দিনটোৰ ৰাশিফল ৫ ছেপ্তেম্বৰ,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(৫ ছেপ্তেম্বৰ,২০২০)

মেঘ  

নিজে সৎ পথত চলক। ওচৰ চুবুৰীয়া, বন্ধু বান্ধৱৰ লগত আন্তৰিকতাৰে থাকক, সময়ত সহায় লাভ কৰিব। কৰ্মত শুভ। ভাল ফলাফল আশা কৰিব পাৰে। ঘৰলৈ নতুন সম্পদ আহিব পাৰে। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।

 

বৃষ  

কৰ্মত আশা কৰা ধৰণে সুফল পাব।  খং ৰাগ এৰাই চলক, অন্যথা শত্ৰু বাঢ়িব । সন্তানক কৰ্মই মানসিক অশান্তি দিব পাৰে। খৰচ বৃদ্ধি হ’ব। শুভ ৰং নীলা আৰু শুভ সংখ্যা আঠ।

 

মিথুন  

কামত অনেক বাধা আহিব। অবাবদ খৰচ বাঢ়িব। আনে আপোনাৰ কৰ্তৃত্ব বজাই ৰখাত বাধাৰ সৃষ্টি কৰিব। পৰাপক্ষত ভ্ৰমণ নকৰিব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

কৰ্কট  

দক্ষতা আৰু নিষ্ঠাৰে নিজৰ কাম কৰি যাওঁক, সুফল পাব। আবেগৰ বশবৰ্তী হৈ কোনো সিদ্ধান্ত গ্ৰহণ নকৰিব। মনলৈ নানান চিন্তা আহিব পাৰে, ভয় শংকা বাঢ়িব। ব্যয় বৃদ্ধি। শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা ছয়।

 

সিংহ  

উৎসাহেৰে কাম কৰক, কৰ্মত শুভ। খং ৰাগ এৰাই চলক, কাৰো লগত বাদ বিবাদত লিপ্ত নহ’ব। শত্ৰু বৃদ্ধি হব পাৰে। শৰীৰ ভালে যাব। পত্নীৰ লগত বুজা পৰাৰে চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

কন্যা  

কৰ্ম সৎ আৰু নিষ্ঠাৰে সম্পাদন কৰক। আনৰ পৰা সমীহ পাব। খং ৰাগ এৰক, শত্ৰু আতৰিব। ৰাজনীতিকৰ বাবে দিনটো শুভ। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা আঠ।

 

তুলা  

মনোবলেৰে কাম কৰি যাওঁক, দায়িত্বশীল ব্যক্তি ৰূপে সমাজত সমাদৰ লাভ কৰিব। বিদ্যাৰ্থীৰ বাবে শুভ, ভাল ফলাফল লাভ কৰিব। বনৰীয়া জীৱ জন্তুৰ পৰা সাবধান। পৰাপক্ষত ভ্ৰমণ নকৰিব। শুভ ৰং মুগা আৰু শুভ সংখ্যা পাঁচ।

 

বৃশ্চিক  

যান বাহনত যাতায়ত কৰোতে সাৱধান থাকক। উত্তৰ দিশ আপোনাৰ বাবে ভাল। মনত সৎ সাহস ৰাখি নিজৰ কৰ্মত মনোনিবেশ কৰক। সন্তানৰ চিন্তাই কিছু  পৰিমানে মনত অশান্তি দিব। শুভ ৰং কমলা আৰু শুভ সংখ্যা আঠ।

 

ধনু  

আবেগৰ বশবৰ্তী হৈ কাম নকৰিব। সাংগাঠনিক কাম কাজৰ লগত জড়িত লোকৰ কামৰ প্ৰসংশা পাব। প্ৰাকৃতিক দুৰ্যোগে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ধন লাভৰ যোগ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

মকৰ  

কৰ্মস্থানত পদোন্নতিৰ যোগ। আনে আপোনাৰ ওপৰত আশা কৰিব। নতুন দায়িত্ব পাব পাৰে। আবেগ ত্যাগ কৰক। ভ্ৰমণত ভাল ফল পাব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা ছয়।

 

কুম্ভ  

মনত উৎসাহ কমি যাব পাৰে যদিও দুৰ্বলতা বোৰ আনৰ আগত প্ৰকাশ নকৰিব। গ্ৰহ পূজা কৰক, সমস্যা আতৰিব। ঘৰলৈ নতুন সম্পদ আহিব পাৰ। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা দুই।

 

মীন  

হতাশ নহব আৰু খঙেৰে কাকো বশ কৰিবলৈ চেষ্টা নকৰিব। অভিনয় লগত জড়িত লোকৰ বাবে দিনটো শুভ। আনৰ সমাদৰ আৰু সন্মান লাভৰ যোগ। শুভ ৰং মুগা আৰু  শুভ সংখ্যা পাঁচ।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *