দিনটোৰ ৰাশিফল ১৫ আগষ্ট ,২০২০

আজিৰ দিনটোৰ ৰাশিফল

(১৫ আগষ্ট,২০২০)

মেঘ  

অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব যদিও কিছুমান কাম কৌশলেৰে নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব ।ৰোগ মুক্ত হোৱাত সহায় হব । বিদ্যাত ভাল ফল ।খৰছ বৃদ্ধি পাব । মাতৃৰ শুভ । শুভ সংখ্যা আঠ। শুভ ৰং হালধীয়া

 

বৃষ  

বিশেষ অসুবিধাত বিপৰীত দিশৰ পৰাও সহায় পাব । গৰ্ব ভাৱেৰে কোনো কাম নকৰিব । মানহোৱাৰ আশংকা । আনৰ বস্তুৰ ওপৰত নজৰ নিদিব । শৰীৰ দুৰ্বল অনুভৱ কৰিব পাৰে । শুভ ৰং নীলা । শুভ সংখ্যা ছয়

 

মিথুন  

নতুন কাম হাতত ললে উপকৃত হব । আপোনাৰ ব্যৱহাৰেৰে আনৰ মন জয় কৰিব। দুই এটা সৰু বেমাৰে মন বেয়া কৰিব পাৰে ।দুখীয়াক সহায় কৰিব । শুভ ৰং সোণালী । শুভ সংখ্যা দুই।

 

কৰ্কট  

দয়াশীল মনোভাৱে আপোনাক উচ্চ স্তৰত ৰাখিব ।ৰাজিনীতি কৰা সকলে সচেতন থাকক । শৰীৰ মধ্যম । ব্যৱসায়ত উন্নতি ।মাতৃৰ মধ্যম । শুভ ৰং মুগা । শুভ সংখ্যা ছয় ।

 

সিংহ  

আপোনাৰ সাহসেই আপোনাৰ সফলতাৰ মূল হব ।মনৰ অস্থিৰতা কমি আহিব ।অইন দিশত আপোনাৰ কৃতিত্ব থাকিব । দাম্পত্যত ভালে দেখা যায় ।আনৰ প্ৰতি দায়িত্বশীল দেখা যায় । শুভ ৰং হালধীয়া । শুভ সংখ্যা চাৰি।

 

কন্যা  

মানসিক ভাৱে সুস্থিৰ থকা ভাল । যাকে তাকে ভৰসা কৰিলে ঠগ খাব পাৰে । মাতৃৰ ভাল । ভাই ভনীৰ শুভ । আৱেগত যিকোনো সিদ্ধান্ত নলব । খৰছ বৃদ্ধি হোৱাৰ সম্ভাৱনা । শুভ সংখ্যা দুই । শুভ ৰং নীলা ।

 

তুলা  

কৰ্তব্যৰ প্ৰতি দায়বদ্ধ দেখা যায় । কিছুমান অনিশ্চয়তাই আমনি কৰি থাকিব । ভবা মতে কামবোৰ হৈ নুঠিব । বন্ধুৰ মৰম । সম্পদ লাভৰ যোগ দেখা যায় । প্ৰেমত শুভ ।শুভ সংখ্যা ছয় । শুভ ৰং গোলাপী ।

 

বৃশ্চিক  

আপোনাৰ ব্যৱহাৰে আনক সহজতে আপোন কৰি লব পাৰিব ।আশাবাদী মন । শৰীৰ বৰ উন্নত বুলিব নোৱাৰি ।আৰ্থিক ভাৱে মধ্যম । যান বাহনৰ ক্ষেত্ৰত সাৱধান । শুভ ৰং বেঙুনীয়া । শুভ সংখ্যা চাৰি ।

 

ধনু  

ৰীতি নীতিৰে কাম কৰি মনত শান্তি পাব ।শৰীৰৰ প্ৰতি সচেতন হওক । নিসংগতা অনুভৱ কৰিব পাৰে । কিছুমান ঘৰুৱা অভাবে লগ দিব । প্ৰেমত শুভ । শুভ সংখ্যা দুই । শুভ ৰং মাখন ।

 

মকৰ  

ব্যৱসায়িক ভাৱে আপুনি মুখ্য ভূমিকা পালন কৰিব পাৰে । আনৰ পৰা সন্মান লাভ । শত্ৰুৰ মন জয় কৰিব পাৰে । নিজকে অৱশ্যে ভাগৰোৱা অনুভৱ কৰিব। পঢ়া শুনাত ভাল । শুভ ৰং আকাশী নীলা । শুভ সংখ্যা পাঁচ ।

 

কুম্ভ  

ভাল মনৰ মানুহ বন্ধু হিচাপে লাভ কৰিব । আনৰ লগত ভাল সম্পৰ্ক স্থাপন । ধীৰ স্থিৰ স্বভাৱে আপোনাক ভাল ফল দিব অন্যথা নতুন সমস্যা গা কৰি উঠিব পাৰে। বিদ্যাৰ যত্ন লওক । মাতৃৰ শুভ । শুভ ৰং সোণালী । শুভ সংখ্যা চাৰি ।

 

মীন ভাল লোকৰ পৰামৰ্শই আপোনাৰ জীৱনত যোগাত্মক প্ৰভাৱ পেলাব । কোনো প্ৰতিশ্ৰুতি নিদিব । শিল্পী সাহিত্যৰ লগত জড়িত লোকৰ সুনাম অৰ্জন ।মনৰ অস্থিৰতা কমি আহিব ।শুভ ৰং মাখন । শুভ সংখ্যা আঠ ।

 

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *