এটি জীয়া প্ৰেম

…….✍️ ৰচিদুল হক (ৰিকু)……

“তুমি মোক পাহৰি যোৱা , তোমাক মই আৰু ভাল পাব নোৱাৰিম” পূজাৰ এনে কথাত ৰজতৰ বুকুখনত যেন কোনোবাই হাঠুৰিৰে কোবোৱা যেন পালে। পূজা এগৰাকী সুন্দৰী গাভৰু ছোৱালী আনহাতে ৰজতো এজন পাহুৱাল ডেকা। পূজাৰ ঘৰৰ পৰা ৰজতৰ ঘৰ প্ৰায় অলপ দূৰত। সিহঁত দুয়ো একেটা শ্ৰেণীতে পঢ়ে। ১৬ বছৰীয়া পূজা আৰু ১৬ বছৰীয়া ৰজত দুয়ো যৌৱনৰ প্ৰাৰম্ভণিতে প্ৰেমত নিমগ্ন হৈ পৰিল। নিবিড় প্ৰেমত নিমগ্ন হৈ দুয়ো ইজনে আনজনৰ অবিহনে জীয়াই থাকিবলৈ যেন অপৰাগ। সছা, সিহঁতে ইজনে আনজনক বহুত ভাল পাই, দুয়োয়ে ইজনে আনজনৰ কথা কেতিয়াও হেয় জ্ঞান নকৰে। আচলতে পূজাৰ জীৱনৰ এইটো দ্বিতীয় প্ৰেম। আগতে হেনো পূজাই কাৰোবাক ভাল পাইছিল , কিবা কাৰণত হেনো ব্ৰেক- আপ হ’ল।
কিন্তু ৰজতৰ সম্পূৰ্ণ ওলোটা। সি জীৱনৰ এই পিছল বাটত হেনো পূজাকে প্ৰথম লগৰী হিচাপে লাভ কৰিলে।ৰজতৰ বাবে পূজাই সৰ্বস্ব। সি পূজাৰ মাজতে জীৱনৰ সকলো ৰঙীন সপোন পুহি ৰাখিছিল। কিন্তু হঠাত পূজাই তেনে কথা কোৱাত ৰজত আচৰিত হৈ উঠিল,ৰজতৰ মুখৰ মাত হেৰাই গল। সি মৰিব নে জীয়াই থাকিব একো ভাবিব নোৱাৰিলে।সি হঠাত মূৰ ঘূৰাই বাগৰি পৰিল।কিয় তেনে কৰিলে পূজাই সি সচাকে ভাবি উলিয়াব নোৱাৰিলে।।
কাৰোবাৰ মুখৰ পৰা ৰজতে গম পালে যে পূজাক হেনো কোনোবাই কৈছে যে ‘তুমি সমবয়সীয়া ল’ৰা কিয় ভাল পাইছা ‘ ? সি বিয়া পতালৈ তুমি আধা-আধি বুঢ়ী হবা দেখোন। কিন্তু ৰজতে পূজাক আগতে সকলো কৈ দিছিল যে সি নিজৰ ভৰিত থিয় দিব পৰা হ’লে সি পূজাক নিজৰ কৰি আনিব ।সি পূজাক সকলো বুজাইছিল কিন্তু পূজাই তেনে কিয় কৰিলে সি ভাবি পাৰ নাপালে।
আচলতে পূজাই ৰজতক ভাল পাইছিল হয় কিন্তু চিৰযুগমীয়া ভাবে নহয় ।তাইৰ মতে স্কুলীয়া জীৱন পাৰ‌ কৰিবৰ বাবে এটা ‘টাইম পাছ ‘ । তাইয়ো হেনো প্ৰথমে ভাল পোৱাজনক বহুত গভীৰ ভাৱে ভাল পাইছিল, কিন্তু সেই ল’ৰা জনে পূজাক বহুত ভূআ মৰম যাচি পূজাৰ মনত শোক দি গৈছিল ,যাৰ প্ৰতিশোধ স্বৰূপে পূজাই বহুত ল’ৰাৰ লগত ভূআ মৰমৰ খেলা কৰি থাকে। কিন্তু ৰজতৰ জীৱনৰ প্ৰথম প্ৰেমৰ উন্মেষ ঘটিছিল পূজাৰ লগতেই; বুকুৰ মাধুৰী লৈ অহা পূজাই তেনে কৰিব বুলি ৰজতে কল্পনাই কৰিব পৰা নাছিল। কিন্তু “ভবা কথা নহয় সিদ্ধি , বাটত আছে কণা বিধি” বাটত কণা বিধি থাকিবই আৰু তাৰো যেন ব্যতিক্ৰম নহ’ল ৰজত। ৰজতৰ সপোনৰ কাৰেং ঘৰ ভাঙি চূ্ৰ্ণ-বিছূৰ্ণ হৈ গ’ল।
পূজাৰ মৰমৰ অবিহনে ৰজত আৰু এটি দিন কটাবও নোৱাৰা হৈ গ’ল। সি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। হঠাৎ এদিন ৰজতৰ পৰিয়াল-বৰ্গই ছিয়ৰি ছিয়ৰি কন্দা শুনা গ’ল। ৰজতে সচাই অঞ্চলটো লৈ শোকৰ বিননি এৰি থৈ গ’ল।
ইয়াৰ বাবে দায়ী কোন? ৰজত ,পূজা নে পূজাক আগতে ভাল পোৱা জন???
আচলতে সমাজত তেনে মানুহ থকা উচিত নে যিয়ে নিজৰ লগতে আন দহজনৰ জীৱন ধ্বংস কৰে??

বি:দ্ৰ: কাহিনীটো সম্পূৰ্ণ কাল্পনিক …কেনে পালে জনাব… পৰৱৰ্তী ইয়াত কৈ ভালকৈ লিখিবলৈ উৎসাহিত কৰিব বুলি আশাৰে..

Share কৰক:

1 Comment

Leave a Reply

Your email address will not be published. Required fields are marked *