……ডেইজী কলিতা…….
জীৱনৰ আদিপাঠৰ সৈতে
চিনাকীৰ আঁৰৰ মানুহজনেই তুমি,
আঙুলি ধৰি জীৱনৰ প্ৰথম খোজ দিবলৈ শিকোৱাজন তুমি,
জীৱনৰ সাহসৰ চিৰ সহচৰ জনেই তুমি
নিৰাপত্তা আৰু নিশ্চয়তাৰ অনুভৱৰ আঁৰত তুমি..।
মোৰ দুচকুত আঁকি দিয়া প্ৰতিটো সপোন ৰখীয়া তুমি…।
শিল ধুমুহাৰ পথত খোপি খোপি খোজ দিবলৈ আৰু যন্ত্রণাৰ নদীৰ পাৰত থিয় হবলৈ শিকাইছা তুমি
ৰ’দ বৰষুণ নপৰাকৈ সজা আশ্ৰয়ৰ অশ্ৰয়দাতা তুমি…!
আকাশত উৰিবলৈ শিকোৱাৰ আঁৰত তুমি
সত্যৰ সন্ধান শিকোৱা আৰু জীৱন দৰ্শনৰে আদৰ্শিত ব্যক্তি জন তুমি
ৰন্ধ্রে ৰন্ধ্রে প্রৱাহিত হৈ আছে তোমাৰ বিশ্বাস,
তোমাৰ জীৱনৰ আদিপাঠ…।
কৃতজ্ঞ মই
কৃতজ্ঞ তোমাৰ প্ৰতিদান বিহীন
প্ৰতিটো কর্মৰ…।
Veey good
Very good