জীৱন পাশা (১৯) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(১৯)

আৰু সেই দিনটোৱেই আছিল মোৰ আৰু মনাৰ অন্তিম মুহূৰ্ত । দীঘল হুমুনিয়াহ এটা এৰি প্ৰীতম এখন্তেক ৰৈ লয়। বিৱৰ্ণ হ’বলৈ ধৰা প্ৰীতমৰ মুখখন দেখিয়েই,ডাঃ ফুকনে বুজে বিষাদৰ গভীৰপৃষ্ঠা এটা, যাক তেওঁ অতি কষ্টত সামৰি সুঁতৰি ভৰাই থৈছিল, আজি সেই পৃষ্ঠাটো খুচৰি দিয়াত বুকুৰ বিষটো অতি মাত্ৰাত সক্ৰিয় হৈ উঠিছে।কথাবোৰ আজিলৈ আৰু আগ নবঢ়োৱা উচিত তাকে ভাবি প্ৰীতমক সোধে তেওঁ

” বাৰু বাকী কথা কাইলৈ মোৰ চেণ্টাৰত লগ পাই শুনিম,এতিয়া আপুনি বৰ্তমান কেনেকুৱা অসুবিধা পাই থাকে সেইটো কওকচোন মোক?”

“মোৰ মানে টোপনিটো নাহেই, দৰৱবোৰ খালে টোপনি আহে, কিন্তু তেতিয়া সপোন দেখাৰ দৰে এই কথাবোৰ দেখা পাওঁ।কিবা এটা ভয়ে হেঁচি ধৰে আৰু মই উচপ খাই সাৰ পাই যাওঁ।আৰু অনবৰতে এটা ভয় লাগি থাকে কিন্তু কিয় মই নাজানো।চাকৰিটো মই এৰা দিন হ’ল,হ’লেও মনলৈ আহি থাকে মোক যেন কোনোবাই চাকৰিটোৰ পৰা খেদি দিব,ই অম্লান সৰু হৈ আছে, মা নোহোৱা হ’ল, মই যদি মৰি যাওঁ কি হ’ব তাৰ ,এনেধৰণৰ কথাবোৰ আহি থাকে মোৰ,সৰু লৰাটো যে মাকৰ কথাবোৰ গম পাই তাইক মাৰিব খেদিছে তেনে কথা কিছুমান আহি থাকে মনলৈ। “

“উম”
ডাঃ ফুকনে অনুমান কৰে তেওঁৰ সমস্যাৰ বিষয়ে,পিছদিনা ভালকৈ কথাবোৰ জানি উঠি দুটামান পৰামৰ্শ দিয়াৰ কথা কৈ তেওঁ ঋষিকালৈ ফোন লগায়,
“আঁহা তোমালোক,ডিনাৰটো কৰি লওঁ”
সিহঁত অহালৈ খোৱা বস্তুবোৰো টেবুলত আহি পাইছিল ইতিমধ্যে। যান্ত্ৰণাদায়ক অধ্যায়বোৰ এৰাই জীৱনৰ বাটত আগবাঢ়ি যোৱাটো কোনো কালেই ভাতৰ লগত পানী খোৱা ধৰণৰ সহজ কাম নহয়। তথাপিও মানুহ হিচাপে নিজকে জীয়াই ৰাখিবলৈ আৰু জীৱনৰ যুঁজখনত হাৰি নোযোৱাকৈ তিষ্ঠি থাকিবলৈ হ’লে কিছুমান পৃষ্ঠা জীৱন নামৰ ডায়েৰীৰ পৰা ফালি পেলোৱা উচিত। কিন্তু পৰা নাযায়, ক’বলৈ যিমান উজু, কৰিবলৈ হাজাৰ টান কাম সেইয়া। এই টনা আঁজোৰাৰ মাজেৰেই জীৱন গৈ থাকে,গৈ থকাৰে যে নিয়ম।

ৰাতিপুৱা শুই উঠিয়েই অম্লান আৰু অনিমেশে সিদ্ধান্ত লয় দেউতাকক ডাঃ ফুকনৰ ওচৰলৈ পঠিয়াই সিহঁতে গৈ এবাৰ শান্তনুক লগ কৰি আহিব। কাৰণ ডাঃ ফুকনে কোৱা মতে প্ৰীতম মান্তি হ’লে তেওঁক অলপ দিনৰ কাৰণে চেণ্টাৰতে ৰখা ভাল হয়। ঘৰৰ পৰিৱেশৰ একঘেয়ামীৰ পৰা এটা নতুন পৰিবেশ পালে তেওঁৰ বাবেই ভাল আৰু কেইদিনমান পিছতেই অম্লানেও যিহেতু চাকৰিটো জইন কৰিব তাৰ আগতেই এবাৰ ভায়েকৰ সৈতে লগ কৰি অহাটো উচিত।

সূৰ্যই ভুমুকি মৰাৰ লগতেই ব্যস্ত হৈ উঠা মহানগৰীৰ ব্যস্ততা ফালি স্কুটীখনলৈ প্ৰীতমক নিবৰ কাৰণে ঋষিকা আহি অম্লানহতঁৰ হোটেল ওলায়, ন’ বাজি গৈছে হে তেতিয়া ।

“আংক’ল জলদি ৰেডী হওঁক, মই আপোনাক পাপাৰ ওচৰত নমাই থৈ মোৰ ফ্রেণ্ড এজনীৰ তাত যাম। কাম আছে।”

“তুমি আমাৰ লগত হে যাবা ভাবি আছিলোঁ,”

অৰ্থপূৰ্ণ হাঁহি এটাৰে ঋষিকাক জোকাই অনিমেশে….

“মামা”
সৰু ছোৱালী এজনীৰ লেখীয়া তাই থুন-থুনাই উঠে। অনিমেশে হাঁহি হাঁহি কেক এটুকুৰা তাইলৈ আগুৱাই দিয়ে,ব্ৰেকফাষ্ট কৰি থকাৰে পৰা।

অনিমেশ আৰু প্ৰীতমৰ চকুত নপৰাকৈ ফ্লায়িং কিচ এটা অম্লানৰ চকুলৈ চাই এৰি দিয়েই তাই দুৱাৰখন খুলি ওলায় যায়,আপুনি আহি থাকক মই তললৈ গৈছোঁ বুলি কথা কেইটা প্ৰীতমক উদ্দেশ্য কৰি কৈ থৈ যায়।

“পখিলী জনী”

প্ৰীতমে স্বগতোক্তি কৰাৰ দৰে তাই ওলাই যোৱাৰ ফালে চাই কৈ উঠে।

মিছেনেৰী স্কুলখনৰ ভিজিটৰ কক্ষত অম্লান অনিমেশৰ ওচৰত বহি ৰৈছে,উৎকণ্ঠা এটাত বুকুখন ৰিণি ৰিণি কঁপিছে।

“অম্লান তুমি একদম সহজ হৈ কথা পাতিবা ভাইটিৰ লগত,তোমাৰ চকুত অসহজ অনুভৱ এটা পঢ়িব পাৰিলে শান্তনুক তুমি লগ কৰিবলৈ যোৱাৰ কোনো অৰ্থ নাথাকিব।বহুত দিনৰ মূৰত তোমাক দেখিলে দেউতাৰ চকু কেইটা যিদৰে জিলিকি উঠে, তেনে এটা জিলিকনি তোমাৰ চকুত আনিবলৈ প্ৰয়াস কৰিবা, জানো মই ইমান সহজ নহ’ব,কথাবোৰ তোমাৰ বাবেও কিন্তু চেষ্টা কৰিব লাগিব। তাৰ মানসিক স্বাস্থ্যৰ কথা আছে, তোমাৰ লগত আইতা, মামা আৰু ককাৰ আদৰ আছিল,হ’লেও তুমি কিমান কষ্ট পাইছিলা, তালৈ চোৱা, সি অকল প্ৰীতম আংক’লৰ মৰমহে পাইছে ।তাক তোমাৰ মৰমৰ খুবেই প্ৰয়োজন আছে। তুমি পাৰিবা, মোৰ বিশ্বাস আছে তোমাৰ ওপৰত”

আগদিনা ৰিজৰ্টৰ বাহিৰৰ চকীখনত বহি ঋষিকাই কোৱা কথাবোৰ অম্লানৰ মনত পাক ঘূৰণী খাই আছিল তেতিয়া।

স্কুলৰ চিষ্টাৰ এগৰাকীৰ সৈতে ভিজিটিং ৰুমৰ দুৱাৰ মুখত সেমেনা সেমেনকৈ ৰৈ থকা শান্তনুক অনিমেশে গৈ কোলাত তুলি লয়।

“কি খবৰ তোমাৰ, কি কৰি আছিলা তুমি?”

অত্যুৎসাহী অনিমেশৰ প্ৰশ্নটোৰ উত্তৰত তেনেই লাহেকৈ সি উত্তৰ দিয়ে,

“ক্লাছত আছিলোঁ মই,মোৰ ভালেই।”

“কি খালা তুমি?”

মোমায়েকৰ কাষত বহি থকা অম্লানৰ চকুলৈ চাবলৈ সাহ কৰা নাছিল যদিও, অচিনাকি আগন্তক জন কোন হ’ব পাৰে ,তাত শান্তনুৰ কৌতূহল আছিল।অম্লানৰ মুখলৈ এবাৰ আৰু মোমায়েকৰ মুখলৈ চাই উত্তৰটো দিয়ে সি

“ব্ৰেকফাষ্ট”

“হাই! মোক চিনিপোৱা নাই ন’ তুমি, মই তোমাৰ দাদা অম্লান”
অম্লানে নিজৰ হাতখন তালৈ আগুৱাই দিয়াত সৌজন্যতাৰ খাতিৰত শান্তনুৱেও নিজৰ হাতখন আগবঢ়ায়।

তাৰ হাতখনত ধৰি অম্লানে শান্তনুক নিজৰ কোলাত তুলি লয়।

অচিনাকি এজনৰ কোঁচত বহি অপ্ৰস্তুত হয় শান্তনু।
“পাপা ক’ত মামা?”
অনিমেশক সোধে সি।
পকেটৰ পৰা চকলেট এটা উলিয়াই তাৰ হাতত দিয়ে অম্লানে।আৰু কয়

“আমাৰ পাপাৰ জ্বৰ হৈছে,ডাঃ ঘৰত আছে, সেই কাৰণে নাহিল । পাপাৰ অসুখ ভাল হ’লেই তোমাক নিবলৈ আহিম আমি”

“পাপা ভাল হোৱাই নাই?”

তাৰ মুখখন বেজাৰত কোঁচ খাই উঠে।তাৰ মনত আছে দেউতাকৰ বেমাৰ কাৰণেই মোমায়েকে তাক ইয়াত থৈ গৈছিল। অকণমানি কলিজাটো একমাত্ৰ প্রিয় মানুহজনৰ অসুস্থতাৰ খবৰটোত মোঁচৰ খাই উঠে। অনুভৱ কৰিব পাৰে অনিমেশ আৰু অম্লানে।

“পাপা ভাল হৈ যাব, ডাঃ মামাই ঠিক কৰি দিব নহয়, এতিয়া ব’লা আমি অলপ ফুৰি আহোঁ আৰু লান্স কৰি আহোঁ।”

মোমায়েকৰ কথাত সি আশ্বস্ত হ’ব নোৱাৰে, অচিনাকি যদিও এইমাত্ৰ তাৰ ককায়েক বুলি চিনাকি হোৱা অম্লানৰ মুখলৈ চাই পঠিয়াই সি,নিশ্চিত হ’ব বিচাৰে, দেউতাকৰ স্বাস্থ্যৰ বতৰাটোত।

অম্লানে তাক জোৰকৈ সাৱটি লৈ তাক আশ্বস্ত কৰিবলৈ কয়
“মামাই একদম সঁচা কথা কৈছে,পাপা ঠিক হৈ গ’লেই তোমাক আমি নিব আহিম আৰু পাপা সোনকালে ঠিক হৈয়ো যাব ,চাই থাকা তুমি।”

“এতিয়া যোৱা আৰু গেট ৰেডী, আমি ফুৰিবলৈ যাব লাগে,আমি আজি পিজ্জা খাম আৰু আইস্ক্ৰীম খাম হ’ব নে।”
শান্তনুৰ পেটত ভাকুট কূটাই দিয়ে সি।

হাঁহি এটা প্ৰাণ পায় উঠে,
সেই এটাই হাঁহি তিনিওৰে মুখৰে বাগৰি যায়।

ঋষিকাই স্কুটিখন চেণ্টাৰটোৰ গেটৰ মুখতে ৰখাই থৈ প্ৰীতমক দেউতাকৰ কেবিনলৈ লৈ যায়।

“পাপা এইয়া লোৱা তোমাৰ ফ্রেণ্ড,এতিয়া মই যাওঁ,তোমালোকে কথা পাতা”

“গুড মৰ্নিং মিঃ প্ৰীতম”

ফুকনে হাঁহি এটাৰে আদৰণি জনায়।

ডাঃ ফুকনৰ গালত তপকৈ চুমা এটা দি প্ৰায় দৌৰ দিয়াৰ দৰেই ওলাই যায় তাই। বহুত দিনৰ মূৰত লগ পাইছে,ঋষিকাই অম্লানক, ইচ্ছা কৰা হ’লে আজি সিহঁত ফুৰিব যাব পাৰিলে হয়,কিন্তু তাই নিজেই তাক ভায়েকৰ সৈতে দিনটো কটাবলৈ পঠিয়াই দিছে ।কাৰণ তাই জানে শান্তনু আৰু অম্লানৰ একেলগে সময় কটোৱা খুব প্ৰয়োজন আছে আৰু তাই অম্লানহতঁৰ বাবে অলপ শ্বপিং কৰিবলৈ যাব লাগে,চাৰপ্ৰাইজ দিব তাই ।গতিকে সি আজি ব্যস্ত থকাটো তাইৰ বাবে সুবিধাজনক।হেলমেটটো পিন্ধিলৈ তাই এইবাৰ পল্টনবজাৰ অভিমুখে স্কুটী ঘূৰায়।

“গুড মৰ্নিং মিঃ ফুকন”

ঋষিকা ওলাই যোৱাৰ পিছতেই ডাঃ ফুকনক প্ৰতি সম্ভাষণ জনাই প্ৰীতমে।

“এই চাগৈ ওৰে বাটটো আপোনাৰ মূৰটো চোৱাই দিলে চাগৈ ন’…”
হাঁহি হাঁহি সোধে ঋষিকেষ ফুকনে

“নাই নাই বৰ মৰমিয়াল তাই,কথাবোৰ ভাল লাগে তাইৰ”
হাঁহি এটাৰে সৈতে প্ৰীতমে কথাটো কয়।

” বাৰু কালি টোপনি হ’ল নে আপোনাৰ?

“হয় মোটামুটি ভাল টোপনি এটাই হ’ল বাৰু”

“উম খুব ভাল কথা,মই ভাবিছোঁ মোৰ বন্ধু বহুত কম,গতিকে আপোনাক দুদিনমান ৰাখি থওঁ,মোৰ ভাল লাগিব আপুনি থাকিলে,যদি আপোনাৰ অসুবিধা নহয়।”

প্ৰকাৰন্তৰে কথাটো সোধে প্ৰীতমক তেওঁ।

“হয় নেকি পিছে মই ডাঙৰ মাইনাৰ লগত কথাটো পাতি আপোনাক জনাম বাৰু!”

প্ৰীতমে সাধাৰণ ভাবেই উত্তৰ দিয়ে।

তাৰ উত্তৰটো আৰু কথাটো কোৱাৰ ধৰণ দেখিয়েই ডাঃ ফুকন নিশ্চিত হয়, প্ৰীতমৰ মনটো আছে নিজক সুস্থ কৰাৰ।

“বাৰু এতিয়া আপুনি কথা আগবঢ়াই নিয়ক,তাৰ পিছত কি হ’ল?

ডাঃ ফুকনে কথাবোৰ আৰম্ভ কৰিবলৈ দিয়ে প্ৰীতমক। সি অতীতৰ পৃষ্ঠাটো পুনৰ খুলি লয়,

“মনাৰ মুখত হাঁহি এটাই ঘৰ সাজিছিল সেইদিনা, বহুত দিনৰ পিছত মাক নিজ মুখেৰে এইটো ৰান্ধিবচোন খোৱা নাই বুলি কৈছিল মনাই, মা আৰু মই দুয়ো নেদেখা জনক ধন্যবাদ দিছিলোঁ, মনাই তাইৰ সিদ্ধান্ত সলনি কৰিলে বুলি ভাবি, পিতৃ হবলৈ ওলোৱাৰ সুখত মোৰ চকুত পানী দুটোপাল জমা হৈছিল তেতিয়া।

দুদিনমান ভালেৰেই যোৱাৰ পিছত এদিন নিশা ভাতৰ পাতত বহি তাই মাক ক’লে,

“মা মই দুদিনমানৰ কাৰণে ঘৰলৈ যাব বিচাৰিছোঁ”
আমি আচৰিত হৈছিলোঁ কি কৰা যায় এতিয়া, মায়ে খুব মৰমত আৰু কোমলকৈ তাইক বুজাইছিল,
“আমি খবৰ পঠিয়াম, যদি তোমাৰ দেউতা মান্তি হয় তুমি যিমান দিন ইচ্ছা কৰা থাকিব পাৰিবা তাত আমাৰ আপত্তি নাই। তোমাৰ দেউতাৰ লগত আলোচনা কৰিবলৈকে কিন্তু তুমি ৰব লাগিব মাজনী।

মাৰ কথাত তাই মান্তি হৈছিল আৰু শহুৰ দেউতাই তাইক ঘৰলৈ মাতিছিল।

অনিমেশে নিজেই আহি লৈ গৈছিল তাইক, শিৰৰ আলিটো দগমগীয়াকৈ জিলিকাই ,মুগাৰ মেখেলা আৰু পাটৰ ৰিহাখন পিন্ধি মোৰ বাৰাণ্ডা নেওচি ককায়েকৰ সৈতে যোৱা মনাক দেৱী যেন লাগিছিল সেইদিনা।

দুদিনমান ককায়েক দেউতাকৰ লগত থাকিবলৈ যোৱা মনালিছাক ৰাতি আঠ মান বজাত অনিমেশে পুনৰ ঘূৰাই লৈ আনিছিল। তাইৰ খঙত ফুলি উঠা মুখখন আৰু বাৰিষাৰ আকাশখনৰ দৰে ডাৱৰীয়া অনিমেশৰ মুখখন দেখি ভয়ংকৰ বিপদৰ সংকেত পাইছিলোঁ মই।

“কি হ’ল মাজনী” বুলি মায়ে তাইক সোধা কথাটোৰ কোনো উত্তৰ নিদিয়াকৈ।ধুমুহাৰ দৰে তাই ভিতৰলৈ সোমাই গৈছিল। মই অনিমেশক বহিবলৈ দি অপেক্ষা কৰিছিলোঁ সি কোৱালৈ কি হৈছিল সিহঁতৰ ঘৰত..

নীৰৱতা ভাঙি অনিমেশে কৈ গৈছিল

“ভন্টীয়ে কৈছে, তাই দেউতাৰ ভাগৰ যিখিনি সম্পত্তি পাই তাইক লিখি দিব লাগে নহ’লে তাই সন্তান জন্ম নিদিয়ে”
“কি……..”
এটা গেঙনীৰ ৰূপ লৈছিল শব্দটোৱে
পৃথিৱীখন ৰৈ গৈছিল মোৰ বাবে, নিজৰ সন্তানটি জন্ম দিবলৈ তাইক বাপেকৰ সম্পত্তি লাগে,কি অযুক্তিকৰ কথা

মোক দুগুণে আচৰিত কৰি অনিমেশে আৰু কৈ গৈছিল,

“তাই আৰু কৈছে ,সম্পত্তি খিনি পালে তাই সন্তানহে জন্ম দিব কেৱল, সন্তানটিৰ কোনো দায়িত্ব লৈ থাকিবলৈ তাইৰ সময় নাই, তাক আমি কোনে ডাঙৰ দীঘল কৰো সেইটো আমি আলোচনা কৰি লব লাগিব।

কথা কেইষাৰ শুনি মই থিৰেৰে থাকিব পৰা নাছিলোঁ,নাজানো মা নে অনিমেশে ধৰি মোক বহুৱাই দিছিল । মই একো চিন্তা কৰিব পৰা অৱস্থাত নাছিলোঁ তেতিয়া চকুৰে ধোঁৱা কোঁৱা দেখিছিলোঁ। খুব চিঞৰি চিঞৰি কান্দিবলৈ মন গৈছিল কিন্তু অদৃশ্য কিবাই যেন মোৰ ডিঙিত চেপি হে ধৰিছিল…..

…….(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *