জীৱন পাশা ( ১৮) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

( ১৮)

তেওঁলোকক চ’ৰা ঘৰতে বহুৱাই মা সোমাই গৈছিল ভিতৰলৈ তেওঁলোকৰ বাবে পানী আনিবলৈ বুলি। কি কথা পাতিম ভাবি মই এচুকত ঠিয় দি থাকোতেই ভিতৰৰ পৰা ধুমুহাৰ গতিৰে ওলাই আহি কোনো লাক বান্ধ নোহোৱাকৈ মনাই আৰম্ভ কৰিছিল,

“দেউতা মোৰ ভাগৰ বুলি তোমাৰ সম্পত্তিৰ পৰা কিবা এটা অংশটো পাম মই,মানে পাব লাগে নিয়ম মতে, সেই ভাগৰ সম্পত্তি খিনি অথবা টকা মোক লাগে, যিমান সোনকালে পাৰা মোক দিয়া।”

গহীন ভাবেই দেউতাই তাইক প্ৰশ্ন কৰে ,

“তোমাক কিয় সম্পত্তিৰ ভাগ লগা হ’ল, হঠাৎ। আৰু কি ইমান বিপদ আহিল যে পইচাৰ ইমান দৰকাৰ হৈছে?”

মোৰ পুৰুষত্বক আঘাত কৰি , লাজ সন্মান কাটি তাই আস্ফালন কৰি উঠে,

“তোমালোকে ঠিকেই কৈছিলা, জানানে ইয়াৰ লগত বিয়া হোৱাৰ সিদ্ধান্ত মোৰ জীৱনৰ ডাঙৰ ভুল । সি মোক এজনী মানুহক এটা স্বচ্ছল জীৱন দিব পৰা নাই, সি এতিয়াই আকৌ মোক মাক হ’বলৈ দিয়ে। কি কৰি খুৱাব সি? আৰু মই নিজেও এতিয়া কেঁচুৱা এটা বিচৰা নাই। কিন্তু ইহঁত মাক পুতেকে মোক এৱৰ্শ্যন কৰিবলৈ বাধা দিছে। পইচা নাই, ক’ৰ পৰা দিব, সেই কাৰণে মোক কেঁচুৱা জন্ম দিবলৈ দিছে। মই এইবিলাক জঞ্জালত সোমাব নাই, এই কেঁচুৱাটোৰ এৱৰ্শ্যন কৰিবলৈ মোক জলদি পইচা দিয়া।”

আমি তলকিবই নোৱাৰিলোঁ, শহুৰ দেউতাই এটা প্ৰচণ্ড চৰ সোধাই মনালিছাক উঠি আহি।চৰটোত উৰ্ফাল খাই পৰিবলৈ লোৱা মনাক আথে বেথে বুকুত সুমুৱাই লৈছিল মায়ে প্ৰায় দৌৰি অহাদি আহি।

মনা লৈ চাইছিলো, এটা শব্দ নকৰাকৈ বহি আছিল তাই, চৰটো খাই কান্দিও উঠা নাছিল, নাকৰ পাহি দুটা ফুলি উঠিছিল তাইৰ। বুজিছিলোঁ মই ভীষণ খং এটা কিবাকৈ চেপি ৰাখিছে তাই। শহুৰ দেউতাৰ চকুহাল পকা অঙঠাৰ ৰূপ লৈছিল। মই কি ক’ম, তেওঁ তাইৰ দেউতাক ,তাত মই কি মাত মতা উচিত জানো, দোধোৰ মোধোৰ আছিল মোৰ অৱস্থা।

বেংকৰ চাকৰিয়াল গহীন আৰু অল্পভাষী মানুহজনলৈ নে জেদ আৰু আক্ৰোশত ৰঙা মোৰ মৰমৰ পত্নীলৈ মোৰ বেয়া লাগিছিল মই বুজা নাছিলোঁ জানে, নহয় আচলতে মই লজ্জানত হৈছিলো, মোৰ নিজৰ অৱস্থাটোক লৈ। নিজৰেই ওপৰত খং উঠিছিল মোৰ,নিজৰ অপাৰগতাৰ বাবে। কিন্তু মই উপায়বিহীন, মৰা গছ এজোপাৰ দৰে ঠাইতে থিয় হৈ থাকিলোঁ মই ।

শহুৰ দেউতাই এটা এটাকৈ প্ৰতিটো শব্দত জোৰ দি কৈ গৈছিল,
“নিজৰ ইচ্ছাৰে তই প্ৰীতমলৈ বুলি মোৰ বুকুত গোৰ মাৰি গুচি আহিলি, তোকতো আমি বুজাইছিলোঁ, আৰু তইতো তেতিয়া তাৰ অৱস্থাটো নজনাকৈ নাছিলি, সি তোক প্ৰলোভন দিও অনা নাই। স্ব-জ্ঞানেৰে আহিছ তই, তাৰ পিছত তাক অপমান কৰাৰ সাহস ক’ত পালি তই?”
নিৰুত্তৰ হৈ বহি থকা মনালিছালৈ চাই গৰজি উঠিছিল দেউতাক।

“উত্তৰ দে, তই?”

মই মনে প্ৰাণে ভগৱানক খাটিছিলোঁ ওলোটাই একো কথাই যাতে মনাই নকয়। ভগৱানে মোৰ আকুটি শুনিছিল চাগৈ, তাই নিৰুত্তৰ হৈ মাৰ বুকুত মূৰটো গুজি একে ভাঁজে বহি আছিল, সৰু ছোৱালী এজনীৰ দৰে দেখা গৈছিল তাইক তেনেকৈ।

সৰুকৈ আৰু আগতকৈ নৰম সুৰত শহুৰ দেউতাই পুনৰ কথা আৰম্ভ কৰিছিল,

“তহঁতৰ জীৱনলৈ অহা এই ফুলকলিটো তই মোহাৰি পেলাব নালাগে। নালাগে মানে নোৱাৰিবি।প্ৰীতমৰ আৰু তাৰ মাকৰ সিদ্ধান্তত দ্বিমত নাই মোৰ। “

অলপ ৰৈ তেওঁ পুনৰ কৈ গৈছিল,

“আৰু শুন, তই প্ৰীতমৰ আৰ্থিক অৱস্থাটো লৈ ইমান চিন্তা কৰি নাথাকিবি, স্কুলখন চৰকাৰী হ’ল যেতিয়া লাহে লাহে সব ভাল হ’ব। তোক তোৰ ভাগৰ সম্পত্তিবোৰো দি দিম, সেইটোও চিন্তা কৰিব নালাগে, তই আহিব লগীয়া সন্তানটিৰ ভৱিষ্যতলৈ চিন্তিত হৈছ’ যেতিয়া, তাৰ নামতে উইল কৰি থম ,তই নিচিন্ত থাক।

দেউতাকৰ কথাত তাই ক্ষুণ্ণ হ’ল নে সুখী তাইৰ মুখলৈ চাই একো ধৰিব নোৱাৰিলো মই । মাৰ বুকুত কোঁচমোচ খাই সোমাই থাকি মাৰ চাদৰৰ আঁচলটো আঙুলিত মেৰিয়াই মেৰিয়াই নিৰ্লিপ্ত হৈ বহি থকা মনাৰ মুখত একো ভাৱলেশ নাছিল তেতিয়া।

কথাখিনি কৈ উঠি প্ৰীতম ক্ষন্তেক ৰয়। লেথাৰি ধৰি কথা কৈ কৈ সি হয়তো ক্লান্ত হৈছে। পুনৰ সন্মুখৰ টেবুলখনত থকা গিলাচটোৰ পৰা পানীৰ ঢোক এটা মুখত দিয়ে সি।

অন্য দিনাৰ দৰে মই এনেকৈ থাকিম তুমি সেই খিনি পৰা তেনেকৈ ফটোখন লোৱাচোন বুলি কবলৈ ঋষিকাৰ লাজ লাগে। ডিঙিত কিবা এটাই সোপা দিহে ধৰিছে যেন, একো কথাও সৰি পৰা নাই ঋষিকাৰ।

অতি সাধাৰণ ভাবে আৰ্টিফিচিয়েল লেকটোৰ পাৰত পতাইৰ কাষে কাষে খোজ কাঢ়ি অহা অম্লানৰ মুখলৈ চোৱা নাই তাই। তাৰ দাড়িৰ মাজত লুকাভাকু খেলি থকা হাঁহিটোলৈ আজি তাইৰ লাজ লাগিছে, তাৰ চকুত চকু পৰিলেই বিজুলীৰ গতিত বুকুখন ধপধপাই উঠিছে তাইৰ আৰু তাইৰ লগে লগে খোজ কাঢ়ি গৈ থকা অম্লানৰ হাতখনৰ অথবা বাহুটোৰ স্পৰ্শ লাগিলেই তাইৰ গাল আৰু কাণ দুখন যে ৰঙা পৰি যায় তাই নিজেই গম পাইছে।

“ঋষিকা এই খিনিতে ৰোৱাচোন ফটো এখন লওঁ, তোমাৰ। “

অম্লানৰ কথা মতেই ফটো এখনৰ বাবে ধুনীয়া ভঙ্গীমা এটাত ৰৈ দিয়ে তাই। কেইবাখনো ফটো সি মোবাইলৰ কেমেৰাত আবদ্ধ কৰি লয়। মোমায়েক অনিমেশৰ ফোন অহাত অকণমান আঁতৰি আহে সি লেকটোৰ পাৰৰ পৰা, হয়তো নেটৱৰ্ক নাছিল। অম্লান আঁতৰি যোৱা বাবে তাই অকলেই লেকটোৰ পাৰৰ ফুলবোৰৰ সৈতে ব্যস্ত হৈ পৰে।ফুলবোৰ চুই চাই আত্মবিভোৰ হৈ উঠে তাই। ইমান ধুনীয়া !দেউতাকে তাইৰ বাবে অম্লানক পচন্দ কৰে, উফ কি যে ভাল লগা কথা ,কথাটো মনলৈ অহাত মনটো নাচি উঠে তাইৰ।

হঠাৎ কঁকালটো কোনোবাই পিছফালৰ পৰা মেৰিয়াই ধৰে তাইৰ। খপজপকৈ পিছলৈ ঘূৰি চাবলৈ লওঁতেই আগন্তুকজনৰ জোতাত তাইৰ হিলপাত উজুটি খাই ,তেওঁৰ বুকুতে খুন্দা মাৰি যেনেতেনে নপৰাকৈ ৰয় তাই।আগন্তুক জনে তাইৰ বাঁউসীত ধৰি নোলোৱা হ’লে তাই নিৰ্ঘাত মুখ ঠেকেছা খাই পৰিলে হয়। পৰিবলৈ ওলোৱা লাজ, কোনে কঁকালত ধৰিবলৈ সাহ কৰে, আৰু এই অম্লানটো ক’লৈ গ’ল , গোটেই কেইটা কথাৰ মিশ্ৰ প্ৰতিক্ৰিয়াৰে জোৰকৈ আগন্তুক জনৰ বুকুৰ পৰা আঁতৰি আহিবলৈ লওঁতেই, তাইৰ কাৰ্ল কৰা চুলিৰ ভাগ এটা আগন্তুকৰ চাৰ্টৰ বুটামত লাগি ধৰে। উফ কিহে পাইছে আজি মোক বুলি বিৰক্তিৰে তাই চুলি কেইডাল বুটামৰ পৰা এৰুৱাবলৈ খপজপ কৰে।তাইৰ ব্যস্ত হাতখনত ধৰি তেওঁ আলফুলে তাইৰ কাণৰ কাষত ফুচফুচাই কয়, বুটামটো ছিগি গ’লে , মই কিন্তু লাজত পৰিম।

ধক ধক,

“অম্লান তুমি ইমান বদমাছ,মোক ভয় খুৱাই দিছা” বুলি তাৰ বুকুতে দুটামান ভুকু দিয়ে তাই।

হাঁহি হাঁহি আঁকোৱালি লয় সি তাইক

“চাওঁ এৰা মোক যাব দিয়া “

কৃত্ৰিম খং অকণ দেখুৱাই তাৰ দুবাহুৰ আবেষ্টনীৰ পৰা ওলাই অহাৰ অভিনয় কৰে ঋষিকাই। সি আৰু অলপ জোৰেৰে সাৱটি লয় তাইক। আচলতে তাইৰো ভাল লাগে, তাই কল্পনা কৰাৰ দৰেই সময়ৰ সৈতে অম্লানে বুকুৰ কিচিৰ মিচিৰ কোলাহল জাকক ভালপোৱা বুলি বুজি উঠিছে, সি পথ প্ৰশস্ত কৰিছে এটা নতুন যাত্ৰাৰ, বন্ধুৰ পৰা জীৱন সংগী হোৱাৰ বাটত ভৰি থবলৈ সি তাইৰ হাতত খামুচি ধৰিছে। তাই সুখী হয়, তাৰ ডিঙিত দুহাত মেৰিয়াই লয় তাই ।লাজ লাজ ভাবটো মিঠা মিঠা ভাললগা হৈ উঠে।

মেইন ক’ৰ্চ কিমান সময়ৰ পিছত দিব লাগিব সুধিবলৈ অহা ল’ৰাজন আঁতৰি যোৱাৰ পিছতে প্ৰীতমে পুনৰ আৰম্ভ কৰে,

” দেউতা আৰু অনিমেশে কথা বতৰা পাতি গুচি যোৱাৰ পিছত মই ৰুমলৈ যাওঁ।”

” খোলা খিৰিকীখনৰে বাহিৰলৈ একেথিৰে চাই বিচনাখনতে বহি আছিল তাই, চুলিবোৰ অযত্নৰ বাবেই খেলি মেলি হৈ বিশৃংখল ভাৱে চকুৱে মুখে বাগৰি পৰি ধুমুহাৰ পিছৰ গছগছনি বোৰৰ দৰে ৰূপ লৈছিল। চ’ৰা ঘৰৰ পৰা উঠি আহি অকলে অকলে ভালকৈ কান্দি লৈছিল তাই, চকু দুটা উখহি থকাৰ লগতে, গালত চকুপানী শুকাই গৈ কৰাল বান্ধিছিল।মই ৰুমলৈ যোৱা তাই গমেই পোৱা নাছিল নে,ইচ্ছাকৃতভাৱে মোৰ উপস্থিতি উপেক্ষা কৰিছিল মই অনুমান কৰিব পৰা নাছিলোঁ, মই লাহেকৈ গৈ তাইৰ কান্ধত হাতখন ৰাখি যিমান পাৰি সিমান মৰমৰে মাত দিছিলোঁ তাইক”

“মনা”

“প্ৰাচীন গুহা এটাত ধ্যানমগ্ন তপস্বী এজনৰ ধ্যান ভংগ হোৱাৰ দৰেই যেন মনা উচপ খাই উঠিছিল। সমস্ত বুকুৰ আকুলতা দুচকুত আহি থুপ খাইছিলহি তাইৰ । একেথৰে এপলক মোৰ চকুত চকু থৈ চাই ৰৈ তাই, হঠাৎ মোৰ বুকুত মূৰটো লুকুৱাই চিঞৰি চিঞৰি কান্দিছিল তাই।”

“মৰমবোৰ উথলি আহিছিল মোৰ, বুকুত তাইলৈ বুলি থকা ভালপোৱা তাইক উজাৰি দি সাৱটি লৈছিলোঁ তাইক ,উপৰ্যুপৰি চুমা আঁকি দিছিলোঁ তাইৰ আউল বাউল হৈ থকা চুলিবোৰৰ মাজত। কান্দোনৰ লগতে তাইৰ শৰীৰটোও হেন্দোলি উঠিছিল।বুকুত পাথৰ হৈ জমা হৈ থকা খং,অভিমান, বেদনা সব তাই কান্দি কান্দি যেন চকুপানীৰ সৈতে উলিয়াই দিব।”

“বহু সময় কন্দাৰ পিছত উচুপনিবোৰ সৰু হৈ আহিছিল ক্ৰমশঃ।মই দুহাতৰ তলুৱাত তাই মুখখন তুলি ধৰিছিলোঁ, শিৰত আঁকি থোৱা সেন্দুৰৰ ৰেখাডাল অচিডিল হৈ তাইৰ কপাললৈ নামি আহিছিল। আউল বাউল চুলি, কান্দি থকা চকুহাল কপালত খেলি মেলি হৈ বিয়পি থকা সেন্দুৰ এখিনিৰে কি মায়াসনা লাগিছিল তাইৰ মুখখন। মই সামান্য হাউলি চুমা আঁকি দিছিলোঁ তাইৰ দুগালত নাকটোত, মৰমৰে উপচাই দিবলৈ চেষ্টা কৰিছিলোঁ মই,আৰু মোক আচৰিত কৰি তাই জোৰকৈ টানি আনিছিল মোক নিজৰ গালৈ, মই তাইৰ মনটো বুজিছিলো চাগৈ বিচনাখনতে বহি তাইক চপাই আনিছিলোঁ নিজৰ দিশে, আৰু উৰন্ত গতিত অহাদি আহি মোৰ ওঁঠত নিজৰ ওঁঠযোৰ হেঁচি ধৰিছিল তাই, বুজিছিলোঁ মই ,মৰমত সিক্ত হবলৈ হেঁপাহ হৈছে তাইৰ, উচুপনিবোৰ শাম নকটাৰ বাবেই কঁপি থকা তাইৰ ওঁঠযোৰ আকুলতাৰে আৱৰি লৈছিলোঁ নিজৰ ওঁঠৰ মাজত।সেইক্ষণত আমি এহাল প্রেমিক চৰাই হৈ উঠিছিলোঁ, পৃথিৱীৰ সমস্ত কলুষতাৰ পৰা মুক্ত সেই পল। আমাৰ একান্তই ব্যক্তিগত সময় আছিল সেইয়া, বিয়াৰ পিছৰ প্ৰথম দিনবোৰৰ দৰে ধুনীয়া হৈ উঠিছিল প্ৰতিটো মুহূৰ্ত।
…….

………(আগলৈ)……..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *