……© ৰুণজুন বৰুৱা……
(১৬)
দুপৰীয়াৰ ভাত সাজ খাই উঠিয়েই অম্লানহঁতে ডাঃ ঋষিকেষৰ পৰিয়ালটোৰ পৰা বিদায় লৈ আগতেই ঠিক কৰি থোৱা হোটেললৈ বুলি ৰাওনা হ’ল….. সকলোকে আচৰিত কৰি ঋষিকাহঁতৰ ঘৰৰ পৰা ওলাই অহা পৰত প্ৰীতমে ডাঃ ফুকনক উদ্দেশ্য কৰি কয়
“ফুকন কাইলৈ যাম আকৌ আপোনাৰ চেণ্টাৰলৈ বুজিছে কথাবোৰ শেষ হোৱাই নাই নহয়।”
ৰাতিৰ ডিনাৰ একেলগে বাহিৰত কৰাৰ প্ৰস্তাৱ দি তেওঁলোকৰ পৰা বিদায় লয় সিহঁতে। প্ৰীতমক দেখিয়েই ধৰিব পাৰি তাৰ মনৰ মাজত শুই থকা হাজাৰটা বিষাদৰ অধ্যায় গলি শব্দৰ ৰূপ লবলৈ হেটাওপৰা লগাইছে আৰু সি সেইবোৰ চিজিল কৰিছে কোনটো কথাৰ পিছত কোনটো কথা কোৱা উচিত।
অম্লান অথবা অনিমেশে তাক আমনি কৰা নাই। পাতক সি নিজৰ লগত কথা, সময়ৰ আহ্বান সেইয়া। অনিমেশে গাড়ীৰ ষ্টিয়েৰিঙত মনোনিবেশ কৰে। গাড়ীৰ ভিতৰৰ নিজান পৰিৱেশটোৰ সুযোগ বুজি অম্লানৰ মনৰ মাজত দিনটোৰ ভাল লগা ক্ষণবোৰে দোলা দিয়েহি।
“জানা অম্লান মাজে মাজে মোৰ কি মন যায়?”
ক্ষন্তেক আগতে লগ পায় অহা ৰাংঢালী জনীলৈ মনত পৰে অম্লানৰ।
“এই দীঘল চুলিখিনি একদম বয়জ কাট দি ল’ম,চাকৰিটো জইন কৰাৰ আগতে।”
সাধাৰণ বুলি পঢ়ি থকা গল্প এটাৰ মাজখণ্ড পাওঁতে এইটো ভৌতিক গল্প বুলি অনুভৱ কৰিলে যি দশা হয় ঠিক তেনেকুৱা এটা হৈছিল তাৰ।
“চাকৰি কৰিবলৈ চুলিখিনি কাটি পেলোৱা কি দৰকাৰ ?”
“নহয় মানে প্ৰফেচনেল লুকচ আহিব তেতিয়া।”
মনঃপুত নহয় ঋষিকাৰ কথাটো তাৰ, তাৰ খুবেই প্রিয় চুলিকোছা কাটি পেলোৱাৰ কথা কয় তাই, অভিমান হয় তাৰ, হ’লেও একো নকয় সি ,দেউতাকৰ দৰেই ব্যক্তি স্বাধীনতাক প্ৰাধান্য দিব জানে অম্লানে,সি মাথোঁ কৈ থয়,
“তুমি যি ভাল দেখা?”
সন্তুষ্ট নহয় তাই তাৰ ব্যৱহাৰত, মন যায় সি অধিকাৰ সাব্যস্ত কৰি কিবা এটা প্ৰতিক্ৰিয়া দিয়ক।কিন্তু নিদিয়ে, তাইৰ ইচ্ছাক সন্মান দিয়ে সি, ভালপোৱাবোৰ বুকু ভৰি থাকিলেও মুখেৰে নকয় একো। তাই কিজানি আঘাট পায়, তাৰ সেইটোৱেই চিন্তা।
ঋষিকাই বুজে তাক, তাৰ প্ৰেমত সেয়ে বাৰে বাৰে পৰে তাই । ভাল লাগে তাইৰ তাৰ প্ৰেমত আকণ্ঠ ডুবি। জানে তাই এতিয়া সি তোমাক বহুত ভালপাওঁ ঋষিকা বুলি ক’ব নোৱাৰিব পাৰে, কিন্তু কোনো সময়ত নিজানত যদি তাই বাট হেৰুৱাই তাইক উদ্ধাৰ কৰিবলৈ এখন বলিষ্ঠ হাত তৎক্ষণাত আগবাঢ়ি
আহিব। সেই হাতখন অম্লানৰ বাহিৰে অন্য কাৰো হ’ব নোৱাৰে এশ শতাংশই নিশ্চিত তাই। সেই হাতত থকা মৰম, আশ্বাস, বন্ধুত্ব, ভালপোৱা,বিশ্বাস আৰু দৃঢ়তাত তাই আমৰণ জিয়াব এপাহ সতেজ গোলাপ হৈ।
“কি হ’ল,কি চিন্তাত ডুবি গ’লা?”
তাই লাজ পাই,অম্লানৰ ওচৰত ধৰা পৰি যোৱা বাবে। কথা সলাবলৈ লগালগ কয় তাই
“ভাবিছোঁ চাকৰিটো জইন কৰা অলপ দিন পিছতে বিয়াখনো পাতি পেলাম, কি মজা হ’ব”
“ঠিক ভাবিছা ঋষিকা, তুমি বিয়াৰ কথা ভাবিব লাগে কিন্তু, চুলিতুলি কাটি দেখিবলৈ বেয়া হৈ যোৱা আগতেই এটা পটোৱা, নহ’লে কোনে যে নিব তোমাক!”
“মোক নিবলৈ ল’ৰাৰ লাইন লাগি আছে অম্লান, নিজৰ কাৰণে চিন্তা কৰা তুমি, তোমাক কোনে বিয়া পাতিব?”
কথাষাৰ কৈয়েই অম্লানৰ চুলিখিনি ঘটালি দি তাৰ কাষৰ পৰা উঠি যাব খোজে তাই।
তাইৰ হাতখনত থাপ মাৰি ধৰি যাবলৈ খোজা ঋষিকাক টানি আনে সি নিজৰ গাৰ কাষলৈ,ৰেলিং ডালত আঁওজাই দিয়ে সি ঋষিকাক ,আনখন হাতেৰে সি ৰেলিং ডালত ভেজা দি লয়।তাইৰ পাজিসেৰীয়া আঙুলিৰ ফাঁকেৰে নিজৰ আঙুলিবোৰ মেৰিয়াই অম্লানে আৱদ্ধ কৰি লয় তাইৰ কপাহী কোমল হাতখন আৰু নিজৰ বুকুৰ ওপৰত সযতনে হেঁচি ধৰে সি। বিগত চাৰিটা বছৰত অনেক বাৰ হাতত ধৰিছে এটাই আনটোৰ, কিন্তু অদ্ভুত এটা শিহৰণে প্ৰথম বাৰলৈ কঁপাই তুলিছে দুয়োটাকে,নতুন আৱেশ এইয়া।
ঋষিকাই চেষ্টা কৰিও চকু মিলাব পৰা নাই তাৰ চকুজোৰত। অম্লানৰ হাতৰ মুঠিৰ উষ্ণতাত তাইৰ হাতখন যেন মম হৈ গলিছে, আচাৰ মাৰি এৰুৱাই দিব পৰা নাই তাই তাৰ হাতখন, ওহোঁ আচলতে তাই চেষ্টাই কৰাই নাই তাৰ হাতৰ মুঠিটো শিথিল হওঁক। কিন্তু তাইৰ সৰ্বশৰীৰত অদ্ভুত কঁপনি এটাই ঢৌ তুলিছে ।অম্লানৰ ঘন নিশ্বাসবোৰ তাই অনুভৱ কৰিব পাৰিছে গালত লাগিছে অম্লানৰ নিশ্বাসৰ উত্তাপ, সেই উত্তাপত ঋষিকাৰ কলিজাটো যেন জুলাই মাহৰ ফ্ৰীজৰ পৰা উলিয়াই থোৱা ডাৰ্ক চকলেটটোৰ দৰে হৈছে। ৰেলিং ডালত ভেজা দিবলৈ সি অকণমান হালি ল’ব লগা হৈছে আৰু সেইবাবেই তাইতকৈ ওখ অম্লানৰ নাকটো তাইৰ নাকটোৰ একদম ওচৰতে ৰৈছে ,ভয় হৈছে ঋষিকাৰ মাকে যদি এইমাত্ৰ বেলকনিলৈ ওলাই আহি তাইক অম্লানৰ সৈতে এইদৰে দেখি যায়।কিন্তু প্ৰাৰ্থনা কৰিছে অম্লানৰ হাতৰ মুঠিটোত তাইৰ হাতখন ৰৈ যাওঁক অনাদি অনন্ত কাললৈ।
অম্লানে লাহেকৈ ভেজা দি থকা হাতখন তুলি আনি বতাহত আউল বাউল হৈ ঋষিকাৰ মুখলৈ অহা চুলি এখিনি কাণৰ কাষত গুজি দিয়ে। সি নিজেও শুনা পাই তাৰ হৃদস্পন্দন। বুকুৰ প্ৰেমৰ দেৱী গৰাকীক এইদৰে প্ৰথমবাৰলৈ চুই চাইছে সি। ভাল লগা অথচ লাজ এটাই তাকো আৱৰি লৈছে, তথাপি সি উপভোগ কৰিছে এই সময়, ঋষিকাৰ পকা সুমথিৰাৰ দৰে ৰঙা পৰা মুখখনৰ মায়াত বিলীন হৈ গৈছে সি, নাই এই স্পৰ্শই তাৰ হৃদয়ৰ দেৱীজনীক অপ্ৰস্তুত কৰি তোলা নাই। ভাল লাগে তাৰ লাজত ৰঙা পৰি যোৱা তাই জনীৰ মুখ খনত লাজৰ মাজতো প্ৰশান্তিৰ ৰেখা এডাল জিলিকি উঠিছে।
লাহেকৈ তাইৰ ঠুঁটৰিত ধৰি দাঙি ধৰে সি তাইৰ মুখনি। চকু যোৰ জোৰকৈ মুদি ধৰে তাই। বিশ্বাস আছে তাইৰ, সি তেনেকুৱা একো নকৰে বুলি ,হ’লেও মনলৈ আহে যদি চুমা এটা আঁকি দিয়ে সি, নাই নাই চকু মেলাৰ সাহস নহয় তাইৰ।
“ঐ চকু মেলা না?”
অম্লানৰ গহীন কণ্ঠৰে কোমলকৈ ওলোৱা মাতষাৰ একদম অচিনাকি তাইৰ, কিন্তু আমেজ আছে মাতষাৰত, ঠিক ভেনিলা আইচস্ক্ৰীমটোৰ দৰেই।
নিজৰ মনলৈ অহা অহৌবাং চিন্তাবোৰৰ ওপৰত খং উঠি আহে তাইৰ ।নিজৰ মনটোক তাই ধমক দিয়ে ,( ঋষিকা তোমাৰ প্ৰেমিকজনে প্ৰথমবাৰৰ বাবে প্ৰেমিকৰ দৰে আচৰণ কৰিছে, তুমি কি খোৱা বস্তুৰ লগত তুলনা কৰি আছা)
“ঐ ছোৱালী,নিজৰ লগত কথা পাতি হ’ল যদি চকু মেলা !”
সোঁৱে বাঁওৱে মূৰ জোকাৰে তাই।
“ওহোঁ “
এতিয়া যে চকু মেলি অম্লানক চোৱাৰ জোখাৰে তাইৰ সাহ নাই।
অম্লানে তাইৰ কাণখনৰ নিচেই কাষলৈ গৈ ফুচফুচাই কোৱাৰ দৰে কয়
“ঠিক আছে তেন্তে, শুনা চুলিকোছা নাকাটিবা ,মোৰ বেয়া লাগিব।”
আশ্চৰ্যত চকুহাল বহল হৈ যায় ঋষিকাৰ। তাইৰ হাতৰ আঙুলিবোৰ মেৰিয়াই ধৰি থকা অম্লানৰ হাতখনত জোৰকৈ চিকুটি দিয়ে তাই মুক্ত হৈ থকা হাতখনৰে।
” আস “
অস্ফুট চিৎকাৰ এটা কৰি এৰি দিয়ে সি তাইৰ হাতখন।সেই সুযোগতে খিক কৈ হাঁহি এটা এৰি বেলকনিৰ পৰা দৌৰি পলাই ঋষিকা।
বাস্তৱলৈ ঘূৰি আহে সি, তাই চিকুটি দিয়া ঠাইখিনিত হাতখনৰে মোহাৰি দিয়ে সি। মণিবন্ধনৰ ঠিক তলতেই ৰঙা পৰি থকা চিনটোৱে তাৰ ওঁঠত হাঁহি এটা বুলাই দিয়ে। লাজ লাগি যায় তাৰ, ‘কিহে পাইছিল বাৰু অম্লান তোক’ নিজকে প্ৰশ্ন কৰে সি। লাজ লাজ ভাবটো জোকাৰি পেলাবলৈ এনেই এবাৰ হাতৰ তলুৱাৰে কেঁকোৰা চুলিবোৰ ঠিক কৰিবলৈ ধৰে। সি অনুভৱ কৰে,
ভালপাওঁ তোমাক বুলি নোকোৱাকৈয়ো ভালপাব পাৰি, বুকু ভৰি থকা ভালপোৱাবোৰে হৃদয় মন ভৰাই থ’লে হাজাৰ বিপদটো থাউনি নেহেৰুৱাকৈ নিজকে বচাই ৰাখিবৰ বাবে সমল বিচাৰি পোৱা যায়।সেই সমল ভালপোৱাৰ খুঁটিটো ,খুবেই দৃঢ় ,খুবেই মজবুত সেই খুঁটি।
………..
……(আগলৈ)……