জালুকবাৰীৰ গদ্য 

……চিংকুমণি অধিকাৰী…… 

সপোনৰ শেষৰটো ষ্টেচন জালুকবাৰী ,   যাৰ বতাহত  মায়া উৰে
চেনিপুলৰ বিষণ্ণ গধূলি
অথবা মাৰ্কেটৰ ৰঙীন সন্ধিয়া
হাতত হাত থৈ জালুকবাৰীয়ে খিলখিলাই হাঁহে ।

নীলাচলৰ পাহাৰত চহৰখনলৈ সন্ধ্যা নামে ; লাইটৰ তিৰবিৰণিত  পুখুৰীটোৰ কাষত কোনে মুখ ঢাকি কান্দে ,
জালুকবাৰীক  এৰি থৈ যোৱাৰ বিৰহত !

হালধীয়া পোহৰত  আৱেগ জিলিকি থাকে  ; শব্দ কৰি শেষৰখন বাছে আৰ্টছ বিল্ডিং এৰে

বাস্কেটবল কোৰ্টত মুখবোৰ উজ্জ্বল হৈ উঠে , কেঁকুৰীটোত বহি কোনো প্ৰেমিকে টেলিফোনত বিষাদৰ গান জুৰে

এজাৰৰ ভৰত কোঙা জালুকবাৰীৰ বসন্ত   ;  বৰষুণত তিতি সিহঁতে হৰ্ষমনে হোষ্টেললৈ খোজ দিয়ে

কোঠা নং ২২ ত  কোনে উনাই নিশা হাইৱেৰ গাড়ীৰ শব্দ ,
উজাগৰী এই চহৰৰ স্মৃতিবোৰে কাক ব্যাকুল কৰে

বিশ্ববিদ্যালয়ৰ বাছখন চকুৰ আগেদি পাৰ হৈ যায় , তাই ৰৈ দিয়ে
চহৰৰ কোলাহল পাহৰি জালুকবাৰী শান্ত হৈ থাকে , সেউজীয়া হৈ থাকে ।

চিংকুমণি অধিকাৰী 
৮১৩৫০৯৩৪৪২

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *