আজিৰ দিনটোৰ ৰাশিফল
(৩ আগষ্ট,২০২০)
![]() |
মেঘ |
কিছুমান আচৰিত ধৰণে সফলতা পাব। অনুসন্ধান মুলক কামৰ মাজেৰে দিনটো পাৰ হ’ব। সাৱধানে চলিব, দুষ্ট লোকে চলনা কৰিব পাৰে। সাংস্কৃতিক জগতৰ লোকৰ বাবে শুভ। ভ্ৰমণৰ যোগ আছে। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।
|
![]() |
বৃষ |
কৰ্মত শুভ। নিষ্ঠা আৰু সততাৰে নিজৰ কাম কৰি যাওঁক। ধন সম্পত্তিৰ বাবে সমস্যা হ’ব পাৰে। চকুৰ বেমাৰে অলপ আমনি কৰিব পাৰে। শুভ ৰং ৰূপালী আৰু সংখ্যা পাচঁ।
|
![]() |
মিথুন |
দুষ্ট বন্ধুৰ পৰা আতৰি থাকক। আনক উপদেশ নিদিব, নিজৰ কামত সৎ চিন্তাৰে মনোনিবেশ কৰক। পানীৰ পৰা সাৱধান। শুভ ৰং সোনালী আৰু শুভ সংখ্যা আঠ।
|
![]() |
কৰ্কট |
আগতে কৰি অহা ভুলৰ শুধৰণি হ’ব। আন লোকৰ পৰা আমনি পাব পাৰে। ধৰ্মীয় কামত আগভাগ লওঁক। কৰ্মত শুভ। মনলৈ অহা নানান চিন্তাই টোপনিত ব্যাঘাত জন্মাব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা আঠ।
|
![]() |
সিংহ |
কামত হেচা বাঢ়িব। খং ৰাগ এৰাই চলক। নিজৰ বুদ্ধি বৃত্তিৰ পৰিচয় দিব পাৰিব। দাম্পত্যত শুভ। আনৰ মৰম আৰু সমাদৰ পাব। শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই।
|
![]() |
কন্যা |
কৰ্মত সফলতা অৰ্জন কৰিব পাৰিব। শৰীৰৰ শুভ। সংগীত আৰু খেলাধুলাৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। আনে আমনি কৰিব পাৰে । ধনৰ নাটনি হ’ব। শুভ ৰং মুগা আৰু শুভ সংখ্যা চাৰি।
|
![]() |
তুলা |
কৰ্মত শুভ, পদোন্নতিৰ যোগ আছে। মনৰ চঞ্চলতা আতঁৰিব। শত্ৰুৰ লগত মিত্ৰতা হ’ব। খৰচ বাঢ়িব। জুইৰ পৰা সাৱধানে থাকিব। শুভ ৰং মাখন আৰু শুভ সংখ্যা আঠ।
|
![]() |
বৃশ্চিক |
পৰিবৰ্তনৰ যোগ। আপোনাৰ কামে আপোনাৰ ভাগ্য নিৰ্ধাৰণ কৰিব। ভ্ৰমণৰ ইচ্ছা হ’ব যদিও পৰাপহ্মত ভ্ৰমণ নকৰাই ভাল। প্ৰেমত শুভ নহয়। শৰীৰ দুৰ্বল। শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ।
|
![]() |
ধনু |
মনত ভয় ভাব থাকিব। চঞ্চলতাবোৰ নোহোৱা হ’ব। মুল্যবান সম্পদ লাভৰ যোগ। কন্যা সন্তানৰ পৰা সুখ পাব। খোজকাঢ়োতে সাৱধান। শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই।
|
![]() |
মকৰ |
আনৰ পৰা প্ৰেৰণা পাব। কামৰ হেচাঁ থাকিব। দাম্পত্যত শুভ। ভ্ৰমণৰ যোগ আছে। পুৰণি কথাই আমনি কৰিব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ।
|
![]() |
কুম্ভ |
সুনাম লাভৰ যোগ। মানসীক শক্তি বাঢ়িব। আনে সমালোচনা কৰিব যদিও হ্মতি কৰিব নোৱাৰিব। যাব বাহন ঘতাৰ যোগ। ধনৰ অপচয় হ’ব। শুভ ৰং সোণালী আৰু শুভ সংখ্যা চাৰি।
|
![]() |
মীন |
ভাৱ ত্যাগ কৰক।ধৈৰ্যৰে কাম কৰক। ধৰ্মীয় অনুস্থানত যোগদান কৰক। খেলাধুলাত সুনাম লাভ। ভ্ৰমণৰ যোগ আছে। শুভ ৰং বগা আৰু শুভ সংখ্যা আঠ। |