সন্মান
প্রশ্ন ১। অতি চমু উত্তৰ দিয়া –
( ক ) অধিকাৰ আৰু শাসনকর্তা নথকা দেশ এখনে কেনেকুৱা আচৰণ কৰে ?
উত্তৰঃ সেই দেশৰ মানুহে স্বপ্রধান হৈ আপােনাৰ ইচ্ছাৰ দৰে আচৰণ কৰে ।
( খ ) ছাতৰে শিক্ষকৰ ধাৰ শুজিব পাৰে নে ?
উত্তৰঃ ছাতৰে শিক্ষকৰ ধাৰ শুজিব নােৱাৰে ।
( গ ) “ তেওঁ দেৱতাৰ দেৱতা , বিধাতাৰাে বিধাতা , ৰজাৰ ৰজা ” — ‘ তেওঁ কোন ?
উত্তৰঃ “ তেওঁ দেৱতাৰ দেৱতা , বিধাতাৰাে বিধাতা , ৰজাৰ ৰজা ” — ‘ তেওঁ হ’ল-সৃষ্টিকর্তা ভগৱান , ঈশ্বৰ ।
( ঘ ) হেমচন্দ্ৰ বৰুৱা কোনখন কাকতৰ সম্পাদক আছিল ?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱা ‘আসাম নিউজ ’ কাকতৰ সম্পাদক আছিল ।
( ঙ ) “ হেমকোষ ’ কি ?
উত্তৰঃ “ হেমকোষ ’ হ’ল-অসমীয়া ভাষাৰ অভিধান ।
( চ ) কানীয়া কীর্তনৰ বচক কোন ?
উত্তৰঃ কানীয়া কীর্তনৰ বচক হ’ল- হেমচন্দ্ৰ বৰুৱা ।
প্রশ্ন ২। “ ঈশ্বৰৰ পাছতে পিতৃ – মাতৃ আমাৰ মাননীয় ; —কথাষাৰ বুজাই লিখা ।
উত্তৰঃ ঈশ্বৰৰ পাছতে পিতৃ – মাতৃ আমাৰ মাননীয় । কাৰণ তেওঁবিলাকেই আমাক জন্ম দিছে আৰু তেওঁলােকৰ পৰাই আমি এই বিচিত্র সংসাৰ দেখিবলৈ পাইছোঁহঁক । আমি যেতিয়া কেঁচুৱা আছিলোঁ , উঠি – পৰি ফুৰিবৰ শক্তি নাছিল , তেতিয়া তেওঁলােকে কত দুখ সহি কোলাত লৈ আমাক তুলিছিল , আমি নাখালে তেওঁলােকেও খাবলৈ ইচ্ছা নকৰিছিল , আমি গাত দুখ পালে বা নৰিয়াত পৰিলে শােকত বিহ্বল হৈ তেওঁলােকে আমাৰ আৰােগ্যৰ নিমিত্তে অহৰহ যত্ন কৰিছিল ; —আনকি আমাৰ মঙ্গলৰ কাৰণে প্রাণকো উচর্গিবলৈ কুণ্ঠাবােধ নকৰিছিল ।
আমি অলপ ডাঙৰ হ’লত সিবিলাকে আমাক জ্ঞান – বিদ্যা শিকাই ভাল মানুহ কৰিবলৈ পাৰে মানে যত্ন কৰিছিল আৰু এতিয়াও ধনী , মানী , যশস্বী হলে সিবিলাকৰ আনন্দৰ সীমা নাথাকে ; কিন্তু দুর্যশ বা দুর্ভাগ্যৰ কথা শুনিলে দাৰুণ আঘাত পায় , আৰু চকু লােতকেৰে পূৰ হয় । তেনে পিতৃ – মাতৃতকৈ মনুষ্যৰ ভিতৰত আন কোনাে আমাৰ অধিক মান্য নহয় ।
সেই কাৰণেই আমি সদায় তেওঁলােকৰ আজ্ঞা মানিব আৰু সিবিলাকক সন্মান কৰিব লাগে । বুঢ়াকালত যাতে তেওঁলােকে শাৰীৰিক আৰু মানসিকভাৱে কোনাে কাৰণতে কষ্ট নাপায় তাৰ কাৰণে আমি আমাৰ শক্তি অনুসাৰে পৰিচৰ্যা কৰিব আৰু যত্ন ল’ব লাগে ।
প্রশ্ন ৩। শিক্ষক প্রতি ছাত্রই মান – সকাৰ কিয় ৰাখিব লাগে ?
উত্তৰঃ কণা মানুহক যিজনে চকু দিয়ে , তেওঁ যে কণাৰ পৰম উপকাৰী আৰু মান্য , তাত একো সংশয় নাই । সেইৰূপে শিক্ষকেও ছাত্রক চকু দিয়ে । ছাতৰে চকু থার্কোতেও যি বস্তু নেদেখি আৰু যি কথা নুবুজি কণাৰ নিচিনা হৈ থাকে , শিক্ষকৰ অনুগ্রহত চকু মুকলি হৈ সেই কথা দেখিব আৰু বুজিব পৰা হয় । এনে শিক্ষকৰ প্ৰতি যি সন্মান নকৰে , তাৰ সমান অশলাগী আৰু অধম নাই ।
আমাৰ শাস্ত্ৰত লিখা আছে যে অধ্যাপকে ( শিক্ষকে ) যদি এটি মাথােন আখৰ ছাতৰক শিকায় , তেওঁ পৃথিৱীৰ এনে বস্তু নাই , যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে । এতেকে এই কাৰণেই শিক্ষকৰ প্রতি ছাত্রই মান – সৎকাৰ ৰাখিব লাগে ।
প্রশ্ন ৪। ‘ সন্মান ’ পাঠটোৰ পৰা তুমি কি শিকিলা ।
উত্তৰঃ সন্মান মানে হৈছে গুণ , পদমর্যাদা , জ্যেষ্ঠতা আদিৰ ভিত্তিত লাভ কৰা শ্রদ্ধা বা আদৰ । এজনে আনজনৰ প্রতি দেখুওৱা আদৰ বা শ্রদ্ধাই সন্মান । বিশ্ব-ব্রহ্মাণ্ডৰ গৰাকী সৃষ্টি কর্তা ঈশ্বৰ , আমাৰ জন্মদাতা আৰু তুলি – তালি ডাঙৰ – দীঘল কৰোতা পিতৃ – মাতৃ , জ্ঞান চকু দিওঁতা শিক্ষাগুৰু , দুষ্টক দমন , শান্তক পালন কৰোঁতা আমাৰ শাসনকর্তা সকল , জ্যেষ্ঠজন , বৃদ্ধলােক এই সকলােকে আমাৰ সাধ্যনুসাৰে সন্মান কৰিব লাগে , মান্যতা যাচিব লাগে । এই কথাকেই ‘ সন্মান ’ পাঠটিৰ পৰা শিকিলোঁ ।
ভাষা বিষয়ক প্রশ্নোত্তৰ
প্রশ্ন ১। তলৰ শব্দবােৰৰ সমার্থক শব্দ লিখা ।
নৰিয়া , জগত , লােতক , চকু , হেতু , মান ।
উত্তৰঃ
নৰিয়া চকু – চক্ষু , আখি ।
জগত – ভুৱন ।
হেতু – কাৰণ , কাৰণে , বাবে ।
লােতক – চকুলাে ।
মান – শ্রদ্ধা , জোখ ।
প্রশ্ন ২। বিপৰীত শব্দ লিখা ।
শ্রদ্ধা , শলাগ , আদি , দুষ্ট জ্যেষ্ঠ , ন্যায় ।
উত্তৰঃ
শ্ৰদ্ধা – অশ্রদ্ধা ।
দুষ্ট – শান্ত ।
শলাগ – অশলাগ , দুর্নাম ।
জ্যেষ্ঠ – কনিষ্ঠ ।
আদি – অন্ত ।
ন্যায় – অন্যায় ।
শব্দার্থ :
উত্তৰঃ
বিহুল – ভয় বা শােকত অতিশয় অস্থির ।
নাস্তিক – ঈশ্বৰৰ অস্তিত্ব স্বীকাৰ নকৰা , নিৰীশ্বৰবাদী ।
শিষ্ট – নম্ৰ ।
মলিন – লেতেৰা , মল থকা , অপৰিষ্কাৰ , স্বাভাৱিক ৰং বা আভা নথকা , ম্লান ।
লােতক – চকুলাে , চকুপানী , অশ্রু ।
সম্মান – শ্ৰদ্ধা ।
অধিকাৰ – স্বত্ব, হক ।
বিচিত্র – নানা – প্ৰকাৰৰ ।
নৰিয়া – ৰোগ , অসুখ
স্ব প্ৰধান – নিজেই নিজকে ঘাই তথা মুখ্য লােক বুলি ভবা ।
মান্য – মানিব লগীয়া , শ্রদ্ধা কৰিব লগীয়া ।
অতিৰিক্ত প্রশ্ন আৰু উত্তৰঃ
প্রশ্ন ১। অতি চমু উত্তৰ দিয়া।
(ক) ‘সন্মান’ পাঠটোৰ ৰচক কোন?
উত্তৰঃ ‘সন্মান’ পাঠটোৰ ৰচক হেমচন্দ্ৰ বৰুৱা।
(খ) হেমচন্দ্ৰ বৰুৱাৰ ক’ত জন্ম হৈছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিল।
(গ) হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা আছিল।
(ঘ) কোন চনত হেমচন্দ্ৰ বৰুৱাৰ জন্ম হৈছিল।
উত্তৰঃ ১৮৩৫ চনত হেমচন্দ্ৰ বৰুৱা জন্ম হৈছিল।
(ঙ) হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা কাকতখনৰ নাম কি আছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই সম্পাদনা কৰা কাকতখনৰ নাম আছিল ‘আসাম নিউজ।
(চ) হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ জীৱনৰ কীৰ্তিস্তম্ভ হল ‘হেমকোষ’ অসমীয়া অভিধান প্রণয়ন।
(ছ) ‘কানীয়া কীৰ্তনৰ’ ৰচক কোন?
উত্তৰঃ ‘কানীয়া কীৰ্তনৰ’ ৰচক হেমচন্দ্ৰ বৰুৱা।
(জ) ‘সন্মান’ পাঠটো হেমচন্দ্ৰ বৰুৱাৰ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ ‘সন্মান’ পাঠটো হেমচন্দ্ৰ বৰুৱাৰ ‘পাঠমালা’ গ্ৰন্থৰ পৰা লোৱা হৈছে।
(ঝ) ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী গ্ৰন্থখন কোনে ৰচনা কৰা?
উত্তৰঃ ‘বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী’ গ্ৰন্থখন হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰিছিল ৷
(ঞ) ‘অসমীয়া বিবাহ পদ্ধতি’ গ্ৰন্থখনৰ ৰচক কোন?
উত্তৰঃ ‘অসমীয়া বিবাহ পদ্ধতি’ গ্ৰন্থখনৰ ৰচক হেমচন্দ্ৰ বৰুৱা।
প্রশ্ন ২। চমু উত্তৰ দিয়া।
(ক) হেমচন্দ্ৰ বৰুৱাৰ ক’ত জন্ম হৈছিল আৰু তেওঁৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাৰ শিৱসাগৰৰ ৰজাবাহৰ গাঁৱত জন্ম হৈছিল আৰু তেওঁৰ পিতৃৰ নাম মুক্তাৰাম বৰুৱা আছিল।
(খ) হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা ব্যংগ গ্ৰন্থ দুখন কি কি?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ৰচনা কৰা ব্যংগ গ্ৰন্থ দুখন হ’ল –
(ক) কানীয়া কীৰ্তন। আৰু
(খ) বাহিৰে ৰং চং ভিতৰে কোৱা ভাতুৰী।
(গ) হেমচন্দ্ৰ বৰুৱাই ‘সন্মান’ পাঠটোত কোন কোন লোক সন্মানৰ পাত্ৰ বুলি কৈছে?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ‘সন্মান’ পাঠটোত ঈশ্বৰ, পিতৃ-মাতৃ, শিক্ষক, দেশৰ অধিকাৰ বা শাসনকর্তা আৰু বুঢ়া লোক সকল সন্মানৰ পাত্ৰ বুলি কৈছে।
(ঘ) হেমচন্দ্ৰ বৰুৱাই ‘ঈশ্বৰ’ সম্পৰ্কে ‘সন্মান’ পাঠটোত কি বুলি কৈছে?
উত্তৰঃ হেমচন্দ্ৰ বৰুৱাই ‘ঈশ্বৰ’ সম্পৰ্কে ‘সন্মান’ পাঠটোত ঈশ্বৰক- দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালনকর্তা বুলি কৈছে।
(ঙ) আমি ঈশ্বৰক কিদৰে শ্ৰদ্ধা আৰু ভক্তি কৰিব লাগে বুলি হেমচন্দ্ৰ বৰুৱাই কৈছে?
উত্তৰঃ আমি সমুদায় মন, বুদ্ধি আৰু শক্তিৰে ঈশ্বৰক শ্রদ্ধা আৰু ভক্তি কৰিব লাগে বুলি হেমচন্দ্ৰ বৰুৱাই কৈছে।
(চ) পিতৃ-মাতৃৰ বুঢ়া কালত তেওঁলোকৰ প্ৰতি আমি কি ধৰণৰ কৰ্তব্য পালন কৰিব লাগে?
উত্তৰঃ বুঢ়াকালত পিতৃমাতৃৰ প্ৰতি আমাৰ শক্তি অনুসাৰে শুশ্রূষা কৰা আৰু পোহপাল দি তেওঁলোকক সুখেৰে ৰাখিব লাগে।
(ছ) আমি কিয় পিতৃ-মাতৃক শ্রদ্ধা-ভক্তি কৰিব লাগে?
উত্তৰঃ পিতৃ-মাতৃয়ে আমাক জন্ম দি অশেষ দুখ-কষ্ট সহি আমাক খুৱাই-বোৱাই ডাঙৰ দীঘল কৰি আমাৰ দুখত দুখী আৰু সুখত সুখী হৈ ওৰে জীৱন আমাৰ মংগল কামনা কৰে বাবে আমি পিতৃ-মাতৃক সর্বদা শ্রদ্ধা-ভক্তি কৰিব লাগে।
(জ) আমি শিক্ষকক কিয় সম্মান কৰিব লাগে?
উত্তৰঃ শিক্ষকে আমাক জ্ঞান চকু দিয়ে আৰু সেই চকুৰ পোহৰত আমি শিক্ষকৰ পৰা নজনা কথা জানিব পাৰো, নুবুজা বিষয় বুজিব পৰা হওঁ আৰু পৃথিবীত চলিব পৰা জ্ঞান লাভ কৰিব পৰা হওঁ বাবে আমি শিক্ষকক গুৰু হিচাপে মান্য কৰি সন্মান কৰিব লাগে।
(ঝ) আমি দেশৰ অধিকাৰ সকলক কিয় সম্মান কৰিব লাগে?
উত্তৰঃ দেশৰ অধিকাৰ সকলে দুষ্টক দমন আৰু শিষ্টক পালন কৰি আমাৰ ধন, প্ৰাণ, আৰু মান ৰক্ষা কৰে বাবে আমি দেশৰ অধিকাৰ সকলক সন্মান কৰিব লাগে।
(ঞ) “যি লোক তোমাতকৈ কোনো কথাত শ্রেষ্ঠ, তেৱেঁই তোমাৰ মান্য;”—কথাষাৰ কোন পাঠৰ অন্তৰ্গত?
উত্তৰঃ “যি লোক তোমাতকৈ কোনো কথাত শ্ৰেষ্ঠ, তেৱেঁই তোমাৰ মান্য” কথাষাৰ ‘সন্মান’ পাঠটোৰ অন্তৰ্গত।
প্রশ্ন ৩। ‘সন্মান’ পাঠটোৰ লেখকে ঈশ্বৰ সম্পৰ্কে কোৱা কথাখিনি তোমাৰ নিজৰ ভাষাত লিখা।
উত্তৰঃ লেখকৰ মতে, ঈশ্বৰেই জগতৰ উৎপত্তিৰ কাৰণ। ঈশ্বৰেই জগতৰ আদি, কিন্তু ঈশ্বৰৰ আদিও নাই আৰু অন্তও নাই। সেয়ে ঈশ্বৰক দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু এই জগতৰ সকলোৰে স্ৰষ্টা আৰু পালনকৰ্তা বুলি লেখকে অভিহিত কৰিছে। অৰ্থাৎ ঈশ্বৰেই তেওঁৰ সৃষ্টিৰ চালক। তেওঁৰ পৰিচালনাতে জগত বৰ্তি আছে। সেয়ে সকলো দেশৰ, সকলো জাতিৰ, সকলো ধৰ্মৰ জ্ঞানীলোকে ঈশ্বৰত বিশ্বাস কৰে আৰু ভক্তি কৰে। ঈশ্বৰ প্ৰতি শ্ৰদ্ধা-ভক্তি, নথকা লোকক নাস্তিক বোলে৷ জগতৰ স্ৰষ্টা আৰু পালন কর্তা হিচাপে আমি ঈশ্বৰক মন, বুদ্ধি আৰু শক্তিৰে শ্ৰদ্ধা ভক্তি কৰিব লাগে।
প্রশ্ন ৪। দেশৰ অধিকাৰ সকলক আমি কিয় সন্মান কৰিব লাগে পাঠৰ আলমত বুজাই লিখা।
উত্তৰঃ দেশৰ অধিকাৰ সকলেই দেশ চলায়। যি দেশৰ অধিকাৰ নাই আৰু শাসনকর্তা নাই সেই দেশ অৰাজক হয়। অৰাজক দেশ ধুমুহা-বতাহত গুৰিয়ালননোহোৱা নাওৰ দৰে অস্থিৰ। সোঁতে নাওক কোনফালে উটুৱাই লৈ যায় তাৰ ঠিকনা নোহোৱা হয়। একেদৰে অৰাজক দেশ সততে অস্থিৰ হৈ থাকে। তাত কোনে নিজ ইচ্ছাৰে কি কৰে তাৰ ঠিকনা নোহোৱা হয়। ফলত জোৰ যাৰ মুলুক তাৰ নীতি অনুসৰি বলী সকলে দুৰ্বলৰ ওপৰত শাসন চলোৱাৰ সুবিধা লাভ কৰে। চোৰ-ডকাইতৰ উপদ্রব বাঢ়ে। সাধাৰণ মানুহে ধন-প্ৰাণ-মান ৰক্ষা কৰি চলা টান হৈ পৰে। মানুহ সদায় শংকিত হৈ থাকিব লগাত পাৰে। অৰ্থাৎ অৰাজক দেশ সদায় অশান্তিৰ ভঁৰাল হৈ পৰে। কিন্তু যি দেশৰ অধিকাৰ আছে, শাসনকর্তা আছে সেই দেশত অধিকাৰ সকলে, শাসন কর্তা সকলে দুষ্টক দমন আৰু শিষ্টক পালন কৰে। ফলত চোৰ-ডকাইতৰ উপদ্রব হ্রাস পায়। মানুহৰ ধন-প্রাণ-মান দেশৰ অধিকাৰ, শাসন কৰ্তাই ৰক্ষা কৰে। এনেবোৰ কাৰণতে আমাৰ জীৱন সম্পদ ৰক্ষা কৰি আমাক শান্তিৰে জীয়াই থকাৰ সুবিধা প্ৰদান কৰা দেশৰ অধিকাৰ তথা শাসনকৰ্তাৰ প্ৰতি আমি সন্মান প্ৰদৰ্শন কৰিব লাগে।
প্রশ্ন ৫। ব্যাখ্যা কৰা।
(ক) ‘তেওঁ দেৱতাৰো দেৱতা, বিধাতাৰো বিধাতা, ৰজাৰো ৰজা আৰু সকলোৰে সৃষ্টি আৰু পালন কৰ্তা।”
উত্তৰঃ ওপৰত তুলি দিয়া কথাষাৰ ভাষাৰ ওজা হেমচন্দ্ৰ বৱৱা ৰচিত ‘সন্মান’ নামৰ প্ৰবন্ধটোৰ অন্তৰ্গত।
ইয়াত ‘তেওঁ’ শব্দটোৰে ঈশ্বৰক বুজোৱা হৈছে। উপৰোক্ত কথাষাৰৰ মাজেদি প্ৰবন্ধ ৰচক গৰাকীয়ে ঈশ্বৰৰ অপাৰ ক্ষমতাৰ কথাকে ব্যক্ত কৰিছে।
আমাৰ চকুৰ দৃষ্টিত উদ্ভাসিত পৰিদৃশ্যমান জগতৰ উৎপত্তিৰ কাৰণো ঈশ্বৰেই। ঈশ্বৰেই এই জগত সৃষ্টি কৰিছে আৰু পালনো কৰিছে। ঈশ্বৰ সৰ্বশক্তিমান। ঈশ্বৰ সকলোৰে আদি। তেওঁ সৃষ্টি কৰা সকলোৰে লয়, ক্ষয় আৰু অন্ত আছে। ঈশ্বৰৰ লয়, ক্ষয় আৰু অন্ত নাই। ঈশ্বৰ অনন্ত। সেয়ে ঈশ্বৰক মনুষ্যতকৈ শ্ৰেষ্ঠ দেৱতাৰো দেৱতা বুলি কোৱা হয়। মনুষ্যকুলৰ শ্ৰেষ্ঠ বুলি ৰজাক কোৱা হয়। ৰজাই সকলোকে শাসন কৰে আৰু দোষীক দণ্ড দিয়ে। সেয়ে মনুষ্য কুলৰ ভিতৰত ৰজাক শক্তিমান বুলি সকলোৱে মানি চলে, ৰজাৰ আদেশ সকলোৱে পালন কৰে। কিন্তু এনে শক্তিমান ৰজাৰ ওপৰৰ ৰজা হল ঈশ্বৰ। কাৰণ ঈশ্বৰৰ অনুগ্ৰহত হে ৰজাই তেওঁৰ ক্ষমতা লাভ কৰিছে। দেৱতা সকলোৱে তেওঁৰ বা ঈশ্বৰৰ অনুগ্ৰহত হে স্বৰ্গ ৰাজ্যৰ অধিবাসী হিচাপে নিজ নিজ ক্ষমতা লাভ কৰিছে। ঈশ্বৰ এই দেৱতা সকেলাতকৈ মহা ক্ষমতাৱান আৰু শক্তিধৰ। অৰ্থাৎ এই জগতৰ ঈশ্বৰেই সৰ্বক্ষমতাৰ একমাত্ৰ অধিকাৰী তথা সৰ্বময় কর্তা। সেয়ে সকলোৱে মন, বুদ্ধি আৰু শক্তিৰে ঈশ্বৰক শ্রদ্ধা-ভক্তি কৰিব লাগে।
(খ) ‘……পৃথিৱীত এনে বস্তু নাই, যাক দি ছাতৰে সেই শিক্ষকৰ ধাৰ শুজিব পাৰে।”
উত্তৰঃ ওপৰৱ কথাষাৰ ‘হেমকোষ’ প্রণেতা ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ ‘সন্মান’ নামৰ প্ৰৱন্ধটোৰ পৰা উদ্ধৃত কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীৰ জীৱন গঢ়াত শিক্ষকৰ অৱদান সম্পর্কে ক’বলৈ গৈয়েই বচকে উপৰোক্ত কথাষাৰৰ অৱতাৰণা কৰিছে।
কণা মানুহক চকু দিয়া মানুহজন কণাৰ বাবে যিদৰে পৰম উপকাৰী বা হিতকাৰী ঠিক তেনেদৰে ছাত্ৰ-ছাত্ৰীৰ বাবেও শিক্ষক পৰম হিতকাৰী। শিক্ষকে সদায় ছাত্ৰ-ছাত্ৰীৰ মাক-বাপেকৰ দৰে মংগল কামনা কৰে। ছাত্ৰ-ছাত্ৰীৰ সুখআনন্দ আৰু উন্নতি দেখিলেই শিক্ষকে আনন্দ লভে, সন্তোষিত হয়। শিক্ষকেই ছাত্ৰ-ছাত্ৰীৰ জ্ঞান-চকু মুকলি কৰি দিয়ে আৰু ছাত্ৰ-ছাত্ৰীয়ে সেই জ্ঞান চকুৰে জগতখন চাবলৈ পায় জগত সম্পর্কে জ্ঞান লাভ কৰি ভাল-বেয়া, উন্নতি- অৱনতি, ধৰ্ম-অধৰ্ম, কৰ্ম-অকৰ্মৰ জ্ঞান আয়ত্ত কৰি জগতত নিজক যোগ্যৱান ৰূপত গঢ় দিয়াৰ বাট মুকলি কৰিব পাৰে। সেয়ে শিক্ষক হ’ল ছাত্ৰ-ছাত্ৰীৰ বাবে পৰম শ্রদ্ধেয় আৰু সন্মানৰ পাত্ৰ। কোনো ছাত্ৰ-ছাত্ৰীয়েই জীৱনত শিক্ষকৰ দ্বাৰা লাভ কৰা জ্ঞানৰ ঋণ পৰিশোধ কৰিব নোৱাৰে। শিক্ষকেও কোনোদিনে তেওঁ ছাত্র-ছাত্ৰীক প্ৰদান কৰা জ্ঞানৰ ঋণ পৰিশোধ কৰাৰ কথা নকয়। ছাত্ৰ-ছাত্ৰীয়ে শিক্ষকৰ পৰা লাভ কৰা জ্ঞানৰ জৰিয়তে জীৱনৰ বাটত উন্নতি কৰা দেখিলেই শিক্ষকে পৰিতৃপ্তি লাভ কৰে আৰু ছাত্ৰ-ছাত্ৰীৰ উন্নতিত গৌৰৱ অনুভৱ কৰে। সেয়ে এনেহেন ছাত্ৰ-ছাত্ৰীৰ পৰম হিতকাৰী শিক্ষকৰ প্ৰতি ছাত্ৰ-ছাত্ৰীয়ে সদায়ে শ্রদ্ধাভক্তি তথা সন্মান প্রদর্শন লাগে।
প্রশ্ন ৬। তাৎপর্য বুজাই লিখা।
(ক) ‘দেশৰ অধিকাৰ সকল দুষ্টৰ দমন আৰু শিষ্টৰ পালন কৰোঁতা।’
নাইবা,
‘যি দেশৰ অধিকাৰ নাই; শাসনকর্তা নাই, সেই দেশ অৰাজক আৰু ধুমুহা বতাহত গুৰিয়াল নথকা নাৱৰ দৰে অস্থিৰ।”
উত্তৰঃ দেশ এখন সুস্থ বা শৃংখলাবদ্ধ পদ্ধতিৰে চলিবলৈ দেশখনত দেশৰ অধিকাৰ বা শাসনকর্তা থকা অতীৱ প্ৰয়োজনীয়। অধিকাৰ বা শাসন কৰি থকা দেশ, অৰাজক হয়। অৰাজক দেশত দুষ্টৰ উৎপীড়ন চলে, চোৰ- ডকাইতৰ উপদ্ৰৱ বাঢ়ে, বলীয়ে দুৰ্বলীৰ ওপৰত অত্যাচাৰ-উৎপীড়ন কৰে। ফলত অৰাজক দেশত কোনো লোকে সুখে-শান্তিৰে বাস কৰিব নোৱাৰে। এনে কাৰণতে অৰাজ দেশক গুৰিয়াল নোহোৱা নাৱৰ সৈতে ৰিজোৱা হৈছে। গুৰিয়াল নোহোৱা নাও ধুমুহা-বতাহত যেনিয়ে-তেনিয়ে উটি যায়। ফলত গুৰিয়াল বিহীন নাৱৰ যাত্ৰীয়ে গন্তব্য স্থান নাপায় আৰু যাত্ৰাপথত উদ্বিগ্নতাত ভুগিবলগা হয়। আনহাতে দেশত অধিকাৰ বা শাসনকর্তা থাকিলে তাত আইনৰ শাসন চলে। ফলত শাসন কর্তাই আইন অনুযায়ী দুষ্টক দমন কৰে, চোৰ-ডকাইতক কৰায়ত্ত কৰি জনসাধাৰণৰ ধন-সম্পদ, প্ৰাণ ৰক্ষা কৰে। ফলত মানুহে শাসনকৰ্তাৰ অধীনত সুখে-সন্তোষে জীৱন-যাপন কৰাৰ উপায় লাভ কৰে। একেদৰে ধুমুহা-বতাহত আক্রান্ত নাৱৰ যাত্রীকো নাৱৰ গুৰিয়ালে ধুমুহা বতাহ নেওচি সুকৌশলেৰে গন্তব্য স্থানলৈ লৈ যাব পাৰে। সেয়ে নাৱত গুৰিয়াল থকাৰ যিদৰে প্ৰয়োজন সেইদৰে দেশতো শাসনকর্তা থকাৰ প্ৰয়োজন। কাৰণ শাসন কৰ্তাৰ মূল লক্ষ্যই হল দুষ্টক দমন কৰি দুষ্টৰ দৌৰাত্ম্যৰ পৰা শিষ্টক ৰক্ষা কৰি সকলোকে শান্তিপূর্ণ জীৱন-যাপনৰ পৃথিবী প্ৰদান কৰা ৷ এনে কাৰণতে দেশৰ শাসন কৰ্তাসকল আমাৰ পৰম হিতৈষী আৰু তেওঁলোকৰ প্রতি আমি সদায়ে যথোচিত সন্মান প্রদর্শন কৰিব লাগে।
প্রশ্ন ৭। কঠিন শব্দসমূহৰ অৰ্থ লিখা।
উত্তৰঃ
শব্দ অর্থ
উৎপত্তি – জন্ম।
পৰিদৃশ্যমান – দৃশ্যমান, দেখা পোৱা।
পাত্র – গৰাকী।
অন্ত – শেষ।
আদি – প্ৰথম, গুৰি।
বিহ্বল – অস্থিৰ চিত্ত, ভয় বা শোকত আতুৰ।
মান্য – সন্মানীয়।
নাস্তিক – নিৰীশ্বৰবাদী, ঈশ্বৰৰ অস্তিত্ব নমনাজন।
সহি – সহ্য কৰি।
উচৰ্গা – ত্যাগ।
যশস্বী – খ্যাতিমান।
শিষ্ট – শান্ত, নম্র।
আৰোগ্য – ৰোগমুক্ত।
দুর্ঘশ – কুখ্যাতি, বদনাম।
মলিন – অপৰিষ্কাৰ, লেতেৰা, ম্লান।
শুশ্রূষা – সেৱা-সৎকাৰ কৰা।
মানী – সন্মানীয়, মান পোৱাৰ যোগ্য।
মনুষ্য – মানুহ।
সংশয় – সন্দেহ।
অশলাগী – অকৃতজ্ঞ।
শুজিব – পৰিশোধ কৰিব।
সমুচিত – যথোচিত।
নিঃকিন – সম্বলহীন, দুর্বল, তলখাপৰ।
সন্ত – সাধু, শিষ্ট, সৎজন।
ভাষা বিষয়ক
প্রশ্ন ১। তলত দিয়া শব্দবোৰৰ বিপৰীত শব্দ লিখা।
সন্মান, মান, অধিকাৰ, আদি, মান্য, উচিত, জ্ঞানী, নাস্তিক, ৰুচি, দুৰ্যশ, মলিন, উপকাৰী, অশলাগী, শিষ্ট, জ্যেষ্ঠ।
উত্তৰঃ শব্দ – বিপৰীত শব্দ
সন্মান – অসন্মান।
মান – অপমান।
অধিকাৰ – অনধিকাৰ।
আদি – অন্ত।
মান্য – অমান্য।
উচিত – অনুচিত।
জ্ঞানী – অজ্ঞানী।
বয়সীয়া – অবয়সীয়া।
নাস্তিক – আস্তিক।
ৰুচি – অৰুচি।
দুৰ্যশ – সুযশ।
মলিন – অমলিন।
উপকাৰী – অপকাৰী।
অশলাগী – শলাগী।
শিষ্ট – অশিষ্ট।
জ্যেষ্ঠ – কনিষ্ক।
প্রশ্ন ২। তলত দিয়া শব্দবোৰৰ বাক্য ৰচনা কৰা।
সন্মানৰ পাত্ৰ, পৰিদৃশ্যমান জগত, বিধাতাৰো বিধাতা, পালনকর্তা, চকু মুকলি, গুৰিয়াল নথকা নাও।
উত্তৰঃ সন্মানৰ পাত্ৰ— জ্ঞান-বিদ্যাত শ্ৰেষ্ঠজন আমাৰ সন্মানৰ পাত্ৰ।
পৰিদৃশ্যমান জগত— ঈশ্বৰে এই পৰিদৃশ্যমান জগতৰ স্ৰষ্টা।
বিধাতাৰো বিধাতা— অপৰিসীম শক্তিধৰ ঈশ্বৰক বিধাতাৰো বিধাতা বুলি জ্ঞান কৰা হয়।
পালনকর্তা— এই চৰাচৰ বিশ্বৰ পালন কৰ্তা জনেই হল ঈশ্বৰ।
চকু মুকলি— শিক্ষকে আমাৰ জ্ঞান চকু মুকলি কৰি দিয়ে।
গুৰিয়াল নথকা নাও— গুৰিয়াল নথকা নাও বতাহ-ধুমুহাত যেনিয়ে-তেনিয়ে উটি গৈ যাত্রীক বিপদগ্রস্ত কৰি তোলে।
প্রশ্ন ৩। তলত দিয়া শব্দকেইটাৰ সমার্থক শব্দ লিখা।
মান, নাও, শিষ্ট, সন্ত, সংশয়, অশলাগী, সমুচিত, উৎপত্তি, নাস্তিক, মাননীয়।
উত্তৰঃ শব্দ – সমার্থক শব্দ
মান – সন্মান।
নাও – তৰী।
শিষ্ট – সৎ, সদাচাৰী।
সন্ত – সাধু।
সংশয় – শংসা, সন্দেহ।
অশলাগী – অকৃতজ্ঞ।
সমুচিত – উচিত।
উৎপত্তি – জন্ম, উদ্ভৱ।
নাস্তিক – নিৰীশ্বৰবাদী।
মাননীয় – সন্মানীয়।