আজিৰ দিনটোৰ ৰাশিফল
(২৩ জুলাই,২০২০)
মেঘ |
আপোনাৰ কামত আনে বাধা দিব যদিও সফলতা লাভ কৰিব পাৰিব। নিষ্ঠাৰে নিজৰ দায়িত্ব পালন কৰি যাওঁক। শৰীৰৰ যত্ন লওঁক, বেমাৰে অশান্তি কৰিব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা ছয়।
|
|
বৃষ |
আনৰ কথাত ভোল গৈ নিজৰ কাম পাহৰি নাযাব। দিনটো আশা কৰা ধৰণেই আগবাঢ়িব। মনলৈ শান্তি আহিব। খৰচ বৃদ্ধি। আত্মীয়ৰ লগত মিল-জুলি থাকিবলৈ যত্ন কৰক। শুভ ৰং মাখন আৰু শুভ সংখ্যা আঠ।
|
|
মিথুন |
বিশ্বাস ভংগ হ’ব পাৰে, অতি ঘনিষ্ঠ জনেও আঘাত কৰিব পাৰে। সংঘাত বোৰ দুৰ হ’ব। শৰীৰ মধ্যম, যত্ন লঁওক। গৱেষনা কৰ্মৰ লগত জড়িত থকা সকলৰ বাবে শুভ। শুভ ৰং বগা আৰু শুভ সংখ্যা চাৰি।
|
|
কৰ্কট |
অভিনয়, নৃত্যৰ লগত জড়িত লোকৰ বাবে দিনটো অতিকৈ শুভ। সৎ পথত চলাৰ বাবে শত্ৰু বাঢ়িব পাৰে যদিও সুনাম আৰু সুখ্যাতি অৰ্জন কৰিব পাৰে। খৰচ বৃদ্ধি হ’ব। মাতৃৰ শুভ। শুভ ৰং সোণালী আৰু শুভ সংখ্যা পাঁচ।
|
|
সিংহ |
নিজক বুজিবলৈ পাৰিব। আনৰ ওপৰত থকা খং অভিমান এৰক। দৰৱে অপকাৰ কৰিব পাৰে। শৰীৰৰ যত্ন লওঁক। শুভ ৰং মাখন আৰু শুভ সংখ্যা দুই।
|
|
কন্যা |
আনক সহায় কৰাৰ মনোভাব ৰাখক। ভ্ৰমণৰ যোগ আছে। কৰ্মস্থানত ভাল ফল দেখুৱাব পাৰিব। কন্যা সন্তানৰ শুভ। ব্যৱসায়ী সকলৰ বাবে আজি দিনটো শুভ। শুভ ৰং সোণালী আৰু শুভ সংখ্যা ছয়।
|
|
তুলা |
কৰ্মস্থানত নিষ্ঠা আৰু দক্ষতাৰে কাম কৰিব পাৰিব। মনৰ ভিতৰত থকা গোপন কথা আনৰ আগত প্ৰকাশ নকৰিব। ভ্ৰমণৰ যোগ আছে। প্ৰাকৃতিক দুৰ্যোগে সমস্যাত পেলাব পাৰে। শুভ ৰং বগা আৰু শুভ সংখ্যা চাৰি।
|
|
বৃশ্চিক |
আনৰ পৰা প্ৰেৰণা পাব আৰু ভাবি চিন্তি কাম হাতত লব। মাতৃ আৰু সন্তানৰ শুভ। শত্ৰু কমিব আৰু ভাগ্যই সহায় কৰিব। শুভ ৰং মাখন আৰু শুভ সংখ্যা পাঁচ।
|
|
ধনু |
কৰ্মস্থানত নিষ্ঠা আৰু দক্ষতাৰে কাম কৰিব পাৰিব। শৰীৰ ভাল নাথাকিব পাৰে। খং ৰাগ এৰাই চলক, হতাশা বোৰো কমিব। ব্যৱসায়ত মধ্যম। শুভ ৰং মুগা আৰু শুভ সংখ্যা দুই।
|
|
মকৰ |
পদোন্নতি হ’ব পাৰে। গৱেষনা কৰ্মৰ লগত জড়িত লোকৰ বাবে শুভ। আনৰ উৎসাহ পাব। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।
|
|
কুম্ভ |
দুষ্ট সংগ আজিয়ে ত্যাগ কৰক, মানহানি হ’ব পাৰে। মনত বিশ্বাস ৰাখি কাম কৰি যাওঁক। সম্পত্তি হ’ব পাৰে। আনৰ কথাত ভোল নাযাব। শুভ ৰং সোণালী আৰু শুভ সংখ্যা দুই।
|
|
মীন | আনৰ কথা গুৰুত্ব দিয়ক, খৰখেদাকৈ যিকোনো সিদ্ধান্ত নলব। মাদক দ্ৰব্য গ্ৰহণ নকৰিব। দেহৰ যত্ন লওঁক। যাতায়তত সাৱধান হওঁক। শুভ ৰং বগা আৰু শুভ সংখ্যা চাৰি। |