……বনশ্ৰী গগৈ……
১)
বনকৰা ছোৱালীজনীয়ে বাবুৰ জীয়েকৰ বিয়াত ধুনীয়া কৈ সাজিছে, তায়ো জানে জীৱনৰ সেইকণ সুখ তাইলৈ দুনাই নাহে ।
(২)
সৰুৰে পৰা মাক দেউতাকৰ আচৰণবোৰ দেখি শুনি ডাঙৰ হোৱা ছোৱালীজনীয়ে বিবাহ মানে দুজন মানুহৰ ৰণথলী বুলিয়ে জানিছিল, বিবাহৰ পাছত তাই খুউব কষ্টও পাইছিল, কিন্তু নিজৰ কাৰণে নহয় মাকৰ কাৰণেহে ।
(৩)
সদায় অহা – যোৱা কৰা বাটটোৰে আজিও তাই পাৰ হৈ গৈছিল অফিচলৈ,তাইতো নাজানিছিল সেইদিনা গধূলি চিনাকি বাটটোতেই তাইলৈ মৃত্যু ৰৈ আছিল।
(৪)
সৰুতেই ধনী মানুহলৈ বিয়া হোৱা ৰাণীয়ে মাৰ-পিতবোৰ গিৰিয়েকৰ মৰম বুলি ভাবিয়ে কাকো নকৈছিল, কিন্তু এদিন মৰমৰ যন্ত্ৰণাত ফেনত নিঠৰ হৈ ৰৈছিল ।
(৫)
নামঘৰীয়াজনক সমীহ কৰিয়েই গাঁৱখনৰ মানুহে তেওঁৰ চৰিত্ৰহীনতাৰ কথা বিশ্বাস নকৰিছিল। কিন্তু সিদিনা গাঁওবুঢ়াৰ ঘৰত বহি থাকোতে চাহ দিবলৈ অহা ন-বোৱাৰীয়েকৰ বুকুত কোনোৱে নোচোৱাৰ সুযোগ লৈ হাত দিবলৈ লঁওতেই সৰু পুতেকে হাতখন থাপ মাৰি ধৰিল ।
(৬)
মাহীমাকে জোৰকৈ বিয়া পাতি দিয়া ৰূপাৰ গিৰিয়েক চন্দন আজি কোটি টকাৰ মালিক ।
ঈৰ্ষাত দহা মাহীয়েকৰ সৰু ছোৱালীজনীক ভিনিহিয়েকৰ দ্বিতীয় পত্নী কৰিবলৈ আপ্ৰাণ চেষ্টা চলাওতেই চন্দন আৰু ৰূপাই ক’লে- মাহী, আমাৰ ল’ৰা-ছোৱালীৰ অন্যায় হোৱাটো সহ্য নকৰিম, সেয়ে গুছি যাঁওক ইয়াত আপোনাৰ আপোন কোনো নাই ।
(৭)
ভিক্ষাৰীজনক সন্তোষেৰে দান দি উঠি আইতাজনীয়ে বোৱাৰীয়েকলৈ চাওঁতে তাই মুখখন বেঁকা কৰি ভিতৰলৈ সোমাই গ’ল ।
আইতাই একো নক’লে, আইতাইহে জানে এতিয়া থকা অট্টালিকাটোৰ ভেটি তুলিবলৈ মাউৰা ল’ৰাটিক কেনেকৈ পঢ়ুৱাইছিল ।
(৮)
দুপৰীয়া ঘৰত অকলে থকা নীৰাই অচিনাকী মানুহজনক আপ্যায়নহে কৰিছিল তেওঁক আলহী বুলি ; ভবা নাছিল সেইজনেই সমাজে বান্ধি দিয়া তাইৰ স্বামী হ’ব বুলি ।
Thanks Piku ba and team anazori for sharing my write-up.
আগবাঢ়ি যোৱা এনাজৰী, বহুত মৰম ।