু ধৰা পৰি গৃহস্থক দোষাৰোপ কৰিছোঁ, আপোনালোকে ঘৰৰ দুৱাৰ বন্ধ কৰিব লাগে বুলি নাজানে নেকি? আপোনালোকৰ ভুলৰ বাবেই আজি মই চুৰ কৰিবলৈ বাধ্য হ’লো”
কথাখিনিৰ অন্তত এটা উপহাস সূচক হাঁহি প্ৰীতমৰ মুখ মণ্ডলত বিয়পি পৰিল।
নিজৰ কৰ্মত নিজেই নিজক উপহাস কৰিব লগীয়া হোৱাটো কোনো কাৰণতে এটা সাধাৰণ কথা হ’ব নোৱাৰে…….কিন্তু প্ৰীতমে নিজক ঠাট্টা কৰিছিল। কৰিবলৈ বাধ্য আছিল…….অথবা সময়ে বাধ্য কৰাইছিল।অথচ এই মুহূৰ্তত সকলো অৰ্থহীন আছিল, প্ৰীতমৰ সংস্কাৰখনৰ বাবে।যেনেকৈ পৰীক্ষাৰ বহীখন জমা দিয়াৰ পিছত মনলৈ অহা উত্তৰটো সেই পৰীক্ষাটোৰ বাবে মূল্যহীন তেনেকৈ।
প্ৰতিটো বস্তুৰ এটা সময় থাকে, সেই সময় পাৰহৈ যোৱাৰ পিছত যিমান চেষ্টা নকৰক কিয় সেই কৰ্মটোৰ বাবে সেই চেষ্টাই কোনো সুফল আনিব নোৱাৰে। ভুল এটা হৈ যোৱাৰ পিছত শুধৰণিৰ বাবেও এটা নিৰ্দিষ্ট সময় সীমা থাকে,সেই সীমা চেৰাই যোৱাৰ পিছত হাজাৰ অনুসূচনা নকৰক কিয়,সেই অনুসূচনাই কোনো ফলপ্ৰসূ খবৰ আনি দিব নোৱাৰে।
হুমুনিয়াহ এটা এৰি প্ৰীতমে পুনৰ আৰম্ভ কৰিছিল,
“মই সেই দুপৰীয়াটোৰ পিছত মনাৰ কোনো কথাত মাথা নামাৰা হ’লো। মোৰো স্বাভিমান ইমানেই শক্তিশালী হৈ উঠিল যে ঘৰখনত তাইৰ উপস্থিতি সম্পূৰ্ণ ৰূপে অগ্ৰাহ্য কৰিব ললোঁ মই।তাই যিদৰে মোক এৰাই চলিছিল তেনেকৈ। মোৰ খুব জানিবলৈ ইচ্ছা জাগে তাইৰ মোৰ উপেক্ষাবোৰত কি প্ৰতিক্ৰিয়া । কিন্তু তাইৰ মুখত মই যে এটা মানুহ হওঁ, মোৰ যে এটা অস্তিত্ব আছে সেই কথাটোৰো সামন্যতম আভাস নাছিল।
মাৰ যত্ন তাই লৈছিল, নানাবিধ পুষ্টিবৰ্ধক ,টনিক সময় মতে আনি নিজ হাতেৰে মাৰ ৰুমৰ আলমাৰীটোত ভৰাই ৰাখিছিল তাই। ঘৰত কাম কৰাত মাক সহায় কৰিবলৈ ওচৰৰ ঘৰৰ পিংকি বোলা বোৱাৰী এজনীক ঠিক কৰি লৈছিল তাই।
মাৰ গাত টোপ এটাও নপৰাকৈ ৰাখিবলৈ কঠোৰ নিৰ্দেশনা আছিল পিংকিৰ ওপৰত,কিন্তু আচৰিত ধৰণে তাই মাৰ লগতো কোনো ধৰণৰ সহজ ব্যৱহাৰ নকৰিছিল।
ঘৰৰ আটাইবোৰ আচবাব সলোৱাই ঘৰটো নতুনকৈ মেৰামতি কৰোৱাই আলহী কোঠা এটা নতুনকৈ বনুৱাইছিল তাই, কাৰণ পুৰণি আলহী কোঠাটো তাইৰ হৈছিল।পিংকি যাতে সম্পূৰ্ণ ৰূপে মাৰ লগত লাগি থাকিব পাৰে সেইটো সু-নিশ্চিত কৰি তাইৰ গিৰীয়েক ৰমেনক ঘৰ বাৰী আৰু পথাৰৰ দায়িত্ব দিবলৈ মাক কৈ দিছিল।
মানে সময়বোৰ এনেকুৱা হৈ পৰিছিল যে ঘৰখনত মই এটা সম্পূৰ্ণ অদৰকাৰী বস্তু, কিন্তু পেলাই দিবলৈ সত নাযায় বাবে ৰাখি থৈছে, যেনেকৈ আগৰ পুৰণি চ’ফাযোৰে পিছফালৰ বাৰাণ্ডাত স্থান পাইছিল।
মই আচৰিত হৈছিলোঁ তাই ইমানবোৰ কৰিবলৈ পইচা ক’ত পাইছে, তাই অংগনৱাদী চাকৰিটোও এৰি দিছিল,তথাপিও ইমান এটা আড়ম্বৰপূৰ্ণ জীৱন তাই কেনেকৈ চলাই নিছে।তেতিয়ালৈ তাই সেই সময়ৰ লেটেষ্ট মডেলৰ গাড়ী এখনো লৈছিল।আপুনি বিশ্বাস নকৰিব ফুকন ,তেতিয়ালৈ তাইৰ উন্নতি আৰু সফলতা দেখি মোৰ হিংসা লগা আৰম্ভ হৈছিল, কি ঘৰ কি সমাজ, সৱতে তাইৰ আদৰ আছিল।আজি যদি ৰাইজৰ নামঘৰ মেৰামতিত যদি 2 লাখ টকা দিছে এসপ্তাহ পিছতেই মাথাউৰীটো সম্পূৰ্ণ নিজা খৰচত ভাল কৰোৱাইছে, ৰাস্তাটোৰ কামটো আমি গোটেইবোৰে মিলি ঠিক কৰাবলৈ অৰ্ডাৰ উলিয়াব পৰা নাছিলোঁ ,তাই তিনি দিন মানৰ ভিতৰতে অৰ্ডাৰ উলিয়াই ,কামো আৰম্ভ কৰোৱাইছিল।মুঠতে মনালিছা এটা চিনাকি নাম লৈ ৰূপান্তৰ হৈছিল। ইমান বছৰে মই ৰাইজৰ বাবে কৰি থকাবোৰ তল পৰিছিল ধীৰে ধীৰে।
ঘৰখনলৈ প্ৰায়েই বন্ধৰ দিনবোৰত দুপৰীয়া সাজ খুৱাকৈ নতুন নতুন আলহীৰ আগমন ঘটিছিল। মাক ধুনীয়াকৈ চ’ৰাঘৰলৈ নি সকলোৰে লগত এইয়া ‘মোৰ মা ‘বুলি চিনাকি কৰাই দিছিল, আনকি পিংকি আৰু ৰমেনকো খুব আদৰৰে মাতি আনি পৰিচয় কৰাই দিছিল তাই, ‘মই ব্যৱসায়ত একান্তমনে মন দিব যে পাৰিছোঁ কেৱল ইহঁত দুটাৰ ভৰসাত’, মায়ে আলহীৰ লগত সহজ ভাবেই মিলি পৰিছিল ,পিংকি আৰু ৰমেন ভাতৰ যোগাৰত ধৰিছিল গৈ।
মনাৰ মুখত উচ্ছল হাঁহি এটাই ঘৰ কৰিছিল সেই আলহীবোৰৰ উপস্থিতিত।মোৰ ৰুমলৈ উফৰি আহিছিল হাঁহিৰ টুকুৰাবোৰ।গাভৰুতে ক্লাব ঘৰত নাটকৰ ৰিহাৰ্চেলৰ সময়ত নাটকৰ ৰিহাৰ্চেল এৰি আড্ডাত মগ্ন হোৱা মনা জনীৰ দৰে জীপাল হৈ উঠিছিল তাই ,মোৰ প্ৰেয়সী মনাজনী, চঞ্চল হৰিণী জনী মোৰ মনৰ চকুত ভাঁহি উঠিছিল। কিন্তু পিছ মুহূৰ্ততে মনটোত তাইলৈ জমা হোৱা ঈৰ্ষাবোৰ কিলবিলাই উঠিছিল।দুৱাৰ বন্দী কৰি ফুল স্পীদত ফেন খন চলাই গান এটা বজাই সোমাই থাকিছিলোঁ নিজৰ ৰুমত।
বিৰাট খং উঠিছিল মোৰ ,এনে লাগিছিল যেন মই লাহে লাহে পাকঘৰৰ চেল্ফত থকা ভেঁকুৰ লগা আচাৰৰ বটলটোলৈ degrade হৈছিলোঁ।
……
………(আগলৈ)………