…..প্ৰণামী দত্ত……
উৰুঙা বতাহ জাকে আজি মোক
হঠাৎতে দুৰ্বল কৰি পেলালে।
কাৰোবাক চিঞৰি চিঞৰি মাতিবলৈও
মন গৈছিল,
বুকুৰ শূন্যতা খিনিও যেন
ক্ৰমে গভীৰ হৈ আহিছে।
জোনাকক হেৰুৱাৰ ভয়ত
আন্ধাৰতে সাৱটি লৈছোঁ।
পাহাৰৰ এঢলীয়া বুকুত
তোমালৈ প্ৰেমৰ চিঠি লিখিছিলোঁ।
তুমিয়ে মোৰ বুকুত সাজিছিলা
মৰমৰ মৰটি।
এতিয়াও এনেদৰে ৰাখিছোঁ মই
আৰু কিমান দিন এনেকৈ বাৰু
কবিতাৰে জীয়াই ৰাখিম তোমাক।
মই বৰ অকলশৰীয়া হৈ পৰিছোঁ জানা
চকু মুদি দি যাওঁ নেকি ?
তোমাৰ বুকুৰ মাজলৈ।
হৃদয়খনে দেখোন নকয় আজিকালি
নিস্প্ৰাণ হৈ পৰিছে মোৰ মনটিও
আৰু এইয়া উৰা মাৰিছোঁ পখিলা হৈ
মাথোঁ তোমাৰ কাষলৈ।
কেনে
আছা
তুমি….??
?~~ প্ৰণামী দত্ত।
ঠিকনা- শিৱসাগৰ।
শিৱসাগৰ কলেজ,জয়সাগৰ।
খুব সুন্দৰ অনুভৱ।
বৰ ভাল লাগিল পঢ়ি।
আগলৈও এনেদৰে লিখি যাব।
ধন্যবাদ।
অতি সুন্দৰ অনুভৱ।
ভাল লাগিল পঢ়ি।
অতি সুন্দৰ কবিতা বহুত ভাল লাগিল পঢ়ি।