….মৃদুল দলে….
গুৱাহাটী বিশ্ববিদ্যালয়….
বুঢ়া পাহাৰৰ সেউজীয়াত মই লুকাই আছোঁ
চৰাই পাখিৰ কুঁৱলীবোৰে মোক নিতৌ সাধু শুনায়
নিজান ৰাতিত পাহাৰখনে শিল এচটাৰ কথা কয়
আৰু মই নীলা চৰাইটোৰ প্ৰেমত নদী এখনৰ সপোন দেখিছোঁ
যাৰ গভীৰতাত গা ধোঁৱে প্ৰকৃতিয়ে
মেলি থয় কাহিলী পুৱা
যেন ঊষা পাৰাপাৰহীন চুলি একোচা
ভৈয়ামৰ গৰখীয়াই টোপনি যোৱা ৰাতি
মই পাহাৰৰ পৰা সাগৰলৈ যাত্ৰা কৰিম
আৰু তোমাৰ নামত উৎসৰ্গা কৰিম
তমাল পাতৰ কবিতাবোৰ
সেই ৰাতি নল-খাগৰিবোৰ বাঁহী হ’ব
মই সাগৰীয় পখী হৈ বৰষুণজাকৰ লগত গীত জুৰিম
মৰীচিকাৰ পাৰত বহি সাগৰৰ সাধু শুনাম
বুঢ়া পাহাৰৰ কথাৰে নতুন ৰ’দৰ অপেক্ষা কৰিম
সেউজীয়াৰ পৰা সেউজীয়ালৈ তুলি নিম শিপা
হেৰুৱা সৃষ্টিৰ আদিমতাক
― মৃদুল দলে
গুৱাহাটী বিশ্ববিদ্যালয়