দিনটোৰ ৰাশিফল ২৭ জুলাই,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(২৭ জুলাই,২০২০)

মেঘ  

কৰ্ম ক্ষেত্ৰত শুভ, পদোন্নতিৰ যোগ আছে। সাংস্কৃতিক জগত আৰু ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে দিনটো শুভ। ব্যস্ততা আৰু দায়িত্ব বাঢ়িব। শুভ ৰং বগা আৰু শুভ সংখ্যা আঠ। 

 

বৃষ  

বন্ধু বান্ধবৰ পৰা সহায় সহযোগ পাব। ব্যস্ততা বাঢ়িব আৰু সেই অনুযায়ী সফলতা বাঢ়িব। খৰচ বৃদ্ধি হ’ব। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।

 

মিথুন  

সা সম্পত্তিত বৰ বেছি লোভ নকৰিব। কৰ্মত ব্যস্ততা আৰু দক্ষতা দুয়ো বাঢ়িব। বন্য প্ৰানীৰ পৰা সাৱধান। পৰাপক্ষত ভ্ৰমণ নকৰিব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা দুই।

 

কৰ্কট  

চৰকাৰী চাকৰিয়ালে নতুন দায়িত্ব পাব। বদলি অথবা পদোন্নতি হ’ব পাৰে। অবাবদ ধনৰ খৰচ হ’ব। শুভ ৰং সোনালী আৰু শুভ সংখ্যা পাঁচ।

 

সিংহ  

মনৰ চঞ্চলতা বোৰ আতৰিব। আপোনাৰ কামত আনে সহায় সহযোগিতা আগবঢ়াব।ব্যৱসায়ী সকলৰ বাবে দিনটো শুভ। শৰীৰ ভাল। পৰাপক্ষত দুৰ ভ্ৰমণ নকৰিব। শুভ ৰং বগা আৰু শুভ সংখ্যা দুই।

 

কন্যা  

মাতৃৰ শুভ যদিও সন্তানৰ চিন্তাই অশান্তি দিব। আনৰ সহায় সহযোগ পাব আৰু তেনেকৈ মানসীক সন্তুষ্টি লাভ কৰিব। সাহিত্যীক সাংবাদীকৰ বাবে শুভ। শুভ ৰং মাখন আাৰু শুভ সংখ্যা দুই।

 

তুলা  

কৰ্মত নিষ্ঠা আৰু দক্ষতা বজাই ৰাখক। আনে আপোনাক ভুল পথে নিবলে চেষ্টা কৰিব পাৰে। ব্যয় বৃদ্ধি হ’ব। প্ৰতিযোগিতাত জয়লাভ হোৱাৰ যোগ। শুভ ৰং বগা আৰু শুভ সংখ্যা আঠ।

বৃশ্চিক  

পদমৰ্যাদা একেই থাকিব । আগতকৈ মনোবল বৃদ্ধি হ’ব। শত্ৰু কমিব । ৰাজনীতিৰ লগত জড়িত লোকৰ বাবে দিনটো তুলনামুলক ভাবে শুভ। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা আঠ।

 

ধনু  

সৎ লোকৰ সংগ লওঁক। আনৰ চলাহী কথাত ভোল নাজাবা। বদহজম আৰু পেটৰ ৰোগ হ’ব পাৰে। শুভ ৰং সোনালী আৰু শুভ সংখ্যা দুই ।

 

মকৰ  

আনৰ বাবে যাতে বিপদত নপৰে সাবধান হৈ থাকক। ভ্ৰমণৰ যোগ আছে। কামত নিষ্ঠা আৰু দক্ষতা থাকিব। শুভ ৰং বগা আৰু শুভ সংখ্যা পাঁচ।

 

কুম্ভ  

হীনমান্যতাত ভুগিব পাৰে। সকলো কথা আওঁকান কৰি নিজৰ কাম নিজে কৰি যাওঁক। যান বাহনত সাৱধান। পেটৰ আসুখ , বদহজমি ৰোগে দেখা দিব পাৰে। ভ্ৰমনৰ যোগ। শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই।

মীন বন্ধুৰ পৰা সহায় সহযোগ পাব। খং ৰাগ  এৰাই চলক। ৰক্তচাপ বাঢ়িব পাৰে। ব্যয় বাঢ়িব। শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা আঠ। দায়িত্বশীল ব্যক্তি ৰুপৰে সমাজত সমাদৰ পাব।

 

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *