….প্ৰেৰণাশ্ৰী যতীন কুমাৰ….. (তিত্কুছি…. ছিপাঝাৰ … দৰং জিলা)
৩
তোমাৰ কাহিনীৰ বাবে মোকে কিয়……
শৰ্মা- “বন্ধু বিচিত্ৰ, ঠিক তুমিয়ে প্ৰথম গৰাকী নোহোৱা । আছলতে মই কেবাজনো লোকৰ ওচৰ চাপিছো মোৰ উপন্যাসৰ পটভূমি বিচাৰি, তেওঁলোকৰ ভিতৰত কিছু লোক শিক্ষীত, কিছু উচ্চ শিক্ষীত, কিছু অৰ্দ্ধ শিক্ষীত, আৰু কিছু অশিক্ষীত। এইসকল লোকৰ কথাও মই মনোযোগেৰে শুনিছো। কিন্তু মোৰ সাধাৰণ জ্ঞানেৰে কব খোজো= এইসকল লোকৰ কথাত সচাঁতকৈ কৃত্তিমতা বেচি। কথাবোৰ সত্যৰ ওপৰত প্ৰতিষ্ঠিত নহয়। কৃত্তিমতাৰে জীৱন সজাৱ খোজে। কিন্তু তুমিয়ে এক মাত্ৰ লোক , যিয়ে পদে পদে সত্যক বিস্বাস কৰা। সত্যৰ খাতিৰত তুমি তোমাৰ জীৱনৰ বহু গোপন কথাও আমাক ব্যক্ত কৰিলা। সচাঁ কোৱা লোকক জ্ঞান গৰ্ভ কথা কোৱা বুলি কয়। আৰু বন্ধু – আলিবাটৰ দোকানৰ বেনাৰৰ আখৰ চাই চাই আখৰ শিকি শিক্ষীত হৈ আৰু ফুটপথত বাস কৰিও বাতৰি কাকত আলোচনী আদিত লেখা মেলা কৰা লোক বিশ্বত দ্বিতীয় গৰাকী আছেনে নাই সন্দেহ আছে। ই পৃথিৱীৰ না ভূত-না শ্ৰুত ঘটনা। সেয়ে তোমাৰ কথা আৰু কৰ্মই মোক বাৰুকৈ আকৰ্শীত কৰিছে। আৰু বন্ধু , মোৰ উপন্যাসত তোমাক কোন শাৰিলোকৰ মাজত ৰিজাম সেই কথা উপন্যাসৰ একেবাৰে শেষত উল্লেখ কৰিম।
এতিয়া কোৱাছোন বন্ধু, তুমি এই বিশাল চহৰ খনত বাস কৰিও , এই সামান্য ফুটপথত দিন কটাই তোমাৰ অনুভৱ কি? তোমাৰ কৰ্ম আৰু কথাবোৰৰ পৰা জানিৱ পাৰি যে তুমি এজন অসাধাৰণ প্ৰকৃতিৰ লোক। কিন্তু তুমি সমাজত ধৰা দিচা এজন সাধাৰণ লোকৰ দৰেই। তোমাৰ অনুভৱ কি বাৰু? তোমাৰ সন্মুখেৰে যেতিয়া অনেক লোকে অহা যোয়া কৰে, আৰু তেওঁলোকে শ শ টকাৰ খাদ্যবোৰ কিনি নিয়ে বা খায় , তেতিয়া তোমাৰ স্মাৰ্ট মগজুয়ে বিদ্ৰোহত কঁপি নুঠে? তোমাৰ হৃদয়ে হাহাকাৰ কৰি নুঠে? মহাসাগৰৰ কল্লোল তোমাৰ হৃদয়ত ঝংকৰিত কৰি নোটোলে? পাপ্যৰ অধিকাৰৰ বাবে যুজিবৰ মন নাযায়? তুমি কি প্ৰহেলিকাৰ দৰেই জীয়াই থাকিব বিচৰা এই ধৰাত?”
৪
বিচিত্ৰ- “বন্ধু শৰ্মা, তুমি মোক একেলগে কেবাটাও প্ৰশ্ন কৰিলা যদিও প্ৰতিটো প্ৰশ্নৰ উত্তৰ দিওতে একেটাই দিশ উন্মোচন হব যেন লাগিছে। জণ্ডিচ্ ৰোগীয়ে কেওঁফালে হালধীয়া দেখাৰ দৰে আমিও যিফালে চাও যি কথাকে কও কেৱল স্থান পাৱ দাৰিদ্ৰতাই হে। সসাগৰা পৃথিৱীৰ যিমানবোৰ দুখ- দুৰ্গতি আছে সেইয়া যেন ধৰা দিয়ে আমাৰ ভাগ্যত হে।
তুমি দেখিছানে শৰ্মা , যেতিয়া ফুটপথৰ বাসীন্দা সকলে এডোখৰ ৰুতিৰ বাবে ভোকত কল বলাই ফুৰে বা আমি ফুটপথত লেপেট খাই বহি থাকিয়ে আমাৰ হাতখন তোমালোকৰ ফালে আগুৱাই দিওঁ, কিবা পাপ্যৰ আশাত , তেতিয়া কেতিয়াবা কাৰোবাৰ ভাগ্যত তোমালোকে দলিয়াই দিয়া ৰুতি এডোখৰ মিলে, কিন্তু সেই সময়তে দেখিবা এজাক কাউৰী আহি আমাৰ চৌপাখে ৰুতিডোখৰৰ বাবে কা কা কৰি গোটেই পৃথিৱী
খনকে টোল পাল লগাবহি।
তেতিয়া যদি আমাৰ মানৱতা খিনি কাউৰী জনীক প্ৰদান কৰো, তেনেহলে আমি ৰুতি ডোখৰৰ পৰাও হব লাগিব প্ৰহেলিকাৰ দৰেই বঞ্চিত। কিন্তু আৰু এডোখৰ ৰুতি দিব পৰা লোকজন ইতিমধ্যে সেই স্থান ত্যাগ কৰিছে।
শ্ৰীশৰ্মা, আমি যদি ৰুতি ডোখৰৰ এটা সঁচা বিশ্লেষণ কৰো , তেনেহলে একেষাৰে কব লাগিব যে= সঁচা অৰ্থতে ‘ৰুতি ডোখৰৰ পাপ্য আছিল সেই কাউৰী কেইজনীৰ’হে। কিন্তু……।
জীৱনৰ প্ৰত্যুষতে প্ৰহেলিকাৰ বাটেৰে খোজ কাঢ়ি ফূৰোতে আমি যেনেকৈ প্ৰকৃত পোহৰৰ পৰা বঞ্চিত ঠিক তেনেকৈ কাউৰী জনীও বঞ্চিত হৈছে ৰুতি ডোখৰৰ পৰা । কাৰন == কাউৰী জনীৰ পাপ্য কাঢ়ি খাৱৰ বাবে তাত উপস্থিত হৈছো এজন “জীৱ শ্ৰেষ্ঠ মানৱ”।
……কাইলৈ……