জীৱন পাশা (১৪) (ধাৰাবাহিক উপন্যাস)

……© ৰুণজুন বৰুৱা……

(১৪)

বাৰাণ্ডাত থকা বেতৰ ছোফাখনত ঋষিকাৰ ওচৰতে বহি লয় অম্লান। তাৰ মুখত চিন্তাৰ ৰেখাডাল সু স্পষ্ট হৈ উঠে। ঋষিকাই অনুভৱ কৰিব পাৰে কি কথাত সি চিন্তাত পৰিছে। তাই তাৰ হাতখন নিজৰ হাতৰ মুঠিত তুলি লয়। সি তাইৰ হাতৰ উত্তাপত একাঁঁজলি সাহস বিচাৰি পায়। ভাগৰুৱা যেন লগা দেহাটো ছোফাখনত হেলান দি এৰি দিয়ে সি।ঋষিকাই তাৰ মূৰটো নিজৰ কান্ধত লৈ লয়, তাৰ কেঁকোৰা চুলিৰ মাজে মাজে লাহে লাহে আঙুলিবোৰ বুলাই দিয়ে তাই। ঋষিকাৰ হাতৰ আঙুলি বোৰ অম্লানৰ হাতখনে জোৰেৰে মুঠিবদ্ধ কৰি লয়।

কোনো শব্দৰ বিনিময় নকৰাকৈ অম্লানে ঋষিকাৰ মৰমী আঁঁচলৰ সুবাসত নিৰাপত্তা বিচাৰি পায়। তাৰ অশান্ত মনটো শান্ত হৈ আহে ক্ৰমশঃ।

নিজৰ বাবে কোনো দাবী নকৰাকৈ সঁচা হৃদয়ৰ মৰমেৰে প্ৰিয়জনক চেনেহৰ নৈখনৰ সাহসৰ মোহনাত ডুবাই ৰাখিব জনাও এটা কলা।

ঋষিকাৰ মনটো ভৰি উঠে, আজি তাৰ প্ৰয়োজনত তাই সাহস হৈ তাৰ ওচৰত থিয় দিছে।কোনো দিন তাই অম্লানক কোৱা নাই মই তোমাক ভালপাওঁ বুলি,কিন্তু জীৱনৰ প্ৰতিটো সমস্যাৰ সৈতে যুঁজি যাওঁতে তাক এইদৰে শান্তিৰে জিৰাবলৈ কান্ধখন পাতি দিবলৈ তাই যে নিজৰ ওচৰতে অঙ্গীকাৰবদ্ধ। তাৰ সুখবোৰৰ কাৰণ হোৱাৰ আৰু দুখবোৰ ভগাই লোৱাৰ বাবে তাই যে আমৰণ তাৰ কাষত ঠিয় হ’ব।
…..

অনিমেশহঁত ডঃ ঋষিকেষৰ মেণ্টেল হেল্থ ৰিহেবিলিটেচন চেণ্টাৰ পায়। গেটখনত লগাই থোৱা নামফলক খন দেখিয়েই প্ৰীতমৰ বুকু কঁপি উঠে । সি নিজেই নিজক কয় “মোক ইহঁতে বুদ্ধি কৰি পাগলৰ ডাক্তৰক দেখুৱাবলৈ আনিলে, মোক মানে ইহঁতে এতিয়াও পাগল ভাবে, মই পাগল নহয় বুলি ক’লেও নুশুনে।”

প্ৰীতমৰ মুখৰ ৰং সলনি হৈ পৰা দেখিয়ে ডাঃ ঋষিকেষ ফুকনে প্ৰীতমৰ মনটো পঢ়ি লয় তৎক্ষণাত।

তেওঁ সহজ ভাবে কথা আগুৱাই , “জানে মিঃ প্ৰীতম, ইয়াত থকা মানুহখিনিক দেখিলে ধৰিবই নোৱাৰি, তেওঁলোকৰ মনৰ ভিতৰত চলা উত্তাল সাগৰৰ গর্জনে অন্তৰাত্মাক ভাঙি চুৰমাৰ কৰি থৈছে। তেওঁলোকৰ ব্যৱহাৰ ইমানেই ভদ্ৰ যে তেওঁলোকক দেখি আপুনি মই প্ৰথমে ধাৰণা কৰিব নোৱাৰিম যে তেওঁ মানসিক ভাৱে অসুস্থ।”
“অঃ”
তেনেই চমুৱাই উত্তৰ দিয়ে প্ৰীতমে

পৰিস্থিতি বেয়া নহওক বুলিয়েই অনিমেশে তপৰাই মাত দিয়ে

“কেনেকৈ গম পাই তেন্তে যে তেওঁলোক অসুস্থ?”

“ক’ম আপোনালোকক ,তেওঁলোকক কেনেকৈ আমি ৰুগীয়া বুলি চিনি পাওঁ”

পিছৰ কথাখিনি প্ৰীতমক উদ্দেশ্যি কয় তেওঁ

“আপুনি বিৰাট মানৱ দৰদী বুলি আগৰে পৰা জানো। পেপাৰত আগতে খুব পঢ়িবলৈ পাওঁ আপোনাৰ প্ৰবন্ধবোৰ,বৰ শক্তিশালী লিখে আপুনি, আপুনি বাৰু তেওঁলোকৰ বিষয়ে কথাবোৰ শুনিবলৈ বেয়া পাব নেকি?”

ডঃ ঋষিকেষে প্ৰীতমৰ মনটো বুজি উঠিবলৈ কথাষাৰ আওপকীয়াকৈ সোধে।

“নাই নাই, দুখ লাগিব বাৰু কিন্তু বেয়া নাপাওঁ। বৰঞ্চ মোৰ খুব জানিব মন যায় মানুহ কিহৰ কাৰণে মানসিক ভাৱে অসুস্থ হয়, এনে কি কাৰক থাকে যে মানুহ এজনক ভিতৰি কুটি কুটি খাই নিঃশেষ কৰি দিয়ে “

“আপুনি জানিব খোজে ,আহক আহক মোৰ চেম্বাৰতে বহি মই আপোনাক কথাবোৰ বুজাই ক’ম।”

“বলক বলক”
প্ৰীতমে হয়ভৰ দিয়ে

ডাঃ ঋষিকেষৰ বুদ্ধিয়ে কাম দিয়ে, ডাঃ বুলিলেই পলাব খোজা মানুহজনে কথা পাতিবলৈ মন মেলিছে। শুভলক্ষণ , কিন্তু তেওঁ কোনো খৰধৰ কৰি ইমান ধুনীয়াকৈ আগবঢ়া পৰিকল্পনাটি নষ্ট কৰিব নিবিচাৰে।

অনিমেশে বুজি উঠে এজন ডাঃ আৰু তেওঁৰ ৰোগীৰ মাজত অন্য এজন থকা যুগুত নহয়।
সি আঁতৰি যাবলৈ বুদ্ধি কৰি কয়

“অঃ মোৰ ফোন এটা আহিছে, আপোনালোক আগবাঢ়কচোন মই আহি আছো।”

“বাৰু ,আমি আগবাঢ়ো পিছে ,আপুনি আহিব”
বুলি পুনৰ আৰম্ভ কৰে ডাঃ ফুকনে,

“আপুনি জানেনে জীৱনৰ বিভিন্ন ষ্টেজত পোৱা নিগেটিভ অভিজ্ঞতা মনৰ মাজত সাঁচি ৰাখোঁতে ৰাখোঁতে তেওঁলোকৰ মনত অব্যক্ত দুখবোৰ তৰপে তৰপে জমা হৈ পৰে, আৰু শেষত সেই দুখবোৰ ভয় আৰু হতাশাৰ কাৰণ হয়।নিজৰ অপাৰগতাক লৈ নিজৰ ওপৰতে খং উঠে ,বিৰক্তি জাগে। নিজৰ দূৰ্বলতাৰ বাবে যদি কাৰোবাৰ জীৱনৰ অংকত খেলি মেলি লাগে আৰু সেই আক্ষেপ তেওঁ নিজৰ বুকুতেই কবৰ দি থব লগা হয়,বুকুত দুখৰ পাহাৰ জমা হৈ হৈ গৈ থাকে আৰু যেতিয়া ব্যক্তিজনৰ মনত সাঁচি ৰখা কথাবোৰে নিজৰ মাজতে আন্দোলন কৰে, সেই ব্যক্তিজনৰ মানসিক জগতখনত বিৰূপ প্ৰভাৱ পৰে। সেইবাবেই দুখবোৰ ভগাই ল’ব লাগে, যাতে মনটো পাতল হয়।

প্ৰীতমে মৌন হৈ শুনি থাকে।
সি নিজকে সোধে তাৰ অৰ্থ এইটো নেকি যে মোৰ মনৰ ভয়বোৰ মোৰ সংসাৰ খনৰ প্ৰতি থকা অপাৰগতাৰ বাবে সৃষ্ট ।

ইতিমধ্যে সিহঁত গৈ ডাঃ ফুকনৰ চেম্বাৰ পাইছিল গৈ। তেওঁলোক সন্মুখা সম্মুখীকৈ বহি লয়।

“মিঃফুকন, মোৰো মাজে মাজে ভয় লাগে জানেনে?”
প্ৰীতমে কয়…..

ফুকনে বুজি পায়, প্ৰীতমৰ মনৰ বন্ধ কোঠাটোৰ দুৱাৰখন খুলিব ধৰিছে। তেওঁ প্ৰশ্ন কৰে,

“কেনে ভয়?”

“মোৰ অবিহনে ল’ৰা দুটাৰ কি হ’ব, মনালিছাৰ কি হ’ব?”
ডাঃ ফুকনে পুনৰ আৰম্ভ কৰে,
“মিঃ প্ৰীতম, আপুনি জানেনে এটা ভয় মানুহৰ মনত সৃষ্টি হয়, তাৰ কিবা নহয় কিবা এটা কাৰণ থাকে, যাৰ বাবে মানুহজনৰ অজ্ঞাতে সেই ভয়ে মনত ঘৰ সাজে, আৰু সেই ব্যক্তিজনৰ আত্মবিশ্বাসক ভিতৰি খাই গৈ থাকে,এই ধৰক ……

” মোৰ ভয়ৰ প্ৰথম আভাষ তেতিয়াই হৈছিল যিদিনা মই অনুভৱ কৰিছিলোঁ, ভেন্সাৰ স্কুলৰ শিক্ষক হিচাপে মই মোৰ পত্নীৰ ইচ্ছাবোৰক পূৰণ কৰিবলৈ ব্যৰ্থ হৈছিলোঁ।তেওঁৰ সপোনবোৰ আধাতে হেৰাই গৈছিল। অসুখী হৈছিল তাই। অন্য নালাগে মই তাইক তাই ব্যৱহাৰ কৰা ক্ৰীমবোৰ আনি দিবলৈ অপাৰগ আছিলোঁ, তাই দামী ক্ৰীমবোৰ এৰি নিজেই সস্তীয়া ক্ৰীম ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল।তাই নিজেই প্ৰথম অৱস্থাত মিলাই লৈছিল, মোক একো আপত্তি কৰাও নাছিল। বৰঞ্চ মোকহে তাই বুজাইছিল তাইৰ প্ৰয়োজন পূৰাব নোৱাৰি দুখ কৰি থকাৰ কাৰণ নাই। সময় সলনি হ’ব। ভাল দিন আহিব। কিন্তু সময় ওলোটা দিশেহে বৈছিল।ক্ৰমশঃ আঁতৰি গৈ আছিলোঁ আমি দুয়ো দুয়োৰে পৰা।

ফুকনৰ কথাৰ মাজতে নিজৰ কথাবোৰ ক’বলৈ আৰম্ভ কৰি একেলেঠাৰিয়ে বহুখিনি কথা কৈ লৈ প্ৰীতমে এটা দীঘলীয়া উশাহ লৈ পকেটৰ পৰা ৰুমালখন উলিয়াই মুখখন মোহাৰি লয় সি।

ডাঃ ফুকন উঠি আহি পানী এগিলাচ আগ বঢ়ায় দিয়ে প্ৰীতমলৈ।

অব্যক্ত বহু কথা যিবোৰ ক’ব খুজিও কোৱা হোৱা নাছিল, সেই অধ্যায় খোল খাবলৈ গৈ আছে। ফুকন সাৱধান হয় যাতে তেওঁ কথাবোৰ খুলি ক’বলৈ গৈ উজুটি নাখায়।

তেওঁ যদি সংসাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল, তেন্তে খেলি মেলি বোৰ আৰম্ভ কিয় হ’ল, আপোনালোক দুয়ো কিয় আঁতৰি গৈ আছিল দুয়োৰে পৰা?

সাৱধানতাৰে প্ৰশ্ন তোলে ডাঃ ফুকনে।

প্ৰীতমে কৈ যায়,

“তাই মোৰ আৰ্থিক অৱস্থাটোৰ সৈতে সহাৱস্থান কৰিবলৈ চেষ্টা কৰিয়ে আছিল। কিন্তু ভুল মোৰেই আছিল। মোৰ পৰা মৰম আৰু ভালপোৱা আশা কৰিয়ে তাই মোৰ ওচৰলৈ সকলো এৰি গুচি আহিছিল, কিন্তু মোৰ নিজৰ কামত ব্যস্ত থকাৰ স্বভাৱটো অজুহাতত পৰিণত হৈছিল ।আচলতে পইচাৰ অভাৱৰ বাবে আঁতৰি আছিলোঁ মই, তাৰ বাবেই নিজে কিবা কৰাৰ জেদ এটা ক্ৰমে বাঢ়ি আহিছিল তাইৰ।তাৰ বিপৰীতে মোৰ সমাজৰ বাবে ব্ৰতী থকা স্বভাৱ। অভিমানবোৰ ক্ৰমে খং আৰু ক্ৰমে কাজিয়াৰ ৰূপ লৈছিল ,সংসাৰখনৰ লাইখুটাত ঘূণে ধৰা আৰম্ভ কৰিছিল লাহে লাহে, মই মোৰ ভুলবোৰ অনুভৱ কৰিবও পাৰিছিলো। কিন্তু তেতিয়ালৈ হয়তো বহুত দেৰি হৈ গৈছিল।

মৰমৰ অংকবোৰ কি যে জটিল, সকলো ঠিকে থাকিলেও ক’ৰবাত অকণমান কম বেচ হলেই সকলো শেষ হৈ যায়। যিমান দৃঢ় হলেও সম্পৰ্কৰ ভেটি, তাঁঁচপাতৰ ঘৰৰ দৰে ভাঙি যায় সংসাৰ অকণমান ভুলতেই।
……..

…..(আগলৈ)…..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *