……..✍অৰুপজ্যোতি কাকতি……
কোৱা হয় গণতান্ত্ৰিক শাসন প্ৰণালীত ৰাইজে ৰজা । কিন্তু বৰ্তমানৰ ৰাজনৈতিক প্ৰেক্ষাপথত চৰকাৰ ৰাইজৰ অধীন নে ৰাইজ চৰকাৰৰ অধীন, এইটো যেন এক বিতৰ্ক । স্বাধীনতাৰ সাতটা দশক ওকলি যোৱাৰ পিছতো আমি যেন ক’ৰবাত পৰাধীন হৈয়ে আছো । বাক্-স্বধীনতা, সাংবিধানিক অধীকাৰসমূহ যেন এতিয়া মৃতপ্ৰায় । ইয়াৰ বাবে দায়ী কোন ? চৰকাৰ ? ৰাজনৈতিক দলৰ সমীক্ষা ? প্ৰশাসন ? জনতা ? আচলতে দেশ এতিয়া কিছুমান অমানৱীয় অদূৰদৰ্শী গোষ্ঠীৰ দৰ্শনৰে পুষ্ট নেতাৰদ্বাৰা পৰিচালিত হৈ আছে । তাত আকৌ সাৰ পানীৰ যোগান ধৰিছো আমি, শিক্ষিত সমাজ বা তথা-কথিত সচেতন নাগৰিক মহলে । বেয়াবোৰে বেয়াকাম কৰাতো স্বভাৱগত প্ৰকৃতি । কিন্তু আমি ভালবোৰে যেন বিফল হৈ ৰৈছো নিজৰ নৈতিক দায়িত্ব পালনত । এই যে প্ৰশ্ন কৰাৰ মানসিকতা লাহে লাহে নোহোৱা হ’ব ধৰিছে । আমি যেনেকুৱা সমাজত বাস কৰো তেনেকুৱা চৰকাৰে লাভ কৰিম । প্ৰশ্ন কৰিমনো কাক ? প্ৰশ্ন কৰিম কি । অহিংসা নীতিৰে সাংবিধানিক ন্যায় বিচৰাজনক ৰাষ্ট্ৰদ্ৰোহী, আনহাতে পুলিচ-প্ৰশাসনৰ মুখা পিন্ধি সন্ত্ৰাস চলোৱাবোৰ আজি দেশভক্ত । তেনেস্থলত সাধাৰণ জনতা ভয়ত পেপুৱা লগাতো স্বাভাৱিক । আজিৰ তাৰিখত যেন চৰকাৰ যন্ত্ৰ জনসংযোগ বিচ্ছিন্ন হৈছে । ৰাইজে চৰকাৰৰ ৰখা আশা কাল্পনিক বুলি ক’লেও হয়টো ভূল কোৱা নহ’ব । সৰুতে আমাক শিকোৱা হৈছিল, ‘আজিৰ শিশু কাইলৈ দেশৰ ভৱিষ্যত ।’ কিন্তু দেশৰ ভৱিষ্যত যেন আন্ধাৰে আৱৰি ধৰিছে । অৰ্থনীতিৰ নিম্নগামী সখী, নিবনুৱা সমস্যা, সু স্বাস্থ্য/সু শিক্ষাৰ অভাৱ, আন্তঃগাঠনিৰ দূৰৱস্থা, দৰিদ্ৰতা, প্ৰদূষণ ইত্যাদিৰ দৰে নানা সমস্যাৰে জৰ্জৰিত দেশখনত চৰকাৰ যেন এক প্ৰকাৰ ‘SCARECROW’ হৈ পৰিছে । 2019 চনত GDP 4.5% লৈ হ্ৰাস হয় । কৃষি, নিৰ্মাণ উদ্যোগ, automobile ক্ষেত্ৰসমূহত কোনো ধৰণৰ উন্নয়ন পৰিলক্ষিত হোৱা দেখা নাযায় ।
Manufacturing growth – 0.6
Agriculture – 2%
Private final consumption – 31%
দেশৰ দুই-তৃতীয়াংশ মানুহ আৰু কৰ্মস্থান গাঁও অঞ্চলত অৱস্থিত আৰু 46% ৰাষ্টীয় আয় ইয়াৰ ওপৰত নিৰ্ভৰশীল । সেয়েহে সৰ্বাংগীন উন্নয়নৰ বাবে গাঁও অঞ্চলত বিজ্ঞানসন্মত উন্নতিকৰণ অনিবাৰ্য ।
অপৰিপক্ক য়ে 47% কৰ্মক্ষেত্ৰলৈ ভাবুকি কঢ়িয়াই আনিছে । চৰকাৰৰ ব্যৰ্থতাৰ প্ৰমাণ হিচাপে প্ৰধানত ৰাজহুৱা প্ৰতিষ্ঠান সমূহৰ ব্যক্তিগত খণ্ডলৈ হস্তান্তৰ কৰা দিশটো মূল । 2019 চনত BSNL য়ে প্ৰায় 90,000 কোটি টকা ভৰিব লগা হৈছিল । কিন্তু 2008 চনত BSNL লাভজনক প্ৰতিষ্ঠান হিচাপে পৰিগণিত হৈছিল আৰু চৰকাৰক ঋণ প্ৰদান কৰিছিল । ইয়াৰ ফলত দেশ যুৰি প্ৰায় 1.76 লাখ কৰ্মী/চাকৰিয়াল প্ৰভাৱিত হৈছে । ইয়াৰোপৰি ONGC, HCL, Air India, India Past, MTNL ইত্যাদি প্ৰতিষ্ঠানসমূহ চৰকাৰৰ ব্যৰ্থতাৰ ফলত অধিক লোকচানৰ সন্মুখীন হ’ব লগা হয় । তাৰ বিপৰীতে কিন্তু চৰকাৰে সহযোগী ব্যৱসায়িক অনুষ্ঠানৰ উন্নয়নৰ হৈ মনোনিবেশ কৰা পৰিলক্ষিত হয় । Air India ৰ ধাৰে প্ৰায় 55,000 কোটি । 2014 চনলৈ কোনো ধৰণা ধাৰ নাছিল, কিন্তু 2015 চনত ONGC য়ে প্ৰথম ঋণৰ সন্মুখীন হয় আৰু 2017 চনত প্ৰায় 25,000 কোটি টকাৰ ধাৰ হয় । যোৱা 3 বছৰত ভাৰতীয় ডাক সেৱাৰ 15,000 কোটি টকাৰ লোকচান হয় । অপৰিকল্পিত অৰ্থনৈতিক পদক্ষেপ গ্ৰহণৰ ফলত (বিমুদ্ৰাকৰণ) উক্ত লোকচান সমূহ হোৱা বুলি অৰ্থনীতিবিদ সমূহে মতপোষণ কৰে (1 ডলাৰ প্ৰায় 75 টকা হওঁ হওঁ ।
দেশৰ গৃহ বিভাগ সম্পূৰ্ণৰূপে বিফল বুলি ক’লেও একো ভূল কোৱা নহয় । দেশৰ ৰাজধানী চহৰ দিল্লীত হোৱা সাম্প্ৰদায়ীক সংঘাত অন্যতম উদাহৰণ । প্ৰায় 46 জন নিহত আৰু 250 জন আহত হৈছে, 25,000 কোটি আৰ্থিক লোকচান হ’ল । ইয়াৰ বাবে দায়ী কোন ? চৰকাৰী পক্ষৰ একাংশ নেতাৰ হিংসামূলক মন্তব্যৰ পৰিণতি নহয় জানো ? দিল্লী বিধান সভা নিৰ্বাচন, 2020 সময়ছোৱাত BJP ৰ দৰে শাসকীয় পক্ষৰ একমাত্ৰ Agent আছিল হিন্দু মুছলমানৰ সমাজত মেৰুকৰণ । অনুৰাগ ঠাকুৰ, কপিল মিশ্ৰৰ দৰে নেতাই কেৱল হিংসাত্মক বক্তব্যৰ দ্বাৰা মানুহৰ মাজত সন্ত্ৰাসৰ মনোভাৱ বিলাই দিছিল আৰু তথিকথিত Godi media ই ইয়াৰ ঋণাত্মক প্ৰচাৰ চলাইছিল । দিল্লী পুলিচৰ ভুমিকা অতিকৈ পুতৌলগা আছিল যেন আৰক্ষী বিভাগ গৃহমন্ত্ৰালয়ৰ চাবি দিয়া পুতলা । সংঘাতৰ 48 ঘণ্টাৰ ভিতৰত কোনো ফোনৰ উত্তৰ দিয়া নাছিল । ৰাষ্ট্ৰ জড়িত থকা কথাটো প্ৰমাণিত হোৱাৰ দৰেই । 27ফেব্ৰুৱাৰীত য়ে অনুৰাগ ঠাকুৰ, কপিল মিশ্ৰ আদিৰ দৰে ব্যক্তিৰ বিৰুদ্ধে FIR গ্ৰহণ কৰিবলৈ নিৰ্দেশ কৰিছিল । কিন্তু আচৰিতভাৱে ফেব্ৰুৱাৰী মাজনিশা বিচাৰধিপতি সন্মানীৱ মুৰালীধৰ ডাঙৰীয়াক বদলীকৰণ কৰা হয় । ই চৰকাৰৰ ফেচিবাদী স্বৰূপ প্ৰকাশ কৰে ।
চৰকাৰৰ দমন নীতিৰ অন্য এক উদাহৰণ হিচাপে আমি CAA(2019) কথা ক’ব পাৰো । CAA(2019) সংবিধান বিৰোধী । ই সংবিধানৰ ধৰ্ম নিৰপেক্ষ খণ্ডটো ধ্বংস কৰাৰ লগতে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ জন গাঁথনি, ভাষা সংস্কৃতি, কৰ্ম-সংস্থাপন আদিৰ কাৰণে এক গুৰুতৰ আক্ৰমণ । CAA(2019) বিৰোধী সাংবিধানিক গণ আন্দোলনক চৰকাৰ শাসনৰ অপব্যৱহাৰ কৰি দমন কৰিব চেষ্টা কৰিছিল । ছাত্ৰ সংগ্ৰামৰ ওপৰত অগণতান্ত্রিক আক্ৰমণ, আন্দোলনকাৰী নেতাক ভুৱা ৰাজদ্ৰোহৰ গোচৰত বন্দী কৰিছে । ইন্টাৰনেত সেৱা কৰ্তন কৰি বহিঃবিশ্বক ওলোটা ছবি প্ৰদৰ্শন কৰা হৈছিল ।
দেশৰ প্ৰধান মন্ত্রীয়ে নিজৰ ব্যৰ্থতা ঢাকিবৰ কাৰণে নিজ গৃহ ৰাজ্যত দৰিদ্ৰ শ্ৰেণীৰ সন্মুখত পকী বেৰৰ ব্যৱস্থা কৰিব লগাও হৈছিল ।
‘যি জাতিয়ে নিজৰ পথাৰ আৰু বজাৰ ৰক্ষা কৰিব নোৱাৰে, সেই জাতিয়ে নিজক ৰক্ষা কৰিব নোৱাৰে ।’ – অম্বিকাগিৰি ৰায়চৌধুৰী ।
গ্ৰক দাৰ্শনিক প্লেটোৱে কৈছিল, ‘ অৰাজনৈতিক হৈ থাকিব বিচৰাতো এটা সামাজিক অপৰাধ, এইসকলে মূৰ্খৰ শাসন সমৰ্থন কৰি নিজে সুবিধা ভোগ কৰে ।’
বৰ্তমান পৰিৱেশত শিক্ষাৰ মূল্যবৃদ্ধি হৈছে, ছাত্র-ছাত্রীসকলে কষ্ট কৰিলে কথাবোৰ ঠিক হ’ব যেন অনুভৱ হয় । ব্যৱহাৰিক ভাল কামৰ সুযোগ আৰু নিয়োগ সংস্কৃতি সৃষ্টি কৰিব লাগিব । তাত্বিক বিশ্লেষণ, ব্যৱহাৰিক প্ৰয়োগ আৰু সামাজিক দৰ্শনহীন শিক্ষা মূল্যহীন । সু-শিক্ষা অবিহনে ৰাষ্ট্ৰ উন্নয়ন কাল্পনিক ।
আজিৰ নৱপ্ৰজন্ম নিৰপেক্ষ হৈ ৰাজনৈতিক মতপোষণ কৰাতো বাঞ্চনীয় । দেশ বিশেষকৈ অসম আত্মনিৰ্ভৰশীল হ’বলৈ কৃষি (অৰ্থনৈতিক) বিপ্লৱৰ প্ৰয়োজন । উচ্চ শিক্ষাৰ লগতে ব্যৱহাৰিক দিশটো অতি দৰকাৰী ।
ফেচিবাদী অপশাসনৰ পৰা সংবিধান ৰক্ষা কৰিবলৈ আমি ঐক্যবদ্ধ হৈ দেশ ধৰ্মীয় ৰাজনীতিকৰণৰ পৰা মুক্ত কৰিব লাগিব । স্বাধীন ভাৰতৰ নাগৰিক হিচাপে আমি কেতিয়াও নিবিচাৰো যে আমাৰ দেশৰ তুলনা কোনো মৌলবাদী ৰাষ্ট্ৰৰ লগত হওঁক । আমাৰ মহান ভাৰতবৰ্ষ সদায় বিশ্বৰ সৰ্ববৃহৎ , সৰ্বশক্তিমান গণতান্ত্রিক দেশ হিচাপে জিলিকি থাকক ।
Well explained and based on current happenings. Keep writing