দিনটোৰ ৰাশিফল ১৯ আগষ্ট,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(১৯ আগষ্ট,২০২০)

মেঘ  

নতুন আশাৰ পোহৰ দেখিব। আধৰুৱা কাম বোৰ পুৰ হোৱাৰ যোগ আছে। কথা কওঁতে আৰু খাওতে সাৱধান। খৰচ বাঢ়িব। যান বাহনৰ পৰা সাৱধান। দাম্পত্যত শুভ। শুভ ৰং সোণালী আৰু শুভ সংখ্যা দুই।

 

বৃষ  

বুদ্ধিৰে বশ কৰক, খং ৰাগেৰে নহয়। সম্পদ লাভৰ যোগ।ঘৰলৈ আলহী আহিব।শৰীৰৰ যত্ন লওঁক। অযথা খৰচ বাঢ়িব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।

 

মিথুন  

পৰাপক্ষত খং ৰাগ এৰাই চলক। বাদ বিবাদৰ পৰা দুৰৈত থাকক। মানসিক অস্থিৰতা বোৰ কমিব আৰু কাকো কষ্ট নিদিব। ভ্ৰমণৰ যোগ। শুভ ৰং মুগা আৰু শুভ সংখ্যা ছয়।

 

কৰ্কট  

আবেগ বৰ্জন কৰি আগবাঢ়ক । মনৰ বোজ আতৰিব। শাৰীৰিক শ্ৰম বৃদ্ধি হ’ব। পৰাপক্ষত ভ্ৰমণ নকৰিব। আলহীৰ আগমন হ’ব পাৰে। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা আঠ।

 

সিংহ  

দুখীয়া সৎ লোকক দান কৰক, পৰিয়ালৰ অশান্তি দুৰ হ’ব। বিদ্যাৰ্থীৰ বাবে শুভ। কষ্ট কৰা ধৰণে সুফল পাব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

কন্যা  

আনৰ সমাদৰ পাব। সুপ্ত প্ৰতিভা আনক দেখুৱাওক। সামাজিক কৰ্মত আগভাগ লব পাৰে। পৰনিৰ্ভৰ হৈ নাথাকিব। শুভ ৰং কমলা আৰু শুভ সংখ্যা চাৰি।

 

তুলা  

আনৰ পৰা আশা নকৰিব। নিজৰ কামত নিজে আগভাগ লওঁক। উত্তৰ দিশত শুভ। বিবাহ পাৰ্থীৰ বাবে দিনটো ভাল। দাম্পত্যত শুভ। খং ৰাগ এৰাই চলক। শুভ ৰং মুগা আৰু শুভ সংখ্যা আঠ।

 

বৃশ্চিক  

ঘৰ বিভীষণৰ পৰা সাৱধান। আনৰ কথা শুনি কাম নকৰাই ভাল। পৰিকল্পনা কাৰ্যকৰী নহ’ব পাৰে, কিন্তু হতাশ নহ’ব। সন্তানৰ পৰা সুখী হ’ব পাৰিব। শুভ ৰং বগা আৰু শুভ সংখ্যা ছয়।

 

ধনু  

উৎসাহেৰে কাম কৰি যাওঁক, সুফল পাব।শিল্পী সকলৰ বাবে শুভ। খং কমিব। ভ্ৰমণৰ যোগ আছে।পাৰিবাৰিক জীৱন ব্যস্ততাপূৰ্ণ। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা চাৰি।

 

মকৰ  

কৰ্মত শুভ। পদোন্নতিৰ যোগ আছে। সাৱধান হৈ থাকিব, কাকো সহজে বিশ্বাস নকৰিব। শাৰীৰিক কষ্ট বাঢ়িব। মনত ভয় ভাব আহিব পাৰে। শৰীৰ শুভ। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা পাঁচ।

 

কুম্ভ  

আনৰ পৰা মৰম তথা সমাদৰ লাভ কৰিব পাৰিব। খৰচ বহুত বাঢ়িব। দাম্পত্যত শুভ। ভ্ৰমণৰ যোগ আছে যদিও যান বাহনত সাৱধান হ’ব। শুভ ৰং গোলাপী আৰু শুভ সংখ্যা দুই।

 

মীন আয় অনুসৰীহে খৰচ কৰিব চেষ্টা কৰক। খং ৰাগ এৰি দিয়ক। আনৰ পৰা সন্মান পাব। পুৱ দিশত পৰাপক্ষত নাযাব। সন্তানৰ বাবে চিন্তা বাঢ়িব। শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা ছয়।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *