…….✍️সোণমণি ৰায়……..
পাণবজাৰৰ শোকাতুৰা শিল্পক এৰি
চিটিবাছ এখন গৈ থাকে
জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট…
শিয়ালৰ হোৱাত গভীৰ হোৱা ৰাতি কমৰেদ আহিব
জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট…
প্ৰিয়বন্ধুৱে তৰ্ক কৰে
পৃথিৱীৰ সৰ্বোচ্চ চেতনা
ভোক নে যৌনতা?
নাৰী নৰক নে মোক্ষ?
জালুকবাৰী লাষ্টত আমাৰ ক্ষোভবোৰ আকৌ সেউজীয়া হ’বলৈ আৰম্ভ কৰে ৷
কি বুলি পতিয়ন নিয়াবা জীৱনক
পয়েটিক লিবাৰ্টিত সংস্থাপন নাই
ৰজাৰ পাশাখেলত সততা নাই
জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট
এদিন তাইক কৈছিলোঁ
নীলাচলতকৈও ওখ বুকুত মোৰ
আলাসেৰে তোমাক খামুচি ৰাখিম
বৰ্ণবাদ
ব্ৰাহ্মণ্যবাদ
সাম্যবাদ
অনবৰত যুদ্ধ চৌপাশ
চিটিবাছৰ দুৱাৰেৰে চুৰ্ণী উৰুৱাই তাই নামি যায়
ইয়াৰ পাছত আমি বা আৰু কাহানিবা লগ পামনে নাপাম!
জালুকবাৰী লাষ্ট…জালুকবাৰী লাষ্ট ৷
( প্ৰিয়বন্ধু অৰুণাভৰ হাতত) ✍️সোণমণি ৰায়