অসম্ভাৱনীয়তা

…..কৃষ্ণা দাস….

“The difference between the impossible and the possible lies in a person’s determination”
-Tommy Lasorda
প্ৰখৰ ৰ’দত বহি বেলিটিক চোৱাৰ ক্ষমতা মোৰ নাই । বেলিটিয়ে পোহৰাই তুলিছে চৌদিশ । বেদনাবোৰ ধুলিসাাৎ হৈ গৈছে পোহৰৰ উজ্জ্বলতাত….এৰা ! বেদনাবোৰ বাৰো ভুমূকি মাৰিবলৈ সাহস পোৱা নাই নে বেদনাবোৰ জোৰকৈ ঢাকি ৰাখিছে বেলিৰ আভাই ? আউল লগা এক চিন্তা । এই আউল লগাবোৰৰ মাজেৰেই আগবাঢ়িছে জীৱন । জীৱনৰ কৰ্মব্য়স্ততা । ৰাতিপুৱাৰ ৰঙচুৱা বেলিটিয়ে আবেলি হেঙুলী কিৰণ বিলোৱা সময়চোৱাত আমাক নিচুকাইছে নেকি ? মন হেন্দোলিত কৰা হেজাৰটা প্ৰশ্ন । এই প্ৰশ্নবোৰৰ সমাধান নাপাওঁতেই আৰম্ভ হয় আন এক পৰীক্ষা…জীৱনৰ মিলাব নোৱাৰা এক জটিল অংক । কাগজৰ পৃষ্ঠাত সমাধা কৰিবলৈ দিয়া সমীকৰণতকৈ পৃথক, বহুৰূপী অংক । সাধাৰণতে অংকত থকাৰ দৰে নাই এইটোত এটা উত্তৰৰ পথ, আছে মাথো ঁ অকোৱা-পকোৱা অনুজ্জ্বল এটা সাঁথৰ… যাৰ সন্ধান বিচাৰি হয়টো হাবাথুৰি খাব লাগিব সময়ৰ নিষ্ঠুৰ চাকনৈয়াত । বেলিটোৱে বাৰু আমাক নিষ্ঠুৰ সত্য়ৰ পৰা আতৰাই ৰাখিবলৈ উঠি-পৰি লাগে নেকি ? তাকো কেৱল দিনটোৰ বাবে ?… সন্ধিয়া নমাৰ লগে লগে আকৌ দেখোন বিষাদৰ ৰাজ্য়ত হেৰাই যায় মনটো ।জোনটিয়ে আকাশখন যেন সম্পূৰ্ণৰূপে তোলাৰ অৱকাশ নাই । লুকাই আছে যেন কিবা কৃত্রিমতা । শুকুলা সাজ পৰিধান কৰিলেও যেন অন্তৰত লৈ আছে গোপন বেথা-অসম্পূৰ্ণতাৰ বেথা ।পূৰ্ণিমাৰ দিনাখনেই যে জোনটিয়ে আমালৈ চাই পূৰ্ণতাৰ মিচিকীয়া হাঁহি এটা মাৰে – সেই হাঁহি হয় খন্তেকীয়া । হয়টো জোনটিও সমভাগী হৈ পৰে আমাৰ চিন্তাত; আমাৰ জীৱনৰ জটিল, অবুজ অংকত । তৰাবোৰৰ তিৰবিৰণিৰ অনুপস্থিতিত আৰু সেমেকি উঠে মনটো । ৰ’দালিয়েও লুকা-ভাকু খেলে আমাৰ সৈতে ঠিক জীৱনটোৰ হাঁহি-কান্দোনৰ দৰে… তথাপিও বেলিৰ উমাল উত্তাপ, সন্ধিয়াৰ আকাশৰ জোনাকী পোহৰ আৰু জিলমিল তৰাৰ চিকমিকনিৰ উমান লৈ অংকবোৰ সহজ কৰিবলৈ আগুৱাই গৈছো… অসম্ভাৱনীয়তাক সম্ভৱ কৰাৰ স্বাৰ্থত । মনতে এবাৰ সেই ল’ৰালিতে চোতালত বহি পঢ়া পদ্য়টো আওৰালো…
“জোনবাই এ এটি তৰা দিয়া
এটি তৰা নালাগে দুটি তৰা দিয়া
পাত নাই, চোট নাই, কিহতকৈ দিম ?
হালধীয়া চৰাইয়ে বাও ধান খায়
সাউদৰ পুতেকে নাও মেলি যায়
নাৱে বোলে তুলুং ভুটুং
বঠাই বোলে বায়
গধূলিতে গধূলিতে দবা কোবায় ।”
মনটো কিবা মুকলি মুকলি লাগিল ।

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *