জীৱন পাশা (১৭) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(১৭)

পোৱা নোপোৱাৰ হিচাপ কৰি অতীতৰ পৃষ্ঠাবোৰ নেফা-নেফ কৰাত যুক্তি নাই। জানে প্ৰীতমে, কিন্তু হ’লেও যিবোৰ কথা জুকিয়াই চাবলৈ এসময়ত ভয় কৰিছিল, যিবোৰ কথা ফঁহিয়াই নোচোৱাৰ বাবেই জীৱনটোৱেই নিমিলা অংক হৈ গ’ল সেই অধ্যায়বোৰ খুলি লৈছে সি আজি। কিয়নো সময়ৰ চলনাত যি চক্ৰবেহুত সোমাই ৰৈ গ’ল,তাৰ পৰা ওলাই অহাৰ বাটৰ সন্ধান কৰিব বিচাৰিছে, কিয়নো পথপদর্শক হিচাপে ডাঃ ফুকনক পাই প্ৰীতমে সাহস পাইছে কথাবোৰ চিজিল কৰিবলৈ।মনৰ ভিতৰত অহৰহ কঢ়িয়াই ফুৰা ভয়টোক মনৰ পৰা আতঁৰ কৰিব পৰা যাব বুলি মনৰ মাজতে আশা জাগিছে তাৰ।সন্ধিয়া সাত মান বজাত ওলাই যোৱাৰ কথা। তেতিয়ালৈকে নিৰিবিলি মুহূৰ্তখিনিৰ সঠিক ব্যৱহাৰৰ বাবে কথাবোৰ ফুকনৰ আগত কেনেকৈ কোৱা যাব তাৰ প্ৰস্তুতি চলাইছে প্ৰীতমে।

নৈশ আহাৰৰ বাবে সোণাপুৰৰ ৰিজৰ্ট এটালৈ যোৱাটোৱেই ঠিক কৰে অম্লান আৰু ঋষিকাই। দিনটোৰ গাড়ী চলাই ফুৰাৰ ভাগৰত অনিমেশে ৰাতিৰ আহাৰ হোটেলতে গ্ৰহণ কৰাৰ কথা কৈ ওলাই নোযোৱাৰ সিদ্ধান্ত লয়।

জেঠমহীয়া খৰ হলেও বৰষুণ জাকে যেনেকৈ বতৰৰ মান ৰাখি পৃথিৱীক চুমি যায়, ঠিক তেনেকৈ প্ৰেমেও উচিত সময়ত হৃদয়ৰ কোণত শুই থকা প্রেমিক মনটোক জগাই দিয়ে।

চাৰিটা বছৰত যিটো ল’ৰাৰ লগতে বহি আজৰি সময়বোৰ আড্ডা, কাজিয়া কৰি কটাইছিল আজি প্ৰথম বাৰৰ বাবে সেই ল’ৰাজন লগ পোৱাৰ কথা ভাবিয়েই বুকুখনত হাজাৰটা ঘোঁৰা চেঁকুৰী উঠিছে ঋষিকাৰ।

কি মায়াবী অনুভৱ এই ভালপোৱা । বন্ধুত্বৰ হাতত ধৰি আগবঢ়া সম্পৰ্কবোৰ সঁচাই পূৰঠ হয়। যৌৱনৰ দুৱাৰদলিত কৰা ভুলৰ নামেই প্ৰেম ? ওহোঁ নহয় নহয়, যিটো সম্পৰ্কত ভালপোৱাৰ উদ্দেশ্য কেৱল প্ৰেমাস্পদৰ শৰীৰটো নহয়, বৰঞ্চ দুয়োৰে মাজত বিশ্বাস, বুজাপৰা, আৰু বন্ধুত্বৰ জৰীডাল দৃঢ় হয়, সেই সম্পৰ্ক এটা সঁচা প্ৰেমৰ সম্পৰ্ক। মৰমৰ চূড়ান্ত পৰ্য্যায়ত শৰীৰটো এটা প্ৰকাশ মাধ্যমহৈ উঠে, সেইয়া তেনেই প্ৰাকৃতিক,সেই প্ৰক্ৰিয়া নুই কৰিব নোৱাৰি।কিন্তু সেই স্পৰ্শত সন্মান থকা নিতান্তই আৱশ্যকীয়।সেই স্পৰ্শই প্ৰেমাস্পদৰ বুকুত থূপ খোৱা বিষাদ বেদনা যদি ধুই নিব পাৰিছে,কষ্টবোৰ পি’ লব পাৰিছে, তেন্তে সেই প্ৰেমত সততা আছে, সেই প্ৰেম সৰগীয়।তাত অমৃত আছে।

কথাবোৰ ভাবি ভাবি বিচনাতে থোৱা টেডি বিয়েৰটোক জোৰকৈ বুকুত সাৱটি লয় ঋষিকাই।তাই সুখী হয়, তোমাক ভালপাওঁ বুলি মুখেৰে আজিলৈকে কৈ নোপোৱা অম্লানৰ চকুত তাইৰ প্ৰতি সন্মান দেখি, ভাল লাগে তাৰ নাৰীক সন্মান দিব জনা গুণটো। আৰু ভাল লাগে সি কাষলৈ আহি কাণৰ কাষত চুলি এখিনি গুজি দিলে। দূপৰীয়াৰ কথাবোৰ মনলৈ অহাত লাজ এটাই বেৰি ধৰাত, টেডিটোৰ পেটটোতে মুখ লুকুৱাই দিয়ে , উফ,বুকুৰ ঢপঢপনিটো যে বাঢ়ি গৈছে তাইৰ।

“মাইনা ৰেডী হোৱা দেই ৬.৩০মানত ওলাই যাব লাগিব।”

দেউতাক সোমাই আহে তাইৰ কোঠালৈ। টেডীটো সাৱটি বিছনাত বহি লৈ দেউতাকক লেনিয়াই মাতে তাই,
“পাপা”
“কোৱা মাজনী?”
“অম্লানৰ পাপাই কিবা কৈছে নে?”
“নাই কোৱা জানানে, ভাবিছোঁ ময়েই ক’ম আৰু…….”
“তুমি, তুমি কি ক’বা পাপা?”

আচৰিত হয় তাই

“তোমাৰ কাৰণে অম্লানক মই পছন্দ কৰিছোঁ বুলি”

“কি………”
লাজত নে আশ্চৰ্যত ঋষিকাই নিজেই গম নোপোৱাকৈ মুখেৰে এটা চিঞৰ ওলাই আহে।

তাইৰ চিঞৰ শুনি হাঁহি হাঁহি মাক কাব্যশ্ৰী ফুকনো তাইৰ ৰুমলৈকে আহি জীয়েকৰ কাষতে বহি লয় আৰু সামান্য খং কৰাৰ দৰে ঋষিকেষলৈ চাই চকু পকাই ধৰি তেওঁ কয়

“সেইবোৰ কথা পাতিবলৈ সময় আছে, মানুহজন আগে সুস্থ হৈ উঠক।আপুনি এতিয়া কওঁক মানুহজনৰ ৰেচপনচ কেনেকুৱা পাইছে, তেওঁৰ প্ৰব্লেমবোৰৰ কিবা আভাষ?”

“তেওঁ কথাবোৰ ক’বলৈ আৰম্ভ কৰিছে, কথাবোৰ জানি উঠিয়েই মই ট্ৰিটমেন্ট আৰম্ভ কৰিব পাৰিম।”

“মানুহজনক ভাল কৰি তোলক আৰু দেই, অম্লানটোৱে বৰ কষ্ট খাই আছে।”

মিছেছ ফুকনে হুমুনিয়াহ এটা এৰে।

“তেওঁৰ কাৰণেই এই ডিনাৰ প্লেনিং, যাতে তেওঁ মোক বন্ধু বুলি একচেপ্ট কৰিব পাৰে। এতিয়া যোৱা তোমালোক মাক জীয়েক দুয়ো ৰেডী হোৱা,সাজোঁতে কাঁচোতে এনেও ঢেৰ সময় লাগে তোমালোকক”

“ই….স, হ’ব নেকি পাপা মই সাজোন কাঁচোন কৰা ক’ত দেখিলা।”
থেন থেনাই উঠে ঋষিকাই।

হাঁহি দিয়ে ডাঃ ফুকনে

মাকে ধুনীয়া ব্লেক কালাৰ ড্ৰেছ এটা আলমাৰীটোৰ পৰা উলিয়াই তাইৰ হাতত দিয়ে। আজি এইটো পিন্ধা।তোমাক ধুনীয়া লাগিব।

“আৰু শুনক,মই নাযাওঁ বুজিছে, তেতিয়া আপোনালোকৰ কথা পাতিবলৈ সুবিধা হব।”

“কিন্তু মা……”

ঋষিকাক কথাষাৰ শেষ কৰিব নিদি মাজতে দেউতাকে মাত দিয়ে।

“মাৰাই ঠিকেই কৈছে বুজিছা, অম্লানে অলপ আগতে ক’ল কৰিছিল, সি কৈছে তাৰ মোমায়েকো নাহে হেনো”

তুমি ৰেডী হোৱা মাজনী মইয়ো যাওঁ ৰেডী হওগৈ।

প্ৰীতমে কথাবোৰ ভাবি ভাবি কেতিয়া টোপনি গ’ল,নিজেই গম নাপায় সি। অনিমেশে মাত দিয়াতহে খপজপকৈ উঠি দেখে সন্ধিয়া কেতিয়াবাই নামিলে।হঠাৎ মনলৈ মনাৰ কথা আহে তাৰ, ঘৰ আৰু গেটৰ তলাৰ চাবিকোছা সিটো লগত লৈ আহিছে। তাইৰ হাতটো চাবি নাই। তাই যদি ঘৰলৈ আহিছে,

খৰধৰকৈ মোবাইলটো উলিয়াই লৈ সি মনালিছাৰ নতুন নম্বৰটোলৈ ফোন লগায়।

দীঘলীয়া যাত্ৰাটোৰ আগতে শান্তিৰে অলপ শুই লব খোজা মনালিছাই ফোনটো বাজি উঠাত অলস ভাবে হাতত তুলি লয়, অচিনাকী নম্বৰ দেখি বিৰক্তিত মুখখন কোঁচ খাই আহে। তাই ,কাটি দিবলৈ লৈও ৰৈ যাই মনালিছা,ট্ৰু ক’লাৰৰ নটিফিকেচনত প্ৰীতমৰ নামটো দেখি। প্ৰচণ্ড খঙেৰে ফোনটো ৰিচিভ কৰে তাই।

“কি দৰকাৰত মোলৈ ফোন কৰিছ তই?”

প্ৰীতমক উদ্দেশ্য কৰি কোৱা প্ৰতিটো কথাতে বিষ ঢালিব লাগিব বুলি যেন অলিখিত নিয়মহে বন্ধা আছে।তেনে ধৰণে ফোনটো ৰিচিভ কৰিয়েই কথাষাৰ কয় মনালিছাই।

“আমি গুৱাহাটী আহিলোঁ, অম্লানৰ কাম এটাত, ঘৰৰ চাবি থৈ অহা নহ’ল,তাকে জনাবলৈ ফোন কৰিলোঁ।”

নম্ৰ ভাবে কয় প্ৰীতমে।

“সাধাৰণ জ্ঞানখিনি থাকিব লাগে, সেইটো মোৰো ঘৰ।”
“শুনি ভাল লাগিল মনা ,তুমি যে এতিয়াও সেইটো ঘৰ তোমাৰ ঘৰ বুলি কৈছা।”

শ্লেষ মিশ্ৰিত কথাষাৰ সৰি পৰে প্ৰীতমৰ মুখেৰে

“আমাৰ ঘূৰি যোৱা দুদিনমান দেৰি হ’ব,তুমি কেতিয়া মানে আহিবা মনা?”

“তোক কিয় লাগে?তোক মই জনোৱাৰ কোনো প্ৰয়োজন নাই মোৰ”

ফোনটো কাটি দিয়ে তাই।

চিৰ পৰিচিত হতাশাৰ ৰেখাডাল প্ৰীতমৰ চকুত ওলমি ৰয়হি।

সাতবাজি পোন্ধৰ মিনিট মান যাওঁতেই সোণাপুৰৰ সু-সজ্জিত ৰিজৰ্টটোৰ সন্মুখত ডাঃ ঋষিকেষ, প্ৰীতম,অম্লান আৰু ঋষিকা চাৰিও মিলিত হয়। অম্লান আৰু তাৰ দেউতাকৰ সৈতে ডাঃ ফুকনে কৰমৰ্দন কৰে।প্ৰীতমক মাত লগাই ঋষিকাই। কিন্তু তাইৰ অম্লানৰ চকুলৈ চাবলৈ সাহস নহয়, অনামী লাজ এটাই তাইক ৰঙা কৰি তোলে।

ধুনীয়াকৈ পৰিপাটিকৈ থকা টেবুল এখনত তেওঁলোক গৈ বহি লয়। ষ্টাৰ্টাৰ অৰ্ডাৰ কৰিয়ে বিভিন্ন কথাৰে সন্ধিয়াটো মুখৰিত হয়, অম্লানৰ ভৱিষ্যত পৰিকল্পনা ,কেৰিয়াৰ প্লেনিং ঋষিকাৰ কেৰিয়াৰ প্লেনিং ইত্যাদি ইত্যাদি কথাৰ মাজেৰে ষ্টাৰ্টাৰ শেষ কৰে সিহঁতে।
“পাপা তোমালোকে কথা পাতা হা, মই ফটো উঠি আহোঁ, আউৎ দ’ৰ ভিউটো ইমানেই ধুনীয়া।”
“যোৱা তেন্তে ,অম্লানৰ সৈতে যাবা দেই মা”
ডাঃ ফুকনে মৰমৰে জীয়েকক কয়।

সিহঁতহাল আঁতৰি যোৱা লৈকে যেন অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছিল প্ৰীতমে। সিহঁত উঠি যোৱাৰ লগে লগেই প্ৰীতমে সোধে ,

“মই কথাখিনি আগবঢ়াও নে? ডাঃ ফুকন”
বুকুৰ মাজত অগাদেৱা কৰি থকা কথাবোৰ ফুকনৰ আগত ক’বলৈ ব্যগ্ৰ হৈ উঠে প্ৰীতম।

“উম উম, আসন্ন সন্তানৰ খবৰটোৱে সংসাৰখনত কি প্ৰভাৱ পেলাইছিলে তাৰ পৰা আৰম্ভ কৰক”

গিলাচটোৰ পৰা এঢোক পানী গলাৰ্ধ কৰি প্ৰীতমে কৈ যায়।

” ডাঃ ৰ ওচৰৰ পৰা অহাৰে পৰা গোমোঠা মুখ খনলৈ তাই ৰূমটোৰ পৰা ওলোৱা নাছিল দুদিনলৈ।মায়ে কোৱাৰ দৰেই মই নতুনকৈ মাতৃত্বৰ বাবে সাজু হ’বলৈ মনালিছাক সময় ল’বলৈ মই এৰি থৈছিলোঁ।
কিন্তু মোক আৰু মাক আচৰিত কৰি দুদিন পিছত তাই ঘোষণা কৰিছিল, তাই সন্তানটি নিবিচাৰে। বজ্ৰপাত পৰা মানুহৰ দৰে অৱস্থা হৈছিল মোৰ। আসন্ন সন্তানটিৰ প্ৰতি মোহ জাগিছিল মোৰ মনটো হাঁহাকাৰ কৰি উঠিছিল তাইৰ সিদ্ধান্ত শুনি। কাবৌ কৰিছিলোঁ মই আৰু মায়ে। কিন্তু তাই মান্তি নহয়।  বিয়াৰ পিছৰে পৰা কোনো দিন যোগাযোগ নকৰা অনিমেশলৈ তাই খবৰ পঠিয়াই, তাইৰ এৱৰেশ্যন কৰিবলৈ পইচা লাগে। তাই যিখিনি সম্পত্তি দেউতাকৰ পৰা পাব লাগে, সেই ভাগ বিচাৰে তাই। পিছদিনাই অনিমেশ আৰু শহুৰ দেউতা আহি ওলায়হি।

 

…….(আগলৈ)…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *