….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
১৫
বিচিত্ৰঃ বন্ধু শৰ্মা , তোমাক মই মোৰ জীৱনৰ জীয়া বাস্তৱৰ কিছু কথা ব্যক্ত কৰিলোঁ, কিন্তু তুমি মোৰ সেই বাস্তৱ কথা খিনিকে কাহিনী আখ্যাৰে অবিহত কৰি , মোৰ জীৱনটোকে অপমান বা ফুটপথৰ সত্ত্বটোকে তিৰস্কাৰ কৰিলা।
আজি মোৰ বাবে তোমাৰ এই সাক্ষাৎকাৰো জীৱনৰ স্মৰণীয় হৈ ৰ’ব।
মই ভাবো শৰ্মা= মানুহৰ বয়সৰ লগে লগে জীৱনৰ স্মৰণীয় মুহূৰ্তবোৰ আহিয়ে থাকে। ইটো গুচি সিটোহে ডাঙৰ। কিন্তু জীৱনত কিছু এনে ঘটনাও স্মৰণীয় মুহূৰ্ত হৈ থাকে যে- সেই ঘটনাই গোটেই জীৱনটোকে খেপিয়াই ফুৰে। ই গাৰ চালৰ দৰেই লাগি থাকে।
আশা
ৰাতি পুৱাৰ ৰ’দে চুলি ক’লা কৰিছে
জাগিউঠা মনত খেলি-মেলি লাগিছ
সহশ্ৰজনৰ মাজৰ পৰা আজীৱন
বন্দি মই,
সেন্দুৰৰ আঁহ বিচাৰি আজীৱন
বন্দি ।
কিন্তু তোমাৰ পলাতক মনৰ বাবেই
আজি মই শৰ্য্যাগত চিপাহী।
কাৰণ= নতুন মুখৰ চিনাকীত তুমি
অতিতক মোহ ত্যাগ কৰিলা। জিভাৰ আগত তোমাৰ পৰ্বতসম
অহংকাৰ।
সেয়ে তুমি আশা কৰা ধৰণে
মই নহলোঁ
কাৰণ= তোমাতকৈ মোৰ হৃদয়ৰ
সেউজীয়াৰ প্ৰভাৱ অলপ বেছি।।
শৰ্মা দেৱ, মোৰ মায়ে মাজে মাজে আমাক হঠাৎ ৰনচণ্ডী মুৰ্ত্তী ধৰি গালি পাৰিছিল। তেতিয়া মোৰ বয়স ছয় বছৰমান হৱ। মায়ে আমাক বয়সৰ কথা কলেই জাঙুৰ খাই উঠি কব==” যা যা তহঁতৰ আকৌ বয়স? গৰীৱৰ পেটত জন্মলৈ বয়সৰ কথা ভাৱ? হেৰৌ জন্মতে তহতঁৰ বয়স লুপ্ত? খাৱই যেতিয়া জান, কাম কৰিবও জানিৱ লাগিব। হাল বোৱা। মৈ টনা, গৰু ৰখা, ধান কটা, আদিকে।”
এনেবোৰ গালি পাৰিলে আমি বুজু= আগত কিবা এটা ঘটনা আছে। হয়তো সেইদিনা দিনে ৰাতিয়ে চাউল নাই, লঘোনে কটাব লাগিব, নাইবা থকা মাটি খিনিৰ অলপ বন্ধুক বা বিত্ৰুী কৰিব , নাইবা ঘৰত যি দুই এপদ ঘতি বাতি আছে বিত্ৰুী কৰিব বা বন্ধকত থব।
সেইদিনা মায়ে এটি জীৱ বন্ধুকত থব ওলাইছে। নিজৰ কনিষ্ঠ পুত্ৰ অৰ্থাৎ মোক। হাঁহিৰাম নামৰ লোক এজনে বন্দৱস্ত কৰিছে, এঘৰ জমিদাৰি পৰিয়ালত….
১৬
তেতিয়া মোৰ বয়স ছয় মান হব। পুহ মাহৰ শেষৰ ফালে এদিনৰ কথা
পুৱা ন মান বাজিছে, মায়ে মোক কেইটামান কৰ-কৰা ভাত বাঢ়ি মজিয়াতে দিছে । লগত নিমখ তেল। তেল মানে বটলত তেল এটোপালো নাই। বটলটো উবুৰিয়াই দিয়াতো এটোপালো তেল ভাতৰ পাতত নপৰিল। ৰাতিয়ে কাতি থোৱা পিঁয়াজ এডোখৰ আছিল, তাৰে পঁচ ধৰা অংশ পেলাই কামোৰ দিছো। কেচাঁ পিঁয়াজৰ ৰসবোৰ গেছ হৈ উৰি চকুয়ে-নাকে সোমাই এক মাদকতা সানি দিলে। নাকৰ ভিতৰখন চেক-চেকাই গ’ল।
মায়ে ভাত কেইটা দিয়ে চোতালত কিবা কৰি আছিল, চোতালৰ পৰাই ৰিঙিয়াই মোক ক’লে==” আৰু কেইটামান ভাত চৰুত আছে, আনি খাই ‘ল’, দুপৰীয়াৰ বাবে একো দিহা হোৱা নাই, ভোগেশ্বৰৰ ঘৈণীয়েকে ধান বানিব কৈছিল, ধান শুকাইছে যদি একেবাৰে বানি- কাঢ়ি দি ৰাতিৰ সাজ মিলাব লাগিব। অবেশ্যে দিওঁতে ভোগেশ্বৰৰ ঘৈণীয়েকে দুসাঁজ যোৰাকৈ দিয়ে, কাৰ্পান্য নকৰে। শাহুয়েক জনীহে কিবা খোৰোপা, আৰু অকৰা। কাম কৰিলেও পাপ্য খিনি দিব নোখোজে। কিবা ঘোপাকৈ চাই থাকে। চোতালখনত থিয় দিলেই কিবা আনিব যোৱা দেখে। আমি কিবা চোৰনে? দুখিয়াহে?”
মাৰ শেষৰ কথাষাৰত কিবা বিৰক্তি প্ৰকাশ হোৱাৰ অনুমান কৰিলোঁ। মই ভাত খাই থকাৰ পৰাই মাত লগালো=”তোৰ কাৰণে ভাত আকৌ?”
“মোৰ কাৰণে ভাবিব নালাগে দে, তই পেট-মুৰ ভৰাই খাই ‘ল’ ।”
মায়ে বুটি কোৰ এখনেৰে চোতালত কিবা ৰুকি আছিল। চোতালখনত কিছু চেলাউৰী পৰিছে। দুদিন আগেয়ে এজাক বৰষূণ দিছিল।বৰষূণৰ পানী পৰি চোতাল খনত কিছু নীলা-নীলা পিচল-পিচল, বিজল-বিজল, বিজাণু উঠি আহিচে। তাত ভৰিৰ খোজ পৰিলে পট্ পট্ শব্দ উঠে। মই খোজ দি বৰ ৰং পাও। কাঠি কেইটাও আধালৈ চিনি পোৱাকৈ জীপাল খাই উঠিছে, মায়ে মোক বাৰিষা গালি পাৰে, খৰালি হলে চোতালখন ৰুকি চাফা কৰি দিব লাগে, কাঠিৰ পানীপঁচাত মৰা তামোল কাতি ফঁহিয়াই ফঁহিয়াই পাৰি দিব লাগে, যাতে চোতালৰ পানী চিটিকি কাঠিত নপৰে।
আগলৈ…..