জীৱন পাশা (২০) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(২০)

প্ৰীতমৰ চকু সেমেকি উঠা দেখি ডাঃ ফুকনে অনুধাৱন কৰিব পাৰিলে যে সেই ঘাঁ টুকুৰা মনৰ মাজত এতিয়াও অলপ হলেও কেঁচা হৈ আছে প্ৰীতমৰ।

পিতৃ হবলৈ ওলোৱা খবৰ এটা কোনো কাৰণেই কম ৰোমাঞ্চকৰ নহয় এজন প্ৰকৃত পুৰুষৰ বাবে।ভালপোৱা নাৰী গৰাকীৰ মাজত নিজৰ এটা অংশ একলা দুকলাকৈ বাঢ়ি অহাৰ কথাটো ভাবিয়েই মিঠা আবেশত বুৰ যায় প্ৰতিজন পিতৃৰ হৃদয়, তেনেস্থলত ভ্ৰূণ এটা গৰ্ভত থিতাপি লওঁতেই যদি তাৰ জীৱনৰ মূল্য নিৰ্ধাৰণ কৰিবলৈ দাম দৰ চলে সেইয়া কম লজ্জানত হোৱাৰ বিষয় নে? উচ্চাকাংক্ষাৰ জখলা খনৰ মোহত পৰি মানুহ নামৰ জাতিটোক পাষাণ হবলৈ বহুত বেছি সময় নালাগে, শাৰীৰিক অবয়বৰে সেই জীৱটো নাৰীও হব পাৰে অথবা পুৰুষ।

প্ৰীতমে ফুকনৰ চকুত চাই সোধে,

” প্ৰেমিকা পত্নীৰ এনে নিদাৰুণ চৰ্ত শুনি কেনে লাগিব পাৰে, আপুনি অনুভৱ কৰিব পাৰিছে নে? “

“মাতৃত্বৰ বাবে এজনী মহিলাৰ মানসিক প্ৰস্তুতি অতি আৱশ্যকীয়,সেই কাৰণটোত যদি তাই সন্তানটি নিবিচাৰোঁ বুলি কলে হয় ,বিশ্বাস কৰক মই কিজানি মানি ললোঁ হয়। কিন্তু বিয়াৰ প্ৰাৰম্ভিক কালছোৱাত আৰ্থিক দন্যতাৰ হেতু জীৱন উপভোগ কৰিব নোপোৱাৰ বাবেই পেটৰ ভ্ৰূণটি হত্যা কৰি জীৱনৰ ৰং বুটলিবলৈ বিচৰা কথাটোত মই সমূলি মান্তি হ’ব পৰা নাছিলোঁ।

পৰিস্থিতি এনেও নাছিল যে মনাক আলোচনাৰ মাজেৰে বুজাব পৰা গৈছিল। ৰুমত নিজকে আবদ্ধ কৰি দুৱাৰ মাৰি সোমাই থকাটো তাই নতুন অভ্যাস ৰূপত গঢ়ি লৈছিল। খাবলৈ হাজাৰ মাতিলে ওলাই আহে কেতিয়াবা, কেতিয়াবা নাহে।

কথাবোৰে কাজিয়া ৰূপ ধাৰণ কৰা হ’লেও কিজানি সমাধান সূত্ৰ ওলাল হয়, কিন্তু তাইৰ আচৰণত সময়বোৰ শ্বাসৰূদ্ধকৰ হৈ উঠিছিল ।তেনে দিনবোৰতেই সন্ধিয়া এটাত সাময়িক শান্তিৰ বাৰ্তাৰ ৰূপত শহুৰ দেউতাৰ হাতত দলিল দুখন আমাৰ ঘৰলৈ আহিছিল।

অনিমেশ, মোক, মা আৰু শহুৰ দেউতাক সকাহ দিবলৈ মনাৰ দেউতাকৰ সম্পত্তিৰ আধা অংশটো সক্ষম হৈছিল। আমি এইটো নিশ্চিত আছিলোঁ যে অন্ততঃ এতিয়া মাকৰ পেটৰ ভিতৰত বাঢ়ি অহা অকণমানি প্ৰাণটিৰ পৃথিৱীলৈ অহাত বাধা নাই।

দিনটোত এশ এবুৰি আপত্তি,থাকে তাইৰ ।আমি হাঁহি হাঁহি সেইবোৰ নোহোৱা কৰিবলৈ যত্নৰ ক্ৰুটি এৰা নাছিলোঁ, হলেও অহেতুক ভয় এটাত মাজে মাজে জিকাৰ খাই উঠিছিলোঁ এই ভাবিয়েই যে মনাৰ ওজৰ,আপত্তি, অসন্তুষ্টিৰ কাৰণ স্বাভাৱিক ভাবেই আসন্ন মাতৃত্বৰ মুদ স্বুইং নে অনাকাংক্ষিত সন্তানটি ধাৰণ কৰি থকাৰ ক্ষোভ।

মনে মনে ঈশ্বৰক খাটিছিলোঁ যে, মই আশা কৰাৰ দৰেই নবজাতকৰ মুখখন দেখিয়েই আৰু মাতৃ হোৱাৰ সৰগীয় সুখত মনাই নিজেই দ্বিতীয় চৰ্তটি পাহৰি পেলাব আৰু মমতাৰ আঁচলত কেঁচুৱাকণক ছাঁ দিব।প্ৰসৱ বেদনাই অনাবিল আনন্দ আনি দিব তাইক।

কিন্তু মোৰ আশাক ধূলিসা‍ৎ কৰি সদ্য ভূমিষ্ঠ হোৱা কেঁচুৱাটোক তাই বুকুৰ অমৃত দিবলৈ অমান্তি হৈছিল। অকণমানি প্রাণটোৰ চিঞৰত নাৰ্ছসকল বিবুদ্ধিত পৰিছিল,গাখীৰত কপাহ তিয়াই তাৰ ওঁঠযোৰত দি গাখীৰ খুৱাবলৈ অপাৰগ হৈছিল নাৰ্ছ। আইতাকৰ কোলাত আনি তুলি দিয়া হৈছিল তাক।চিঞৰ বোৰ শাম কাটিছিল তাৰ আৰু আইতাকৰ কোলাত সেই দিনটোৰ পৰাই নিগাজি হৈছিল তাৰ কেঁচুৱাকাল আৰু শৈশৱ।

আইতাকৰ লগত ডাঙৰ হোৱা তাৰ মাকলৈ বিৰাট ভয়। আইতাকৰ আঁচলৰ সুবাসত মাতৃৰ মৰম বিচাৰি পোৱা লৰাটো কোনো দিন মাকৰ কাষ চাপি নগৈছিল, নতুবা কোনো আব্দাৰ অথবা উৎপাত নাছিল মাকৰ ওচৰত। নাজানো সি কি বুজিছিল, কিন্তু তাৰ উপস্থিতি মাকৰ বাবে কাম্য নহয় বুলি একদম সৰুতেই সি বুজিছিল।”

“অম্লানক মাকে মাৰপিত কৰিছিল নেকি?”
“নাই নাই তেনেকুৱা একো পৰিস্থিতি উদ্ভৱ কেতিয়াও হোৱা নাছিল বৰঞ্চ মনাই তাক কেতিয়াও একোলা লৈ নাপাইছিল যদিও মাহৰ শেষত তালৈ প্ৰায় দোকানখন উঠাই অনাৰ দৰেই বজাৰ কৰি আনিছিল। মাক অথবা মোক তাৰ কাপোৰৰ চাইজ সুধি লৈ মাৰ হাতত এসোপা বস্তু আনিদিছিল মনাই।”

“আপোনাৰ আৰু তেওঁৰ মাজত সম্পৰ্ক কেনেকুৱা আছিল তেতিয়া?”

ফুকনে মাজতে সোধে,

” এই ধৰক পেয়িং গেষ্ট জাতীয় এটা সম্পৰ্ক।
…….

নাই আচলতে তেনেকুৱা বুলিও কোৱা শুদ্ধ নহ’ব কাৰণ,অম্লানৰ জন্মৰ ঠিক এমাহ মানৰ পিছৰ পৰাই তাইৰ চাকৰিটোৰ বাহিৰেও ব্যস্ততা বাঢ়ি আহিছিল,মিটিং,অফিচ,ইত্যাদি ইত্যাদি ধৰণৰ ,কেতিয়া ক’ত গৈছিল, কাৰ সৈতে গৈছিল মই বা মায়ে কেতিয়াও গম পোৱা নাছিলো, আচলতে বহুত সৰুতেই দেউতাক হেৰুৱাইছিলো মই ,মায়ে মোক নৈতিক শিক্ষাৰে পুষ্ট কৰি ডাঙৰ কৰিছিল। প্ৰতিজন মানুহৰ এখন ব্যক্তিগত জগত আছে, তাত অনাধিকাৰ প্ৰৱেশ মুঠেই শুদ্ধ কথা নহয় বুলি শিকিছিলোঁ মই। গতিকে তাই যিহেতু নিজে একো কোৱা নাছিল আমিও সোধা নাছিলো,কিন্তু বুজি পাইছিলোঁ মনাৰ হাতত টকা-পইচা বাঢ়ি আহিছিল, চখবোৰ বাঢ়িছিল ,বহু ক্ষেত্ৰত অদৰকাৰী আছিল চখবোৰ।”

“বেডৰুমৰ একান্তই ব্যক্তিগত সময়ত তেওঁ কেতিয়াও কোৱা নাছিল নে তেওঁ নিজৰ কথাবোৰ?”

“অম্লানৰ জন্মৰ পিছত হস্পিতেলৰ পৰা ঘূৰি আহিয়েই চ’ৰাঘৰৰ সিটো মূৰত থকা আলহীৰ কোঠাটোলৈ তাই নিজৰ বস্তুবোৰ লৈ গুচি গৈছিল, তেনেস্থলত ব্যক্তিগত বুলি কোনো কথা বা পল আমাৰ মাজত নাছিল তেতিয়া।”

“আপুনি কিয় একো প্ৰশ্ন নকৰিলে পত্নীৰ এই কর্ম কাণ্ডত?”

ডাঃ ফুকনে প্ৰীতমৰ অসুস্থতাৰ কাৰক হিচাপে পৰিগণিত বিষয়টো কেতিয়া ক’ত আৰম্ভ হৈছিল তাৰ যেন আভাস তৎক্ষণাত পাই উঠে, তেনে ভাবত কথাটো সোধে তাক।

“তাই ইমানেই গহীন হৈ থাকিবলৈ লৈছিল যে কথা এষাৰ আলোচনা কৰিবৰ বাবে কিঞ্চিৎ পৰিবেশ এটাও নাছিল। তাৰোপৰি মই আহত হৈছিলোঁ,তাইৰ ব্যৱহাৰত গতিকে মই কোনো কথা সুধা নাছিলোঁ তাইক।মোৰ বাবে এজন পুৰুষ হিচাপে তাইৰ অৱজ্ঞা অসহ্যকৰ আছিল।

তথাপিও এদিন মা আৰু অম্লানৰ অনুপস্থিতত তাইৰ কোঠাত সোমাই গৈ তাইৰ কাষতে বহি সুধিছিলোঁ তাইক।

“কিহৰ বাবে মোক শাস্তি দিছা মনা?”

বেপেৰুৱা ভাবে কৈছিল তাই,

“তোক শাস্তি দিবলৈ মই কোন?তোৰ কাৰণে সন্তানটো ফাষ্ট প্ৰায়ৰিতি আছিল, তোক দিলোঁ সেই মতেই, মোৰ কথা ভাবিছিলি জানো তেতিয়া, তেন্তে এতিয়া মই মোৰ মতে থকাত তোৰ কি অসুবিধা হৈছে?”

“তুমি আমাৰ প্ৰেমৰ চিনটোক আজিলৈ মৰম কৰা নাই, তুমি নিজৰ বাবে বেলেগ ৰুম ঠিক কৰি লৈছা,দিনৰ দিনটো বাহিৰতে থকা কিয় মনা? তুমি কি এনেকৈ গোটেই জীৱনটো কটাম ভাবিছা নেকি?তাৰ বাবেই তুমি মোলৈ আহিছিলা মনা?

উষ্মাৰে কথা কেইটা কোৱাৰ লগতে তাইৰ দুবাহুত ধৰি জোকাৰি দিছিলোঁ মই……

মোৰ হাত দুখন আচাৰ মাৰি আঁতৰাই দিছিল তাইৰ বাহুৰ পৰা, আৰু মোৰ দৰেই একেই সমান উষ্মাৰে তাই কৈ গৈছিল, নাই সেই কেইটা মাত্ৰ কথা নাছিল, এপাত শৰ হৈ কলিজাটো ফালি নিছিল সেই বাকীবোৰে।

“মইতো কেঁচুৱা এটা এতিয়াই জন্ম দি চাৰি বেৰৰ মাজত এজনী ঘৈণী আৰু মাক হৈ বন্দী হ’ব খোজা নাছিলোঁ।মাক হবলৈ মোৰো খুব মন আছিল, কিন্তু এতিয়াই নহয়, বিয়াৰ পিছৰে পৰা অভাৱৰ সৈতে যুঁজি যুঁজি এতিয়া অলপ উশাহ লৈ তোৰ সৈতে একান্তই ব্যক্তিগত সময় কটাব বিচাৰিছিলোঁ, ভাল সময়, মৰম দিব, আৰু মৰমৰ নৈখনত সাঁতুৰিব বিচাৰিছিলোঁ। কিন্তু নাই তোক সন্তান লাগে। বাপেক হোৱাৰ চখ।”

মই জোৰ কৰা নাছিলোঁ যে সন্তান লাগিবই, কিন্তু অবাঞ্চিত ভাবেই নহওঁক কিয় ভ্ৰূণটি তোমাৰ গৰ্ভত থিতাপি লোৱাৰ পিছত সেই প্রাণটোৰ হত্যা মই মানি ল’ব পৰা নাছিলোঁ,সেই বাবেই মই তাৰ জীৱন কামনা কৰিছিলোঁ
আৰু এতিয়া ,এতিয়াও আমাৰ মাজত সময় আছে,আমি এতিয়া কিয় সময়বোৰ ধুনীয়া কৰিব নোৱাৰো মনা’……?”

“ঠাট্টাৰ হাঁহি এটা এৰি দিছিল তাই, বেৰবোৰত ঠেকা সেই হাঁহিটোৱে এটা বিৰাটকাৰ দৈত্যৰ ৰূপ ধাৰণ কৰিছিল,মোক যেন ডিঙি চেপি মাৰিব পেলাব সি…….

মনাই কৈ গৈছিল

বিয়াৰ পিছত কোনবা দিনা বিছনাত মোক তই সুধি পাইছিলি নে, মই তৃপ্ত হৈছোনে?

মোৰ orgasmৰ তিল মাত্ৰাও খবৰ আছিল নে তোৰ?

পোন্ধৰ বিশ মিনিটত নিজৰ ভাগৰ সন্তুষ্টিৰ শেষত মোৰ শৰীৰটোৰ পৰা নামি যোৱাৰ বেলিকা এবাৰ মনলৈ প্ৰশ্ন আহিছিল নে তোৰ

মনা সন্তুষ্ট হ’ল নে নাই বুলি?

এবাৰলৈ মোৰ মনটো পঢ়ি চাবলৈ যতন কৰিছিলি জানো তই?

তোক natural way ত সুখ দিবলৈ গৈ গৰ্ভ নিৰোধকৰ শ্ৰাদ্ধ পতা মই জনীৰ খবৰ লবলৈ তোৰ সময় আছিল জানো?

নাছিল, নাছিল,

তেতিয়া তোৰ বাবে গাঁওৰ মিটিংখন এটা গুৰুত্বপূৰ্ণ বিষয়।

নিজৰ বিবাহিতা পত্নীৰ ইন্দ্ৰিয় সুখৰ খবৰ লবলৈ অপাৰগ মানুহটোৱে যেতিয়া মানুহৰ অধিকাৰৰ কথালৈ দীঘলীয়া ভাষণ দি ফুৰ’, কি মন যায় জাননে থুৱাই দিম তোৰ মুখত।

এজনী ঘৈণীৰ কি দৈহিক ভাবে সন্তুষ্ট হোৱাৰ অধিকাৰ নাই নেকি?নে সেইবোৰ সমাজ বৰ্জিত কথা?

বিছনাত তোৰ orgasmৰ লগতে যে মোৰো কিবা এটা তেনে ধৰণৰ প্ৰয়োজন থাকিব পাৰে এদিনলৈ যদি তই অনুভৱ কৰিলি হয় মইয়ো হয়তো এইজনী মনা নহলোঁ হয় জাননে!

তোক সুখ দিবলৈ গৈ তোৰেই অসাৱধানতাত মোৰ পেটত ৰৈ যোৱা ভ্ৰূণটো গুচাই পেলাবলৈকো তই মোক অনুমতি নিদিলি।

আৰু এতিয়া ,এতিয়া মোক সুধিছ’ তোৰ লগত এটা ৰুমত কিয় নাথাকো মই?

তোৰ লগত থাকিব লাগে মই ন’ , যাতে তই sexউপভোগ কৰি মোৰ গাত আৰু এটা ভ্ৰূণ থাপি দিব পাৰ’

সেই সুবিধা তোক মই নিদিওঁ।মই মোৰ জীৱনটো মোৰ মতে ধুনীয়া কৰি ৰাখিম।তোৰ পইচাৰ প্ৰয়োজন নাই মোক, মই নিজেই ঘটিব পাৰো পইচা। আৰু শুন মই কি কৰি আছো, ক’ত গৈ আছোঁ সেইয়া তোক কোৱাৰ প্ৰয়োজন নাই মোৰ, কাৰণ ন’কইনা হৈ তোৰ বাবে দিন ৰাত অপেক্ষা কৰা এই মনালিছাই তই ক’ত আছ খবৰ পোৱা নাছিল।”

তাইৰ কথাখিনি মোৰ স্বাভিমানী ভাঙি চূৰ্ণ বিচূৰ্ণ কৰিবলৈ যথেষ্ট আছিল।তাইৰ ৰুমৰ পৰা থৰক বৰকৈ ওলাই আহি বাৰাণ্ডাৰ চকীখনত ধুপুচকৈ বহি দিছিলোঁ মই।চক্ৰকাৰে মূৰটো ঘূৰাই আছিল মোৰ। ভিতৰৰ পৰা মনাৰ ৰাউচি জোৰা চিঞৰ ভাঁহি উঠিছিল, কিন্তু মোৰ উঠি গৈ তাইক নিচুকাবৰ জোখাৰে সাহস নাছিলোঁ। কান্দক তাই, চেপি ৰখা কথাবোৰ খুলি কৈ তাই কান্দি কান্দি অৱশিষ্ট বেদনাবোৰ চকুৰ পানী হিচাপে উলিয়াই দিব খুজিছে,কান্দক তাই, সেই ভাবিয়েই চকীখনত প্ৰস্তৰ মূৰ্তি এটা হৈ বহি ৰৈছিলোঁ মই।”
……..

………(আগলৈ)……….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *