….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
১৭
মই মাৰ মনৰ ভাৱ বুজি পাওঁ=মায়ে মোক গড় দিব বিচাৰে, কিন্তু নোৱাৰে। দেউতা ঢুকুৱাৰ পৰা মাৰ একমাত্ৰ সম্বল হৈছে আনৰ ঘৰৰ ঢেকীটো, ঢেকীটোয়ে মুল ধন। ঢেকী দি দি মাৰ দেহাটো শুকাই- সিনাই আধামৰা হৈছে। মাৰ শুকান দেহাটো দেখিলে মোৰ অকমানি কলিজাটোয়ে ঢক ঢকাৱ ধৰে, কেতিয়াবা মনটো জাগ্ৰত হৈ উঠে, আৰু মনতে দৃঢ় কৰি কওঁ=”মই ডাঙৰ হ’লে মাক বৰ সুখ দিম।”
কিন্তু মই ডাঙৰ হ’ম চাৰি দিনক দিনে সৰু হৈহে যাৱ ধৰিছো। এৰা খাওনো কি? খাৱলৈ পাইচোনো কি?
এইয়া কৰ-কৰা ভাত কেইটাহে! তাকো মই পেট ভৰাই খালে মালৈ নাতে। “
এনেবোৰ কথা ভাবি থাকোতেই মায়ে চোতালৰ পৰা অলপ খঙেৰে মাত লগালে =”হয় ‘এ’ কিনো অ তই? সেই মুঠি ভাত খাওঁতেনো অতপৰ লাগেনে? ও খাই উঠি খৰি কেইডাল মান ৰুলি থবি। মই ভোগেশ্বৰৰ ঘৰত ধান বানীব নাপালে বাহিৰে বাহিৰে ধান বিচাৰি যাম। খালি ধানবোৰ চপোৱা হ’ল। এতিয়া মৰনা মাৰি ভৰালত থলে এমুঠি পোৱা টান। সোণ গুটি কেইটা ভৰালত নোতোলোতে গাৃওঁ ফুৰি দুমুঠি মান গোটাৱ নোৱাৰিলে গোটেই জীৱনটোয়ে যে পেট ভৰাই খাৱ নাপাবি সেইটো কিন্তু জানিবি খাটাং।তই আকৌ মই যোৱাৰ পিছত স্কুললৈ যোৱাৰ হাবিয়াস নকৰিবি। ?”
আজি কালি মাৰ খংটো জিভাত লাগিয়ে থাকে। দিনে দিনে মাৰ খংটো চৰাও হৈছে। নহবই বা কিয়! পেটত ধৰা ভাত কেইটা পেট ভৰাই খাৱ নাপালে মানুহৰ খং উঠিবই। ৰাতিও চাগে পেট ভৰাই নাখালে। কাৰণ=মায়ে পেট ভৰাই খালে পুৱাৰ বাবে মোলৈ নাতে।
মায়ে খং মনেৰেই ওলাই গ’ল। যাওতে হাতত এখন বস্তা লৈ আকৌ এবাৰ কৈ গ’ল= ” তই আকৌ স্কুললৈ নাযাবি দে।”
মা ওলাই যোৱাত ময়ো বাটলৈ ওলাই আহিলো। পুহ মহীয়া জাৰত কৰ কৰা ভাত খাই ঠেটুৱই ধৰিছে। বাটত আধতুৱা এডোখৰত বহি ৰ’দ লগাইছো। এনেতে মোৰ সমনীয়া ৰতনে ফলি কিতাপ লৈ স্কুলক যাৱ আহিছে। তাক দেখি মোৰো স্কুলক যোৱাৰ মনে ধৰিলে । মোৰো ফলি কিতাপ আনোগৈ বুলি ৰতনক অলপ ৰবলৈ কৈ দৌৰ দিলো।
১৮
স্কুলখন আমাৰ ঘৰৰ নাতি দূৰতে আছিল। মই স্কুলক নগলেও স্কুলখনৰ ৰেহ-ৰূপ জানো। প্ৰধান শিক্ষক জনৰো স্কুলখনৰ ওচৰতে ঘৰ। তেওঁ আহিয়ে কোনোবাজনক ‘চকী’ এখন বাহিৰলৈ উলিয়াই দিব কৈ তাত বহি এখন চুৰি {সৰু কটাৰী} ৰে ভৰি হাতৰ ‘নখবোৰ’ চাফা কৰি থাকে। সহশিক্ষকজন কিছু দুৰৰ আছিল, তেওঁ স্কুল আহি পোৱাৰ সময়াৰ কোনো দিনে ঠিক নাথাকে। তেওঁ মাত্ৰ আহিয়ে কব=” চলিহতঁ প্ৰাৰ্থনাটো গালিনে?” কোনোবাজন দুষ্ট ল’ৰাই তপৰাই মাত লগাব= “গালো ছাৰ , আৰু ছাৰ সৰু নেওঁতা খনো অলপ আওঁৰালো।” ভালে হৈছেদে বুলি ছাৰেওঁ বিশ্বাসত ল’ৱ। ছাৰৰ স্কুল অহাৰ সময়ৰ ঠিক নহলেও, কোনো দিনে স্কুল ক্ষতি নকৰে। কেতিয়াবা স্কুল ছুতিৰ পিচতো স্কুললৈ আহি মোক সোধে=”আজি স্কুল খোলা নাছিল নেকি অ বিচিত্ৰ? তইতো স্কুলক নাহই? ঘৰৰ কাঠিতে স্কুল, । হেৰৌ আমি কুৰি মাইল দূৰত থকা স্কুললৈ খোজ কাঢ়ি গৈছিলো তহঁতৰ বয়সতে”। স্কুল ছুতিৰ পিছত বাহিৰে বাহিৰে পথাৰলৈ গলো। পথাৰত তেতিয়া মেজিৰ কাম চলি আছিল। মাঘ বিহুলৈ বেছিদিন নাছিল। আমাতকৈ ডাঙৰবোৰে মেজি সাজিছিল। আমি ভোক- পিয়াহ বাদ দি মেজি সজা ছোৱাত ব্যস্ত। কেতিয়াবা ডাঙৰবোৰে আমাক ক’ল পাতবোৰ এডাল মাৰিৰে ওপৰলৈ তুলি দিব কয়, আমি তেতিয়া হেতা-ওপৰাকৈ তুলি দিও। বেলি হাও-লি পৰাত কাষলতিৰ চেপাত ফলিডোখৰ লৈ মই নঙলা পাইছো, ঠিক সেই সময়তে মায়েও ধানৰ বস্তা এটা মুৰত লৈ নঙলা পাইছে….
১৯
মোৰ হাতত ফলি ডোখৰ দেখি মাৰ খঙে ৰন চণ্ডী মূৰ্ত্তি ধৰিলে। মাৰ চকুৰ পৰা জুই বৰশিব ধৰিলে। মাৰ চকু দেখিহে মনত পৰিল=মায়ে কৈ যোৱা খৰিৰ কথা। মায়ে এতিয়া জুই জ্বলাব। হাত সেকিব। এবাতি ৰঙা চাহ খাৱ, এডাল বিৰিও হুপিব, কিন্তু এতিয়া খৰিয়ে যেতিয়া নাই, জুই ধৰিব কেনেকৈ? চাহ খাব কেনেকৈ? কথাবোৰ ভাবি ভঁয়ত মোৰ জ্বৰ ঘামি আহিল। মোৰ ‘গা’ থক্ থকাই কঁপিব ধৰিলে, মাৰ চৰ ভুকিৰ অনুভৱত কলিজাখন শুকাই গ’ল। দেহাটো লেবেজান হ’ল। ভৰিৰ কলাফুল কঁপিব ধৰিলে। মাৰ চৰ ভুকিৰ অনুভৱত মই জীৱীত নে মৃত নিজেই কব নোৱাৰা হলো। কেৱল অনুভৱেনে? সেইদিনা মায়ে সঁচা সঁচিকৈ ভালেমান চৰ- ভুকি সোধালে। আৰু নানা ধৰণে গালি পাৰিব ধৰিলে=” মই তোক বাৰে বাৰে স্কুলক যাৱ মানা কৰাৰ পিছতো তই কিয় গলি? কোন আছে তোৰ পঢ়া খৰছ দিবলৈ? ক’ত পণ্ডিত গিৰি কৰিবি গৈ? ভেকুৰে ধৰা তহঁতৰ জীৱন! তহতে আকৌ পঢ়িবলৈ যাৱ? পঢ়াৰ হাবিয়াস? যাৰ দিনত খালে ৰাতিলৈ নাই , সি আকৌ পঢ়িবলৈ যায়? হেৰৌ ভেকুলিৰ পিঠিত নোম গজা কেতিয়াবা শুনিচ? তহঁতৰ জীৱনত ভেকুৰে ধৰিছে? ই চিৰ ভেকুৰ, ক’তা নিধক পঢ়িবলৈ যাৱ?”
মায়ে সেইদিনা মোক যিমান গালি পাৰিৰিছিল, সিমান নিজেও কান্দিছিল,। কান্দি -কান্দি শোকত ভাঙি পৰিছিল,। কিছু সময় মাটিতে বহি কপালে -মুৰে হাত থৈ মুখৰ ভিতৰতে কিবা ভোৰ -ভোৰাই আছিল। বহি বহি হঠাৎ কিবা মনত পৰাৰ দৰে , বহাৰ পৰা উঠি ঘৰৰ পাছ ফালে সৰুপাণী চূৱ গ’ল। যাওঁতে নিজৰ গালখনতে এটা জোৰকৈ চৰ মাৰি হাওঁ- ৰাওঁকৈ কান্দি গ’ল…
২০
মাৰ ঘৰ দক্ষিণ কামৰূপৰ ‘পলাশবাৰী’ চহৰত আছিল।চহৰৰ জীয়ৰী হিচাপে মায়ে শিক্ষাৰ মোল বুজি পাইছিল, সেয়ে মোৰ শিক্ষাৰ গুৰিতে পুলি-পোখাই উঘালি অন্তৰত বৰ আঘাট পাইছিল, হয়তো নিজৰ কনিষ্ঠ পুত্ৰৰ অন্ধকাৰৰ ছবিখন মাৰ হৃদয়ত স্পষ্ট হৈ উঠিছিল,।
মাৰ দুখ -কষ্ট আৰু হিয়া ঢাকুৰি কন্দা সেইদিনাৰ দৃশ্যই মোক অসহনীয়া কৰি তুলিছিল। সেয়ে মোৰ অকমাণি কলিজাটোত কি জিদ্ ধৰিলে, হাতৰ পৰা ফলিডোখৰ দূৰলৈ দলি মাৰি দিলো, আৰু মনতে ঠিৰাং কৰিলো=”যা আজিৰ পৰা স্কুলৰ নামে নুলিয়াওঁ।”
মই যদিওঁ মনৰ ধিক্কাৰত স্কুলৰ নাম নুলিয়াও বুলি কলো, মোৰ কিন্তু পঢ়াৰ হেপাহ , শিক্ষা গ্ৰহণৰ ইচ্ছা পুৰা মাত্ৰাই থাকি গ’ল। কিন্তু মাৰ সেই কন্দা দৃশ্যও পাহৰিব নোৱাৰো।
সেয়ে মই দৃঢ় সংকল্প ল’লো=”স্কুলক নোযোৱাকৈয়ে পঢ়িব শিকিম। ফলি নোহোৱাকৈয়ে লিখিম। আলিবাটৰ দোকানৰ বেনাৰবোৰ হ’ব মোৰ ‘কিতাপ’, এই বিশাল ধৰিত্ৰী খন হ’ব মোৰ বাবে ‘ফলি’, হাতেৰে কাম কৰি ঠাকিলে ভৰিৰ বুঢ়া আঙুলিৰে লিখিম। গোৱৰৰ ভাৰ কান্ধতলৈয়ে আখৰ জোটনী কৰিম। মই প্ৰমাণ কৰি দেখুৱাম–দাৰিদ্ৰতাই শিক্ষাৰ হেঙাৰ হ’ব নোৱাৰে, আমি ধনৰ দুখীয়া, মনৰ নহয়। বয়সৰ চিন নাৰাখি যেনেদৰে কামৰ বোজা মুৰত লৈছো, ঠিক তেনেদৰে বয়সৰ চিন নাৰাখি আখৰ শিকিম। দাৰিদ্ৰই হেঙাৰ হলেওঁ মগজুৰ হেঙাৰ হ’ব নিদিওঁ ।মই ডাঙৰ হৈ এখন কিতাপ লিখিম, আৰু মাক সেইখন উপহাৰ দিম।
এই এটা দিনেই স্কুলক গৈছিলো শৰ্মা ! আৰু সেইদিনটো-ই এক এৰাব নোৱাৰা স্মৃতি, শৰ্মা। মোৰ জীৱনৰ এনে কেবাটাও স্মৰণীয় মুহুৰ্ত আছে।
২১
শৰ্মাঃ= বন্ধু বিচিত্ৰ, মই লক্ষ্য কৰিছো ‘আপুনি’ বাৰে বাৰে আমাৰ কাষৰ পৰা উঠি যাৱ চেষ্টা কৰিছে, আমনি পাইছেনেকি?”
আমনি নহয় বন্ধু “শৰ্মা” আৰু শইকীয়া, মই এতিয়া এসাজ ভাতৰ সন্ধানত।
ঈশ্বৰে পৃথিৱীৰ মানুহৰ বাবে যেতিয়া ‘ধন’ সম্পত্তিবোৰ কম- বেছি পৰিমানে ভাগ- বতৰা কৰি সকলোকে ভগাই দিছিল, দূৰ্ভাগ্যজনক ভাবে মোৰ বাবে কোনো সম্পত্তি ভাগত নাহিল। একেদৰে ‘সুখৰ সংজ্ঞা যেতিয়া বিতৰণ কৰিছি, তেতিয়া মোৰ কথা পাহৰিছিল। কিন্তু, দুখৰ সংজ্ঞা বিতৰণৰ বেলিকা আমাৰ পৰিয়ালটোয়ে ঈশ্বৰৰ কৃপাধন্য হৈছিল। হয়তো সেই সময়ত বিধাতাও হাত উজান দিছিল। নাটনিৰ বেলিকা বিধাতাইও কৰ্পান্য নকৰিলে।
সেয়ে ভাবো শৰ্মা ” সৌৰজগতৰ পৃথিৱী নামৰ গ্ৰহটোতে আমাৰো জন্ম। তোমালোকৰ দৰে আমিও এইগ্ৰহতে বাস কৰো, কিন্তু আমাৰ জীৱনৰ কথা ভাবিলে এনে লাগে যেন আমি বাস কৰা গ্ৰহটো অন্য এটি গ্ৰহহে। এইগ্ৰহটো দুখীয়াৰ ‘ধনী’। কেওঁফালে উদং। কিন্তু ইয়াতো এখন বিশাল আকাশ আছে। লৰি -চৰি ফুৰিবলৈএখন বিশাল ভূমিক্ষেত্ৰ আছে। আকাশখন আছে বাবেই উশাহ ল’ব পাৰিছো, ভূমি আছে বাবেই জিৰণি লৈছো। সকলো হেৰুৱাইওঁ নিজক নেহেৰুৱাকৈ ৰাখিছো। একো নাপালেওঁ সমগ্ৰ পৃথিৱীখনৰ ধন-সম্পত্তিক শ্ৰদ্ধা কৰিছো। জীৱ কুলৰ লগত কথা পাতিছো, আঁদৰ কৰিছো, প্ৰকৃতিৰ সকলো জীৱকে ঈশ্বৰ জ্ঞান কৰিছো।
আকাশখন আছে বাবেই সাহস গোটাইছোঁ ।সাহস আছে বাবেই গুণ গুণাই গান গাৱ পাৰিছো। হাঁহিছো। কেতিয়াবা এখন হৃদয় বিচাৰি আবেদন কৰিছো।
এইয়াই আমাৰ জীৱন শৰ্মা? অভাৱ অনাতনৰ গুৰি ক’ত বিচাৰি আজিও অজ্ঞ হৈ ৰ’লো।
……….সমাপ্ত…………
হে মোৰ জ্যেষ্ঠ, কনিষ্ঠ পৰম বান্ধৱসৱ। জীৱনী মূলক গল্পটো পঢ়ি কেনে পালে এটি মতামত বিচৰা হ’ল। মতামতত ভাল-বেয়া দুয়োটা দিশ ক’ব পাৰে। আপোনাসৱৰ মতামত খিনি ভৱিষ্যতে কিতাপ আকাৰে প্ৰকাশ কৰা হ’ব পাৰে। ইতিমধ্যে ২০০৮চনৰ পৰা ২০১৫চনলৈ আপোনাসৱে মোলৈ কৰা বাৰ্তা সমুহ, কিতাপ আকাৰে প্ৰকাশ পাইছে।
{{মতামতত নাম ঠিকনা দিব আৰু পাৰিলে অসমীয়াত দিব।}}
ধন্যবাদেৰে……….যতীন কুমাৰ…..