মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (6th)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

১১

শৰ্মাঃ  মানে বন্ধু ? তুমি কি ক’ব বিচাৰিচা? তোমাৰ জন্ম তেনেহলে ?

বিচিত্ৰঃ ওঁ বন্ধু শৰ্মা, পূৰ্বতে মোৰ জন্ম এখন ভৰা গাঁৱত আছিল, য’ত আমাৰ এটি সুন্দৰ পৰিয়াল আছিল, আৰু সেই সুন্দৰ পৰিয়ালটোৰ মই কনিষ্ঠ সন্তান , যি কথা তোমাক ওপৰৰ অধ্যায়ত কৈছো। বাকী অংশও তোমাক সময়ত ব্যক্ত কৰিম। ফুটপথৰ মই কেইদিন মানৰহে আলহি, কেইজন মান লোকৰ শান্তিৰ বাবেহে আছো, সেই কথাও তোমাক কলো। আৰু তোমাক কওযে= শিশুকালৰ পৰাই মই আনৰ শান্তিৰ হকে , বহুতৰ ৰুচিৰ বাবে, বহুতৰ মনৰ শান্তি আৰু যৌন তৃপ্তিৰ হকে কটালো , ই লাগিলে জোৰ জুলুম হওক বা বাধ্যতা মুলক হওক নাইবা স্ব ইচ্ছাৰে হওক , তেওঁলোকৰ ইন্দ্ৰীয় তৃপ্তি আৰু মনৰ শান্তি দিলো। আৰু কেইজন মান ব্যক্তিক যদি ফুটপথত বাস কৰি শান্তি দিব পাৰো , তেনেহলে নকৰো কিয়? বন্ধু শৰ্মা , এদিন এজন ভদ্ৰলোকে মোৰ আঠ বছৰ বয়সতে জোৰ জুলহম অপকৰ্ম কৰিছিল, মোৰ সৰ্য্য সায়ী দেহেহাৰে কথাষাৰ মাক গোচৰ দিলো। মায়ে গৈ আন এজন ভদ্ৰ লোকক কথাষাৰ জনালে, ভদ্ৰ লোক জনে মাক কি কলে নাজানো, কিন্তু ঘৰলৈ আহি মায়ে মোক যি গালি পাৰিলে মই জীৱন ভৰ লগত ৰাখিছো।
মোৰ কথাৰ শেষ হও নহওতে
সাংবাদিক বন্ধু শইকীয়াই মাত লগালে, ” আমি জানিব পাৰোনে সেই মাতৃৰ অমৃত ময় গালি, যি গালি আজিও তুমি হৃদয়ত ৰাখিচা?”
মায়ে মানুহ জনৰ ঘৰৰ পৰা আহি পোনে পোনে ৰান্ধনি ঘৰ সোমাই আধা পোৰা খৰি এডালেৰে মোক কেইকোৱ মান দি কলে= হেৰৌ জীৱনৰ নিৰাপত্তা বুলি এডোখৰ ভাল ঠাইত তোক থৈ আহিলো । তোৰ আকৌ অথন্তৰ? হেৰৌ গৰিৱৰ অভিযোগ নাই। পাপ্য বিচৰাৰ অধিকাৰ নাই। কথা কোৱাৰ সম্বল নাই। গৰিৱৰ বয়স নাই। গৰিৱৰ বয়স মাত্ৰ মজুৰি প্ৰাপ্তিৰ সময়তহে দেখা দিয়ে। একো নহয় যা দুদিন কষ্ট পাবি, অভ্যাসত পৰিনত হলে কষ্ট নাপাৱ।

তুমি জানা শৰ্মা ? এতিয়া আমাৰ গাঁৱৰ সমাজত মই থিয় দিলেই তেওঁলোকৰ অপমান হোৱা দেখে।

১২

বিচিত্ৰঃ প্ৰহেলিকাৰ দৰে নহয় বন্ধু শৰ্মা, ই দিনৰ পোহৰৰ দৰেই সু স্পষ্ট। ইয়াত লুক-ঢাক কৰিবলৈ একো নাই ।
তুমি দেখিচানে সৌ জন লোকক, কেনেকৈ লেপেট খাই মাটিতে পৰি আছে? তুমি ভাল দৰে নজৰ কৰাছোন, তাৰ গাৰ কাষতে এটি মামৰে ধৰা বাতি পৰি আছে। এই বাতিটোয়ে তাৰ ধনৰ টোপোলা, এইবাতিটোক নিৰ্ভৰ কৰিয়ে সি চলিৱ লাগিব। এই বাতিয়ে তাৰ জীৱনৰ আগ পিচ। এই বিশাল পৃথিৱীখনত তাৰ বাবে মামৰে ধৰা বাতিটোই জীৱনৰ সৰ্বস্ব। সেইবাতিটোতে তোমালোকে কেতিয়াবা এপইচা- দুপইচা দলিয়াই যোৱা, । সৌজন দেখিচানে , সদাশয় লোকে পইচাটো দলিয়াই কেনেকৈ বেগা-বেগিকৈ খোজ লৈছে। তেওঁক দেখিলে এনে ভাৱ হয় যেন = কোনো পুতিময় দূৰ্গন্ধৰ পৰা হাত সাৰি যাৱহে চেষ্টা কৰিছে। আছলতে তোমালোকে আমাৰ গাৰ কাষেৰে গ’লে তেনেকৈয়ে যোৱা। নাকত সোপা দি খৰ খেদাকৈ যোৱা। খৰ খেদাকৈ যাওতে আমাক দিয়া পইচাটো পাত্ৰত পৰিলনে নাই চাৱলৈ তোমালোকৰ সময় নাই । তোমালোকে দলিয়াই দিয়া পইচাটো আমি বিচাৰি পালো নে নাই, সেইকথা উনুকীয়াই চাৱলৈ তোমালোকৰ কৰ্তব্যৰ ভিতৰত নপৰে বুলি ভাৱা। কেৱল সেই স্থান ত্যাগে তোমালোকৰ লক্ষ্য?
আছলতে পইচাটো দলিয়াই দি তোমালোকে নিজকে পুন্যৱাণ হ’ব খোজা ! কিন্তু পইচাটো পাত্ৰত পৰিল নে নাই , নাকত ধৰি সেইস্থান প্ৰস্থানে লক্ষ্য?
যাৰ পৰা পুন্য বিচৰা হ’ল তাতো তোমালোকে ‘ঘৃনাৰ চকুৰে চোৱা হ’ল।
এয়ে তোমালোকৰ আধুনিক শিক্ষীত সমাজ ! সেই আধুনিকতাক দোহায় সেই পুন্যৰ কথা তোমালোকে কৌশলগত ভাবে অত্যন্ত গোপনে ৰাখা। এপইচা দি পুন্যহ’ব বিচৰা , কিন্তু পইচাটো ক’ত পৰিৰিল তাক চাৱলৈ তোমালোকৰ চকু=কাণ একোৰে আজৰি নাই। আমি কিন্তু তোমালোকৰ সেই ব্যৱহাৰত পৰম তৃপ্তিৰে গ্ৰহণ কৰো, আৰু আমিও সেই কথা অত্যন্ত গোপনে ৰাখো। আমাৰ চকু- মুখে একোতে উজ্বলতা ধৰাত নপৰে। নাই আমাৰ বিৰক্তিৰ চহ্নওঁ, কাৰণ= আমি সেয়া আত্মাৰ ভিতৰৰ…..

আগলৈ………..

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *