….Writer: Dinxiang Wingsly…..
আধা ভৰ্তি মাছৰ টিনটো আগফালে আৰু খেৱালী জালখন পাছফালে বান্ধি বোকাময় আলিবাটটোৰে কেৰ্-কেৰাই আগবাঢ়িল তেওঁৰ মাড-গাৰ্ড আৰু ছেইন ক’ভাৰ বিহীন চাইকেলখন। ৰেং- ৰেঙীয়া কৈ ৰঙা চাহ এবাতি খাই শালিকীপুৱাই ওলাই অহা মানুহজনে, শাওণমহীয়া ৰ’দ জাক পিঠিত লৈ ৰংদৈ বিলৰ পৰা ঘৰলৈ উভটিছে । তামোলৰ সেলেঙীয়ে বোৱাই থোৱা তেওঁৰ ওঁঁঠেদি মাজে মাজে নিগৰিল ৰেডিঅ’ৰ ‘সুৰৰ সাতসৰী’ৰ এটি দুটি পুৰণি গীত । গাৱঁৰ বোকাময় আলিবাটত কাষেৰে পাৰ হোৱা বিলাসী গাড়ীৰ চকাৰ চিটিকণিয়ে আকৌ তিয়ালে তেওঁৰ গাৰ এফাল !
যদিও, সেই একেই বোকা । চিটিকণিখিনি যেন দুখ হৈ তেওঁৰ বুকুয়েদি বাগৰিল … !!
সুন্দৰ ।