…..ডেইজী কলিতা……
মাৰলিত ওলোমাই থোৱা ঢোলটো এইবাৰ নাবাজিল;
বাকচত সজতনে জাপি থোৱা মুগাৰ ৰিহা খনো তেনেকেই পৰি ৰ’ল;
গৰুবিহুৰ অনষ্টুপিয়া আয়োজন আৰু মানুহৰ সেতা মুখ বোৰ দেখি গৰু কেইজনিও বুজিছে এইবাৰ গৰুবিহুৰ উলাহ গাঁৱত নাই;
বকুল আৰু অহঁতৰ তলবোৰো তেনেই নিজম পৰি আছে কাৰণ এইবাৰ হুঁচৰিৰ আখৰাও যে কৰা ন’হল;
কুলিৰ মাতবোৰ শুনি, গছৰ কপৌ ফুল দেখি যেন সকলোৰে মনবোৰ এইবাৰ সেমেকি হে উঠিল;
তথাপি অসমীয়াৰ অন্তৰত ৰঙালীৰ উচাহ কোনো দিনে কম নহয়;
পুৰণি বছৰটো বিদাই লোৱাৰ দৰে সকলো অপাই-অমংগল, আৰু দুখ-সমস্যা বোৰেও বিদায় লওক;
নতুন বছৰৰ লগত আকৌ আহক সুখ-শান্তি আৰু হাঁহি বোৰ
মহামাৰীক সংহাৰ কৰি জয় হওঁক অসমীয়াৰ, জয় হওঁক সমগ্ৰ মানৱজাতিৰ।