মই গুৱাহাটী ফুটপথৰ পৰা কৈছো, “বিচিত্ৰ কুমাৰ বৰুৱা”ই (4th)

….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)

7

আৰু শৰ্মা তুমিও শুনা, – এই সসাগৰা পৃথিৱীত এদিন ময়ো শিশু হৈ উপজিছিলো, ঋতু বাগৰি এদিন কিশোৰ হ’লো, এদিন যৌৱন পালো, এদিন বৃদ্ধ হ’ম, আৰু এদিন সিপুৰিলৈওঁ যাম। এই মহাজাগতিক ঘটনা পৃথিৱীৰ সকলো মানুহৰে হ’ব
সকলো মানুহে এদিন শিশুহৈ উপজিৱ, এদিন কিশোৰ হ’ব, এদিন যৌৱন পাৱ, এদিন বৃদ্ধ হব আৰু এদিন সিপুৰিলৈওঁ যাব, ইয়ে সত্য আৰু প্ৰকৃতিৰ নিয়ম , আৰু ই নিয়মৰ ভিতৰটো সত্য, কিন্তু ই শেষ সত্য নহয়। কাৰন = শেষ সত্যটো উপলৱদ্ধি কৰাৰ বাবে বা শেষ সত্য আবিস্কাৰৰ বাবে কাৰো হাতত সময় নৰয় গৈ। সেয়েহে বহু লোকে এই পৃথিৱীত ‘ধন’ৰ বাবেই জীৱন সফল হোৱা বুলি ভাৱে, আৰু ধনৰ বাবেই বহুতে মানৱ জীৱনক ধিক্কাৰ দিয়ে, ধনৰ অভাৱতেই বহুতে অকালতে বুঢ়া হৈ পৰে, আৰু ধনৰ বলতে বহুতে আশীৰ দেউনা পাৰ কৰিও যৌৱন প্ৰাপ্ত হৈ থাকে।
ইয়াৰ প্ৰকৃত সত্য কি সেই কথা বিশ্লেষণ কৰিবলৈ মানৱৰ হাতত সময় নৰয় ! সেয়ে কৱপাৰি যে = ধনৰ সুখত থকা জনো প্ৰকৃত মানৱ হব নোৱাৰে, আৰু ধনৰ অভাৱত জীয়াই থকাজনো কেতিয়াবা কেতিয়াবা মানুহৰ প্ৰবৃত্তিৰ পৰা এৰাই চলা দেখা যায়।
সেয়েহে শৰ্মা কওঁ যে= এই বিশাল পৃথিৱীত হাজাৰ হাজাৰ মানুহৰ পৰাওঁ মানৱতীত উত্তিৰ্ন হ’ব নোৱাৰি মানুহে মানুহৰ বিৰুদ্ধে থিয় দিয়ে। মানুহে মানুহক হত্যা কৰে, মানুহে মানুহক ঘৃণা কৰে, মানুহে মানুহক বলৎকাৰ কৰে, মানুহে প্ৰকৃতি বিনষ্ট কৰে, কিন্তু মানুহে প্ৰকৃতি গঢ়িব নোখোজে,।
কিন্তু শৰ্মা আচৰিত কথা যে- মানুহে জীৱন ধাৰণৰ এক মাত্ৰ উপায় হিচাপে নিৰ্ভৰ কৰে কেৱল প্ৰকৃতিৰ ওপৰত হে।

এই পৃথিৱীখনত মানুহে একমাত্ৰ জীৱ, যিয়ে কেৱল মানুহ হত্যাৰ নিমিত্বেই প্ৰতিদিনে শ শ অস্ত্ৰ তৈয়াৰ কৰে।

8

তুমি জানা শৰ্মা ? এই ধৰাখনত মানুহৰ লগতে নানাবিধ পশু-পক্ষীয়ে বাস কৰে। নানাবিধ পশু-পক্ষীৰ আচৰণ বিধিও একে থাকে। কিন্তু মানুহৰ? মানুহৰ আচৰণ একে নাথাকে। প্ৰকৃতিৰ নিয়মত প্ৰকৃতিয়ে ঠিকে চলে, আমৰ গছত আম লাগে, জাঁমুৰ গছত জাঁমু লাগে। কিন্তু মানুহৰ? মানুহৰ গৰ্ভত প্ৰকৃত মানুহ নজন্মে, ইয়ে মানুহৰ দূৰ্ভাগ্য। ই দূৰ্ভাগ্যই নহয় ! ই চৰম দূৰ্ভাগ্য-শৰ্মা! তুমি নিশ্চয় জানা শৰ্মা, শিশু কালতে শিশুসকলে ঈশ্বৰৰ প্ৰতি প্ৰৱল হেপাহেৰ ভক্তি আগবঢ়াই, আৰু ঈশ্বৰৰ প্ৰতি আকৰ্ষিত হৈ তেওঁৰ দৰ্শনা প্ৰাৰ্থী হৈ অপেক্ষা কৰে। আৰু শৰ্মা , শিশু সকলে শুদ্ধচিত্বে ঈশ্বৰক বিচাৰে। কিন্তু সেই শিশু সকলকো ঈশ্বৰে কোনো দিনে দৰ্শন নিদিয়ে। এটি আৰ্শীবাদৰ পৰাওঁ হয় শিশুসকল প্ৰহেলিকাৰ দৰেই বঞ্চিত্ ! সেয়েহে সেই শিশুসকলে পিচৰ বয়সত ঈশ্বৰৰ প্ৰতি হয় ৰুদ্ৰ আৰু কৌঞ্চ। তেতিয়া তেওঁলোকে অপকৰ্ম কৰিবলৈ কুন্ঠাবোধ নকৰে কাৰণ = তেওঁলোকে জানে যে এই অপকৰ্মৰ বাধা দিওঁতা জন পৃথিৱীৰ পৰা কেতিয়াবাই লুপ্ত প্ৰায় হৈছে।

তুমি এটা কথা মন কৰিছানে  শৰ্মা?

শৰ্মাঃ কোৱা বন্ধু বিচিত্ৰ, কোৱা। তোমাৰ সকলো কথাই শুনিবলৈ আমাৰ দ্বিতীয় ইন্দ্ৰীয় সষ্ট্ৰম হৈ আছে। কৈ যোৱা, কৈ যোৱা, অৱহেলা নকৰিবা। এই ঊনৈশ শতিকাৰ এই ধৰাত তুমি এজন শ্ৰেষ্টতম নিবেদন”।

……কাইলৈ……

Share কৰক:

Leave a Reply

Your email address will not be published. Required fields are marked *