মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (7th)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

১৩

বিচিত্ৰ : “তুমি এটা কথা জানানে শৰ্মা? ইতিহাসৰ পৰাই সমাজত এটি বচন আছে যে- সুখ- দুখ মিশ্ৰন হ’লেহে হেনো মানৱ জীৱন ধন্য হয়। কিন্তু তুমি আমাৰ জীৱনলৈ মন কৰিছানে? আমাৰ জীৱনত সুখ নাহে। কদাপিওঁ নাহে। কেৱল দুখেৰেহে ভৰা আমাৰ জীৱন। কিন্তু এটা কথা আমি গৌৰৱেৰে ক’ব পাৰো যে- আমাৰ জীৱন অত্যন্ত স্বাধীন। তোমালোকৰ দৰে পৰাধীন নহয়। কাৰণ= ঈশ্বৰে আমাক কাৰ্পান্য নকৰাকৈয়ে সমগ্ৰ পৃথিৱীখনকে মুকলি কৰি থৈছে।
ইয়াত মোৰ বুলিবলৈ একো নাই আৰু পৰৰ বুলিও একো নাই। ফুটপথৰ বুদ্ধিমত্তা জীৱন আমাৰ, কিন্তু পৰিৱেশত আমি ইমান লেটেৰা যে আমাৰ শৰীৰ স্পৰ্শটো তোমালোকৰ শৰীৰ অপবিত্ৰ হোৱাৰ অনুভৱ কৰা। আনহাতে আমাৰ সেই স্পৰ্শকাতৰ শৰীৰলৈ এটি পইচা দলিয়াওঁ পবিত্ৰ হ’ব বিচৰা।
ইয়ে আমাৰ ভাৰতীয় জীৱন। ফুটপথৰ নগ্ন জীৱন। আমাৰ যে এটা ফাফৰে ধৰা জীৱন আছে ,সেইটো তোমালোকে আওঁপকীয়াকৈ স্বীকাৰ কৰি লোৱা। কিন্তু সমাজত স্থান দিব দিধাবোধ কৰা। আৰু তাকেই তোমালোকৰ উন্নত মানসীকতা বুলি ভৱা।

আৰু শৰ্মা , এইকথাওঁ জানি থোৱা ভাল যে- দুখ যেনেকৈ আমাৰ চিৰলগৰী, শান্তিওঁ আমাৰ চিৰলগৰী। আমাৰ জীৱনত অশান্তিৰ স্থান নাই। এই মুকলি আকাশৰ তলত, ৰ’দ বৰষুণ, বতাহ, কোনোৱে আমাক হেলাৱ নোৱাৰে। আৰু আমাৰ জীৱনত কোনো প্ৰতিদন্দী নাই। নাই কোনো প্ৰতিত্ৰুিয়া কিম্বা প্ৰতিবাদ। নাই আমাৰ আশা । সংসাৰখন ভাঙি চিঙি চাৰ সাৰ হৈ যোৱাৰ ভয় আমাৰ নাই । মাত্ৰ লজ্জা নিবাৰনৰ বাবে আমাৰ গাত যি এডোখৰ কাপোৰ আছে , সেইকন বতাহে উৰুৱাই নিব নোৱাৰাকৈ খামোচ মাৰি ধৰিলেই আমাৰ কাম শেষ ।
ঈশ্বৰে আমাক প্ৰকৃতিৰ সমাহাৰ দুৰ্যোগৰ লগত মোকা বিলা কৰিৱলৈ শৰীৰত প্ৰচুৰ শক্তি প্ৰদান কৰিছে।
এয়ে আমাৰ ফুটপথ । মানুহৰ দৰেই কিছু মানুহৰ বাস স্থান এই ফুটপথ। আমি যদি আমাৰ জীৱনক মানুহ আখ্যা দিওঁ তেনেহলে তোমালোকৰ জীৱনক?????”

১৪

শৰ্মাঃ বন্ধু বিচিত্ৰ, তোমাৰ জীৱনৰ অতীতৰ বহু কাহিনী শুনিলো। তোমাৰ দৰে এজন স্মাৰ্ট লোকক লগ পাই নিজকে ধন্য মানিলো। বা মোৰ উদ্দেশ্য সফল হ’ল।  আমি আমাৰ ল’ৰা -ছোৱালীক স্কুলত শিক্ষকৰ দ্বাৰা পঢ়োৱাও, ঘৰুৱা শিক্ষক নিযুক্তি কৰো, আমি মাক বাপেক বা পৰিয়ালৰ অন্য সদস্যসকলেওঁ পঢ়াত সহায় কৰি দিওঁ। তথাপিওঁ বছৰৰ মুৰত অহা পৰীক্ষাটোৰ বাবে নিজকে প্ৰস্তুত কৰিব নোৱাৰো।  কিন্তু তুমি? হয়তো তুমিয়ে একমাত্ৰ বিৰল লোক, যিয়ে ৰাজ আলিত থিয় দি, দোকানৰ বেনাৰ চাই চাই , বেনাৰৰ আখৰবোৰ ভৰিৰ বুঢ়া আঙুলিৰে মাটিত লিখি , সেই আখৰবোৰ মনত ৰাখি ঘৰত হাতেৰে লিখিব চেষ্টা কৰি, আৰু কৌশল গতভাবে আখৰৰ নাম শিকি আজি অসমীয়া আখৰৰ বৰ্ন শুদ্ধ সল-সলীয়াকৈ মাতিব পৰা হোৱাৰ লগতে – সাহিত্যৰ দৰে এটি জটিল বিষয়ত হাত দি পৃথিৱীৰ এক বিৰল প্ৰতিভাৰ পৰিচয় দাঙি ধৰিছা । তোমাৰ জীৱনৰ কথা আমি বাতৰি কাকতত স্বলপমানহে আভাস পাইছো। কিন্তু আঁচৰিত ভাবে তোমাৰ লেখাৰ ঠিকনা সদায় একে নাথাকে। কেতিয়াবা চহৰৰ, কেতিয়াবা নিজৰ গাঁৱৰ, আৰু কেতিয়াবা চহৰৰ “ফুটপথৰ” ইয়াৰ ৰহস্যওঁ তুমি কিছু ব্যক্ত কৰিলা। সেই ৰহস্য বুজিলো। মই কেতিয়াবা ভাবো, অকলে অকলে অনুভৱ কৰো = আমাৰ ৰাজ্যখনত অতবোৰ সুৰধাৰ পৰ্যালোচক আছে, তোমাৰ দৰে এজন বিৰল প্ৰতিভাৰ লোকক তেওঁলোকে ‘কলমে’ৰে দাঙি কিয় নধৰে বাৰু?তোমাক আৰু তোমাৰ আদৰ্শক সমাজত প্ৰতিষ্ঠা নকৰে কিয় বাৰু? তোমাৰ দৰে এজন প্ৰকৃতিৰ পৰা জন্ম লোৱা লোকক আমি বাৰু থিয় গৰাহত পুতি ৰাখিছো কিয়? তোমাৰ প্ৰতিভাক ৰাজহুৱা কৰিবলৈ আমাৰ লেখক সকলৰ কি চিয়াঁহীৰ অভাৱ? নে সদিচ্ছাৰ অভাৱ? নে তুমি কোৱাৰ দৰে তেওঁলোকৰ জখস্যা কমি যোৱাৰ ভয়?

আগলৈ…….

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *