…….প্ৰিয়ংকা বেজবৰুৱা……
মই যেতিয়া অকমাণি আছিলো
মোৰ গাঁৱৰ ঘৰৰ বাহিৰত ৰাস্তাৰ সিপাৰে
বহু দূৰলৈকে বিয়পি আছিল প্ৰকাণ্ড গছ ।
ভৰ দুপৰবেলাতে ঝিলিৰ মাতে গহীন কৰি ৰখা
সেই ছাঁয়াঘন গছবোৰলৈ চাই কিমান যে ভয় লাগিছিল
মায়ে কৈছিল তাত হেনো এখন ডাঙৰ অৰণ্য আছিল;
এতিয়া সেইখন এৰাবাৰী ।
এদিন এৰাবাৰীৰ ঠিকনা পাহৰি আমি ঘৰ সাজিছিলোহি
কংক্ৰীটৰ মহানগৰীত ।
সাতবছৰ পিছত গাঁৱলৈ উভতি গৈ দেখিছিলো
গছবোৰ কমি আহিছে ।
গধূলি প্ৰভাত খুৰাৰ মুখৰ পৰা শুলিছিলো
সেই অৰণ্যৰ সাধু ।
কেনেদৰে ল’ৰালিত হেৰাইছিল তেওঁ সেই অৰণ্যৰ মাজত,
দিন দুপৰতে চৰাই খেদি খেদি ।
চৰাইবাৰ হেনো আজিকালি নাহে ।
বাহিৰলৈ চাইছিলো – গছৰ ছাঁবোৰ তেনেই পাতল লাগিছিল ।
বাৰ বছৰ পিছত উভতি গৈ দেখিছিলো
গাঁৱখন চহৰ হৈছে ।
প্ৰভাত খুৰাইও থাকিবলৈ লৈছে এটা চাৰিমহলীয়া ঘৰত ।
আইতাই কৈছিল –
“আইমানু আজিকালি ইয়াত থাকিবলৈ একেবাৰেই ভাল নালাগে
চাচোন কেনেদৰে গছবোৰ কাটি বনাইছে ওখ ওখ ঘৰ ।
আমাৰ দিনত এইখিনিতে এখন প্ৰকাণ্ড অৰণ্য আছিল ।”
আইতাই কৈছিল তাহানি এই গাঁওখনত এখন অৰণ্য আছিল
গছ-লতিকা, জীৱ-জন্তু, চৰাই চিৰিকটিৰে ভৰা ।
এই চহৰখনত এখন অৰণ্য আজিও আছে – মানুহেৰে আৱৰা ।
“অৰণ্যৰ মাজত তুমি বাট হেৰুৱালেও নোহোৱা অকলশৰীয়া,
ওখ ওখ গছবোৰ সদায় তোমাৰ লগৰীয়া ।”
কোনোবা এটা গৰমৰ বন্ধৰ আবেলি এৰাবাৰীত ঘূৰি ফুৰোঁতে
ককায়ে মোক কোৱা মনত আছে ।
ককাৰ চিনাকী মুখ হেৰাই যোৱা আজি বহুবছৰ হ’ল ।
চিনাকী গছবোৰ যেন ক’ৰবাত হেৰাই গ’ল ।
আৰু এদিন হঠাৎ মই অনুভৱ কৰিলো
কেনেদৰে নিজকে হেৰুৱাবলৈ লৈছো আমি ।
চৌপাশে ইমানবোৰ মানুহ, অথচ আমিবোৰ তেনেই অকলশৰীয়া ।
এবাৰ গ্ৰন্থমেলাত মোক অট’গ্ৰাফ বুকত চহী কৰি
সাহিত্যিক গৰাকীয়ে লিখিছিল –
“সদায় ওখলৈ চাবা, মুক্ত বতাহ ওখতহে থাকে ।”
আমাৰ লগত থাকিবলৈ অহাৰ পাছৰে পৰা আইতাই
প্ৰায়ে কৈ থাকে-
“আঠমহলীয়া এই ঘৰটোত থাকি নিজকে বন্দী যেন লাগে অ’ ।
চাদলৈ যাবলৈ মোক লগ নধৰিবিচোন,
ইমান ওখত মোৰ উশাহ ল’বলৈকে কষ্ট ।”
এদিন মুক্ত বতাহ বিচাৰি মই মহানগৰীৰ
আটাইতকৈ ওখ ঘৰটোৰ সৰ্ব্বোচ্চ মহলাত
বহুসময় কটালো ।
মাটিৰ অভাৱ বাৰুকৈয়ে অনুভৱ হ’ল ।
সেউজীয়াবিহীন এখন মৃতপ্ৰায় নগৰী দেখি মোৰ বৰ
ভয় হ’ল ।
(যেনেদৰে ভয় লাগিছিল শৈশৱত, ওখ গছৰ ছাঁ দেখি)
বহুমহলীয়া ঘৰবোৰৰ বিকৃত ছাঁবোৰে যেন
একো একোটা দৈত্যৰ দৰে আমাক খেদি ফুৰিছিল ।
আৰু আমি প্ৰত্যেকেই যুঁজি আছিলো
আমাৰ শুকান মনৰ ভিতৰত থকা দৈত্যবোৰৰ লগত,
অকলে অকলে,
জীপাল অৰণ্য এখনৰ অবিহনেই ।
এগৰাকী কবিয়ে কৈছিল –
“মৰুভূমি আহে লাহে লাহে
মাহে মাহে বছৰে বছৰে…”
সেউজীয়ে অৰণ্য মঁহতিয়াই মৰুভূমি এখন
আগুৱাই আহিছিল ।
আৰু জন অৰণ্যৰ নিঃসংগতাই মঁহতিয়াই নিছিল মোক ।