…..প্ৰাণজিৎ কলিতা…..
নিস্তব্ধ নিসাদৰ
এটি ধুমুহা
হৃদয়ৰ প্ৰেমৰ পৃথিৱীখনক
ন্যাসৎ কৰি আকৌ
জোনাকৰ মাজত দোলা দি
তিৰবিৰাইছে ।
নগ্ন জোনাকত থিয় হৈ
দলিয়াই পেলাইছো
ৰাঙলী আভাষৰ পোহৰ ।
জোনাকী পৰুৱাৰ
তিৰবিৰ পোহৰত
জোন হেন মূখখনি
বোকোচাত বান্ধি
আকৌ ওলাইছো প্ৰেমৰ সংজ্ঞা বিচাৰি ।
বহাগ আবতৰীয়াৰ আগমণ দৰে
মূখত সোনালী ক’লাজৰ
ৰং সানি
সেউজীয়া কেনভাচত
আকৌ উভতি আহিছা তুমি ।
পলাশৰ মদাৰৰ জুইত
ৰূৰুৱাই জ্বলা হৃদয়খন
শীতৰ সেমেকাত যেন
দহিত ।
উভতি অহা মৰমবোৰ
আজি বাঁহীৰ সৰুৰে
নিচুকাই চিৰদিনৰ বাবে
শুৱাই পেলাম
হৃদয়ৰ মাজত ।
বিশাক্ত শিকলিৰে
মেৰিয়াই মেৰিয়াই নিস্বাৰ্থ
প্ৰেমিকৰ দক্ষতা দেখুৱাম ।
মনৰ মাজত বসন্তৰ বৰষুণজাকৰ দৰে প্ৰেমৰ বৰষুণ সিঁচি দিম তোমালৈ ।
বিধস্ত ধুমুহাৰ প্ৰৱল কোবালত
সপোনৰ জোনাকী পৰুৱাজাকে
এইবাৰ তোমাক
মোৰ মনৰ তমসাৰ পৰা
উৰুৱাই নিবলৈ নিদিয়ে
প্ৰাণজিৎ কলিতা
গুৱাহাটী বিশ্ববিদ্যালয়
সুন্দৰ
ধুনীয়া ।