….অৰুপজ্যোতি কাকতি…..
হৃদয় ৰাঙলী
মন বাউলি
পোনাই লৈছোঁ হালোৱা জাপি,
জপানত সাঁচি সোণালীক যতনাই
সৰুদয়াৰ সৰু পাতত
স্বৰ্গদেউৰ জীৱন জুৰোৱাই।
আগভেটি ধৰ বাট
নাঙলৰ মুঠিত আছে আমাৰ ভাত,
যদু,মধু,ৰাম,হৰি
নাথাকিবি কোনেও লুকাই,
জাতি-মাটি-ভেঁটি বেচি
বণিয়াই যায় সীমা দলিয়াই।
প্ৰাণ হেৰুৱায়
মান জীয়াই,
পথাৰ তিয়াই
ভঁৰাল উদঙাই,
চ’তৰ শেষত
কুলিৰ মাতত
দেশক লুটিব
ফটা ঢোলত গুণ গান গায়।।