মূল― ঈশ্বৰ শূন্য(হিন্দী)……. অনু― জ্যোতিদীপ কাশ্যপ
কি নাম?
শ্ৰমিক
ক’ত থাকা?
সেই নলাটোৰ ইটোপাৰে
ক’ৰ পৰা আহিছিলা?
দূৰৰ…বহু দূৰৰ এখন গাঁৱৰ পৰা
কি কাম কৰা ইয়াত?
এসাজ খাবলৈ যি কৰিব লাগে
ক’ৰ’ণা বিষয়ে জানানে?
আমাতকৈ কোনে বুজি পায়
টোপোলাটোত কি আছে?
ঘৰখন
ঘৰত কোন আছে?
মোৰ মাইকী
লৰা-ছোৱালী?
মৰিল
বেমাৰত?
ভোকত
তুমি কি খালা?
পুলিচৰ মাৰ
কেতিয়াৰ পৰা খোজ কাঢ়িছা?
মনত নাই
ক’লৈ যাবা?
নিজৰ দেশলৈ
তাত কি আছে?
ভোক…
কিয় কান্দিছা?
দুখীয়া বাবে
কিবা ক’ব বিচাৰানে?
……………………….
……………………….
নাই, একো নকওঁ।।।
― জ্যোতিদীপ কাশ্যপ
ছাত্ৰ, গুৱাহাটী বিশ্ববিদ্যালয়।